I urge everyone to eliminate single-use plastics from their lives as a tribute to Gandhiji on his upcoming 150th birth anniversary: PM Modi
India has always inspired the world on environmental protection and now is the time India leads the world by example and conserve our environment: PM Modi
The development projects launched today will boost tourism in Mathura and also strengthen the local economy: PM Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মথুৰাত পশুধনৰ ভৰি আৰু মুখত হোৱা ৰোগ (এফ এম ডি) আৰু ব্ৰুচেল’ছিছ নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী (এন এ চি ডি পি) মুকলি কৰে৷

সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত ১২,৬৫২ কোটি টকীয়া এই কাৰ্যসূচীৰ অধীনত দেশৰ ৬০০ মিলিয়ন গৰু-ম’হক উক্ত দুটা ৰোগৰ পৰা মুক্ত কৰিবলৈ টীকাকৰণ কৰা হ’ব৷

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় কৃত্ৰিম প্ৰজনন কাৰ্যসূচী মুকলি কৰাৰ লগতে সমগ্ৰ দেশৰ ৬৮৭খন জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰত (কে ভি কে) টীকাকৰণ আৰু ৰোগ প্ৰৱন্ধন, কৃত্ৰিম প্ৰজনন আৰু উৎপাদনশীলতা শীৰ্ষক এক কৰ্মশালাও মুকলি কৰে৷

এক বিশাল জনসমাৱেশত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘পৰিবেশ আৰু পশুধন সদায়েই ভাৰতীয় অৰ্থনীতিৰ মূল আধাৰ আৰু দৰ্শন হিচাপে বিবেচিত হৈ আহিছে৷ আৰু সেয়ে স্বচ্ছ ভাৰতেই হওক অথবা জল জীৱন অভিযানেই হওক অথবা কৃষি আৰু পশুপালন, আমি সদায়েই প্ৰকৃতি আৰু অৰ্থনীতিৰ মাজত ভাৰসাম্য বৰ্তাই ৰখাৰ বাবে চেষ্টা কৰি আহিছো৷ আৰু ইয়াৰ জৰিয়তেই আমি এক নতুন শক্তিশালী ভাৰত গঢ়িবলৈ সক্ষম হ’ম৷’’

 

 

প্ৰধানমন্ত্ৰীয়ে দেশত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ স্বচ্ছতাই সেৱা কাৰ্যসূচীও মুকলি কৰে৷

‘‘আমি সকলোৱেই ২ অক্টোবৰৰ ভিতৰত আমাৰ ঘৰ, কাৰ্যালয়স কৰ্মস্থানৰ পৰা এই এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে৷’’

‘‘মই সকলো আত্ম সহায়ক গোট, সামাজিক সংস্থা, এন জি অ’, মহিলা আৰু যুৱসংস্থা, প্ৰত্যেকখন মহাবিদ্যালয়, প্ৰত্যেকখন বিদ্যালয়, প্ৰত্যেক চৰকাৰ আৰু ব্যক্তিগত সংস্থা, প্ৰত্যেকজন ব্যক্তিক এই এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিৰুদ্ধে অভিযান গঢ়ি তুলিবলৈ আহ্বান জনাইছো৷’’

‘‘আমি পলিথিন বেগৰ সহজ বিকল্প সন্ধান কৰা উচিত৷ আমাৰ ষ্টাৰ্ট-আপসমূহৰ জৰিয়তে অসংখ্য সমাধান পোৱা যাব৷’’

প্ৰধানমন্ত্ৰীয়ে পশুধনৰ স্বাস্থ্য, পুষ্টি আৰু দুগ্ধ উৎপাদন সম্বন্ধীয় বিভিন্ন অন্যান্য কাৰ্যসূচীও মুকলি কৰে৷

‘‘কৃষকৰ উপাৰ্জন বৃদ্ধিত পশুপালন আৰু অন্যান্য সম্বন্ধীয় ক্ষেত্ৰসমূহৰ অনেক গুৰুত্ব আছে৷ পশুধন, মীনপালন, মৌ-পালন আদিত বিনিয়োগে উপাৰ্জন অধিক বৃদ্ধি কৰিব৷’’

‘‘যোৱা পাঁচ বছৰত আমি কৃষি আৰু সম্বন্ধীয় ক্ষেত্ৰসমূহত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছো৷ আমি পশুধন, দুগ্ধজাত সামগ্ৰীৰ উত্তৰণৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছো৷’’

 

‘‘আমি পশুধনৰ বাবে সেউজীয়া ঘাঁহ আৰু পুষ্টিযুক্ত খাদ্য প্ৰদানৰ উপযুক্ত সমাধান সন্ধান কৰা উচিত৷’’

‘‘ভাৰতত দুগ্ধ ক্ষেত্ৰৰ প্ৰসাৰণৰ বাবে উদ্ভাৱন আৰু নতুন প্ৰযুক্তিৰ আৱশ্যক৷ আমি ‘‘ষ্টাৰ্ট আপ ব্ৰেণ্ড প্ৰত্যাহ্বান’’ মুকলি কৰিছো যাতে গাঁওসমূহৰ পৰা এই উদ্ভাৱনসমূহ উদ্ভাসিত হৈ ওলাই আহে৷’’

‘‘মই মোৰ যুৱ বন্ধুসকলক নিশ্চিতি প্ৰদান কৰিছো যে তেওঁলোকৰ চিন্তাধাৰাসমূহক গুৰুত্ব সহকাৰে লোৱা হ’ব আৰু তেওঁলোকৰ বাবে উপযুক্ত বিনিয়োগৰ সন্ধান কৰা হ’ব৷ ইয়াৰ জৰিয়তে নিয়োজনৰ নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব৷’’

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's airport passenger handling capacity crosses 580 million: Govt

Media Coverage

India's airport passenger handling capacity crosses 580 million: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥