আয়ুষ্মান ভাৰত আঁচনিৰপৰা অসমৰ ১.২৫ কোটি লোক উপকৃত হৈছেঃ প্ৰধানমন্ত্ৰী
ভাৰতীয় চাহৰ গৰিমা ম্লান কৰিবলৈ ষড়যন্ত্ৰ সফল নহ’বঃ প্ৰধানমন্ত্ৰী
অসম মালা প্ৰকল্পই সকলো গাঁৱলৈ বিস্তৃত পথ আৰু যোগাযোগ ব্যৱস্থাৰ নেটৱৰ্কৰ সপোন পূৰণ কৰিবঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত দুখনি চিকিৎসালয়ৰ শিলান্যাস আৰু ৰাজ্যিক ঘাইপথ আৰু মূল জিলা পথসমূহৰ অৰ্থে ‘অসম মালা’ শীৰ্ষক কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ মুৰব্বী শ্ৰী প্ৰমোদ বড়ো উপস্থিত থাকে।

 

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি অসমৰ জনসাধাৰণে প্ৰদৰ্শন কৰা স্নেহৰ বাবে তেখেতে কৃতজ্ঞতা জ্ঞাপন কৰে। তেখেতে অসমৰ সেৱা আৰু দ্ৰুত প্ৰগতিত এটা মূল ভূমিকা পালন কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণাৱাল আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ মুৰব্বী শ্ৰী প্ৰমোদ বড়ো আৰু ৰাজ্য চৰকাৰখনৰ শলাগ লয়। তেখেতে তদুপৰি ১৯৪২ ত ত্ৰিৰংগাৰ অৰ্থে অঞ্চলটোৰ শ্বহীদসকলৰ ত্যাগ তথা বৰ্ণাঢ্য বুৰঞ্জীক স্মৰণ কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে হিংসা, বঞ্চনা, চিন্তা, বৈষম্য আৰু সংগ্ৰামক একাষৰীয়াকৈ ৰাখি আজি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে উন্নয়নৰ অভিমুখে অগ্ৰসৰ হৈছে আৰু ইয়াত অসমে এটা মূল ভূমিকা পালন কৰি আছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ঐতিহাসিক বড়ো চুক্তিৰ পাছত, শেহতীয়াকৈ সম্পন্ন হোৱা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনে অঞ্চলটোৰ উন্নয়ন আৰু আস্থাৰ এটা নতুন অধ্যায় ৰচনা কৰিলে। “এই দিনটো অসমৰ ভাগ্য আৰু ভৱিষ্যতৰ লক্ষ্যণীয় পৰিৱৰ্তনৰ সাক্ষ্য কিয়নো অসমে বিশ্বনাথ আৰু চৰাইদেউত দুখন নতুন চিকিৎসা মহাবিদ্যালয় উপহাৰস্বৰূপে লাভ কৰিলে আৰু অসম মালাৰ জৰিয়তে আধুনিক আন্তঃগাঁথনিৰ আধাৰশিলা স্থাপন কৰা হৈছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। 

পূৰ্বতে ৰাজ্যখনৰ দুৰ্বল চিকিৎসা আন্তঃগাঁথনিৰ কথা স্মৰণ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতাৰপৰা ২০১৬ লৈকে অসমত মাত্ৰ ৬ খন চিকিৎসা মহাবিদ্যালয় আছিল, বিপৰীতে যোৱা ৫ বছৰতে মাথো ৬ খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ হৈছে। বিশ্বনাথ আৰু চৰাইদেউৰ মহাবিদ্যালয় দুখনিয়ে উত্তৰ আৰু উজনি অসমক উপকৃত কৰিব। সমান্তৰালভাৱে, পূৰ্বে ৰাজ্যখনত মাথো ৭২৫ মেডিকেল আসনৰ বিপৰীতে, এই নতুন চিকিৎসা মহাবিদ্যালয়সমূহ কাৰ্যক্ষম হোৱাৰ লগ-লগে বছৰি ১৬০০ কৈ নতুন চিকিৎসক লাভ কৰা যাব। ইয়াৰ জৰিয়তে ৰাজ্যখনৰ প্ৰত্যন্ত অঞ্চলসমূহলৈ চিকিৎসা সুবিধাসমূহ আগবঢ়োৱাটো সম্ভৱ হৈ পৰিব তথা এনে অঞ্চলসমূহৰ চিকিৎসা সেৱাৰ লক্ষ্যণীয় উন্নয়ন সাধন হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে অৱগত কৰে যে গুৱাহাটী এইমছৰ কাম-কাজে পূৰ্ণ গতিত অগ্ৰগতি লাভ কৰিছে আৰু প্ৰতিষ্ঠানখনিৰ প্ৰথম বেটচ আৰম্ভ হৈছে। এইমছখনিৰ কাম অহা ডেৰ-দুবছৰত সম্পূৰ্ণ হৈ উঠিব। অসমৰ সমস্যাৰ প্ৰতি ঐতিহাসিক উদাসীনতাৰ প্ৰসংগ টানি আনি, প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ চৰকাৰখনে অসমৰ জনসাধাৰণৰ অৰ্থে সম্পূৰ্ণ সমৰ্পণেৰে কাম কৰি থকাৰ নিশ্চিতি প্ৰদান কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি অসমৰ জনসাধাৰণৰ চিকিৎসা প্ৰয়োজনীয়তা পূৰণৰ অৰ্থে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ কথা উল্লেখ কৰে। তেখেতে কয়, আয়ুষ্মান ভাৰত আঁচনিৰপৰা অসমৰ ১.২৫ কোটিৰো অধিক লোক উপকৃত হৈছে কিয়নো এই আঁচনিখনত ৩৫০ ৰ ৰোধিক চিকিৎসালয় অন্তৰ্ভুক্ত হৈছে। আয়ুষ্মান ভাৰতৰ অধীনত অসমৰ প্ৰায় ১.৫০ লাখ দৰিদ্ৰ লোকে বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিছে। ৰাজ্যখনত স্থাপন কৰা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰসমূহত ৰাজ্যখনৰ প্ৰায় ৫৫ লাখ লোকে প্ৰাথমিক চিকিৎসা সেৱা লাভ কৰিছে। জনঔষধি কেন্দ্ৰ, অটল অমৃত যোজনা আৰু প্ৰধান মন্ত্ৰী ডায়েলাইচিছ কাৰ্যক্ৰমে সাধাৰণ লোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন সাধন কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। 

শ্ৰী মোদীয়ে অসমৰ বিকাশত চাহ বাগিচাসমূহৰ ভূমিকাৰ কথা উল্লেখ কৰে। তেখেতে অৱগত কৰে যে কালি ধন পুৰস্কাৰ মেলা আঁচনিৰ অধীনত চাহ বাগিচাৰ ৭.৫ লাখ শ্ৰমিকৰ একাউন্টলৈ কোটি-কোটি টকা হস্তান্তৰ কৰা হৈছে। প্ৰসূতিসকলক বিশেষ আঁচনিৰদ্বাৰা সহায় কৰা হৈছে। শ্ৰমিকসকলৰ যত্নৰ অৰ্থে বাগিচাসমূহলৈ বিশেষ চিকিৎসা কোষ প্ৰেৰণ কৰা হৈছে। তদুপৰি বিনামূলীয়া ঔষধো আগবঢ়োৱা হৈছে। এই বৰ্ষৰ বাজেটত চাহ শ্ৰমিকসকলৰ কল্যাণৰ অৰ্থে ১০০০ কোটি টকাৰ আঁচনি ঘোষণা কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ভাৰতীয় চাহৰ গৰিমা ম্লান কৰিবলৈ চলা ষড়যন্ত্ৰ সন্দৰ্ভতো অৱগত কৰে। তেখেতে কয় যে এনে কিছু নথি-পত্ৰ পোহৰলৈ আহিছে য’ত কিছু বিদেশৰ গোটে ভাৰতৰে থকা চাহৰ একাত্মতাত আঘাত হানিবলৈ পৰিকল্পনা কৰিছে। অসম ভূমিৰপৰা, প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ষড়যন্ত্ৰক সফল হ’বলৈ দিয়া নহ’ব বুলি ঘোষণা কৰে আৰু এই আক্ৰমণকাৰীসকলৰপৰা আৰু তেওঁলোকক সমৰ্থনকাৰীসকলৰপৰা জনসাধাৰণে উত্তৰ বিচাৰিব বুলি কয়। “এই যুঁজত আমাৰ চাহ শ্ৰমিকসকলৰ জয় হ’ব। এই আক্ৰমণ ভাৰতীয় চাহৰ ওপৰত, আমাৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ কঠোৰ শ্ৰমৰ মুখামুখি হ’বলৈ শকতি নাই”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ সামৰ্থ্য বৃদ্ধিত আধুনিক পথ আৰু আন্তঃগাঁথনিৰ এটা মূল ভূমিকা আছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি, ‘ভাৰত মালা প্ৰকল্প’ ৰ সৈতে সংগতি ৰাখি ‘অসম মালা’ আৰম্ভ কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে যোৱা কেইটামান বছৰত ৰাজ্যখনত কেইবা হাজাৰ কিঃমিঃ পথ আৰু বহু দলং নিৰ্মাণ কৰা হৈছে। তেখেতে আশা প্ৰকাশ কৰি কয় যে অসম মালা প্ৰকল্পই সকলো গাঁও আৰু আধুনিক চহৰসমূহলৈ বিস্তৃত পথ আৰু যোগাযোগ ব্যৱস্থাৰ নেটৱৰ্কৰ সপোন বাস্তৱায়িত কৰি তুলিব। “এই কাম-কাজে আগন্তুক দিনসমূহত এটা নতুন গতি লাভ কৰিব কিয়নো দ্ৰুত বিকাশ আৰু প্ৰগতিৰ অৰ্থে এই বাজেটত আন্তঃগাঁথনিৰ ওপৰত অভূতপূৰ্ব গুৰুত্ব প্ৰদান কৰা হৈছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's airport passenger handling capacity crosses 580 million: Govt

Media Coverage

India's airport passenger handling capacity crosses 580 million: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥