Our government is working tirelessly to ensure no family remains without a LPG connection: PM Modi
The growing number of women entrepreneurs is a blessing for our society: PM Modi in Aurangabad
Our government is committed to further encourage more women to become entrepreneurs and provide them all the support they need: PM Modi

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি ঔৰংগবাদত মহাৰাষ্ট্ৰ ৰাজ্যিক গ্রামীণ জীৱিকা মিচনৰ দ্বাৰা আয়োজিত আত্মসহায়ক গোটসমূহৰ আর্থিক দিশত স্বাৱলম্বী মহিলাসকলৰ অনুষ্ঠান ‘মহিলা সবলীকৰণত মেলা’ত ভাষণ আগবঢ়ায়৷ 

সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে আত্মসহায়ক গোটসমূহে নিজকে আর্থিক দিশত স্বাৱলম্বী কৰি তোলাত মহিলাসকলে গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰে৷ 

প্ৰধানমন্ত্রীয়ে কয় যে ঔৰংগবাদ ঔদ্যোগিক চহৰ (এইউৰিআইচি) ঔৰংগবাদৰ এক গুৰুত্বপূর্ণ প্রাণকেন্দ্ৰ হৈ উঠিব। অদূৰ ভৱিষ্যতে এই ঔদ্যোগিক চহৰ ভাৰতৰ অন্যতম উদ্যোগ কেন্দ্রত পৰিণত হ’ব৷ দিল্লী-মুম্বাই উদ্যোগ কৰিড’ৰ এক গুৰুত্বপূর্ণ স্থানত আছে ঔৰংগবাদ। এই উদ্যোগ চহৰত যিবোৰ সংস্থাই বিনিয়োগ কৰিছে, তাৰ ফলত প্ৰচুৰ কর্মসংস্থাপনৰো সৃষ্টি হ’ব। 

প্ৰধানমন্ত্রী উজ্জ্বলা যোজনাৰ অধীনত নির্দিষ্ট সময়ৰ পূৰ্বেই ৮ কোটি ৰন্ধৰ গেছৰ সংযোগ প্ৰদানৰ ক্ষেত্রত অর্জিত সাফল্যৰ কথা উল্লেখ কৰাৰ লগতে পাঁচগৰাকী হিতাধিকাৰীত হাতত ৰন্ধন গেছৰ সংযোগৰ নথিপত্ৰ তুলি দিয়ে প্ৰধানমন্ত্ৰীয়ে৷ নির্দিষ্ট সময়ৰ ৭ মাহৰ পূৰ্বেই এই সাফল্য অর্জন কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে কেৱল মহাৰাষ্ট্রতে ৪৪ লাখ উজ্জ্বলা যোজনাৰ গেছ সংযোগ প্ৰদান কৰা হৈছে। এই সাফল্য অর্জনত সহকর্মীসকলৰ অৱদানৰ প্ৰশংসা কৰি প্ৰধানমন্ত্রীয়ে কয় যে “ৰান্ধনী ঘৰৰ চৌকাৰ পৰা নির্গত ধোঁৱাত মহিলাসকলৰ স্বাস্থ্যজনিত উদ্বেগৰ বিষয়সমূহো বিবেচনাত কৰি আমি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছো।”

প্ৰধানমন্ত্রীয়ে লগতে কয় যে এই যোজনাৰ অধীনত কেৱল গেছ সংযোগেকে দিয়া হোৱা নাই, ইয়াৰ লগতে গ্রামাঞ্চলত ১০ হাজাৰ নতুন এলপিজি বিতৰকো নিয়োগ কৰা হৈছে। নতুন বটলিং প্লাণ্ট স্থাপন কৰা হৈছে। বন্দৰসমূহত গেছ টার্মিনেলসমূহৰ ধাৰণ ক্ষমতা বৃদ্ধি কৰা হৈছে। পাইপলাইন নেটৱর্কৰ পৰিধিও সম্প্ৰসাৰিকত কৰা হৈছে। ৫ কেজি ওজনৰ গেছ চিলিণ্ডাৰ ব্যৱহাৰত উৎসাহ যোগোৱা হৈছে৷ পাইপেৰে গেছ যোগানো আৰম্ভ কৰা হৈছে। “এটা পৰিয়ালো যাতে ৰন্ধন গেছ সংযোগৰ সুবিধা পৰি বাদ নপৰে, আমি সেইটো বিচাৰো।”

প্ৰধানমন্ত্রীয়ে কয় যে দূৰৈৰ পৰা পানী সংগ্ৰহ কৰি অনাৰ সময় মহিলাসকলৰ অকথ্য কষ্টৰ পৰা মুক্তি দিবলৈ ‘জল জীৱন মিচন’ আৰম্ভ কৰা হৈছে। এই মিচনত পানী সঞ্চয়ৰ লগতে ঘৰে ঘৰে পানী যোগান কৰাৰ ওপৰচো গুৰুত্ব আৰোপ কৰা হৈছে৷ চৰকাৰ অহা পাঁচ বছৰত এই আঁচনিৰ বাবে ৩.৫০ লাখ কোটি টকা ব্যয় কৰিব।

ৰামমনোহৰ লোহিয়াই এক বিবৃতিত কৈছিল যে ভাৰতীয় মহিলাসকলে শৌচালয় আৰু পানী-এই দুটা ক্ষেত্রেত আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হয়। শ্রী লোহিয়াৰ এই কথা স্মৰণ কৰি প্ৰধানমন্ত্রীয়ে কয় যে এই সমস্যা দুটাৰ যদি সমাধান কৰা যায়, তেতিয়া হ’লে মহিলাসকলে দেশৰ প্ৰগতিত নেতৃত্ব দিব পাৰিব৷ “মাৰাঠাৱাড়া অঞ্চল ‘জল জীৱন মিচন’ৰ জৰিয়তে ব্যাপকভাৱে উপকৃত হ’ব৷ দেশৰ প্ৰথম গ্রিড সংযুক্ত পানী পৰিৱহণ ব্যৱস্থা মাৰাঠাৱাড়া অঞ্চলতে গঢ়ি উঠাৰ দিশে গতি কৰিছে। ইয়াৰ ফলত মাৰাঠাৱাড়া অঞ্চলত পানীৰ যোগান লক্ষ্যণীয়ভাবে বৃদ্ধি পাব।”

চৰকাৰী প্ৰকল্প আৰু আঁচনিসমূহত জনতাৰ অংশগ্ৰহণৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে চৰকাৰে ৬০ বছৰ বয়সৰ প্ৰতিগৰাকী কৃষকক পেন্সন প্ৰদান কৰিছে। পোহনীয়া জন্তুৰ টিকাকৰণৰ লক্ষ্যৰেও এনে এক প্ৰয়াস হাতত লোৱা হৈছে৷ 

ৰাষ্ট্ৰীয় গ্রামীণ জীৱিকা মিচন ‘আজীবিকা’ৰ জৰিয়তে মহিলাসকলৰ বাবে উপার্জনৰ সুযোগ-সুবিধা বৃদ্ধি কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে জনায় যে ২০১৯ৰ কেন্দ্রীয় বাজেটত আত্মসহায়ক গোটসমূহক সুদ ৰেহাই প্ৰদানৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আত্মসহায়ক গোটসমূহৰ জন ধন একাউণ্ট থকা সদস্যাসকলে ৫ হাজাৰ টকাৰ অভাৰড্রাফ্‌টৰ সুবিধাও পাব। ইয়াৰ ফলত আত্মসহায়ক গোটসমূহৰ মহিলাসকলৰ অর্থ সাহায্যৰ বাবে মহাজনৰ কাষলৈ যাব লগীয়া নহয়৷

মহিলা আত্মসহায়ক গোটসমূহৰ সবলীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, “মুদ্রা যোজনাৰ জৰিয়তে প্ৰতিটো আত্মসহায়ক গোটৰ এগৰাকী মহিলাই ১ লাখ টকালৈকে ঋণ সাহায্য লাভ কৰিব৷ এই অর্থ সাহায্যই তেওঁলোকৰ নতুন উদ্যোগ গঢ়ি তোলা বা ব্যৱসায়ৰ সম্প্ৰসাৰণত সহায় কৰিব৷ এই যোজনাৰ অধীনত এতিয়ালৈকে ২০ কোটি টকা প্ৰদান কৰি হৈছে। ইয়াৰ ভিতৰত ১৪ কোটি টকা লাভ কৰিছে মহিলাসকলে। যোজনাৰ জৰিয়তে মহাৰাষ্ট্রৰ হিতাধিকাৰীসকলক ১ কোটি ৫০ লাখ টকা ঋণ সাহায্য প্ৰদান কৰি হৈছে। ইয়াৰ ভিতৰত ১ কোটি ২৫ লাখ টকা লাভ কৰিছে মহিলাসকলে।”

সমাজত ইতিবাচক পৰিৱর্তন অনাৰ ক্ষেত্রত মহিলাসকলৰ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, “আপোনালোক সামাজিক পৰিৱর্তনৰ গুৰুত্বপূর্ণ চালিকাশক্তি। কন্যাশিশুৰ সুৰক্ষাৰ লগতে তেওঁলোকক শিক্ষিত কৰি তোলা আৰু নিৰাপত্তাৰ স্বার্থত একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। এতিয়া আমি সামাজিক দৃষ্টিভংগীৰে পৰিৱর্তন আনিব লাগিব। এই ক্ষেত্রত মহিলাসকলৰ গুৰুত্বপূর্ণ ভূমিকা আছে। তিনি তালাকৰ কুপ্ৰথাৰ পৰা মুছলিম মহিলাসকলক ৰক্ষা কৰা হৈছে। এই ক্ষেত্ৰত সজাগতা প্ৰচাৰৰ কামত আপোনালোক আৰু উদ্যোগী হ’ব লাগিব।”

ভাৰতৰ চন্দ্ৰযান-২ অভিযানৰ প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয়, “আমাৰ বিজ্ঞানীসকলে এক ডাঙৰ মাইলৰ খুঁটি স্থাপনৰ সিদ্ধান্ত লৈছে। মই আজি বিজ্ঞানীসকল সৈতে আছিলো। তেওঁলোক অতি আবেগবিহ্বল হৈ পৰিছিল। কিন্তু তেওঁলোকৰ মাজত আছিল এক অদম্য মানসিকতা। ভুল-ত্ৰূটীৰ পৰা শিক্ষা লৈ তেওঁলোক আগুৱাই যাব বিচাৰে৷”

প্ৰধানমন্ত্রী কয় যে ভাৰতক শীঘ্ৰেই মুকলি স্থানত মলত্যাগমুক্ত হিচাপে ঘোষণা কৰা হ’ব। 

‘প্ৰত্যেকৰে বাবে আবাস’ৰ প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয়, “আমি আপোনালোকৰ সপোনৰ ঘৰ নিৰ্মাণ কৰি দিব বিচাৰো। এই ঘৰ কেৱল চাৰিখন বেৰৰ গাঁথনি নহয়। এনে এক গৃহ দিব বিচাৰো য’ত অন্যান্য সা-সুবিধাও থাকিব। আমি কোনো নির্দিষ্ট পদ্ধতি স্থিৰ কৰি কাম কৰা নাই, স্থানীয় চাহিদা অনুযায়ী গৃহ নিৰ্মাণ কৰা হৈছে। আমি বিচাৰো হিতাধিকাৰীসকলৰ স্বার্থত আৰম্ভ কৰা বিভিন্ন প্ৰকল্পক একত্রিত কৰি মৌলিক সা-সুবিধাসমূহ প্ৰদান কৰা৷ ইতিমধ্যে ১ কোটি ৮০ লাখ গৃহ নির্মাণ কৰা হৈছে। মোৰ দৃঢ় বিশ্বাস যে ২০২২চনত আমি যেতিয়া স্বাধীনতা দিৱস উদযাপন কৰিম তেতিয়া প্ৰত্যেককে পকী গৃহ প্ৰদান কৰিবলৈ আমি সমর্থ হ’ম৷”

প্ৰধানমন্ত্রীয়ে লগতে কয়, “মধ্যবিত্ত শ্রেণীৰ লোকসকলে যাতে নিজৰ ঘৰত থাকে তাৰ বাবে গৃহ ঋণৰ ১ লাখ ৫০ হাজাৰ টকালৈকে সুদ ৰেহাই দিয়া হৈছে। গৃহ নির্মাণ প্ৰকল্পত স্বচ্ছতা অনা আৰু পূঁজিৰ অপচয় ৰোধ কৰি নির্মীয়মাণ গৃহৰ বিভিন্ন পর্যায়ৰ ছবি ৱেবছাইটত দিয়া হৈছে। ৰিয়েল ইষ্টেট ক্ষেত্রত স্বচ্ছতা বজাই ৰাখিবলৈ ‘ৰেৰা’ আইন ৰূপায়ণ কৰা হৈছে। বিভিন্ন ৰাজ্যত এই আইন ইতিমধ্যে বলবৎ কৰা হৈছে আৰু আইন অনুসৰি লাখ লাখ আবাস নিৰ্মাণ কৰা হৈছে৷”

সৰ্বাংগীন উন্নয়নৰ বাবে সকলো প্ৰকল্পক একত্রিত কৰাৰ ক্ষেত্ৰত চৰকাৰ সজাগ বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে আশা প্ৰকাশ কৰে যে চৰকাৰৰ যাৱতীয় প্ৰকল্পত সাধাৰণ লোকসকলে অৱদান আগবঢ়াব।

প্ৰধানমন্ত্ৰীয়ে উমাজি নায়কক আজি তেওঁৰ জন্মবার্ষিকীত শ্ৰদ্ধা জনাই তেওঁক এগৰাকী মহান স্বাধীনতা সংগ্রামী আছিল বুলি কয়৷ 

এই উপলক্ষে প্ৰধানমন্ত্রীয়ে ‘ট্রান্সফৰ্মিং ৰুৰেল মহাৰাষ্ট্ৰ’ শীর্ষক এখন গ্ৰন্থও উন্মোচন কৰে৷

অনুষ্ঠানত মহাৰাষ্ট্রৰ ৰাজ্যপাল শ্রী ভগৎ সিং কোছিয়াৰি, মুখ্যমন্ত্রী শ্রী দেবেন্দ্ৰ ফাড়নাবিছ, কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ তথা ৰে’ল মন্ত্রী শ্রী পীযূষ গোৱেল, মহাৰাষ্ট্ৰৰ গ্ৰামোন্নয়ন, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী পংকজা মুণ্ডে আৰু উদ্যোগ আৰু খনি মন্ত্ৰী শ্ৰী সুভাষ দেশাইৰ লগতে একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi calls upon people to celebrate National Handloom Day by showcasing India's rich handloom heritage
August 06, 2026

The Prime Minister, Shri Narendra Modi, has called upon citizens to celebrate National Handloom Day on 7th August by promoting India's rich and diverse handloom traditions.

“Share your videos with your favourite handloom products, including GRWM videos on social media”, Shri Modi said.

Shri Modi posted on X;

Tomorrow, 7th August is National Handloom Day. Let’s make India’s handloom diversity popular.

Share your videos with your favourite handloom products, including GRWM videos on social media.

Don’t forget to use #NationalHandloomDay.