PM Modi applauds doctors, Medical Staff, Para-Medical Staff, sanitation workers in hospitals and everyone associated with Corona Vaccine
PM Modi complements Corona warriors for their authentic communication about the pandemic and vaccination
World's largest vaccination programme is going on in our country today: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে বাৰাণসীত ক’ভিডৰ ভেকচিন গ্ৰহণ কৰা হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে৷

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ জনসাধাৰণ, এই কাৰ্যসূচীৰ সৈতে জড়িত চিকিৎসকসমূহ, স্বাস্থ্য কৰ্মী, পেৰা মেডিকেল কৰ্মী, চিকিৎসালয়ৰ অনাময় কৰ্মী আৰু ক’ৰোনাৰ প্ৰতিষেধকৰ সৈতে জড়িত আটাইবোৰ ব্যক্তিলৈ শুভেচ্ছা জ্ঞাপন কৰে৷ ক’ভিডৰ ফলত তেওঁ জনসাধাৰণৰ কাষত থাকিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰে৷ তেওঁ কয় যে আজি বিশ্বৰ সবাতোকৈ বৃহৎ টীকাকৰণ কাৰ্যসূচী অনুষ্ঠিত হৈছে৷ তেওঁ কয় যে প্ৰথম দুটা পৰ্যায়ত ৩০ কোটি লোকক টীকাকৰণ প্ৰদান কৰা হ’ব৷ দেশৰ নিজৰ প্ৰতিষেধক নিজে প্ৰস্তুত কৰিব পৰা ইচ্ছাশক্তি আছে বুলি তেওঁ প্ৰকাশ কৰে৷ আজি দেশৰ সৰ্বত্ৰ ক্ষীপ্ৰ গতিত প্ৰতিষেধক যোগানৰ কাম চলিবলৈ ধৰিছে৷ আজি ভাৰত স্ব-নিৰ্ভৰশীল হৈ উঠাৰ উপৰিও অন্য দেশলৈও সহায়ৰ হাত আগবঢ়াবলৈ সমৰ্থ হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ছটা বৰ্ষত বাৰাণসী আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহত চিকিৎসাৰ আন্তঃগাঁথনি যথেষ্ট পৰিমাণে পৰিৱৰ্তিত হৈছে৷ ইয়াৰ ফলত সমগ্ৰ পূৰ্বাঞ্চল ক’ৰোনাৰ সময়ত উপকৃত হৈছে৷ তেওঁ কয় যে বাৰাণসীত ২০ হাজাৰতকৈও অধিক স্বাস্থ্য কৰ্মীক টীকা প্ৰদান কৰা হ’ব৷ ইয়াৰ বাবে ১৫টা প্ৰতিষেধক কেন্দ্ৰ স্থাপন কৰা হৈছে৷ এই সন্দৰ্ভত তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ দলটোক প্ৰশংসা কৰে৷

তেওঁ কয় যে আজিৰ টীকাকৰণ অনুষ্ঠানটোত জনসাধাৰণে কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি সেয়া জানিবলৈ এই বাৰ্তালাপৰ আয়োজন কৰা হৈছে৷ তেওঁ টীকাকৰণ কাৰ্যসূচীৰ সৈতে জড়িত লোকসকলৰ সৈতেও বাৰ্তালাপ কৰে৷ বাৰাণসীৰ জনসাধাৰণে প্ৰকাশ কৰা প্ৰতিক্ৰিয়াৰ দ্বাৰা সমগ্ৰ দেশ উপকৃত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷

অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীয়ে মেট্ৰ’ন, এএনএম কৰ্মী, চিকিৎসক আৰু লেব টেকনিচিয়ানসকলৰ সৈতে ভাৱ বিনিময় কৰে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক দেশবাসীৰ তৰফৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে বিজ্ঞানী তথা ক’ৰোনা যোদ্ধাসকলৰো ভূয়সী প্ৰশংসা কৰে৷

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Small towns emerge big growth driver for connected TV in India

Media Coverage

Small towns emerge big growth driver for connected TV in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates H.E. President Hakainde Hichilema on re-election as President of Zambia
August 20, 2026

The Prime Minister, Shri Narendra Modi, has extended his heartiest congratulations to President H.E. Hakainde Hichilema on his re-election as the President of Zambia.

The Prime Minister said that India greatly values its multifaceted partnership with Zambia.

Shri Modi expressed his desire to work together with President Hakainde Hichilema to further strengthen the relations between India and Zambia under his leadership.

The Prime Minister said in a X post;

“Heartiest Congratulations to President Hakainde Hichilema on being re-elected as the President of Zambia.

India greatly values its multifaceted partnership with Zambia and I look forward to working together to further strengthen our relations under his leadership.

@HHichilema”