প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি)ৰ বিজেতাসকলৰ সৈতে বাৰ্তালাপ কৰে। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণীও এই অনুষ্ঠানত উপস্থিত আছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই বছৰৰ পুৰস্কাৰ বিশেষ, কিয়নো বিজেতাসকলে ক'ৰোণাৰ কঠিন সময়ত এয়া অৰ্জন কৰিছে। বাৰ্তালাপৰ সময়ত, প্ৰধানমন্ত্ৰীয়ে স্বচ্ছতা আন্দোলনৰ দৰে প্ৰধান ব্যৱহাৰ-পৰিৱৰ্তন অভিযানত শিশুসকলৰ ভূমিকাৰ আলোকপাত কৰে। তেওঁ কয় যে যেতিয়া ক'ৰোণাৰ সময়ত শিশুসকল হেণ্ডৱাছ কেম্পেইনৰ দৰে অভিযানত অন্তৰ্ভুক্ত হ'ল, তেতিয়া অভিযানে মানুহৰ ধাৰণাক প্ৰভাৱিত কৰিলে আৰু অভিযান সফল হ'ল। প্ৰধানমন্ত্ৰীয়ে ক্ষেত্ৰসমূহৰ বিবিধতাকো আলোকপাত কৰে, য'ত এই বছৰ পুৰস্কাৰ দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া একোটা সৰু ধাৰণাৰ বাবে আৱশ্যকীয় কাম কৰা হয়, তেতিয়া পৰিণাম প্ৰভাৱশালী হয়। তেওঁ শিশুসকলক কাম কৰাৰ ক্ষেত্ৰত বিশ্বাস কৰিবলৈ কয় কিয়নো ধাৰণা আৰু কাৰ্যৰ এই পৰস্পৰ ক্ৰিয়াৰ জৰিয়তে মানুহে মহত্বপূৰ্ণ বিষয়ৰ বাবে প্ৰেৰণা লাভ কৰে। 

প্ৰধানমন্ত্ৰীয়ে শিশুসকলক পৰামৰ্শ দিয়ে যে তেওঁলোক এই প্ৰাপ্তিতে সীমাবদ্ধ হৈ নাথাকক আৰু নিজৰ জীৱনত উন্নত পৰিণামৰ বাবে প্ৰয়াস অব্যাহত ৰাখক। প্ৰধানমন্ত্ৰীয়ে শিশুসকলক নিজৰ মনত তিনিটা বস্তু, তিনিটা প্ৰতিজ্ঞা ৰাখিবলৈ কয়। সবাতোকৈ আগতে নিৰন্তৰতাৰ প্ৰতিজ্ঞা। কাম কৰাৰ গতিত কোনো স্থবিৰতা থাকিব নালাগে। দ্বিতীয়তে, দেশৰ হকে প্ৰতিজ্ঞা। যদি আমি দেশৰ বাবে কাম কৰো আৰু প্ৰতিটো কাম দেশৰ সন্দৰ্ভত চোৱা হয়, তেতিয়া সেই কাম নিজে নিজে অধিক মহত্বপূৰ্ণ হৈ পৰে। তেওঁ কয় যে শিশুসকলে এই কথা ভাবিব লাগে যে তেওঁলোকে দেশৰ বাবে কি কৰিব পাৰে, কিয়নো আমি স্বাধীনতাৰ ৭৫তম বৰ্ষত প্ৰৱেশ কৰি আছো। তৃতীয়তে, বিনম্ৰতাৰ প্ৰতিজ্ঞা। প্ৰধানমন্ত্ৰীয়ে সামৰণিত কয় যে প্ৰত্যেক সফলতাৰ ক্ষেত্ৰত আমি অধিক বিনম্ৰ হোৱা দৰকাৰ, কিয়নো আমাৰ বিনম্ৰতাই আনক আমাৰ সফলতাৰ ওপৰত আনন্দিত হ'বলৈ অনুপ্ৰাণিত কৰিব।

ভাৰত চৰকাৰে নৱোন্মেষণ, শিক্ষাৰ প্ৰাপ্তি, খেল, কলা তথা সংস্কৃতি, সামাজিক সেৱা আৰু সাহসিকতাৰ ক্ষেত্ৰত অসাধাৰণ ক্ষমতা আৰু উৎকৃষ্ট প্ৰাপ্তিযুক্ত শিশুক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ জৰিয়তে বাল শক্তি পুৰস্কাৰ প্ৰদান কৰে।

এই বছৰ, বাল শক্তি পুৰস্কাৰৰ বিভিন্ন শ্ৰেণীৰ জৰিয়তে দেশজুৰি ৩২ আবেদনকাৰীক পিএমআৰবিপি-২০২১ৰ বাবে বাছনি কৰা হয়।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival