সৰ্ব প্ৰথমে আপোনালোক আটাইকে ‘প্ৰধানমন্ত্ৰী বাল পুৰস্কাৰ’ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো। এই বঁটাৰ বাবে আপোনালোকৰ নাম নিৰ্বাচিত কৰাৰ কথা শুনাৰে পৰা চাগৈ আপোনালোকৰ উদ্বিগ্নতা বাঢ়ি গৈছিল নহয় জানো! আপোনালোকৰ মা-দেউতা, বন্ধু-বান্ধৱ, শিক্ষক-শিক্ষয়িত্ৰী সকলো চাগৈ উত্ফুল্লিত হৈ উঠিছিল। আপোনালোকৰ দৰেই ময়ো আপোনালোকক লগ পাবলৈ অধীৰ আগ্ৰহৰে অপেক্ষা কৰি আছিলো, পিছে, ক’ৰোনাৰ বাবে এতিয়া আমি ‘ভাৰ্ছুৱেল’ মাধ্যমেৰেহে কথা-বতৰা পাতিব লাগিব।

মৰমৰ শিশুসকল,

আপোনালোকে যি কাম কৰিছে, আপোনালোকে যি পুৰস্কাৰ লাভ কৰিছে, সেয়া এই কাৰণেও বিশেষ গুৰুত্ব পূৰ্ণ কিয়নো, আপোনালোকে এয়া ক’ৰোনা কালত সম্ভৱ কৰিছে। ইমান কম বয়সতে আপোনালোকৰ এই কাম-কাজবোৰে সকলোকে আশ্চৰ্যচকিত কৰি তুলিবই। কোনোবাই যদি খেলপথাৰত দেশৰ নাম উজলাইছে, কোনোবাই আক’ এতিয়াৰে পৰাই গৱেষণাৰে নতুনৰ উদ্ভাৱন কৰিছে। আপোনালোকৰ মাজৰ পৰাই ভৱিষ্যতৰ খেলুৱৈ, দেশৰ বৈজ্ঞানিক, দেশৰ নেতা, দেশৰ ডাঙৰ ডাঙৰ চিইঅ’ হবগৈ। ইয়াৰ জৰিয়তে ভাৰতৰ গৌৰৱ বঢ়োৱাৰ পৰম্পৰা প্ৰত্যক্ষ কৰিবলৈ পোৱা যাব। এই মুহূৰ্তত যিখন ভিডিঅ’ ফিল্ম চলি আছিল, তাত আপোনালোকে অৰ্জন কৰা সাফল্যৰ কথা বিস্তাৰিত ভাবে প্ৰদৰ্শিত কৰা হৈছিল। আপোনালোকৰ মাজৰ শিশুসকলৰ বিষয়ে মাজে মাজে মই জনাৰ সুযোগ পাইছো, তেওঁলোকৰ কথা শুনিবলৈ পাইছো। এতিয়া ধৰক, মুম্বাইৰ কন্যা আমাৰ কাম্যা কাৰ্তিকায়েন। আপোনালোকৰ চাগৈ মনত আছে, মই ‘মন কী বাত’ত এবাৰ তেওঁৰ বিষয়ে উল্লেখ কৰিছিলো। কাম্যাই পৰ্বতাৰোহণৰ ক্ষেত্ৰত দেশৰ নাম উচ্চ শিখৰলৈ নিয়াৰ বাবে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আহক, আজি আমি কাম্যাৰ লগত কথা পাতো। তেওঁৰ পৰাই আৰম্ভ কৰো। তেওঁক কিছু কথা নিশ্চয় সুধিব বিচাৰিম।

প্ৰশ্ন-কাম্যা, শেহতীয়া সময়ছোৱাত আপুনি এনেই বহি আছে বুলি মই কেতিয়াও নাভবো, এইখিনি সময়ত কিবা নহয় কিবাতো কৰিছেই। তেন্তে কোনটো নতুন পৰ্বতত আপুনি বিজয় লাভ কৰিলে কওকচোন। এইবোৰ দিনত কি কৰি আছে? নে ক’ৰোনাৰ বাবে কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে?

উত্তৰ- ছাৰ, ক’ৰোনাইতো সমগ্ৰ দেশকে কঠিন পৰিস্থিতিৰ সন্মুখীন কৰাইছে। কিন্তু, আপুনি কোৱাৰ দৰেই আমি এনেয়ে বহি থকা বিধৰ নহও। ক’ৰোনাৰ পিচতো আমি শক্তিশালী হৈয়ে বাহিৰলৈ ওলাই আহিব লাগিব। সেয়ে মই ক’ৰোনাৰ মাজোতো মোৰ ট্ৰেইনিং আৰু ৰুটিন অব্যাহত ৰাখিছিলো আৰু আমি এতিয়া গুলমাৰ্গত আছো, ই জম্মু-কাশ্মীৰত অৱস্থিত আৰু মই পৰ্বতাৰোহণৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছো। উত্তৰ আমেৰিকাত থকা ‘মাউণ্ট দেনালী’ত আৰোহণ কৰিবলৈ আমি এই বছৰৰ জুন মাহত যাম বুলি ভাবিছো। এতিয়া তাৰ বাবেই প্ৰস্তুতি চলাই আছো।

প্ৰশ্ন- তেন্তে ,এতিয়া আপুনি বাৰামূলাত আছে নহয় জানো?

উত্তৰ-হয় ছাৰ, ভাল লাগিছে অফিচৰ তৰফৰ পৰা বহু সহায় আগবঢ়াইছে, আৰু তেওঁলোকেও যোৱা তিনিটা দিন ২৪X৭য়ে কাম কৰিছে। ইয়াৰ সুবাদতে বাৰামূলাত থাকিও আপোনাৰ সৈতে কথা পতাৰ সুযোগ লাভ কৰিছো, ছাৰ!

প্ৰশ্ন-আপোনাৰ সৈতে আৰু কোন আছে? চিনাকী কৰাই দিয়কচোন।

উত্তৰ- ছাৰ, মোৰ মা আৰু এয়া মোৰ পাপ্পা, ছাৰ।

পাপ্পা- নমস্কাৰ

মোদী জী- ঠিক আছে আপোনাক অভিনন্দন। আপুনি ছোৱালীক উত্সাহিত কৰিছে আৰু তেওঁক সহায়ো আগবঢ়াইছে। মই এনেকুৱা পিতৃ-মাতৃক বিশেষ ভাবে অভিনন্দিত কৰিব খোজো।

প্ৰশ্ন-ঠিক আছে, আপোনাৰ বাবে সকলোতকৈ ডাঙৰ পুৰস্কাৰতো আপোনাৰ পৰিশ্ৰম আৰু মনোবলেই হয়। আপুনিতো পাহাৰত আৰোহণ কৰে, ট্ৰেকিং কৰে, আৰু সমগ্ৰ পৃথিৱী ভ্ৰমি ফুৰে, আৰু হঠাতে যেতিয়া ক’ৰোনাৰ বাবে সকলো বন্ধ হৈ গ’ল, তেন্তে বছৰটো কেনেকৈ পাৰ কৰিলে?

উত্তৰ-ছাৰ, মই ক’ৰোনাক এক সুযোগ বুলি গ্ৰহণ কৰিছো, যদিও...

প্ৰশ্ন- অৰ্থাত্ আপুনিও বিপদক সুযোগলৈ ৰূপান্তৰিত কৰিছে?

উত্তৰ- হয় ছাৰ।

প্ৰশ্ন- কওকচোন।

উত্তৰ-ছাৰ, এতিয়াতো গৈ পৰ্বতততো বগাব নোৱাৰো, পিচে মই আন বহুতক অনুপ্ৰাণিত কৰিব পাৰো। সেয়ে মই বহুত স্কুল আৰু প্ৰতিষ্ঠানত ৱে’বিনাৰ অনুষ্ঠিত কৰি মোৰ মিছনৰ বিষয়ে অৱগত কৰি আহিছো আৰু ইয়াৰ বাৰ্তা বিস্তাৰিত কৰিব বিচাৰো, ছাৰ।

প্ৰশ্ন- ফিজিকেল ফিটনেছৰ বাবেওতো বহুত কিবাকিবি কৰিবলগীয়া হয়, নহয় জানো?

উত্তৰ- নিশ্চয় ছাৰ, সাধাৰণতে আমি দৌৰা আৰু চাইকেল চালনাৰ বাবে ওলাই য়াও, পিচে প্ৰথম ‘লকডাউন’ত ইয়াৰ বাবে অনুমতি দিয়া হোৱা নাছিল, সেয়ে আমি থকা ২১মহলীয়া বিল্ডিংটোৰ চিৰি বগায়েই ফিটনেছ অটুত ৰখাৰ প্ৰয়াস কৰিছিলো। আৰু ‘লকডাউন’ অলপ শিথিল হোৱাৰ পিচত, ঈশ্বৰৰ কৃপাত আমি মুম্বাইলৈ উভতি অহাৰ পিচত ‘উইক এণ্ড’ত শহয়াদ্ৰীলৈ গৈ সৰু-সুৰা ট্ৰেকিং কৰিবলৈ লৈছিলো, ছাৰ।

প্ৰশ্ন- মুম্বাইততো কেতিয়া ঠাণ্ডা আহে গমেই নাপাই চাগৈ, নহয় জানো? ইয়াত বাৰামূলাততো বহুত ঠাণ্ডা পাইছে নহয়নে?

উত্তৰ- হয় ছাৰ

প্ৰধানমন্ত্ৰী ছাৰৰ টিপ্পনী : চাওক, ক’ৰোনাই নিশ্চিত ভাবেই সকলোকে প্ৰভাৱিত কৰিছে। পিচে, এটা কথা মই বিশেষ ভাবে দেখিবলৈ পাইছো যে দেশৰ শিশুসকলে, দেশৰ ভৱিষ্যত প্ৰজন্মই এই মহামাৰীৰে মোকাবিলা কৰাত বহুত ডাঙৰ ভূমিকা পালন কৰিছে। চাবোনৰে ২০ ছেকেণ্ড ধৰি হাত ধোৱাৰ কথাটোকে চাওক, এইটো অভ্যাস আমাৰ শিশুসকলে আটাইতকৈ আগতে গ্ৰহণ কৰিছিল। মই সেই সসময়ত ‘ছ’চিয়েল মিডিয়া’ত কিমানবোৰ যে ভিডিঅ’ দেখিবলৈ পাইছিলো, য’ত শিশুসকলে ক’ৰোনাৰ পৰা পৰিত্ৰাণ লাভ কৰাৰ বিভিন্ন উপায়ৰ বিষয়ে তথ্য অৱগত কৰিছিল। আজি এই বঁটা সকলো শিশুয়েই লাভ কৰিছে। যি পৰিয়াল অথবা সমাজত শিশুসকলে শিকাৰ পৰিৱেশ লাভ কৰে, শিকণৰ সংস্কাৰ লাভ কৰে তেনে সমাজত শিশুসকলৰ ব্যক্তিত্বৰ বিকাশতো হয়েই, লগতে বন্ধৰ সময়তো স্থবিৰতাৰ অৱকাশ নাথাকে, শিকাৰ আগ্ৰহ অব্যাহত থাকে, তেওঁলোকৰ উত্সাহ ঠিকে-ঠাকেই থাকে। আৰু ডাঙৰসকলেও ভাবিবলৈ ধৰে যে, আৰু বাহঃ...আমাৰ লৰা-ছোৱালীয়ে কৈছে যেতিয়া আমি নিশ্চয় কৰিম। আমি এয়া ক’ৰোনাৰ সময়তো দেখিবলৈ পাইছো আৰু ‘স্বচ্ছ ভাৰত মিছন’ৰ সময়তো ঠিকেই দেখিবলৈ পাইছিলো। শিশুসকল যেতিয়া কোনো বিশেষ উপলক্ষত জড়িত হৈ পৰে, তেতিয়া সেই কামত সাফল্য আহেই। কাম্যা, আপোনাৰ লগতে আপোনাৰ মা-দেউতা, আপোনাৰ প্ৰশিক্ষক সকলোকে মই বহুত বহুত অভিনন্দন জনাইছো। বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো। আপুনি কাশ্মীৰৰ মজাও লওক আৰু নতুন সাহসৰে আগুৱাইয়ো যাওক। স্বাস্থ্য, ফিটনেছৰ প্ৰতি ধ্যান দিব, নতুন নতুন শিখৰত উপস্থিত হওকগৈ। আমাৰ সৈতে ঝাৰখণ্ডৰ এগৰাকী কন্যাও আছে, তেওঁ হৈছে সৱিতা কুমাৰী। তেওঁ খেলজগতত সম্ভৱ কৰা উত্কৃষ্ট প্ৰদৰ্শনৰ বাবে বঁটা লাভ কৰিছে।

প্ৰশ্ন- সবিতা জী, আৰ্চাৰী বা নিছানবাজীত আগুৱাই যাম বুলি আপুনি কেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল? এনে কথা মনলৈ কেনেকৈ আহিছিল আৰু এই ক্ষেত্ৰত পৰিয়াল বৰ্গৰ সহযোগিতা নিশ্চয় পাইছিল নহয় জানো? মই আপোনাৰ কথা জানিব বিচাৰো, যাতে ইয়াৰ দ্বাৰা দেশৰ শিশুসকলেও ঝাৰখণ্ডৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ আমাৰ এগৰাকী ছোৱালীয়ে কেনে এক পৰাক্ৰমৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে সেই কথা জানিব পাৰিব আৰু ইয়াৰ দ্বাৰা দেশৰ আন শিশুসকলেও প্ৰেৰণা লাভ কৰিব পাৰিব।

উত্তৰ-ছাৰ, মই ‘কস্তুৰবা গান্ধী বালিকা বিদ্যালয়’ত পঢ়া-শুনা কৰিছিলো, তাতেই আৰ্ছাৰ হোৱাৰ বাবে প্ৰেৰণা লাভ কৰিছিলো।

প্ৰশ্ন- আপুনি দেশৰ বাবে পদক আনিবলৈও আৰম্ভ কৰি দিছে। সমগ্ৰ দেশৰ শুভ কামনা আপোনাৰ বাবে আছে। ভৱিষ্যতে কি হোৱাৰ সপোন দেখিছে, কেতিয়ালৈকে খেলিম বুলি ভাবিছে?

উত্তৰ- ছাৰ, ইণ্টাৰনেশ্যনেলত সোণ আনিবলৈ মন আছে আৰু পদক লাভ কৰিলে দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ ধ্বনি বাৰে বাৰে বজা শুনিবলৈ পালে আমাৰ বৰ আনন্দ লাগে।

প্ৰশ্ন-বাহঃ! আপোনাৰ সৈতে কোন কোন আছে?

উত্তৰ- ছাৰ, মা আহিছে, ইফালে দেউতাও আহিছে।

প্ৰশ্ন- আচ্ছা, তেওঁলোকেও কেতিয়াবা খেলিছিল নেকি? দেউতাই কেতিয়াবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল নেকি?

উত্তৰ- নাই ছাৰ।

প্ৰশ্ন- তেন্তে, এতিয়া বাহিৰলৈ যাবলগীয়া হ’লে মা-দেউতাৰ চিন্তা হয় চাগৈ নহয় জানো?

উত্তৰ- ছাৰ নহয়।তুমি

প্ৰশ্ন-আচ্ছা, সকলোৰে আগতে আৰম্ভ তুমি কৰিছিলা নহয় জানো?

উত্তৰ-হয় ছাৰ।

প্ৰশ্ন- তেন্তে এতিয়া তুমি বাহিৰলৈ যাবলগীয়া হ’লে

উত্তৰ- ছাৰ, এতিয়াতো ছাৰ লগত থাকে, ছাৰৰ লগত যাওঁ।

প্ৰশ্ন-আচ্ছা।

প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ টিপ্পনী : আপুনি অলিম্পিক পৰ্যন্ত যাওক, গোল্ড লৈ আহক, আপোনাৰ এই সপোন হিন্দুস্থানৰ সকলো শিশুৰ বাবে অনুপ্ৰেৰণাৰ উত্স হৈ উঠক। মোৰ শুভকামনা তোমালৈ সদায়ে থাকিব। খেলৰ পৃথিৱীখনত ঝাৰখণ্ডৰ যি প্ৰতিভা আছে, তাক লৈ সমগ্ৰ দেশেই গৰ্বিত। মই তো দেখিছো, ঝাৰখণ্ডৰ ছোৱালীবোৰে বহুত অসাধাৰণ কাম কৰিব পাৰে ভাই! খেলা-ধূলাত কিমান সুনাম অৰ্জন কৰিব পাৰিছে। সৰু সৰু, চহৰৰ পৰা আপোনাৰ দৰে প্ৰতিভা যেতিয়া ওলাই আহে, পৃথিৱীৰ প্ৰান্তে প্ৰান্তে গৈ দেশৰ নাম উজলাই তোলে, মন ভৰি উঠে। সবিতা, বহুত আগুৱাই যোৱা মোৰ বহুত শুভাশীষ তোমালৈ জনালো।

উত্তৰ- ধন্যবাদ ছাৰ।

বাৰু বন্ধুসকল, এইবাৰ বাল পুৰস্কাৰ পোৱা সকলৰ মাজৰ বিবিধতা বহুত ভাল কথা হৈছে। আৰ্চাৰীৰৰ পৰা এতিয়া আমি আৰ্টৰ পৃথিৱীখনলৈ যাব বিচাৰিছো। মণিপুৰৰ জীয়ৰী আমাৰ কুমাৰী নৱীশ কীশম, সুন্দৰ পেইণ্টিং তৈয়াৰ কৰাৰ বাবে এইবেলি পুৰস্কৃত হৈছে।

প্ৰশ্ন- কোৱাচোন, বেটা নবীশ, আমি তোমাৰ কথা শুনিব বিচাৰিছো। তুমি খুউব ভাল পেইণ্টিং কৰা। ৰঙততো এনেয়েও বহুত শক্তি থাকে। আৰু উত্তৰ-পূৰ্বাঞ্চলতো এনেয়েও বহুত ‘কালৰফুল’ হয়েই। সেই ৰঙৰ আনন্দ দিয়াচোন। তুমি বোলে বেছিভাগ পেইণ্টিং পৰিৱশৰ ওপৰত ভিত্তি কৰি আঁকা হয়নে বাৰু? এইবোৰ বিষয়েনো তোমাক কিয় বেছিকৈ আকৰ্ষিত কৰে?

উত্তৰ- প্ৰথমে শুভ দুপৰীয়া ছাৰ। আপোনাৰ সৈতে ব্যক্তিগত ভাবে কথা পাতিবলৈ পোৱাটো নিতান্তই সন্মানৰ কথা। যি কি নহওক, মোৰ নাম ‘ৱনিশ কীশম’হে আৰু পৰিৱেশ সংক্ৰান্তীয় বিষয়বস্তুৰে পেইণ্টিং আঁকি মই ভাল পাওঁ, কাৰণ আজি কালি আমাৰ পৰ্যাৱৰণ লেতেৰা হ’বলৈ ধৰিছে। সেয়ে ইম্ফলৰ দৰে চহৰো প্ৰদূষণৰ কৱলত পৰিবলগীয়া হৈছে। সেয়ে মই পেইণ্টিং-ৰ জৰিয়তে এয়া আঁতৰাবলৈ প্ৰয়াস কৰিব বিচাৰিছো। পৰ্যাৱৰণ সংৰক্ষণ কৰিবলৈ আমাক অধিক গছ লাগে। মই আমাৰ বনৰীয়া অঞ্চলসমূহ সংৰক্ষণ কৰিব বিচাৰো। আৰু এই বাৰ্তাটোকে প্ৰেৰণ কৰিবলৈ এগৰাকী কলাকাৰ হিচাপে মই এনে ছবি আঁকিব বিচাৰো।

প্ৰশ্ন-বাৰু, আপোনাৰ পৰিয়ালৰ আৰু কোনোবাই ছবি আঁকেনেকি? দেউতা, মা, দাদা, খুড়াই?

উত্তৰ- নাই ছাৰ, মোৰ দেউতা এগৰাকী ব্যৱসায়ী আৰু মা এগৰাকী গৃহীণী আৰু কেৱল মইহে কলাকাৰ।

প্ৰশ্ন-তোমাৰ সৈতে যে আছে তেওঁলোক তোমাৰ মা-দেউতা নেকি?

উত্তৰ- হয়।

প্ৰশ্ন- তেন্তে, তেওঁলোকে চাগৈ গোটেই দিন ধৰি ছবি আঁকি থকা দেখিলে তোমাক গালি পাৰে চাগৈনহয়নে? ভাত-পানী নাৰান্ধা। কাম-বন নকৰা। এনেকৈ ধমকি দিয়ে চাগৈ নহয় নে?

উত্তৰ-নাই ছাৰ, তেওঁলোকে মোক উত্সাহহে যোগায়।

প্ৰশ্ন- তেন্তে তমিতো বহুত ‘লাকী’। বাৰু, তোমাৰ বয়স তেনেই কম, কিন্তু চিন্তাৰে তুমি বহুত ডাঙৰ। বাৰু, পেইণ্টিঙৰ বাহিৰে আৰু কি কৰি ভাল পোৱা?

উত্তৰ- গান গাই মই ভাল পাও। ফুলনী পাতিও মই খুউব ভাল পাও।

প্ৰধানমন্ত্ৰীৰ টিপ্পনী:

নবীশ, মই মণিপুৰলৈ বহুবাৰ গৈছো। তাৰ প্ৰকৃতিয়ে মোক বাৰুকৈয়ে আকৰ্ষিত কৰে। আৰু প্ৰকৃতিৰ প্ৰতি তাৰ ৰাইজৰ যিধৰণৰ শ্ৰদ্ধা, প্ৰকৃতিৰ সুৰক্ষাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো লোকেই জান-প্ৰাণ লগাই কাম কৰিব বিচাৰে। মণিপুৰত প্ৰত্যক্ষ কৰা এই কথাই নিতান্তই এক উচ্চ স্তৰৰ সংস্কাৰৰ নিদৰ্শনকে দাঙি ধৰে বুলি মই ন-দি ক’ব পাৰো।

প্ৰশ্ন- বাৰু আপুনি গাই নহয় জানো, অকণমান গাবা নেকি?

উত্তৰ- হয় ছাৰ, মানে মই ‘প্ৰফেশ্যনেল ছিংগাৰ’ নহও, পিচে মই গাই ভাল পাও, এয়া আমাৰ ‘লোক সংগীত’

উত্তৰ- বৰ ভাল কথা। মই তোমাৰ মা-দেউতাকো অভিনন্দন দিব বিচাৰিছো। তুমি সংগীতৰ ক্ষেত্ৰখনতো কিবা কৰাতো মই বিচাৰিছো। তোমাৰ মাতত সেই শক্তি আছে। মই কোনো শাস্ত্ৰজ্ঞ নহও, পিচে মোৰ ভাল লাগিছে। তুমি সকলো ক্ষেত্ৰতে পৰিশ্ৰম কৰিব লগিব। তোমালৈ বহুত বহুত আশীৰ্বাদ জনালো।

বন্ধুসকল,

আমাৰ দেশৰ শিশুসকলে ইমানবোৰ প্ৰতিভাৰে জীৱন অতিবাহিত কৰি আহিছে, তেওঁলোকক যিমানেই প্ৰশংসা কৰা যায়, সেয়া কমেই হয়। এফালে যদি সুন্দৰ পেইণ্টিং কৰা কন্যা নবীশ, আনফালে আকৌ কৰ্ণাটকৰ ৰাকেশ কৃষ্ণও আছে। ৰাকেশক খেতি-বাতিৰে বিজড়িত উদ্ভাৱনৰ বাবে পুৰস্কৃত কৰা হৈছে। ৰাকেশ, আপোনাক বহুত বহুত অভিনন্দন জনাইছো। আপোনাৰ লগত নিশ্চয় কথা পাতিব বিচাৰিম।

প্ৰশ্ন- ৰাকেশ, আপোনাৰ প্ৰফাইল চাই থাকোতে মোৰ খুউব ভাল লাগিছিল। আপুনি ইমান কম বয়সতেই উদ্ভাৱন কৰিবলৈ ধৰিছে, আৰু সেয়াও আমাৰ কৃষকসকলৰ বাবে। আপুনি বিজ্ঞানৰ ছাত্ৰ, সেয়ে ৰিছাৰ্চ, উদ্ভাৱনতো স্বাভাৱিক হয়েই। কিন্তু, কৃষকৰ বাবে উদ্ভাৱন কৰাতো ইমান সাধাৰণ কথা নহয়। সেয়ে মই আপোনাৰ মুখৰ পৰা এই বিষয়ে নিশ্চিয় শুনিব বিচাৰিম।

উত্তৰ- ছাৰ, পোণ প্ৰথমে নমস্কাৰ গ্ৰহণ কৰিব। মই ক’ব খোজো যে বিজ্ঞান আৰু উদ্ভাৱনৰ প্ৰতি আগ্ৰহতো আছিলেই, কিন্তু ছাৰ, মোৰ দেউতা এগৰাকী খেতিয়ক আৰু মই এক কৃষক পৰিয়ালৰ পৰা আহিছো। এয়া মোৰ পিতা আৰু এয়া মোৰ মাতা জী। ছাৰ, কৃষিক্ষেত্ৰত প্ৰচলিত বৰ্তমানৰ ব্যৱস্থাবোৰৰ বহু সমস্যা থকা কথাতো মই দেখিছিলো বাবেই এই ক্ষেত্ৰত কিবা কৰাৰ কথা ভাবিবলৈ লৈছিলো। আৰু মই ভাবিছিলো, মই খেতিয়কসকলক ৰাষ্ট্ৰৰ অন্নদাতা বুলি গণ্য কৰিছিলো, আৰু সেয়ে তেওঁলোকৰ বাবে কিবা অৰিহণা আগবঢ়োৱাৰ কথা ভাবিছিলো। মোৰ প্ৰযুক্তিৰ যি উদ্ভাৱন তাৰ জৰিয়তেই তেওঁলোকৰ বাবে অৰিহণা আগবঢ়োৱাৰ বাবে মই মোৰ মিছন যুগুতাই উলিয়াব খুজিছো। মোৰ মেশ্বিনে পৰম্পৰাগত ব্যৱস্থাতকৈ ৫০শতাংশতকৈয়ো অধিক লাভ দিব পাৰে ছাৰ।

প্ৰশ্ন- বাৰু, সেই প্ৰযুক্তি কেতিয়াবা প্ৰয়োগ কৰি চাইছেনে?

উত্তৰ- হয় ছাৰ, প্ৰয়োগ কৰিছো। এটা কথা ক’ব বিচাৰিছো ছাৰ, মোৰ মেশ্বিনে ১০-১৫ শতাংশৰো অধিক কম সময় লয়। ই কম সময় ব্যয় কৰে। ইয়াৰ ব্যৱহাৰিক পৰীক্ষা কৰাৰ পিচত দেখা গৈছে যে মোৰ মেশ্বিনে সকলোতকৈ অধিক লাভ আৰু সকলোতকৈ অধিক ‘অংকুৰণ হাৰ’ প্ৰদৰ্শন কৰে। ছাৰ, এতিয়া দক্ষ শ্ৰমিক পাবলৈকে নোহোৱা হৈছে। সেয়ে মই ‘মাল্টীপাৰ্পাছ মেশ্বিন’ তৈয়াৰ কৰিছো, ইয়াৰ জৰিয়তে এজন কৃষকেই একে সময়তে সকলো কাম কৰিব পাৰিব আৰু বহুত পইচা আৰু সময় সহজেই বচাব পাৰিব।

প্ৰশ্ন- বাৰু, আপুনি যেতিয়া এই মেশ্বিন বনাইছিলে, কাকতত বাতৰি ওলাইছিল, ৰাইজে জানিব পাৰিছিল, তেতিয়া ইয়াৰ ‘মেনুফেক্সাৰ’, ব্যৱসায়িক কোম্পানী, ষ্টাৰ্ট আপ প্ৰতিষ্ঠানে আপোনাৰ লগত যোগাযোগ কৰিছিল নেকি? তেওঁলোকে ‘লাৰ্জস্কেল’ত নিৰ্মাণৰ কথা কৈছিলনেকি?

উত্তৰ-হয় ছাৰ, দুই তিনিটা কোম্পানীয়ে সোধা-পোচা কৰিছিল আৰু মই ৰাষ্ট্ৰপতি ভৱনৰ ‘ফেষ্টিভেল ইন’ভেশ্যন’ কাৰ্যক্ৰমত এক অংশগ্ৰহণকাৰীও আছিলো। আৰু তালৈ আহি তেওঁলোকে সুধিছিল ছাৰ। কিন্তু মোৰ ‘প্ৰটোটাইপ’ যি আছিল সেয়া সম্পূৰ্ণ ৰূপে বিকশিত হোৱা নাছিল, ছাৰ। এতিয়াও মই কাম কৰিব বিচাৰো, আৰু ভালকৈ গঢ়ি তুলিব বিচাৰো।

প্ৰশ্ন- বাৰু তোমাৰ শিক্ষকসকলে এই বিষয়ত তোমাক কিবা সহযোগিতা কৰিছেনেকি? কোনোবা বিজ্ঞানীয়ে সহায় কৰাৰ বাবে আগবাঢ়ি আহিছিল নেকি? কোনোবা অনলইন কোম্পানীয়ে তোমাক সহায়ৰ বাবে যোগাযোগ কৰিছিল নেকি?

উত্তৰ- হয় ছাৰ, মোৰ স্কুল আৰু ‘প্ৰি ইউনিভাৰ্ছিটী’ কলেজৰ ছাৰসকলে মোক পৰামৰ্শ দি আহিছে আৰু উত্সাহিত কৰি আহিছে। মোৰ পিতা-মাতা আৰু শিক্ষাগুৰুসকলে মোৰ প্ৰতিটো পদক্ষেপতে সহায় সহযোগিতা আৰু অনুপ্ৰেৰণা যোগায় আহিছে, ছাৰ। আজি মই যি হ’ব পাৰিছো সেয়া তেওঁলোকৰ অনুপ্ৰেৰণাৰ সুবাদতে সম্ভৱ হৈছে।

উত্তৰৃ-ঠিক আছে, মই তোমাৰ মা-দেউতাক অভিনন্দন জ্ঞাপন কৰিছো। তোমাৰ যি প্ৰতিভা আছে সেয়া কৃষকৰ জীৱনৰে জড়িত হোৱা বাবে তুমি দুগুণ অভিনন্দনৰ পাত্ৰ।

মাননীয় প্ৰধানমন্ত্ৰীৰ টিপ্পনীঃ

ৰাকেশ, আধুনিক কৃষি, এয়া আজি আমাৰ দেশৰ বাবে প্ৰয়োজনীয় কথা। আৰু ইমান কম বয়সতে আপুনি কেৱল এই কথা উপলব্ধি কৰাই নহয়, বৰং আধুনিক প্ৰযুক্তি বিকশিত কৰাৰ বাবে, প্ৰযুক্তিৰে জড়িত হোৱাৰ বাবে প্ৰয়াসো কৰিছে। আপুনি এনেকৈ সাফল্য অৰ্জন কৰি যাওক। মোৰ ফালৰ পৰা আপোনালৈ বহুত বহুত শুভকামনা থাকিল। আহক, এতিয়া আমি উত্তৰ প্ৰদেশৰ আলীগড় নিবাসী মহম্মদ শাদাবৰে কথা পাতো। জানিব পৰা মতে শাদাবে আমেৰিকা পৰ্যন্ত ভাৰতৰ পতাকা উৰুৱাবলৈ সক্ষম হৈছে। দেশৰ নাম উজলাবলৈ সক্ষম হৈছে।

প্ৰশ্ন-শাদাব, আপুনি আমেৰিকাত যুৱ ‘এম্বেছেডৰ’ৰ দৰে কাম কৰি আছে। ‘স্কলাৰৰ্শ্বিপ’ লাভ কৰি আলীগড়ৰ পৰা আমেৰিকা পৰ্যন্ত যাত্ৰা কৰিছে। বহুকেইটা বঁটাও আপুনি লাভ কৰিছে আৰু মহিলা সবলীকৰণৰৰ বাবে কামো কৰি আহিছে। ইমানবোৰ কাম কৰাৰ প্ৰেৰণা ক’ৰ পৰা পাইছে বাৰু?

উত্তৰ- আদৰণীয় প্ৰধানমন্ত্ৰী জী, নমস্কাৰ। সৰ্ব প্ৰথমে মই জনাব বিচাৰিছো যে মই আলীগড় মুছলীম বিশ্ববিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ আৰু এইবোৰ কৰাৰ প্ৰেৰণা মই মোৰ মা-দেউতা আৰু আলীগড় মছলীম বিশ্ববিদ্যালয়ৰ শিক্ষকসকলৰ পৰা লাভ কৰিছো।

প্ৰশ্ন- তোমাৰ পিতৃ-মাতৃয়েও এনে কিবা কৰেনে, নে তোমাৰ হতুৱায়েই কৰাই থাকে?

উত্তৰ- নাই ছাৰ, মোৰ মা-দেউতাৰ সহযোগিতা আৰম্ভণীৰ পৰাই পাই আহিছো। মা-দেউতাই কৈছিল-যেনেকৈ এ পি জে আব্দুল কালাম ছাৰ আছিল, তেওঁ দেশক ইমান ডাঙৰ মিছাইল দিছিল যে আজি আমাৰ দেশে কাকো ভয় কৰিব নালাগে। ঠিক তেনেকৈয়ে ময়ো দেশৰ বাবে কিবা কৰাৰ বাবে আৰু তাক লৈ দেশবাসীয়ে বছৰ বছৰ ধৰি যাতে মোক মনত ৰাখিব পাৰে তেনে কিবা কৰিবলৈ মা-দেউতাই সদায়ে অনুপ্ৰাণিত কৰি আহিছে।

প্ৰশ্ন- চাওক, আপুনি সঁচাকৈয়ে দেশৰ নাম উজলাই তুলিছে। বাৰু, আগলৈ কি কৰিম বুলি ভাবিছে, মনলৈ চাগৈ বহুত ডাঙৰ ডাঙৰ চিন্তাই আহে নহয় জানো?

উত্তৰ- হয় ছাৰ, ডাঙৰ হৈ মই এগৰাকী আইএএছ বিষয়া হ’ব বিচাৰো আৰু সমাজৰ কাম কৰিব খোজো। মই ইয়াতে ক্ষান্ত হ’ব নোখোজো, আৰু আগলৈ গৈ ‘ইউনাইটেড নেশ্যনছ’ত মানৱাধিকাৰ সন্দৰ্ভত কাম কৰিব বিচাৰো। ‘ৰাষ্ট্ৰ সংঘ’ত দেশৰ নাম উজলোৱাৰ মন আছে।

মাননীয় প্ৰধানমন্ত্ৰীৰ টিপ্পনী:

বাহঃ! পৃথিৱীত ভাৰতৰ নাম আৰু অধিক উজলি উঠক, নতুন ভাৰতৰ পৰিচয় আৰু অধিক শক্তিশালী ৰূপত প্ৰতিস্থিত হওক, এই বৃহত্ দায়িত্ব আমাৰ দেশৰ ন-জোৱানৰ কান্ধত থাকিব। আৰু শাদাব, আপোনালৈ মোৰ বহুত বহুত শুভকামনা থাকিল। আপোনাৰ মন বহুত স্বচ্ছ আৰু আব্দুল কালাম জীৰ হিৰ’ৰ ৰূপত আপোনাৰ পৰিয়াল, আপোনাৰ মা-দেউতাই সৰুৰে পৰাই এই সপোন আপোনাৰ মনত সুমুৱাই দিছিল, মই আপোনাৰ মা-দেউতাক বহুত বহুত অভিনন্দন জনাইছো, কাৰণ তেওঁলোকে আপোনাক শুদ্ধ পথ দেখুৱালে। হিৰ’ কেনেকুৱা হয়, আদৰ্শ কেনেকৈ হ’ব পাৰি, এইবোৰ কথা শৈশৱতে আপোনাক শিকোৱাৰ পৰণতিয়েই আপোনাৰ জীৱনক সমৃদ্ধ কৰিছে।

আহক, এতিয়া আমি গুজৰাটলৈ যাও। গুজৰাটৰ মন্ত্ৰ জিতেন্দ্ৰ হৰখানীৰ সৈতে কথা পাতো। মন্ত্ৰ জিতেন্দ্ৰই খেলৰ পৃথিৱীখনত সাফল্য দেখুৱাৰ বাবেই ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰশ্ন-মন্ত্ৰ কেম ছ? মজাম মে থে? তাৰে সাথ কোন কোন ছে?

উত্তৰ-মোৰ সৈতে পাপা-মামী আছে।

প্ৰশ্ন- আচ্ছা, মন্ত্ৰ কোৱাচোন, আজি তোমাক দেশৰ ৰাইজে চাই আছে। তুমি ইমান সাহসেৰে দেশৰ নাম উজলাই তুলিছা। চোৱাচোন, ময়ো যেতিয়া সৰু আছিলো মোৰ গাঁও ৱডনগৰত এটা বহুত ডাঙৰ পুখুৰী আছিল। আমি সকলো সৰু সৰু ল’ৰাই এই পুখুৰীত সাঁতুৰিছিলো। পিচে, আমাৰ সাঁতোৰ আৰু তোমাৰ সাঁতোৰৰ মাজত বৃহত্ অন্তৰ আছে। তোমালোকে চাগৈ বহুত প্ৰশিক্ষণ ল’বগীয়া হয়, বহুত কষ্ট কৰিবলগীয়া হয়। আৰু তুমিতো সাঁতোৰত ৰেকৰ্ড কৰিবলৈ সক্ষমো হৈছা। তুমি এতিয়া বহুতৰ বাবে প্ৰেৰণা হৈ উঠিছা। আপুনিতো এথলিট। আৰু এথলিটসকলতো লক্ষ্যৰ ক্ষেত্ৰত নিতান্তই ‘ফ’কাছড’ থাকে। কোৱাচোন, মই তোমাৰ পৰা জানিব বিচাৰিছো তোমাৰ লক্ষ্যনো কি? কি কৰিম বুলি ভাবিছা? কেনেকৈ আগুৱাই যাম বুলি ভাবিছা? মোৰ সৈতে কথা পাতাচোন!

উত্তৰ-গুড মৰ্ণিং ছাৰ,

উত্তৰ-গুড মৰ্ণিং, কোৱা

উত্তৰ- ছাৰ, মই পৃথিৱীৰ সৰ্বোত্তম ‘ছুইমাৰ’ হ’ব বিচাৰো। আৰু আপোনাৰ দৰে হ’ব বিচাৰো, দেশৰ সেৱা কৰিব খোজো।

প্ৰশ্ন-চাওক, আপোনাৰ মনত ইমানবোৰ সপোন আছে, মোৰ বিশ্বাস হৈছে তোমাৰ মা-দেউতাই যি সমৰ্পণ ভাৱেৰে তোমাৰ বাবে নিজৰ সময় ব্যৱহাৰ কৰিছে, তুমি এতিয়া তেওঁলোকৰ জীৱনৰ সপোন হৈ উঠিছা, তুমিয়েই এতিয়া তেওঁলোকৰ জীৱনৰ মন্ত্ৰ হৈ উঠিছা। আৰু সেয়ে তুমি যি আহোপুৰুষাৰ্থ কৰিছা, যি সাহস আৰু পৰিশ্ৰমৰে সেয়া কৰি আছা তাৰ বাবে তোমাৰ মা-দেউতাই নহয়, তোমাৰ দৰে শিশুৰ সকলো মাতা-পিতাকে প্ৰেৰিত কৰিব। আৰু সেয়ে, মই তোমাক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো। কোনোবাই কোৱা মনত আছে আপোনাৰ প্ৰশিক্ষকগৰাকীয়ে বোলে মোৰ সৈতে আপোনাক লগ কৰাই দিম বুলি ‘প্ৰমিজ’ কৰিছিল। হয়নে নহয়? তেন্তে, তেওঁ ইমান দিনে সেই কামটো নকৰাৰ বাবে তুমি প্ৰশিক্ষকৰ সৈতে কাঁজিয়া কিয় কৰা নাই?

উত্তৰ-আপুনিয়েই আহি যাওক। মই ইয়াত চাহ খুৱাম।

উত্তৰ- নিশ্চয়।

প্ৰশ্ন- তেন্তে, ৰাজকোটৰ বন্ধুসকলক লৈ যাব লাগিব নে? কি কোৱা?

উত্তৰ- ছাৰ, এওঁলোকে কৈ আছে, যেতিয়া আপুনি আহিব তেতিয়া বোলে জেলেবী, গাঠিঁয়া লৈ আহিব। আপুনি ক’লে বোলে চাহো খুৱাব।

মাননীয় প্ৰধানমন্ত্ৰীৰ টিপ্পনী:

ঠিক আছে, আপোনাক বহুত বহুত অভিনন্দন। আপোনালোকে বহুত ভাল ভাল কথা জনালে। মৰমৰ শিশুসকল, এই কথা-বতৰাৰে, আপোনালোকে লাভ কৰা পুৰস্কাৰৰে এই কথা বুজিব পাৰিছো যে কেনেকৈ একোটা সৰু ‘আইদিয়া’ই, একোটা ‘ৰাইট এক্সন’ৰ সৈতে জড়িত হ’বলৈ পালে কিমান বৃহত্ প্ৰভাৱশালী পৰিণাম সম্ভৱ কৰিব পাৰে। আপোনালোক আটাইয়ে এই কথাৰ কিমান ডাঙৰ উদাহৰণ। আজি আপোনালোকৰ এই যে উপলব্ধি, ইয়াৰ আৰম্ভণীয়োতো এক প্ৰকাৰ একোটা সৰু ‘আইডিয়ৰ পৰাই হৈছিল। এতিয়া পশ্চিম বংগৰ সৌহাৰ্দ্য দে’ৰ কথাকে চাওকচোন। তেওঁ পৌৰাণিক কাহিনী আৰু দেশৰ ইতিহাসৰে বিজড়িত লেখা লিখে। যেতিয়া তেওঁৰ মনলৈ এই কথা প্ৰথমবাৰৰ বাবে আহিছিল যে এই দিশতে আগবঢ়া উচিত, এইবোৰ কথাকে লিখা উচিত, তেওঁ কেৱল এই কথা ভাবিয়েই বহি নাথাকিল। তেওঁ শুদ্ধ ‘এক্সন’ গ্ৰহণ কৰিলে, তেওঁ লিখিবলৈ আৰম্ভ কৰিলে, আৰু আজি আমি ইয়াৰ পৰিণতি প্ৰত্যক্ষ কৰিব পাৰিছো। একেদৰেই অসমৰ তনুজ সমাদ্দাৰ, বিহাৰৰ জ্যোতি কুমাৰী, দুটি শিশুৰ জীৱন ৰক্ষা কৰোতা মহাৰাষ্ট্ৰৰ কামেশ্বৰ জগন্নাথ বাঘমাৰে, ছিক্কিমৰ আয়ুষ ৰঞ্জন, পাঞ্জাৱৰ দুহিতা নাম্যা যোশী আদিৰ দৰে সকলো শিশুৰে প্ৰতিভা, তেওঁলোকৰ টেলেণ্ট, দেশৰ গৌৰৱ বৃদ্ধি কৰিব পৰা বিধৰ। আপোনালোক সকলোৰে সৈতে কথা পাতিবলৈ মোৰ মন গৈছে। আপোনালোক আটায়ে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ ৰ সুন্দৰ অভিব্যক্তি। পিচে, সময়ৰ অভাৱৰ বাবেই এয়া সম্ভৱ নহ’ল।

বন্ধুসকল,

সংস্কৃতত এটা সুন্দৰ শ্লোক আছিল-- আমি যেতিয়া সৰু আছিলো আমাক তেতিয়া আমাৰ শিক্ষকে গাই শুনাইছিল। সেয়া হৈছে :

“উদ্যমেন হি সিদ্ধন্তি ন মনোৰথে:” অৰ্থাত কাম উদ্যমৰ দ্বাৰা, পৰিশ্ৰমৰ দ্বাৰাহে সিদ্ধ হয়, কেৱল কল্পনা কৰি থাকিলে এয়া কেতিয়াও সম্ভৱ নহয়। একোটা ‘আইডিয়া’ক যেতিয়া ‘একশ্যন’ৰে জড়িত কৰা হয় তাৰে আৰু বহুবোৰ ‘একশ্যন’ বিজড়িত হৈ পৰে। যেনেকৈ আপোনালোকৰ সাফল্যয়ো আৰু অনেক লোকক তেনে সফলতাৰ প্ৰতি অনুপ্ৰাণিত কৰে। আপোনালোকৰ বন্ধু বান্ধব, দেশৰ আন শিশুসকলে কিমানে যে আপোনালোকক টেলিভিশ্বনত দেখে চাগৈ, কাকতত আপোনালোকৰ বিষয়ে পঢ়িবলৈ পায়, তেওঁলোকেও আপোনালোকৰ পৰা প্ৰেৰণা পাই আগুৱাই যাব, নতুন সংকল্প গ্ৰহণ কৰিব আৰু তাক পূৰ্ণ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব। সেইদৰেই তেওঁলোকৰ পৰাও আন সকলে অনুপ্ৰেৰণা গ্ৰহণ কৰিব। এই চক্ৰ বাঢ়ি গৈ থাকিব।

মোৰ ন-জোৱান বন্ধুসকল,

আপোনালোকে এই কথাবোৰক গুৰুত্ব নিশ্চয় দিব বুলি আশা কৰিছো, পিচে, মই আন তিনিটা কথাও আপোনালোকক সঁকীয়াই দিব খুজিছো।

প্ৰথম, নিৰন্তৰৰ সংকল্প

অৰ্থাত্ আপোনালোকৰ কামৰ গতি কেতিয়াও যাতে ৰৈ যাব নোৱাৰে, কোনোধৰণৰ শিথিলতা আহিব নোৱাৰে। এটা কাম সম্পূৰ্ণ হোৱাৰ পিচত আকৌ নতুন কামৰ কথা চিন্তা কৰি থাকিব লাগে।

দ্বিতীয়তে, দেশৰ বাবে সংকল্প

যি কামেই নকৰক কিয় তাকেই মনপুতি কৰিব। মোৰ কাম, মোৰ বাবে কাম, এনে মনোভাবে আমাৰ কাম পৰিসৰ সৰু কৰি পেলায়। যেতিয়া আপোনালোকে দেশৰ বাবে কাম কৰিব, তেতিয়া নিজে নিজেই আপোনালোকৰ কামৰ পৰিসৰ সম্প্ৰসাৰিত হৈ পৰিব। বহু মানুহে আপোনাৰ কামৰ কথাই চিন্তা কৰিবলৈ লটলে আপোনাৰ কামৰ বিস্তাৰো অভাৱনীয় হৈ উঠিব। এইটো বছৰত আমি স্বাধীনতাৰ ৭৫সংখ্যত বছৰত প্ৰৱেশ কৰিছো। দেশক আগুৱাই নিব পৰাকৈ কিবা কৰাৰ বাবে আপোনালোকেও ভাবিবচোন!

আৰু তৃতীয়টো কথা মই নিশ্চয় ক’ব বিচাৰিম, সেয়া হল বিনম্ৰতাৰ সংকল্প

প্ৰতিটো সাফল্যৰ পিচত সকলোৱে আচলতে আগতকৈয়ো অধিক বিনম্ৰ হোৱাৰ সংকল্প গ্ৰহণ কৰা উচিত। কিয়নো, আপোনালোক বিনম্ৰ হ’লে আপোনালোকৰ সাফল্যত হাজাৰ হাজাৰ লোকেও সেই সফলতা উদযাপন কৰিবলৈ আগবাঢ়ি আহিব। আপোনালোকৰ সফলতাই নিজে নিজেই বৃহত্ ৰূপ ধাৰণ কৰিব। আপোনালোকে এই কথা ঠিকেই মনত ৰাখিব আৰু মোৰ বিশ্বাস আপোনালোকে আপোনালোকৰ কামত একাত্ম হৈ থাকিব, এই কথা কিন্তু পাহৰি নাযাব। মই ভাবো আপোনালোকেতো নাপাহৰিবই আৰু কোনোবাই পাহৰিব খুজিলেও আপোনালোকে সেই কথা হ’বলৈ নিদিয়ে বুলি মই বিশ্বাস কৰো। আগলৈ ইয়াতকৈয়ো ডাঙৰ ডাঙৰ কাম কৰিব লাগিব। আপোনালোকৰ সপোনবোৰ অনাগত সময়ত সফল হওক, আপোনালোক সকলো ন-জোৱানে এনেদৰেই সফলতা লাভ কৰি থাকক, সকলো শিশুৱে দেশক আগুৱাই নিয়াত সহযোগিতা আগবঢ়াই যাওক, এই কামনাকে কৰিছো। আৰু আপোনালোকৰ পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰীয়ে এই কথাৰ বাবে অনুপ্ৰাণিত কৰি ৰাখক তাৰ বাবে তেওঁলোকলৈ শুভকামনা জনালো, আপোনালোক সকলোলৈ অনেক আশীৰ্বাদ যাঁচিলো।

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
First multilingual Indian speech recognition model trained on 65 languages and dialects released

Media Coverage

First multilingual Indian speech recognition model trained on 65 languages and dialects released
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
President’s address on the eve of 80th Independence Day reflects the nation’s strength and inspires renewed determination for a Viksit Bharat: PM
August 14, 2026

Prime Minister Shri Narendra Modi today lauded the address delivered by President of India, Smt. Droupadi Murmu, on the eve of 80th Independence Day noting that it was motivating and thoughtful.

The Prime Minister observed that her thoughts reflect the strength of our nation and the aspirations of every Indian. He stated that her message inspires us all to work with renewed determination for a Viksit Bharat.

In a post on X, the Prime Minister shared:

"A motivating and thoughtful address by Rashtrapati Ji on the eve of Independence Day.

Her thoughts reflect the strength of our nation and the aspirations of every Indian.

Her message inspires us all to work with renewed determination for a Viksit Bharat.

@rashtrapatibhvn"