Our government has made water conservation one of its topmost priorities and we are working tirelessly to ensure water supply to every household: PM Modi
The projects launched and inaugurated in Jharkhand today reflect on our strong commitment towards development of this country: PM Modi
The entire nation witnessed our strong resolve in fighting terrorism when we strengthened our anti-terrorist laws within 100 days of this government: PM Modi

কৃষকৰ জীৱন সুৰক্ষিত কৰাৰ আন এক গুৰুত্বপূৰ্ণ প্ৰয়াসৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা মুকলি কৰে৷  

আঁচনিখনে দেশৰ প্ৰায় ৫ কোটি ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ জীৱন সুৰক্ষিত কৰিব৷ আঁচনিৰ অধীনত তেওঁলোকে ৬০বছৰ অতিক্ৰমৰ পাছত মাহিলী ৩,০০০টকাৰ পেঞ্চন লাভ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে লগতে ব্যৱসায়ী আৰু আত্মসংস্থাপনকাৰীৰ বাবেও ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি মুকলি কৰে৷

এই আঁচনিৰ অধীনত ক্ষুদ্ৰ ব্যৱসায়ী আৰু আত্মসংস্থাপনকাৰীয়ে ৬০বছৰ বয়সৰ পাছত মাহিলী ৩০০০ টকাকৈ পেঞ্চনৰ সুবিধা পাব৷ আঁচনিখনৰদ্বাৰা প্ৰায় ৩কোটি ক্ষুদ্ৰ ব্যৱসায়ী উপকৃত হ’ব৷ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এখন শক্তিশালী চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিছে৷

“মই পূৰ্বে কৈছিলো যে নতুন চৰকাৰ গঠনৰ পাছত দেশৰ প্ৰতিঘৰ কৃষক পৰিয়ালে প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধিৰ উপযোগিতা লাভ কৰিব৷ আজি ২১হাজাৰ কোটিৰো অধিক ধন দেশৰ প্ৰায় ৬.৫কোটি কৃষকৰ বেংক একাউণ্টত সোমাইছে৷ ইয়াৰে ৮লাখ কৃষক হ’ল ঝাৰখণ্ডৰ৷ তেওঁলোকৰ একাউণ্টত প্ৰায় ২৫০কোটি সোমাইছে৷”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “উন্নয়ন হ’ল আমাৰ অগ্ৰাধিকাৰ আৰু সংকল্প৷ আমাৰ চৰকাৰে প্ৰতিগৰাকী ভাৰতীয়ক সামাজিক সুৰক্ষাৰ এক শক্তিশালী ৰক্ষাকবচ দিব বিচাৰে৷”

“চলিত বছৰৰ মাৰ্চৰ পৰা এক অনুৰূপ পেঞ্চন আঁচনি ইতিমধ্য চলি আছে৷ ইয়ে দেশৰ অসংগঠিত খণ্ডৰ কোটি কোটি কৰ্মীক সাঙুৰি লৈছে৷”

“৩২লাখৰো অধিক শ্ৰমিকে শ্ৰমযোগী মানধন যোজনাত যোগ দিছে৷ ২২কোটিৰো অধিক লোকে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাত অন্তৰ্ভুক্ত হৈছে৷ ইয়াৰে ৩০ লাখৰো অধিক উপভোক্তা হ’ল অকল ঝাৰখণ্ডৰ৷ একেদৰে আয়ুস্মান ভাৰতৰ অধীনত প্ৰায় ৪৪লাখ দৰিদ্ৰ ৰোগী উপকৃত হৈছে আৰু ইয়াৰে ৩লাখৰো অধিক হ’ল ঝাৰখণ্ডৰ৷”

সকলোকে সৱল কৰাৰ প্ৰয়াসস্বৰূপে প্ৰধানমন্ত্ৰীয়ে আজি দেশৰ জনজাতীয় অধ্যুষিত অঞ্চলৰ বাবে ৪৬২ একলব্য ম’ডেল স্কুল মুকলি কৰে৷ স্কুলসমূহে জনজাতীয় অঞ্চসমূহত উন্নত মানৰ উচ্চ প্ৰাথমিক, ছেকেণ্ডাৰী আৰু ছিনিয়ৰ ছেকেণ্ডাৰী পৰ্যায়ৰ শিক্ষা প্ৰদানত মনোনিৱেশ কৰিব৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাহিবগঞ্জত মাল্টি-ম’ডেল পৰিবহন টাৰ্মিনেলও উদ্বোধন কৰে৷

সকলোকে সৱল কৰাৰ প্ৰয়াসস্বৰূপে প্ৰধানমন্ত্ৰীয়ে আজি দেশৰ জনজাতীয় অধ্যুষিত অঞ্চলৰ বাবে ৪৬২ একলব্য ম’ডেল স্কুল মুকলি কৰে৷ স্কুলসমূহে জনজাতীয় অঞ্চসমূহত উন্নত মানৰ উচ্চ প্ৰাথমিক, ছেকেণ্ডাৰী আৰু ছিনিয়ৰ ছেকেণ্ডাৰী পৰ্যায়ৰ শিক্ষা প্ৰদানত মনোনিৱেশ কৰিব৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাহিবগঞ্জত মাল্টি-ম’ডেল পৰিবহন টাৰ্মিনেলও উদ্বোধন কৰে৷

“আজি মই ছাহিবগঞ্জ মাল্টি-মডেল টাৰ্মিনেলো উদ্বোধনৰ সৌভাগ্য অৰ্জন কৰো৷ ইয়ে এই সমগ্ৰ অঞ্চলটোলৈ পৰিবহনৰ এক নতুন বিকল্প কঢ়িয়াই আনিছে৷ এই জলপথে ঝাৰখণ্ডক কেৱল ভাৰতৰ আন প্ৰান্তৰে নহয়, বিদেশী ৰাষ্ট্ৰৰ সৈতেও সংযোজিত কৰিব৷ এই টাৰ্মিনেলৰ পৰা আমাৰ জনজাতীয় ভাই-ভনী, কৃষক বন্ধুসকলে তেওঁলোকৰ সামগ্ৰীসমূহ সমগ্ৰ দেশৰ বজাৰলৈ সহজে লৈ যাব পাৰিব৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে লগতে ঝাৰখণ্ডৰ নতুন বিধান সভা ভৱনো মুকলি কৰে৷

 “ৰাজ্য গঠনৰ প্ৰায় দুই দশক পাছত আজি ঝাৰখণ্ডত গণতন্ত্ৰৰ মন্দিৰ উদ্বোধন কৰা হ’ল৷ এই পবিত্ৰ ভৱনতে ঝাৰখণ্ডৰ সোণালী ভৱিষ্যতৰ বুনিয়াদ গঢ়া হ’ব৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷ তেওঁ সচিবালয়ৰ নতুন ভৱনৰ আধাৰশিলাও স্থাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত এবাৰ ব্যৱহাৰ্য প্লাষ্টিক বৰ্জন কৰিবলৈ দেশবাসীক পুনৰ এবাৰ আহ্বান জনায়৷

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival