ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক দেশবাসীৰ নামত উচৰ্গা কৰাৰ সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনন্ত শিখা প্ৰজ্বলন কৰে৷ তেওঁ স্মাৰকটোৰ বিভিন্ন স্থানো পৰিদৰ্শন কৰে৷

এই উপলক্ষে তেওঁ কয় যে শত্রুৰ বিৰুদ্ধে যুঁজেই হওক বা প্রাকৃতিক দুর্যোগেই হওক, যিকোনো পৰিস্থিতিত প্ৰতিৰক্ষা আৰু সুৰক্ষা ক্ষেত্রত সেনা জোৱানসকল সকলোতকৈ আগৰণুৱা৷

 

প্ৰধানমন্ত্ৰীয়ে পুলৱামাৰ শেহতীয়া সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা চিআৰপিএফ জোৱানসকলক স্মৰণ কৰাৰ লগতে ভাৰতৰ সুৰক্ষাৰ নামত সৰ্বোচ্ছ ত্যাগ কৰা শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

ইয়াৰ পূৰ্বে বিশাল জনসভাত সমবেত প্রাক্তন সেনা জোৱানসকলক উদ্দেশ্যি প্ৰধানমন্ত্রীয়ে কয় যে লাখ লাখ বীৰ আৰু আত্মবলিদান দিয়া সেনা জোৱানসকলৰ বাবেই ভাৰতীয় সেনাবাহিনীক আজি বিশ্বৰ অন্যতম শক্তিশালী হিচাপে গণ্য কৰা হৈছে৷

তেওঁ কয় যে সমগ্ৰ বিশ্বত আজি নতুন ভাৰতৰ যি ভাৱমূর্তি গঢ়ি উঠিছে, তাৰ অন্তৰালত সশস্ত্ৰ বাহিনীসমূহৰ বৃহৎ অৱদান উল্লেখযোগ্য৷ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক দেশবাসীৰ নামত উচৰ্গা কৰাক লৈ প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে৷

সৈনিক আৰু প্রাক্তন সেনা জোৱানসকলৰ কল্যাণৰ অৰ্থে ‘এক পদ, এক পেন্সন’ প্ৰদানৰ যি প্ৰতিশ্ৰুতি কেন্দ্রীয় চৰকাৰ দিছিল, সেয়া বাস্তবায়িত হৈছে বুলি সদৰি কৰি প্ৰধানমন্ত্রীয়ে কয় যে এই ব্যৱস্থাৰ জৰিয়তে পেন্সনৰ হাৰ ২০১৪ চনৰ তুলনাত ৪০ শতাংশ আৰু সেনা জোৱানসকলৰ দৰমহা ৫৫ শতাংশলৈকে বৃদ্ধি পাইছে।

সেনাবাহিনীৰ বাবে দীর্ঘদিনে অতিবিশিষ্ট চিকিৎসালয় স্থাপনৰ দাবী প্ৰসংগত প্ৰধানমন্ত্রীয়ে এই ধৰণৰ তিনিখন চিকিৎসালয় স্থাপন কৰাৰ কথা ঘোষণা কৰে৷

সামৰিক বাহিনীসমূহৰ প্ৰতি চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে স্থল সেনা দিৱস, নৌ সেনা দিৱস আৰু বায়ুসেনা দিৱস উদযাপন উপলক্ষে সেনা জোৱানসকলৰ বিভিন্ন উদ্ভাৱনৰ ক্ষেত্ৰত যোগাই অহা অনুপ্রেৰণাৰ বিষয়েও তেওঁ উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে দোঁহাৰে যে সেনা জোৱানসকলৰ সাহসিকতাৰ পুৰস্কাৰৰ বাবে ২০১৭ৰ ১৫ আগষ্টত এটা পোর্টেলৰ শুভাৰম্ভ কৰা হৈছে৷ মহিলাসকলেও এতিয়া যুদ্ধ বিমানৰ বৈমানিক হোৱাৰ সুযোগ পাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে সেনাবাহিনীত মহিলা বিষয়াসকলৰ হস্ৰ ম্যাদী সেৱাৰ পৰিৱর্তে পুৰুষ সহকর্মীসকলৰ দৰেই স্থায়ীত্বৰ সুবিধা দিয়া হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিৰক্ষা সঁজুলি প্ৰস্তুতকৰণ সমগ্ৰ পৰিৱেশ সলনি কৰাৰ দিশত প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷

এই ক্ষেত্রত চৰকাৰে স্বচ্ছতা আৰু প্ৰস্তুতকৰণ ব্যৱস্থাৰ প্ৰতিটো স্তৰত যথাযথ দৃষ্টি দিয়াৰ প্ৰচেষ্টা হাতত লৈছে৷ ‘মেক ইন ইণ্ডিয়া’ প্ৰচেষ্টাৰ অধীনত উৎসাহ যোগাৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে৷

প্ৰধানমন্ত্রীয়ে কয় যে ভাৰতীয় সেনাবাহিনীয়ে ৰাষ্ট্ৰসংঘৰ ৭০টা প্ৰধান শান্তি ৰক্ষা অভিযানৰ ভিতৰত প্রায় ৫০টাতে অংশ গ্ৰহণ কৰিছে। আনকি, প্রায় ২ লাখ ভাৰতীয় সেনা জোৱান এই অভিযানৰ অংগ হৈ পৰিছে৷ ভাৰতীয় নৌ বাহিনীয়ে ২০১৬ চনত যি আন্তঃৰাষ্ট্ৰীয় নৌ সন্মিলন আয়োজন কৰিছিল, তাত ৫০খন দেশৰ নৌ বাহিনীয়ে অংশগ্ৰহণ কৰিছিল৷ তদুপৰি, ভাৰতীয় সেনাবাহিনীয়ে প্ৰতি বছৰে সমভাবাপন্ন বন্ধু ৰাষ্ট্ৰসমূহৰ সেনা বাহিনীৰ সৈতে গড়ে ১০টাকৈ যুটীয়া অনুশীলনত অংশগ্ৰহণ কৰি আহিছে৷

ভাৰত মহাসাগৰত জলদস্যু আক্ৰমণৰ ঘটনা তাৎপৰ্যপূৰ্ণভাৱে হ্রাস পোৱাৰ সন্দৰ্ভত প্ৰধানমন্ত্রীয়ে কয় যে এই অঞ্চলসমূহত ভাৰতীয় সেনাৰ উপস্থিতি বৃদ্ধি পোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব শক্তিশালী হোৱাৰ ফলতে এই ধৰণৰ ঘটনা হ্ৰাস পাইছে। ভাৰতীয় সেনাবাহিনীৰ বাবে ১.৮৬লাখ বুলেটপ্রুফ জেকেট সংগ্ৰহৰ যি দাবী আছিল, সেই দাবী তেওঁৰ চৰকাৰ পূৰণ কৰিছে আৰু বিগত চাৰে চাৰি বছৰত ২.৩০লাখতকৈও অধিক বুলেটপ্ৰুফ জেকেট সংগ্ৰহ কৰা হৈছে। কেন্দ্রীয় চৰকাৰে ভাৰতীয় সেনাবাহিনীক অত্যাধূনিক যুদ্ধ বিমান, হেলিকপ্টাৰ, ছাবমেৰিণ, যুদ্ধ জাহাজ ইত্যাদি প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত কৰি তুলিছে। দীর্ঘদিন ধৰি পৰি থকা সেনাবাহিনীৰ স্বার্থজড়িত যিবোৰ বিষয়বোৰৰ ক্ষেত্ৰত দ্রুত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও তেওঁ সদৰি কৰে৷

 

 

 

 

প্ৰধানমন্ত্রীয়ে কয় যে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ লগতে ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকো স্থাপন কৰি হৈছে৷ তদুপৰি, কেন্দ্রীয় চৰকাৰে চর্দাৰ পেটেল, বাবাচাহেব আম্বেদকাৰ আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ দৰে মহান ৰাষ্ট্ৰ নেতাৰ অসাধাৰণ অৱদানৰ স্বীকৃতি প্ৰদান কৰিছে৷ জাতীয় স্বার্থক সকলোতকৈ আগত ৰাখি কেন্দ্রীয় চৰকাৰে প্ৰয়োজনীয় যিকোনো সিদ্ধান্ত গ্ৰহণ কৰি যাব বুলিও তেওঁ লগতে কয়৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Synergy of steel & software: How Indian Railways got on the digital track

Media Coverage

Synergy of steel & software: How Indian Railways got on the digital track
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights youth-led development and India's thriving innovation ecosystem
June 13, 2026
PM emphasizes the remarkable contributions of Yuva Shakti across diverse sectors and their growing impact on the global stage

Prime Minister Shri Narendra Modi today stated that the Government is strongly working towards youth-led development. He noted that one of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Shri Modi highlighted that through initiatives such as Startup India, Digital India, Skill India, and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship, and enterprise. The Prime Minister pointed out that today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti, and that too from smaller towns and villages.

The Prime Minister observed that India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors, and drones. He expressed that it is heartening to see young Indians contributing to areas that will shape the future of the nation and the world.
Shri Modi emphasized that our youth have also brought immense glory to the nation in the field of sports, consistently enhancing national pride in numerous international competitions. He further stated that a stronger sporting ecosystem, better infrastructure, and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

In a series of posts on X, the Prime Minister shared:

"The NDA Government is one that is strongly working towards youth-led development. One of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Through initiatives such as Startup India, Digital India, Skill India and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship and enterprise.

Today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti and that too from smaller towns and villages.

#12YearsOfYuvaShakti”

“India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors and drones. It is heartening to see young Indians contributing to areas that will shape the future of our nation and the world.

Our youth have also brought immense glory to the nation in the field of sports. In numerous international competitions, young Indian athletes have consistently enhanced national pride.
At the same time, a stronger sporting ecosystem, better infrastructure and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

#12YearsOfYuvaShakti"