প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰাইকল জিলাত ৪৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ফ’ৰলেনযুক্ত কৰা আৰু কাৰাইকল নিউ কেম্পাছত প্ৰথম পৰ্যায়ত মেডিকেল কলেজ ভৱনৰ শিলান্যাস কৰে। সাগৰমালা কাৰ্যসূচীৰ অধীনত প্ৰধানমন্ত্ৰীয়ে পণ্ডীচেৰীত ক্ষুদ্ৰ সমূদ্ৰ বন্দৰৰ উন্নয়ন আৰু ইন্দিৰা গান্ধী স্প’ৰ্টছ কমপ্লেক্সত ছিন্থেটিক এথলেটিক ট্ৰেক প্ৰকল্পৰ শিলান্যাস কৰে।

শ্ৰী মোদীয়ে জৱাহৰলাল ইন্সটিটিউট অৱ পোষ্ট গ্ৰেজুৱেট মেডিকেল এডুকেশ্যন এণ্ড ৰিছাৰ্ছ (জিপমাৰ) প্ৰতিষ্ঠানত ব্লাড চেন্টাৰৰ উদ্বোধন কৰাৰ লগতে মহিলা এথলীটসকলৰ বাবে লাজপটত বালিকাসকলৰ বাবে ১০০ খন বিচনাৰ এটা ছাত্ৰীনিবাসো মুকলি কৰে। ইয়াৰ উপৰিও তেওঁ পুনৰ্নিৰ্মিত ঐতিহ্যবাহী মেৰী বিল্ডিং-ও উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, ঋষি-মুনি, পণ্ডিত, কবি তথা বিপ্লৱীসকলৰ পুণ্যভূমি এই পণ্ডীচেৰী। বিপ্লৱী মহাকবি সুব্ৰমণিয়ম ভাৰতী আৰু শ্ৰী অৰবিন্দৰ দৰে মনীষীসকলৰ মাধ্যমেৰে পণ্ডীচেৰীয়ে পৱিত্ৰতা লাভ কৰিছে। পণ্ডীচেৰীক বৈচিত্ৰ্যৰ প্ৰতীক হিচাপে উল্লেখ কৰি তেওঁ কয়, ইয়াত মানুহে বিভিন্ন ভাষাত কথা কয়, বিভিন্ন ধৰ্মত আস্থা ৰাখে, কিন্তু সকলোৱেই একেলগে সহাৱস্থান কৰে।

 

পুনৰ্নিৰ্মিত মেৰী বিল্ডিং উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ঐতিহ্যবাহী এই ভৱনটোৱে সমূদ্ৰ তীৰৰ সৌন্দৰ্য আৰু বৃদ্ধি কৰিব আৰু যথেষ্টসংখ্যক পৰ্যটকক আকৃষ্ট কৰিব।

কৰাইকল জিলাত ৪৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ফ’ৰলেন বিশিষ্ট হৈ উঠিলে যোগাযোগ ব্যৱস্থাৰ উন্নতি ঘটিব আৰু সহজেই পৱিত্ৰ ছানীস্বৰণ মন্দিৰত উপস্থিত হ’ব পৰা যাব। একেদৰে, বাছিলিকা অৱ আৱাৰ লেডী অৱ গুড হেলথ আৰু নগৰদৰগাৰৰ মাজত আন্তঃসংযোগ আৰু উন্নত হ’ব। তেওঁ লগতে কয়, গ্ৰামাঞ্চল আৰু উপকূলৱৰ্তী এলেকাত যোগাযোগ ব্যৱস্থাৰ মান উন্নয়নৰ বাবে চৰকাৰে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ফলত, কৃষি ক্ষেত্ৰখন বিশেষভাৱে লাভৱান হ’ব। চৰকাৰৰ কৰ্তব্যই হ’ল কৃষিজাত পণ্য সময় মতে বজাৰলৈ প্ৰেৰণ কৰা, যাতে কৃষকসকলে ন্যায্য মূল্য লাভ কৰে। এই উদ্দেশ্য পূৰণৰ বাবে দ্ৰুত যোগাযোগ আৰু উন্নত পথ থকাটো অত্যন্ত জৰুৰী। তেওঁ আৰু কয়, ৪৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ফ’ৰলেনযুক্ত হ’লে এই এলেকাত অৰ্থনৈতিক কাম-কাজ আৰু বৃদ্ধি পাব। তাৰ লগতে, স্থানীয় যুৱ সমাজৰ বাবেও কৰ্মসংস্থানৰ সুযোগ বৃদ্ধি পাব।

প্ৰধানমন্ত্ৰীয়ে বিগত ৭ বছৰত একাধিক ক্ষেত্ৰত অগ্ৰগতিৰ কথা উল্লেখ কৰি কয়, সুস্বাস্থ্যৰ লগতে যিহেতু আৰ্থিক স্বচ্ছলতাৰ বিষয়টোও জড়িত থাকে, গতিকে মানুহৰ ফিটনেছ আৰু কল্যাণৰ বাবে দেশত একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই উপলক্ষে তেওঁ ‘খেলো ইণ্ডিয়া’ অভিযানেৰ অংশ হিচাপে ইন্দিৰা গান্ধী স্প’ৰ্টছ কমপ্লেক্সত ৪০০ মিটাৰ দৈৰ্ঘ্যৰ ছিন্থেটিক এথলেটিক ট্ৰেক স্থাপনৰ কামৰ শিলান্যাস কৰে। এই ছিন্থেটিক ট্ৰেক ক্ৰীড়া ক্ষেত্ৰত যুৱ সমাজৰ প্ৰতিভাৰ বিকাশ ঘটোৱাত যথেষ্ট সহায়ক হ’ব। পণ্ডীচেৰীত উন্নত মানৰ খেলা-ধূলাৰ সুযোগ-সুবিধা গঢ়ি উঠিলে কেন্দ্ৰশাসিত এই অঞ্চলৰ তৰুণ খেলুৱৈসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতায় আৰু ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব। আজি লাজপটত কিশোৰী-যুৱতীসকলৰ বাবে যি ১০০ খন বিচনাযুক্ত নিবাস উদ্বোধন কৰা হৈছে তাৰ ফলত স্প’ৰ্টছ অথৰিটি অৱ ইণ্ডিয়া (SAI) ৰ প্ৰশিক্ষণাধীন হকী, ভলীবল, ভাৰোত্তোলন, কাবাডী আৰু হেণ্ডবল খেলুৱৈসকলে থকাৰ সুযোগ পাব।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, আগন্তুক বৰ্ষবোৰত স্বাস্থ্য আৰু সেৱা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হ’ব। এই লক্ষ্যৰে সকলোৰে বাবে গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা আগবঢ়াবলৈ জিপমাৰ প্ৰতিষ্ঠানত গঢ়ি উঠা ব্লাড চেন্টাৰটো তাৎপৰ্যপূৰ্ণ হৈ উঠিব। এই চেন্টাৰত দীৰ্ঘ সময় ধৰি ৰক্ত, ষ্টেম চেল আদি সংৰক্ষণ কৰা হ’ব। আনকি, এই চেন্টাৰটোক গৱেষণাগাৰ আৰু ৰক্ত সঞ্চালনৰ সৈতে জড়িত কৰ্মীসকলৰ প্ৰশিক্ষণ কেন্দ্ৰ হিচাপেও ব্যৱহাৰ কৰিব পৰা যাব।

শ্ৰী মোদীয়ে লগতে কয়, স্বাস্থ্য সেৱা মান বৃদ্ধি কৰিবলৈ আমাক আৰু দক্ষ স্বাস্থ্য পেছাদাৰীৰ প্ৰয়োজন। কৰাইকল নিউ কেম্পাছত প্ৰথম পৰ্যায়ত যি মেডিকেল কলেজ ভৱনটো গঢ়ি তোলা হৈছে, সেয়া পৰিৱেশ অনুকূল কমপ্লেক্স হৈ উঠিব। আনকি, ইয়াত এমবিবিএছ পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ বাবে প্ৰয়োজনীয় যাৱতীয় আধুনিক সুযোগ-সুবিধাও থাকিব।

সাগৰমালা কাৰ্যসূচীৰ অধীনত পণ্ডীচেৰী বন্দৰ উন্নয়ন কাৰ্যসূচীৰো শিলান্যাস কৰি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই কাম সম্পন্ন হৈ উঠিলে মৎস্যজীৱীসকল লাভৱান্বিত হ’ব, বিশেষকৈ যিসকলে এই বন্দৰৰ পৰা গভীৰ সমুদ্ৰত মৎস্য চিকাৰ কৰে তেওঁলোক বিশেষভাৱে লাভৱান্বিত হ’ব। তেওঁ কয়, উন্নয়নৰ কাম শেষ হ’লে চেন্নাইৰ সৈতে পণ্ডীচেৰী বন্দৰৰ যোগাযোগ ব্যৱস্থা গঢ়ি উঠিব। এই বন্দৰৰ পৰা শিল্প সংস্থাৰ পণ্য সামগ্ৰীবোৰ চেন্নাই বন্দৰলৈ প্ৰেৰণ কৰাটো সম্ভৱ হ’ব। আনকি, এই বন্দৰটোৱে উপকূলৱৰ্তী চহৰবোৰৰ সৈতে সমুদ্ৰপথেৰে যাত্ৰী পৰিবহণৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰিব।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, বিভিন্ন কল্যাণমূলক কাৰ্যসূচীৰ অধীনত হিতাধিকাৰীসকলৰ প্ৰত্যক্ষ সুবিধা হস্তান্তৰ অত্যন্ত কাৰ্যকৰী হৈ উঠিছে। তেওঁ কয়, এই সুবিধাৰ ফলত সাধাৰণ মানুহে নিজৰ পচন্দ অনুযায়ী লেনদেন কৰিব পাৰিব। চৰকাৰী আৰু বেচৰকাৰী পৰ্যায়ত একাধিক শিক্ষামূলক প্ৰতিষ্ঠান থকাৰ ফলত পণ্ডীচেৰীত সুদক্ষ মানৱ সম্পবোৰৰ প্ৰাচুৰ্য্য আছে। আনকি, পৰ্যটন আৰু শিল্প ক্ষেত্ৰত বিকাশৰ যি সম্ভাৱনা আছে, সিয়েই কৰ্মসংস্থানৰ সুযোগ আৰু বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰীয়ে কয়, পণ্ডীচেৰীৰ লোকসকল অত্যন্ত বিচক্ষণ। ইয়াৰ প্ৰাকৃতিক শোভা অত্যন্ত অনুপম। “মই আজি ইয়াত আপোনালোকক ব্যক্তিগতভাৱে আশ্বস্ত কৰিবলৈ বিচাৰিছো যে, পণ্ডীচেৰীৰ সাৰ্বিক উন্নয়নৰ বাবে আমাৰ চৰকাৰৰ তৰফৰ পৰা সকলোধৰণৰ সাহায্য প্ৰদান কৰা হ’ব” - প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Over 52,000 Indians return safely from Gulf amid Iran war: MEA

Media Coverage

Over 52,000 Indians return safely from Gulf amid Iran war: MEA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 মাৰ্চ 2026
March 10, 2026

Citizens Appreciate India’s Digital Leap and Green Triumphs Under the Leadership of PM Modi