PM launches Gangajal Project to Provide Better and More Assured Water Supply in Agra
Making Agra Tourist Friendly Smart City - Integrated Command and Control Centre for Agra Smart City To be Built
PM Lays Foundation Stone for Upgradation of SN Medical College, Agra
Panchdhara - Five Facets of Development Holds Key to Progress of Nation: PM

আগ্ৰাৰ বিকাশ আৰু পৰ্যটন আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগ্ৰা চহৰ তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহক সামৰি ২৯০০ কোটি টকাৰ এলানি উন্নয়নমূলক প্ৰকল্প মুকলি কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ বুলি গংগাজল প্ৰকল্প উচৰ্গা কৰে যিয়ে আগ্ৰাত উন্নত তথা নিশ্চিত খোৱা পানীৰ যোগান ধৰিব৷ এই প্ৰকল্পৰ আনুমানিক ব্যয় ২৮৮০ কোটি টকা ধাৰ্য কৰা হৈছে৷ গংগাজল প্ৰকল্পই আগ্ৰালৈ গংগাৰ ১৪০ কিউছেক হিচাপত পানী যোগান ধৰিব৷ ইয়াৰ দ্বাৰা চহৰখনৰ পানীৰ চাহিদা পূৰণ হ’ব৷

প্ৰধানমন্ত্ৰীয়ে আগ্ৰা স্মাৰ্ট চিটীৰ বাবে ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰে৷ এই প্ৰকল্পত চহৰখনৰ সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থাৰ উন্নীতকৰণ কৰাৰ বাবে চিচিটিভি স্থাপন কৰা হ’ব৷ ২৮৫ কোটি টকাৰ এই প্ৰকল্পটোৰ জৰিয়তে আগ্ৰা এক আধুনিক স্মাৰ্ট চিটীলৈ পৰ্যবসিত হোৱাৰ লগতে পৰ্যটকৰ বাবে আকৰ্ষণৰস্থলীও হৈ পৰিব৷
আজি আগ্ৰাৰ কোঠী মীনা বাজাৰত এক ৰে’লীত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘গংগাজল প্ৰকল্প, চিচিটিভি কেমেৰা আদিৰ সুবিধাৰ জৰিয়তে আমি আগ্ৰাক স্মাৰ্ট চিটীলৈ ৰূপান্তৰিত কৰাৰ দিশত অগ্ৰসৰ হৈছোঁ৷’’ এই সুবিধাসমূহৰ দ্বাৰা পৰ্যটকো আকৰ্ষিত হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷

আয়ুস্মান ভাৰত যোজনাৰ অধীনত প্ৰধানমন্ত্ৰীয়ে আগ্ৰাত এছএন চিকিৎসা মহাবিদ্যালয়ৰ উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ দ্বাৰা মহিলাৰ চিকিৎসালয়খনত প্ৰসূতিৰ বাবে ১০০খন বিচনাৰ সুবিধা উপলব্ধ হ’ব৷ ২০০ কোটি টকীয়া এই প্ৰকল্পটোৰ জৰিয়তে সমাজৰ আৰ্থিকভাৱে দুৰ্বল অংশ উপকৃত হ’ব৷ প্ৰধানমন্ত্ৰীয়ে আয়ুস্মান ভাৰত যোজনাক প্ৰশংসা কৰি কয় যে এই আঁচনিৰ অধীনত ১০০ দিনৰ ভিতৰত ৭ লাখতকৈও অধিক লোক উপকৃত হৈছে৷
সাধাৰণ শ্ৰেণীৰ দুখীয়া লোকৰ বাবে ১০%ৰ আৰক্ষণক প্ৰধানমন্ত্ৰীয়ে উপযুক্ত দিশত খোজ পেলোৱা বুলি অভিহিত কৰে৷ তেওঁ স্পষ্ট কৰি দিয়ে যে চৰকাৰে শিক্ষা প্ৰতিষ্ঠানসমূহত অধিক সংখ্যক আসনৰ ব্যৱস্থা কৰিব যাতে অন্য শ্ৰেণীৰ শিক্ষাৰ্থীসকল প্ৰভাৱিত নহয়৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আমি উচ্চ শিক্ষা, প্ৰযুক্তিগত আৰু প্ৰফেচনেল প্ৰতিষ্ঠানসমূহত শিক্ষাৰ সুবিধা প্ৰদান কৰাৰ লগতে সাধাৰণ শ্ৰেণীৰ দুখীয়া লোকসকলৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ৷ তাৰোপৰি আমি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত ১০%কৈ আসনো বৃদ্ধি কৰিছোঁ৷ আনৰ অধিকাৰ খৰ্ব কৰা আমাৰ তেনে কোনো ব্যৱস্থা নাই৷’’
তেওঁ কয়, ‘‘আপোনালোকে দুৰ্নীতিৰ বিৰুদ্ধে চাৰে চাৰি বছৰ আগেয়ে মোক প্ৰদান কৰা বাক্যত মই এতিয়াও অটল হৈ আছোঁ৷ এই কাৰণেই কিছুমান লোকে এই চকীদাৰৰ বিৰুদ্ধে উঠি-পৰি লাগিছে৷’’ তেওঁৰ চৰকাৰৰ অগ্ৰাধিকাৰসমূহৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰৰ উন্নতিৰ বাবে বিকাশৰ পাঁচটা মূলমন্ত্ৰ- পঞ্চধাৰাৰ বিষয়ে উল্লেখ কৰে৷ এই পঞ্চধাৰাত আছে শিশুৰ শিক্ষা, কৃষকৰ বাবে জলসিঞ্চন, যুৱ প্ৰজন্মৰ বাবে জীৱিকা, বৃদ্ধৰ বাবে ঔষধ আৰু সকলোৰে বাবে অভিযোগ খণ্ডন৷

প্ৰধানমন্ত্ৰীয়ে আগ্ৰাৰ পশ্চিম অঞ্চলত অমৃত অভিযানৰ অধীনত নৰ্দমা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ এই প্ৰকল্পই প্ৰায় ৫০০০০ গৃহৰ অনাময় সুবিধা উন্নত কৰিব৷

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Made in India’ phones go global: Smartphone exports jump 165 times to Rs 2.59 lakh crore

Media Coverage

‘Made in India’ phones go global: Smartphone exports jump 165 times to Rs 2.59 lakh crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reviews flood situation in Arunachal Pradesh and Nagaland with MPs from the two states
July 30, 2026

The Prime Minister, Shri Narendra Modi, met Members of Parliament from Arunachal Pradesh and Nagaland and discussed the situation in the two states in the wake of the floods.

Shri Modi said that the Central Government will continue working with the respective state Governments to address the challenges arising from the floods.

The Prime Minister prayed for everyone’s well-being and safety.

In a post on X, Shri Modi said;

“Had a meeting with MPs from Arunachal Pradesh and Nagaland. We talked about the situation in these states in the wake of floods there. The Central Government will keep working with the respective state Governments to address the challenges. Praying for everyone’s wellbeing and safety.”