প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ উপভোক্তা আৰু জন ঔষধি কেন্দ্ৰৰ স্বতাধিকাৰীৰ সৈতে মতবিনিময় কৰে৷ কেন্দ্ৰীয় চৰকাৰে জেনেৰিক ঔষধৰ ব্যৱহাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে ২০১৯ৰ ৭ মাৰ্চ দিনটো ‘জন ঔষধি দিৱস’ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে৷

দেশৰ প্ৰায় ৫০০০ স্থানৰ পৰা উপভোক্তা আৰু ষ্টোৰৰ গৰাকীৰ সৈতে মতবিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উচ্চ মানবিশিষ্ট ঔষধ নিম্ন দৰত উপলব্ধ কৰিবলৈ চৰকাৰে দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে৷ প্ৰথমটো হ’ল—৮৫০বিধ ঔষধৰ মূল্য নিয়ন্ত্ৰণত ৰখা আৰু হৃদৰোগৰ ষ্টেণ্ট আৰু আঁঠুৰ অস্ত্ৰোপচাৰৰ সা-সজুলিৰ মূল্য হ্ৰাস কৰা হৈছে৷ দ্বিতীয়টো হ’ল—দেশৰ বিভিন্ন প্ৰান্তত এলানি জন ঔষধি কেন্দ্ৰ মুকলি কৰা হৈছে৷ এই পদক্ষেপে দৰিদ্ৰৰ সমান্তৰালকৈ মধ্যবিত্ত শ্ৰেণীকো বৃহৎ পৰিমাণে উপকৃত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে জন ঔষধি কেন্দ্ৰত সকলো ঔষধ বজাৰ মূল্যৰ তুলনাত ৫০-৯০% কমত দামত উপলব্ধ৷ বিগত পাঁচ বছৰত দেশত প্ৰায় ৫ হাজাৰ জন ঔষধি কেন্দ্ৰ মুকলি কৰা হৈছে৷ এই কেন্দ্ৰসমূহে কেৱল উচ্চ মানদণ্ডৰ ঔষধ প্ৰদান কৰাই নহয়, ই আত্মসংস্থাপন আৰু নতুন সংস্থাপনৰ সুযোগো সৃষ্টি কৰিছে৷

স্বাস্থ্য খণ্ডৰ সামগ্ৰিক পৰিৱৰ্তনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰা লক্ষ্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰৰ প্ৰয়াস হ’ল ‘স্থবিৰতা নাই, মাথো সমাধান’৷ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত সকলো ষ্টেক হ’ল্ডাৰে এই খণ্ডৰ পৰিৱৰ্তনৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰি আছে৷ যোৱা চাৰে চাৰি বছৰত দেশত ১৫ খন নতুন এইমছ হয়তো নিৰ্মাণ হৈছে অথবা নিৰ্মাণ কাৰ্য চলি আছে৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে স্বাস্থ্য খণ্ডত ৩১,০০০ এমবিবিএছ আৰু প’ষ্ট গ্ৰেজুৱেট আসন বৃদ্ধি পাইছে৷

প্ৰধানমন্ত্ৰীৰ সৈতে মতবিনিময়ত উপভোক্তাসকলে সন্তুষ্টি ব্যক্ত কৰে যে তেওঁলোকে জন ঔষধি কেন্দ্ৰৰ পৰা উন্নত মানদণ্ডৰ ঔষধ লাভ কৰি আছে৷ ঔষধৰ মূল্য কম হোৱাৰ বাবে তেওঁলোকে ধন ৰাহি কৰিবলৈ সক্ষম হোৱা বুলিও উপভোক্তাসকলে মত ব্যক্ত কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi