দুটা পথ পৰিকল্পনা- সান্তাক্ৰুজ চেম্বুৰ লিংক ৰোড আৰু কুৰাৰ আণ্ডাৰপাছ পৰিকল্পনা ৰাষ্ট্ৰক সমৰ্পিত কৰে
"মহাৰাষ্ট্ৰত ৰে'লৱে আৰু ৰে'ল-সম্পৰ্কৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন, কিয়নো একেদিনাই দুখন বন্দে ভাৰত ট্ৰেইনক পতাকা দেখুৱাই ৰাওনা কৰোৱা হৈছে"
"এই বন্দে ভাৰত ট্ৰেইনে অৰ্থনৈতিক কেন্দ্ৰসমূহক আস্থাৰ কেন্দ্ৰৰে সংযুক্ত কৰিব"
"বন্দে ভাৰত ট্ৰেইন আধুনিক ভাৰতৰ ভব্য ছবি"
"বন্দে ভাৰত ট্ৰেইন ভাৰতৰ গতি আৰু মাত্ৰাৰ প্ৰতিবিম্ব"
"এই বছৰৰ বাজেটৰ জৰিয়তে মধ্য শ্ৰেণী শক্তিশালী হৈছে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰত দুখন বন্দে ভাৰত ট্ৰেইন পতাকা দেখুৱাই ৰাওনা কৰে। এই দুখন ট্ৰেইন হৈছে- মুম্বাই-ছোলাপুৰ বন্দে ভাৰত আৰু মুম্বাই-ছাইনগৰ শিৰডী বন্দে ভাৰত। তেওঁ মুম্বাইত পথ যাতায়াতৰ ভীৰ কম কৰিবলৈ আৰু বাহনৰ অহা-যোৱা সু-ব্যৱস্থিত কৰিবলৈ দুটা পথ পৰিকল্পনা- সান্তাক্ৰুজ চেম্বুৰ লিংক ৰোড আৰু কুৰাৰ আণ্ডাৰপাছ পৰিকল্পনাকো ৰাষ্ট্ৰক সমৰ্পিত কৰে।

ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ প্লেটফৰ্ম নং ১৮ত অহাৰ পাছত, প্ৰধানমন্ত্ৰীয়ে মুম্বাই-ছাইনগৰ শিৰডী বন্দে ভাৰতৰ নিৰীক্ষণ কৰে। তেওঁ ট্ৰেইনৰ চালক দল আৰু ডবাৰ ভিতৰত বহি থকা শিশুৰ সৈতে বাৰ্তালাপো কৰে।

সভা সম্বোধন কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া ভাৰতত ৰে'লৱে, বিশেষকৈ মহাৰাষ্ট্ৰত উন্নত ৰে'ল সম্পৰ্কৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন, কিয়নো প্ৰথমবাৰ দুখন বন্দে ভাৰত ট্ৰেইনক একেদিনাই সেউজীয়া পতাকা দেখুওৱা হৈছে। তেওঁ উল্লেখ কৰে যে এই বন্দে ভাৰত ট্ৰেইনে মুম্বাই আৰু পুণেৰ দৰে অৰ্থনৈতিক কেন্দ্ৰক আস্থাৰ কেন্দ্ৰৰে সংযুক্ত কৰিব, যাৰ ফলত কলেজ, কাৰ্যালয়, ব্যৱসায়, তীৰ্থ যাত্ৰা আৰু কৃষি উদ্দেশ্যৰ বাবে যাত্ৰা কৰা লোকসকলৰ লাভ হ'ব। তেওঁ কয় যে নতুন বন্দে ভাৰত ট্ৰেইনেৰে শিৰডী, নাছিক, ত্ৰয়ম্বকেশ্বৰ আৰু পঞ্চৱতীৰ দৰে পৱিত্ৰ স্থানৰ যাত্ৰা সহজ হ'ব যাৰ ফলত পৰ্যটনৰ লগতে তীৰ্থাটনো উৎসাহিত হ'ব। তেওঁ কয়, "ছোলাপুৰ বন্দে ভাৰত এক্সপ্রেছেৰে পণ্ঢৰপুৰ, ছোলাপুৰ, অক্কলকোট আৰু তুলজাপুৰৰ তীৰ্থ যাত্ৰা আৰু অধিক সহজ হ'ব।"

প্ৰধানমন্ত্ৰীয়ে কয় যে বন্দে ভাৰত ট্ৰেইন আধুনিক ভাৰতৰ ভব্য ছবি। "এয়া ভাৰতৰ গতি আৰু মাত্ৰাৰ প্ৰতিবিম্ব।" বন্দে ভাৰত ট্ৰেইন লঞ্চ কৰাৰ গতিৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়ালৈকে দেশত ১৭খন ৰাজ্যৰ ১০৮খন জিলাক সংযুক্ত কৰা ১০খন বন্দে ভাৰত ট্ৰেইনৰ পৰিচালনা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীয়ে এই কথাৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে যে আজি আৰম্ভ কৰি থকা বিভিন্ন পৰিকল্পনাই জীৱনক অধিক সহজ কৰিব। তেওঁ কয় যে ওখ পথ (এলিভেটেড ৰোড) পূব আৰু পশ্চিম উপ-নগৰীয় ক্ষেত্ৰ তথা আণ্ডাৰপাছক সংযুক্ত কৰিব যি গুৰুত্বপূৰ্ণ।

প্ৰধানমন্ত্ৰীয়ে একবিংশ শতিকাৰ ভাৰতৰ বাবে সাৰ্বজনীন পৰিবহনক উন্নত কৰাৰ প্ৰয়োজনৰ কথা দোহাৰে কিয়নো ইয়াৰ জৰিয়তে নাগৰিকৰ জীৱন যাপন ব্যাপক ৰূপত সহজ হ'ব। তেওঁ কয় যে আধুনিক ট্ৰেইনৰ আৰম্ভণি, মেট্ৰোৰ বিস্তাৰ, নতুন বিমান বন্দৰ আৰু জাহাজঘাট নিৰ্মাণৰ অন্তৰালত এয়াই চিন্তা আছে। বাজেটো এই চিন্তাক শক্তিশালী কৰাৰ, কিয়নো প্ৰথমবাৰ বুনিয়াদী আন্তঃগাঁথনিৰ বিকাশৰ বাবে বিশেষভাৱে ১০ লাখ কোটি টকা আৱণ্টিত কৰা হৈছে। ইয়াত ৰে'লৰ অংশ ২.৫ লাখ কোটি। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰে'ল বাজেটত মহাৰাষ্ট্ৰৰ বাবে আৱণ্টনতো অভূতপূৰ্ব বৃদ্ধি হৈছে আৰু আশা প্ৰকাশ কৰে যে ডবল ইঞ্জিনৰ চৰকাৰৰ প্ৰয়াসত মহাৰাষ্ট্ৰত কানেক্টিভিটী আৰু দ্ৰুতগতিত বিস্তাৰ হ'ব।

প্ৰধানমন্ত্ৰীয়ে কয়, "এই বছৰৰ বাজেটৰ জৰিয়তে মধ্য শ্ৰেণী শক্তিশালী হৈছে।" তেওঁ এই তথ্য উল্লেখ কৰে যে এই বছৰৰ বাজেটত বেতনভোগী আৰু ব্যৱসায় কৰা দুয়োটা শ্ৰেণীৰ প্ৰয়োজনৰ কথা মনত ৰখা হৈছে। তেওঁ কয় যে ২০১৪ৰ পূৰ্বে দুই লাখ টকাৰ অধিক আয় থকা মানুহৰ ওপৰত কৰ লগোৱা হৈছিল, কিন্তু এয়া বৰ্তমানৰ চৰকাৰেই যি আৰম্ভণিতে এই সীমা বঢ়াই ৫ লাখ টকা আৰু এই বছৰৰ বাজেটত সাত লাখ টকা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, "যিসকল লোকে ইউপিএ চৰকাৰৰ দিনত ২০% কৰ দিবলগা হৈছিল, তেওঁলোকে আজি কোনো কৰ দিবলগা নহয়।" তেওঁ এই তথ্যৰ ওপৰতো আলোকপাত কৰে যে নতুনকৈ চাকৰি পোৱা লোকৰ ওচৰত এতিয়া আৰু অধিক ৰাহি কৰাৰ সুযোগ আছে।

প্ৰধানমন্ত্ৰীয়ে নিজৰ সম্বোধন সমাপ্ত কৰি এই বিশ্বাস ব্যক্ত কৰে যে 'সবলকা বিকাশ, সবকা প্ৰয়াস'ৰ ভাবনাক উদগণি দিয়া এই বাজেটে প্ৰতিটো পৰিয়ালক শক্তি দিব আৰু সকলোকে এখন বিকশিত ভাৰত গঢ়িবলৈ উৎসাহিত কৰিব।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিংহ কোশিয়াৰী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ শিন্দে, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়ণৱীস, কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় সূক্ষ্ম, লঘু আৰু মজলীয়া উদ্যম মন্ত্ৰী শ্ৰী নাৰায়ণ ৰাণে, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শ্ৰী ৰামদাস অঠাৱলে আৰু শ্ৰী কপিল মোৰেশ্বৰ পাটিল আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰীগণসহ কেইবাজনো গণ্য মান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত আছিল।

পৃষ্ঠভূমি

মুম্বাই-ছোলাপুৰ বন্দে ভাৰত ট্ৰেইন আৰু মুম্বাই-ছাইনগৰ শিৰডী বন্দে ভাৰত ট্ৰেইন দুখন এনেধৰণৰ ট্ৰেইন যাক প্ৰধানমন্ত্ৰীয়ে মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ পৰা সেউজীয়া পতাকা দেখুৱাই ৰাওনা কৰে। এয়া নতুন ভাৰতৰ বাবে উন্নত, অধিক দক্ষ আৰু যাত্ৰীৰ প্ৰয়োজনৰ অনুকূল পৰিবহনেৰে সম্পৰ্কিত বুনিয়াদী আন্তঃগাঁথনিৰ নিৰ্মাণৰ প্ৰধানমন্ত্ৰীৰ সপোন সাকাৰ কুৰাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰতিপন্ন হ'ব।

মুম্বাই-ছোলাপুৰ বন্দে ভাৰত ট্ৰেইন দেশৰ নৱম বন্দে ভাৰত ট্ৰেইন হ'ব। এই নতুন নিৰ্ভৰযোগ্য ট্ৰেইনে মুম্বাই আৰু ছোলাপুৰৰ মাজত কানেক্টিভিটী উন্নত কৰিব আৰু ছোলাপুৰত সিদ্ধেশ্বৰ, ছোলাপুৰৰ ওচৰৰ অক্কলকোট, তুলজাপুৰ, পণ্ঢৰপুৰ আৰু পুণেৰ ওচৰৰ আলন্দীৰ দৰে গুৰুত্বপূৰ্ণ তীৰ্থ স্থানৰ যাত্ৰাও সুবিধাজনক কৰিব।

মুম্বাই-ছাইনগৰ শিৰডী বন্দে ভাৰত, যি দেশৰ দশম বন্দে ভাৰত ট্ৰেইন, মহাৰাষ্ট্ৰৰ নাছিক, ত্ৰয়ম্বকেশ্বৰ, ছাইনগৰ শিৰডী আৰু শনি সিংগনাপুৰৰ দৰে গুৰুত্বপূৰ্ণ তীৰ্থ স্থানৰ সৈতে কানেক্টিভিটী উন্নত কৰিব।

মুম্বাইত পথ যাতায়াতৰ ভীৰ কম কৰিবলৈ আৰু বাহনৰ অহা-যোৱা সুচল কৰিবলৈ, প্ৰধানমন্ত্ৰীয়ে সান্তাক্ৰুজ চেম্বুৰ লিংক ৰোড (এছচিএলআৰ) আৰু কুৰাৰ আণ্ডাৰপাছক ৰাষ্ট্ৰক সমৰ্পিত কৰে। কুৰ্লাৰ পৰা বকোলালৈকে আৰু কুৰ্লাত এমটিএনএল জংচন, বিকেশিৰ পৰা এলবিএছ ফ্লাইঅভাৰলৈকে যোৱা এই নৱনিৰ্মিত এলিভেটেড কৰিডৰে চহৰত পূব-পশ্চিম কানেক্টিভিটী উন্নত কৰিব। এই পথে ৱেষ্টাৰ্ণ এক্সপ্ৰেছ হাইৱেক ইষ্টাৰ্ণ এক্সপ্ৰেছ হাইৱেৰে সংযুক্ত কৰিব যাৰ ফলত পূবৰ আৰু পশ্চিমৰ উপনগৰ ফলপ্ৰসু ৰূপত সংযুক্ত হ'ব। ৱেষ্টাৰ্ণ এক্সপ্ৰেছ হাইৱে (ডব্লিউইএইচ)ত যাতায়াত সহজ কৰাৰ দৃষ্টিৰে কুৰাৰ আণ্ডাৰপাছ অত্যন্ত গুৰুত্বপূৰ্ণ, যি ডব্লিউইএইচৰ মলাড় আৰু কুৰাৰৰ ফালৰ অংশক সংযুক্ত কৰিছে। ই মানুহক সহজে পথ পাৰ হোৱা আৰু লগতে বাহন ডব্লিউইএইচত অধিক যানজঁটত নপৰাকৈ চলাৰ সুবিধা দিছে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Farmers to benefit as Centre hikes onion procurement price by 13% to ₹2,125 per quintal

Media Coverage

Farmers to benefit as Centre hikes onion procurement price by 13% to ₹2,125 per quintal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
July 05, 2026

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, July 26th. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.