Bapu knew the value of salt. He opposed the British to make salt costly: PM Modi
Gandhi Ji chose cleanliness over freedom. We are marching ahead on the path shown by Bapu: PM Modi
Swadeshi was a weapon in the freedom movement, today handloom is also a huge weapon to fight poverty: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা গান্ধীৰ মৃত্যু তিথি উপলক্ষে গুজৰাটৰ নভছাৰি জিলাৰ দাণ্ডীত ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক মুকলি কৰি ৰাষ্ট্ৰলৈ উচৰ্গা কৰে৷

 

স্মাৰক স্থানত তেওঁ মহাত্মা গান্ধী আৰু তেওঁৰ ৮০ গৰাকী সহযোগীয়ে ১৯৩০ চনত ব্ৰিটিছ আইনৰ বিৰুদ্ধে লোণ আইন অমান্য আন্দোলনৰ সূচনা কৰি দাণ্ডীলৈ কৰা যাত্ৰাৰ মূৰ্তি মুকলি কৰে৷ এই স্মাৰকত ঐতিহাসিক ১৯৩০ লোণ যাত্ৰা তথা বিভিন্ন ঘটনাৰ ২৪খন ভিন্ন বৰ্ণনাত্মক চিত্ৰও সন্নিৱিষ্ট আছে৷ স্মাৰক ক্ষেত্ৰত বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ সৌৰ বৃক্ষও স্থাপন কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে স্মাৰকৰ চৌপাশে ভ্ৰমণ কৰে৷

 

উপস্থিত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে স্মাৰক নিৰ্মাণৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিলৈ অভিনন্দন জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘এই স্মাৰকে দেশৰ স্বাধীনতাৰ বাবে জনসাধাৰণে কৰা সৰ্বোচ্চ ত্যাগৰ সোঁৱৰণ কৰাব৷’’ প্ৰধানমন্ত্ৰীয়ে ইয়াকো কয় যে এই দাণ্ডী স্মাৰকে মহাত্মা গান্ধীৰ স্বদেশীৰ প্ৰতি আগ্ৰহ, স্বচ্ছগ্ৰহ আৰু সত্যাগ্ৰহক প্ৰতিফলিত কৰিব আৰু অনাগত দিনত ই পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘গান্ধীজীৰ আদৰ্শক আগুৱাই লৈ যোৱাৰ প্ৰয়াসৰ ফলস্বৰূপে আমাৰ চৰকাৰে খাদী সম্বন্ধীয় ২০০০টা প্ৰতিষ্ঠানৰ আধুনিকীকৰণ কৰিছে৷ ই লক্ষাধিক শিপিনী আৰু কৰ্মীক উপকৃত কৰিছে৷ খাদী এতিয়া কেৱল ফেশ্বনৰ বিষয় হোৱাই নহয়, ই মহিলা সৱলীকৰণৰো প্ৰতীক হৈ উঠিছে৷’’ স্বাধীনতাৰ যুঁজত স্বদেশীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ ঠিক সেইদৰে হস্ততাঁতে দৰিদ্ৰতা বিমোচনত সহায় কৰিব৷ চৰকাৰে হস্ততাঁতৰ উত্তৰণৰ বাবে প্ৰতি বছৰে ৭ আগষ্টৰ দিনটো হস্ততাঁত দিৱস হিচাপে ঘোষণা কৰিছে, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

 

স্বচ্ছতা সন্দৰ্ভত গান্ধীজীয়ে প্ৰদান কৰা গুৰুত্বক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় আমি স্বচ্ছ ভাৰতৰ মূল্য অনুধাৱন কৰিব পাৰিছো৷ স্বচ্ছ ভাৰত অভিযানৰ প্ৰভাৱত গ্ৰামীণ ভাৰতত পৰিচ্ছন্নতাৰ পৰিমাণ ২০১৪ চনৰ কেৱল ৩৮ শতাংশৰ পৰা এতিয়া এনডিএ চৰকাৰৰ আমোলত ৯৮ শতাংশলৈ বৃদ্ধি পাইছে৷

 

গাঁওসমূহলৈ প্ৰাথমিক সুবিধাসমূহ যেনে স্বচ্ছ ৰন্ধন ইন্ধনৰ পৰা বিদ্যুৎ আৰু স্বাস্থ্যসেৱাৰ পৰা বিত্তীয় সেৱা আদি উপলব্ধ কৰোৱা প্ৰয়াসৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া আমাৰ অভিযান ‘গ্ৰামোদয়ৰ পৰা ভাৰতোদয়’ৰ এটা অংশ৷

 

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দিনটো গুজৰাট পৰিভ্ৰমণ কৰে৷ দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে ছুৰাট বিমানন্দৰৰ টাৰ্মিনেল বিল্ডিঙৰ প্ৰসাৰণ অংশৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ ইয়াৰোপৰি তেওঁ ছুৰাটৰ ষ্টেট-অব্-দা-আৰ্ট ৰচিলাবেন সেৱন্তীলাল ভেনাছ চিকিৎসালয়ো ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰে৷ ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে ছুৰাটৰ নিউ ইণ্ডিয়া ইয়ুথ সমাৰোহত ভাষণ প্ৰদান কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI 2.0: India bets big on making more of the smartphone at home

Media Coverage

PLI 2.0: India bets big on making more of the smartphone at home
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মে’ 2026
May 29, 2026

Every Sector, Every Citizen: How PM Modi’s Vision is Transforming India Across All Fronts