For the last four and a half years, the Union Government has pursued the objective of good governance: PM Modi
The Bogibeel Bridge would greatly enhance "ease of living" in the Northeast: PM Modi
A strong and progressive Eastern India, is the key to a strong and progressive India: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ বগীবিল দলংখন ৰাষ্ট্ৰলৈ উচৰ্গা কৰে৷ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা এই দলংখনে অসমৰ ডিব্ৰুগড় আৰু ধেমাজি জিলাক সংযোজিত কৰি ৰাষ্ট্ৰৰ অৰ্থনৈতিক সমৃদ্ধিত উত্তৰণ কৰিছে৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত কাৰেং চাপৰিত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে দলংখনৰ ওপৰেৰে যোৱা প্ৰথমখন যাত্ৰীবাহী ৰে’লৰ ফ্লেগ অফো কৰে৷

ৰাজহুৱা সভাখনত বক্তৃতা প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অলপতে দেহাৱসান হোৱা অসমৰ স্বনামধন্য গায়িকা দীপালী বৰঠাকুৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তাৰোপৰি তেওঁ অসম তথা ৰাষ্ট্ৰলৈ বিভিন্ন সন্মান কঢ়িয়াই অনা অন্যান্য খ্যাতনামা ব্যক্তিসকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেওঁ ৰাইজক বৰদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে৷ তেওঁ কয় যে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন আৰু আজিৰ দিনটোক ‘সুশাসন দিৱস’ অথবা ‘গুড গভাৰ্ণেন্স ডে’’ হিচাপে পালন কৰা হয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা চাৰে চাৰি বছৰত কেন্দ্ৰীয় চৰকাৰে সুশাসনৰ দিশত অগ্ৰসৰ হৈছে৷ তেওঁ কয় যে ঐতিহাসিক বগীবিল ৰে’ল আৰু পথ দলংখন এই উদ্দেশ্যৰে স্বৰূপ৷ দলংখনক কাৰিকৰী আৰু প্ৰযুক্তিৰ অদ্ভুত সমাহাৰ বুলি উল্লেখ কৰি তেওঁ কয় যে এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ দূৰত্ব হ্ৰাস কৰিব৷ ইয়াৰ জৰিয়তে অঞ্চলটোত ‘ইজ অব্ লিভিঙ’ৰ উত্তৰণো হ’ব বুলি তেওঁ জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই দলংখন অঞ্চলটোৰ বাসিন্দাৰ বাবে এক সপোন আছিল যি আজি বাস্তৱত পৰিণত হৈছে৷ তেওঁ কয় যে ডিব্ৰুগড় স্বাস্থ্যসেৱা, শিক্ষা আৰু বাণিজ্যৰ এক মুখ্যকেন্দ্ৰ আৰু এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লোকসকলেও অধিক সহজ উপায়েৰে এই সুবিধা লাভ কৰিব পাৰিব৷

দলংখনৰ নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন লোকৰ অৱদানক প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে৷

তেওঁ ২০১৭ চনৰ মে’ মাহত অসমৰ শদিয়াত দেশৰ সবাতোকৈ পথ দলং ভূপেন হাজৰিকা সেতু মুকলি কৰাৰ কথা সোঁৱৰণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ৬০–৭০ বছৰৰ ভিতৰত ব্ৰহ্মপুত্ৰত কেৱল তিনিখনহে দলং নিৰ্মাণৰ কথাত উদ্বেগ প্ৰকাশ কৰে৷ তেওঁ যোৱা চাৰে চাৰি বছৰত তিনিখন দলং সম্পূৰ্ণ হোৱাৰ কথাও উল্লেখ কৰে৷ অন্য পাঁচখন নিৰ্মাণৰ পথত বুলিও তেওঁ জানিবলৈ দিয়ে৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণপাৰৰ সংযোগেই সুশাসনৰ লক্ষণ বুলি তেওঁ অভিহিত কৰে৷ তেওঁ কয় যে দ্ৰুত বিকাশে উত্তৰ পূৰ্বাঞ্চলক পৰিৱৰ্তিত কৰিব৷

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰিবহণৰ জৰিয়তে পৰিৱৰ্তনৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে দেশত আন্তঃগাঁথনি নিৰ্মাণৰ কাম দ্ৰুত গতিত চলিবলৈ ধৰিছে৷

অসমৰ ৰাজ্য চৰকাৰে পূৰ্বৰ ওলমি থকা প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাত প্ৰদান কৰা প্ৰয়াসক প্ৰধানমন্ত্ৰীয়ে শলাগে৷ তেওঁ কয় যে যোৱা চাৰে চাৰি বছৰত প্ৰায় ৭০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ হৈছে৷ তাৰোপৰি তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ সৈতে জড়িত অন্যান্য যোগাযোগৰ প্ৰকল্পসমূহৰ বিষয়েও উল্লেখ কৰে৷ 

তেওঁ কয় যে শক্তিশালী আৰু বিকশিত পূব ভাৰতেই হ’ল শক্তিশালী আৰু বিকশিত ভাৰতৰ মূল চাবিকাঠি৷ আন্তঃগাঁথনিৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে অসমৰ বিকাশত অৰিহণা যোগোৱা উজ্বলা আঁচনি, স্বচ্ছ ভাৰত অভিযানৰ বিষয়েও উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি দেশৰ বিভিন্ন প্ৰান্তৰ তৰুণ প্ৰজন্মই ভাৰতলৈ খ্যাতি কঢ়িয়াই আনিছে৷ এই সন্দৰ্ভত তেওঁ অসমৰ হিমা দাসৰ কথা উল্লেখ কৰি কয় যে এই তৰুণীগৰাকী বৰ্তমান নতুন ভাৰতৰ আত্মবিশ্বাসৰ প্ৰতীক হৈ উঠিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ভাৰতৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা অনুসাৰে আন্তঃগাঁথনি নিৰ্মাণত প্ৰয়াস কৰিছে৷

Click here to read full text of speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Small towns emerge big growth driver for connected TV in India

Media Coverage

Small towns emerge big growth driver for connected TV in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates H.E. President Hakainde Hichilema on re-election as President of Zambia
August 20, 2026

The Prime Minister, Shri Narendra Modi, has extended his heartiest congratulations to President H.E. Hakainde Hichilema on his re-election as the President of Zambia.

The Prime Minister said that India greatly values its multifaceted partnership with Zambia.

Shri Modi expressed his desire to work together with President Hakainde Hichilema to further strengthen the relations between India and Zambia under his leadership.

The Prime Minister said in a X post;

“Heartiest Congratulations to President Hakainde Hichilema on being re-elected as the President of Zambia.

India greatly values its multifaceted partnership with Zambia and I look forward to working together to further strengthen our relations under his leadership.

@HHichilema”