বিগত ৬ বছৰত তামিলনাডুত ৫০,০০০ কোটিৰো অধিক তেল আৰু গেছ প্রকল্প বাস্তৱায়িতকৰণৰ বাবে অনুমোদন দিয়া হৈছে : প্রধানমন্ত্রী
মধ্যবিত্তসকলৰ সমস্যাৰ বিষয়ে আমাৰ চৰকাৰ সংবেদনশীল : প্রধানমন্ত্রী
বিগত ৫ বছৰ ধৰি তেল আৰু গেছ ক্ষেত্রৰ আন্তঃগাঁথনি নিৰ্মাণত আমি চাৰে ৭ লাখ কোটি টকা ব্যয় কৰাৰ পৰিকল্পনা কৰিছো : প্রধানমন্ত্রী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে তামিলনাডুৰ গুৰুত্বপূৰ্ণ এলানি তেল আৰু গেছ প্ৰকল্প দেশবাসীলৈ উৎসৰ্গ কৰাৰ উপৰি শিলান্যাসো কৰে। প্ৰধানমন্ত্ৰীয়ে ৰামানাথপুৰম – থুঠুকুড়ি প্ৰাকৃতিক গেছ পাইপলাইন আৰু মানালিত চেন্নাই পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ (চিপিচিএল) গেছোলিন ডিছালফাৰাইজেশ্যন ইউনিটটো দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰিছে। তেওঁ নাগাপট্টিনমত কাবেৰী উপত্যাকা শোধনাগাৰটোৰ শিলান্যাসো কৰে। তামিলনাডুৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীও এই অনুষ্ঠানত উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানত জনাইছে, ২০১৯ – ২০ চনৰ চাহিদা পূৰণৰ বাবে ভাৰতে ৮৫ শতাংশ তেল আৰু ৫৩ শতাংশ গেছ আমদানি কৰিছে। তেওঁ প্ৰশ্ন কৰে যে বৈচিত্ৰময় আৰু মেধাসম্পন্ন এখন ৰাষ্ট্ৰই কিদৰে ইন্ধনৰ বাবে আমদানি নিৰ্ভৰ হৈ থাকে? তেওঁ গুৰুত্বসহকাৰে কয়, এই বিষয়বোৰক লৈ আমি বহু পূৰ্বেই চিন্তা কৰা উচিত আছিল, আমি মধ্যবিত্তৰ ওপৰত এই সংক্ৰান্তীয় বোজা জাপি দিয়া উচিত নহয়। আৰু এতিয়া পৰিৱেশ অনুকূল আৰু স্বচ্ছ ইন্ধন নিশ্চিত কৰিবলৈ আৰু ইন্ধনৰৰ আমদানি নিৰ্ভৰতা হ্ৰাস কৰিবলৈ আমি সকলোৱে একলগে কাম কৰিব লাগিব। তেওঁ জোৰ দি কয়, “মধ্যবিত্তসকলৰ সমস্যাৰ বিষয়ে আমাৰ চৰকাৰ সংবেদনশীল।”

ভাৰতে কৃষক আৰু গ্ৰাহকসকলক সাহায্য আগবঢ়াবৰ বাবে এতিয়া ইথানলৰ ব্যৱহাৰ বৃদ্ধিৰ উদ্যোগ গ্ৰহণ কৰিছে। সৌৰশক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত দেশক নেতৃত্ব দিবলৈ উদ্যোগীৰ সৃষ্টি হৈছে। গণ পৰিবহণৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ উৎসাহ দিয়া হৈছে। ইয়াৰ উপৰিও এলইডি বাল্বৰ দৰে বিকল্প উৎসৰ ওপৰত জোৰ দিয়া হৈছে। ইয়াৰ ফলত মধ্যবিত্ত পৰিয়ালসমূহে বিপুল পৰিমাণৰ ধন ৰাহি কৰিব পাৰিব।

 

প্ৰধানমন্ত্ৰীয়ে আশ্বস্ত কৰি কয়, ইন্ধনৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰিবলৈ ভাৰতে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছে। ইন্ধন ক্ষেত্ৰত আমদানিৰ নিৰ্ভৰতা হ্ৰাস কৰিবলৈ আৰু বিভিন্ন স্থানৰ পৰা আমদানি কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় দক্ষতা গঢ়ি তোলা হৈছে। ২০১৯ – ২০ চনত ভাৰতে সমগ্ৰ বিশ্বৰ ভিতৰতে তেল সংশোধনৰ দক্ষতাৰ ক্ষেত্ৰত চতুৰ্থ স্থান দখল কৰিছে। প্ৰায় ৬ কোটি ৫২ লাখ পেট্ৰোপণ্য ৰপ্তানি কৰা হৈছে। যি আগন্তুক দিনবোৰত আৰু বৃদ্ধি কৰা হ’ব।

ভাৰতীয় তেল আৰু গেছ সংস্থাবোৰে ২৭ খন দেশত কাম কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয়, এই সংস্থাবোৰে বিদেশত প্ৰায় ২ লাখ ৭০ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Economic Journey: From Licence Raj To Pragmatic Governance

Media Coverage

India's Economic Journey: From Licence Raj To Pragmatic Governance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 আগষ্ট 2026
August 27, 2026

Make in India Goes Global: Engineering Boom, Rice Triumph & EU FTA Breakthrough Under PM Modi