PM Modi congratulates Shri Om Birla on being unanimously elected as the Speaker of Lok Sabha
Om Birla Ji represents Kota, a place that is mini-India, a land associated with education and learning: PM
Jan Seva has been the focal point of the politics of Om Birla Ji: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সপ্তদশ লোকসভাৰ অধ্যক্ষ হিচাপে শ্ৰী ওম বিৰলাৰ সৰ্বসন্মত নিৰ্বাচনক আদৰণি জনাইছে৷
শ্ৰী ওম বিৰলাক অভিনন্দন জ্ঞাপন কৰি লোকসভাৰ ভাষণত আজি প্ৰধানমন্ত্ৰীয়ে কয় যে বিৰলাৰ দৰে এগৰাকী গণ্যমান্য ব্যক্তিক সদনৰ অধ্যক্ষ হিচাপে লাভ কৰাতো সকলো সদস্যৰ বাবে গৌৰৱৰ মুহূৰ্ত৷

তেওঁ কয় যে শ্ৰী ওম বিৰলাই ছাত্ৰ নেতা হিচাপে কেৰিয়াৰ আৰম্ভ কৰি বহু বছৰ ধৰি ৰাজহুৱা জীৱনৰ সৈতে জড়িত হৈ আছে আৰু সমাজ সেৱা অব্যাহত ৰাখিছে৷ ৰাজস্থানৰ কোটাৰ সামগ্ৰিক উন্নয়ন আৰু পৰিৱৰ্তনত ওম বিৰলাৰ ভূমিকাক প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে উল্লেখ কৰে৷

নৱনিৰ্বাচিত অধ্যক্ষগৰাকীৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথাও প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে৷ ভূমিকম্পৰ পাছত কাটচ আৰু প্ৰলয়ংকাৰী বানপানীৰ পাছত কেদাৰনাথৰ পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত শ্ৰী ওম বিৰলাৰ সেৱা আৰু বৰঙণিৰ কথাও প্ৰধানমন্ত্ৰী মোদীয়ে উত্থাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে নৱনিৰ্বাচিত অধ্যক্ষগৰাকীক নিশ্চয়তা দিয়ে যে সদনৰ কাম-কাজ সফলতাৰে চলাই নিয়াত তেওঁ সকলো সদস্যৰ পূৰ্ণ সহযোগিতা লাভ কৰিব৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Marvell to invest $250 million, double India workforce in 3 years

Media Coverage

Marvell to invest $250 million, double India workforce in 3 years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 জুলাই 2026
July 30, 2026

Aatmanirbhar in Action: How PM Modi Turned Vision into Export Multipliers & Safer Rails