প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি ৰাজ্যসমূহৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ এলজিসকলৰ ভিডিঅ’ বৈঠক অনুষ্ঠিত হয়। ইয়াত ভাৰতৰ জি-২০ ৰ অধ্যক্ষতাৰে জড়িত দিশসমূহৰ সম্পৰ্কে আলোচনা চলে।

প্ৰধানমন্ত্ৰীয়ে তেখেতৰ ভাষণত কয় যে ভাৰতৰ জি-২০ ৰ অধ্যক্ষতাৰ দায়িত্ব সমগ্ৰ ৰাষ্ট্ৰৰ বাবে আৰু এয়া দেশখনৰ শক্তি প্ৰদৰ্শনৰ এক অনন্য সুযোগ।

প্ৰধানমন্ত্ৰীয়ে টীমৱৰ্কৰ গুৰুত্ব সম্পৰ্কে কয় আৰু ভিন্ন জি-২০ ৰ অনুষ্ঠানৰ আয়োজনৰ ক্ষেত্ৰত ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগিতা কামনা কৰে। তেখেতে কয় যে জি-২০ ৰ অধ্যক্ষতাই গতানুগতিক বৃহৎ মেট্ৰ’সমূহৰ বাহিৰেও ভাৰতৰ আন-আন প্ৰান্তসমূহৰ স্বকীয়তা প্ৰদৰ্শনত সহায় কৰিব, যিয়ে আমাৰ দেশৰ প্ৰতিটো অঞ্চলৰ অনন্যতাক উদ্ভাসিত কৰিব।

ভাৰতৰ জি-২০ ৰ অধ্যক্ষতাৰ সময়ছোৱাত ভাৰতলৈ আগমন ঘটিবলগীয়া গৰিষ্ঠ সংখ্যক দৰ্শনাৰ্থী আৰু ভিন্ন অনুষ্ঠান সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি পৰিবেশনৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এই সুযোগ গ্ৰহণেৰে নিজকে আকৰ্ষণীয় ব্যৱসায়, বিনিয়োগ আৰু পৰ্যটন স্থলী হিচাপে পুনৰ ব্ৰেণ্ডিং কৰাৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে। তেওঁ জি-২০ ৰ অনুষ্ঠানসমূহত সমগ্ৰ চৰকাৰ আৰু সমগ্ৰ সমাজৰ দৃষ্টিভংগীৰে জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিতকৰণৰ প্ৰয়োজনীয়তাও পুনৰবাৰ উল্লেখ কৰে।

এই বৈঠকত কেইবাজনো ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু এলজিয়ে নিজৰ চিন্তাধাৰা ব্যক্ত কৰি ৰাজ্যসমূহে জি-২০ ৰ বৈঠকসমূহ সাফল্যমণ্ডিত কৰি তুলিবলৈ প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়েও ভাষণ প্ৰদান কৰে আৰু ভাৰতৰ জি-২০ শ্বেৰ্পাই এক প্ৰেজেনটেশ্যন আগবঢ়ায়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan

Media Coverage

India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুন 2026
June 29, 2026

PM Modi Advancing National Strength Through Unity, Innovation and Janbhagidari