PM proposes first meeting of BRICS Water Ministers in India
Innovation has become the basis of our development: PM
PM addresses Plenary session of XI BRICS Summit

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলত একাদশ ব্ৰিকছ সন্মিলনৰ পৰিকল্পনা অধিৱেশনত ভাষণ প্ৰদান কৰে৷ উক্ত বৈঠকত ব্ৰিকছ দেশসমূহৰ অন্যান্য মুৰব্বীসকলো উপস্থিত আছিল৷

বৈঠকত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সন্মিলনখন বিষয়বস্তু- ‘‘উদ্ভাৱনীমূলক ভৱিষ্যতৰ বাবে অৰ্থনৈতিক উত্তৰণ’’ সময়ৰ সৈতে খাপ খোৱা ধৰণৰ হৈছে৷ তেওঁ কয় যে উদ্ভাৱনেই হ’ল আমাৰ বিকাশৰ ভেঁটি৷ তেওঁ উদ্ভাৱনৰ বাবে ব্ৰিকছৰ অধীনত প্ৰয়োজনীয় সহযোগিতা বৃদ্ধিৰ বাবে আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া আমি আগন্তুক দহ বছৰৰ বাবে ব্ৰিকছৰ নিৰ্দেশনা বিবেচনা কৰি পাৰস্পৰিক সহযোগিতাক অধিক শক্তিশালী কৰি তুলিব লাগে৷ তেওঁ বিভিন্ন ক্ষেত্ৰত লাভ হোৱা সফলতা স্বত্বেও অনেক দিশত প্ৰয়োজনীয় প্ৰয়াসৰ বিষয়ে আলোকপাত কৰে৷ প্ৰধানমন্ত্ৰীয়ে আন্তঃ ব্ৰিকছে বিশ্বৰ ব্যৱসায়ত কেৱল ১৫% স্থান অধিকাৰ কৰাৰ বাবে পাৰস্পৰিক ব্যৱসায় আৰু বিনিয়োগত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়৷

ভাৰতত শেহতীয়াকৈ অনুষ্ঠিত হোৱা ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ব্ৰিকছ দেশসমূহৰ মাজত তেওঁ ফিটনেছ আৰু স্বাস্থ্যখণ্ডত সহযোগিতা বৃদ্ধি কৰিবলৈ বিচাৰিছে৷ তাৰোপৰি তেওঁ নগৰ অঞ্চলত বহনক্ষম জল ব্যৱস্থাপনা আৰু অনাময় ব্যৱস্থাৰ প্ৰয়োজনীয়তা বিষয়ে আলোকপাত কৰি ভাৰতত ব্ৰিকছ জল মন্ত্ৰালয়ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰিবলৈ প্ৰস্তাৱনা আগবঢ়ায়৷

ব্ৰিকছ নীতিৰ প্ৰথমখন বৈঠক সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোকাবিলা কৰা বিষয়ত অনুষ্ঠিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে আৰু এনে ধৰণৰ পদক্ষেপৰ জৰিয়তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্ৰিকছ সুৰক্ষা সহযোগিতা স্থাপিত হোৱাৰ আশা প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ ভিছা, সামাজিক সুৰক্ষা চুক্তি আদি ক্ষেত্ৰত পাঁচোখন দেশৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰাৰ আহ্বানেৰে সামৰণি মাৰে৷

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch

Media Coverage

‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 আগষ্ট 2026
August 13, 2026

Aatmanirbhar in Motion: Solar Homes, Made-in-India Containers, Record Exports & a Rising Global Footprint Under the Leadership of PM Modi