PM Modi applauds DRDO scientists, says India’s missile programme is one of the outstanding programmes in the world
Govt willing to walk the extra mile with the scientific community so that it can invest time in emerging technologies and innovations for national security: PM
DRDO's innovations will play a huge role in strengthening Make in India and in promoting a vibrant defence sector in the country: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা(ডিআৰডিঅ’)ৰ ৫টা ডিআৰডিঅ’ তৰুণ বিজ্ঞান গৱেষণাগাৰ দেশবাসীৰ নামত উচৰ্গা কৰে৷

ডিআৰডিঅ’ৰ তৰুণ বিজ্ঞান গৱেষণাগাৰ স্থাপন কৰা পাঁচখন চহৰ হ’ল ক্ৰমে-বাংগালুৰু, মুম্বাই, চেন্নাই, কলকাতা আৰু হায়দৰাবাদ৷ প্ৰতিটো গৱেষণাগাৰে ভৱিষ্যতৰ প্ৰতিৰক্ষা পদ্ধতিৰ উন্নত প্ৰযুক্তি যেনে-কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি, জ্ঞানভিত্তিক প্ৰযুক্তি, সামাঞ্জস্যহীন প্ৰযুক্তি আৰু স্মাৰ্ট সামগ্ৰীৰ ওপৰত কাম কৰিব৷

২০১৪ চনৰ ২৪ আগষ্টত ডিআৰডিঅ’ৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰেৰণা হিচাপে লৈ এই গৱেষণাগাৰসমূহ স্থাপন কাম আৰম্ভ হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই সময়ত ডিআৰডিঅ’ক যুৱ প্ৰজন্মৰ মাজত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু গৱেষণাৰ সূযোগ প্ৰদানেৰে তেওঁলোকক সবলীকৰণ কৰিবলৈ আহ্বান জনাইছিল৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই গৱেষণাগাৰসমূহে দেশৰ প্ৰযুক্তিগত দিশত গৱেষণা আৰু উন্নয়নত সহায় কৰিব৷

প্ৰধানমন্ত্ৰীয়ে বিজ্ঞানীসকলক নতুন দশকৰ বাবে এনে এক ৰোডমেপ সাজু কৰিবলৈ কয়, য’ত ডিআৰডিঅ’ই ভাৰতত বিভিন্ন ক্ষেত্ৰত বিজ্ঞানভিত্তিক গৱেষণাৰ গতি বৃদ্ধি কৰিবলৈ সক্ষম হয়৷

বিজ্ঞানীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ মিছাইল কাৰ্যসূচী হৈছে বিশ্বৰ এক অন্যতম কাৰ্যসূচী৷ তেওঁ ভাৰতীয় মহাকাশ কাৰ্যসূচী আৰু বায়ু ৰক্ষা প্ৰণালীৰো শলাগ লয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বিজ্ঞানভিত্তিক গৱেষণাৰ ক্ষেত্ৰত ভাৰত কেতিয়াও পিছপৰি নাথাকে৷ তেওঁ কয় যে চৰকাৰে বিজ্ঞানী সমূদায়ৰ সৈতে খোজত খোজ মিলাই যাবলৈ আগ্ৰহী, যাতে ই দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ উত্থান আৰু অভিনৱ উদ্ভাৱনত অধিক সময়ত বিনিয়োগ কৰিব পাৰে৷

তেওঁ কয় ডিআৰডিঅ’ৰ উদ্ভাৱনে মেক ইন ইণ্ডিয়াৰ দৰে শক্তিশালী কাৰ্যসূচী আৰু দেশৰ বিশাল প্ৰতিৰক্ষা ক্ষেত্ৰৰ উন্নয়নত বৃহৎ ভূমিকা পালন কৰিব পাৰে৷

ডিআৰডিঅ’ই পাঁচটা তৰুণ বিজ্ঞান গৱেষণাগাৰ স্থাপনে ভৱিষ্যতৰ প্ৰযুক্তিৰ গৱেষণা আৰু উন্নয়নৰ আধাৰ গঢ় দিলে৷ ইয়াৰ দ্বাৰা ডিআৰডিঅ’ই ভাৰতক প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত ভৱিষ্যতে আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্যত বৃহৎ অগ্ৰগতি প্ৰদান কৰিলে৷

বাংগালুৰুত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে জড়িতকৰণৰ দিশত গৱেষণাৰ কাম আৰম্ভ হ’ব৷ আইআইটি মুম্বাইত সকলো দিশতে গুৰুত্বপূৰ্ণ কোৱাণ্টাম প্ৰযুক্তিৰ দিশত কাম হ’ব৷ আমাৰ ভৱিষ্যৎ জ্ঞানভিত্তিক প্ৰযুক্তিৰ ক্ষেত্ৰত নিৰ্ভৰশীল আৰু আইআইটি মুম্বাইত এই দিশত কাম হ’ব৷ সামাঞ্জস্যহীন প্ৰযুক্তিৰ নতুন আৰু ভৱিষ্যতৰ ক্ষেত্ৰ, যিটোৱে যুদ্ধত যুঁজাৰ ধৰণ সলনি কৰিব, সেই বিষয়ে কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত কাম আৰম্ভ হ’ব৷ স্মাৰ্ট সামগ্ৰীৰ গৰম আৰু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গৱেষণা আৰু ইয়াৰ প্ৰয়োগৰ কাম-কাজ হ’ব হায়দৰাবাদত৷

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India solar capacity to quadruple, wind to triple over decade: Power ministry adviser

Media Coverage

India solar capacity to quadruple, wind to triple over decade: Power ministry adviser
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends Eid-ul-Fitr greetings to everyone
March 21, 2026

Prime Minister Shri Narendra Modi today extended his heartiest greetings to the nation on the auspicious occasion of Eid-ul-Fitr.

The Prime Minister wrote on X:

"Best wishes on Eid-ul-Fitr. May this day further brotherhood and kindness all around. May everyone be happy and healthy.
Eid Mubarak!"