We want to make India a hub of heritage tourism: PM Modi
Five iconic museums of the country will be made of international standards: PM Modi
Long ago, Swami Vivekananda, at Michigan University, had said that 21st century would belong to India. We must keep working hard to make sure this comes true: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰলৈ বুলি আজি কলকাতাৰ চাৰিটা পুনৰ নিৰ্মিত ঐতিহাসিক ভৱন উচৰ্গা কৰে৷ এই চাৰিটা ভৱন হ’ল অ’ল্ড কাৰেন্সী বিল্ডিং, বেলভেডেৰ হাউচ, মেটকাফ হাউচ আৰু ভিক্ট’ৰিয়া মেম’ৰিয়েল হ’ল৷
প্ৰধানমন্ত্ৰীয়ে এই দিনটোক এক বিশেষ দিন বুলি অভিহিত কৰি ইয়াৰ জৰিয়তে ৰাষ্ট্ৰজুৰি ভাৰতীয় কলা, সংস্কৃতি, ঐতিহ্য পুনৰুদ্ধাৰ, পুনৰ আৱিষ্কাৰ, পুনৰ নিৰ্মাণৰ দ্বাৰা সংৰক্ষণৰ এক অভিযান আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে৷

বিশ্বৰ বাবে ঐতিহ্যময় পৰ্যটনৰ কেন্দ্ৰঃ

শ্ৰী মোদীয়ে কয় যে ভাৰতে সদায়েই সাংস্কৃতিক ঐতিহ্য আৰু গাঁথনিসমূহ সুৰক্ষা তথা আধুনিকীকৰণত গুৰুত্ব প্ৰদান কৰি আহিছে৷ এই পদক্ষেপৰ ফলস্বৰূপেই ভাৰতক বিশ্বৰ ঐতিহ্যময় পৰ্যটনৰ প্ৰধান কেন্দ্ৰ হিচাপে পৰিচিত কৰোৱাৰ বাবে কেন্দ্ৰ চৰকাৰে প্ৰয়াস কৰিছে৷

তেওঁ কয় যে দেশৰ পাঁচটা প্ৰধান সংগ্ৰহালয়ক বিশ্বমানৰ পৰ্যায় প্ৰদান কৰা হ’ব৷ বিশ্বৰ সবাতোকৈ প্ৰাচীন সংগ্ৰহালয়সমূহৰ ভিতৰত অন্যতম হিচাপে কলকাতাৰ ইণ্ডিয়ান মিউজিয়ামৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ হ’ব৷

শ্ৰী মোদীয়ে কয় যে এই প্ৰতিষ্ঠিত সাংস্কৃতিক ঐতিহ্যময় কেন্দ্ৰসমূহৰ পৰিচালনা তথা সম্পদ সৃষ্টিৰ বাবে কেন্দ্ৰ চৰকাৰে ‘‘ইণ্ডিয়ান ইন্সটিটিউট অব্ হেৰিটেজ কনজাৰভেচন’’ মুকলি কৰাৰ কথা বিবেচনা কৰি আছে যাক এক ডীমড্ বিশ্ববিদ্যালয়ৰ সমমৰ্যাদা প্ৰদান কৰা হ’ব৷

কলকাতাৰ চাৰিটা প্ৰসিদ্ধ গেলেৰী-অ’ল্ড কাৰেন্সী বিল্ডিং, বেলভেডেৰ হাউচ, মেটকাফ হাউচ আৰু ভিক্ট’ৰিয়া মেম’ৰিয়েল হ’লৰ পুনৰ নিৰ্মাণৰ কাম ইতিমধ্যেই সমাপ্ত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ তেওঁ ইয়াকো কয় যে চৰকাৰে বেলভেডেৰ হাউচক বিশ্বৰ সংগ্ৰহালয়ৰ পৰ্যায়লৈ উন্নীত কৰাৰ বাবে প্ৰয়াস কৰি আছে৷

শ্ৰী মোদীয়ে কয় যে ভাৰত চৰকাৰে কলকাতাৰ ইণ্ডিয়ান গৰ্ভণমেণ্ট মিণ্টত ‘‘কইনেজ এণ্ড কমাৰ্চ’’ৰ এক সংগ্ৰহালয় স্থাপনৰ যোঁজা কৰিছে৷

বিপ্লৱী ভাৰত

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ভিক্ট’ৰিয়া মেম’ৰিয়েলৰ ৫টা গেলেৰীৰ ৩টা দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল৷ আমি সেইসমূহ পুনৰ মুকলি কৰাৰ প্ৰয়াস কৰিছো৷ ভাৰতৰ স্বাধীনতা যুঁজৰ সেনানীসকলৰ বাবেও কিছু স্থান দিয়াৰ বাবে মই আহ্বান জনাইছো৷ সেই স্থানটোক ‘বিপ্লৱী ভাৰত’ নাম দিয়া উচিত৷ ইয়াত আমি সুভাষ চন্দ্ৰ বসু, অৰবিন্দ ঘোষ, ৰাসবিহাৰী বসু, ক্ষুদিৰাম বসু, বাঘা যতীন, বিনয়, বাদল, দীনেশ আদিৰ দৰে নেতাসকলৰ গৰিমা প্ৰদৰ্শিত কৰিব পাৰিম৷ তেওঁ কয় যে ভাৰতীয়সকলৰ দশকপুৰণি অনুভূতিক সন্মান জনাই দিল্লীৰ লালকিল্লা আৰু আন্দামান আৰু নিকোবৰৰ দ্বীপমালাত সুভাষ চন্দ্ৰ বসুৰ একোটা সংগ্ৰহালয় স্থাপন কৰা হৈছে৷

তেওঁ কয় যে ভাৰতীয়সকলৰ দশকপুৰণি অনুভূতিক সন্মান জনাই দিল্লীৰ লালকিল্লা আৰু আন্দামান আৰু নিকোবৰৰ দ্বীপমালাত সুভাষ চন্দ্ৰ বসুৰ একোটা সংগ্ৰহালয় স্থাপন কৰা হৈছে৷

বেংগলৰ প্ৰসিদ্ধ নেতালৈ শ্ৰদ্ধাঞ্জলি

প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিমবংগৰ যিসকল নেতাই দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন জলাঞ্জলি দিছিল, তেওঁলোকে প্ৰকৃত শ্ৰদ্ধাঞ্জলি পোৱাটো আৱশ্যক৷

‘‘এতিয়া আমি শ্ৰী ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ ২০০তম জন্ম বাৰ্ষিকী পালন কৰিবলৈ ওলাইছো৷ ঠিক সেইদৰে ২০২২ চনত ভাৰতে স্বাধীনতাৰ ৭৫তম বৰ্ষ পালন কৰিবলৈ লোৱাৰ মুহূৰ্তত বিখ্যাত সমাজ সংস্কাৰক তথা শিক্ষাবিদ শ্ৰী ৰাজা ৰামমোহন ৰায়ৰ ২৫০তম জন্ম বাৰ্ষিকীও পালন কৰিব৷ দেশৰ তৰুণ, মহিলা আৰু কন্যা সন্তানৰ কল্যাণ তথা আত্মবিশ্বাস বৃদ্ধিৰ বাবে তেওঁৰ প্ৰয়াসসমূহক আমি সোঁৱৰণ কৰা উচিত৷ এই পৰিপ্ৰেক্ষিতত আমি তেওঁৰ ২৫০তম জন্ম বাৰ্ষিকী ধুমধামেৰে পালন কৰা উচিত’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

ভাৰতীয় ইতিহাসৰ সংৰক্ষণ

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতীয় ঐতিহ্য, ভাৰতৰ মহান নেতাসকলৰ গৰিমা, ভাৰতীয় ইতিহাস সংৰক্ষণ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ কাম৷

তেওঁ কয়, ‘‘এয়া বৰ দুখৰ কথা যে ভাৰতৰ বুৰঞ্জী ব্ৰিটিছৰ আমোলত লিখা হৈছিল আৰু তাত বহু দিশ বাদ পৰি গৈছিল৷ মই গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯০৩ চনত উল্লেখ কৰা এষাৰ কথা উদ্ধৃত কৰিব বিচাৰিছো-‘ভাৰতীয় ইতিহাস এনে নহয় যি আমি পঢ়িছো আৰু পৰীক্ষাত লিখিছো৷ ইয়াত কেৱল বাহিৰৰ পৰা অহা লোকে কেনেকৈ আমাক দমন কৰিছিল, সন্তানসকলে কিদৰে তেওঁলোকৰ পিতৃক হত্যা কৰিছিল, সিংহাসনৰ বাবে কিদৰে লোক ভ্ৰাতৃঘাতী সংঘৰ্ষত লিপ্ত হৈছিল, সেই বিষয়েহে লিখা হৈছে৷ বুৰঞ্জীৰ এইসমূহ বিৱৰণে আমাৰ ভাৰতীয় নাগৰিকক প্ৰতিনিধিত্ব নকৰে৷ ইয়াত তেওঁলোকক কোনো গুৰুত্ব প্ৰদান কৰা হোৱা নাই৷’

গুৰুদেৱে ইয়াকো কৈছিল-ধুমুহাৰ যিমানেই শক্তি নহওক কিয়, মানুহে তাক কিদৰে প্ৰত্যাহ্বান জনাব পাৰিছে, সেয়াহে গুৰুত্বপূৰ্ণ কথা৷

বন্ধুসকল, গুৰুদেৱৰ এইসমূহ বাণীয়ে সেইসমূহ ইতিহাসবিদে যে কেৱল ভাৰতৰ বাহিৰৰ পৰা অহা ধুমুহাহে প্ৰত্যক্ষ কৰিছিল, সেয়া পৰিলক্ষিত কৰিছে৷ যিসকলে ধুমুহাৰ সন্মুখীন হৈছিল সেই বিষয়ে ক’তো উল্লেখ নাই৷ যিসকলে কেৱল বাহিৰৰ পৰাহে প্ৰত্যক্ষ কৰিছিল তেওঁলোকে জনসাধাৰণে কিদৰে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিছিল সেই বিষয়ে অনুধাৱন কৰিব নোৱাৰে৷

ইতিহাসবিদসকলে দেশৰ বহু কথা বাদ দি লিখিছিল৷

সেই সময়ৰ অস্থিৰতা আৰু যুদ্ধৰ পৰিবেশত কোনে আমাৰ ঐতিহ্য বহন কৰি আছিল, কোনে আমাৰ পৰম্পৰা পিছৰ প্ৰজন্মলৈ বহন কৰিছিল৷

এয়া আছিল আমাৰ কলা, আমাৰ সাহিত্য, আমাৰ সংগীত, আমাৰ সাধু-সন্তসকল৷’’

ভাৰতীয় পৰম্পৰা আৰু কলাৰ প্ৰচাৰ

‘‘যিকোনো লোকে ভাৰতৰ প্ৰতিটো প্ৰান্ততে বিভিন্ন ধৰণৰ কলা আৰু সংগীতৰ বৈচিত্ৰতা লক্ষ্য কৰিব পাৰে৷ ঠিক সেইদৰে ভাৰতৰ প্ৰতিটো প্ৰান্তকে সন্তসকলৰ প্ৰভাৱো পৰিলক্ষিত হয়৷ তেওঁলোকৰ চিন্তাধাৰাই আমাৰ ইতিহাস সমৃদ্ধ কৰিছে৷ তেওঁলোকে ভাৰতৰ ইতিহাসত বৃহৎ সংস্কাৰ সাধন কৰিবলৈ সক্ষম হৈছে৷ তেওঁলোকে দেখুৱাই যোৱা পথে আমাক সকলোকে অনুপ্ৰাণিত কৰে৷

বিভিন্ন সমাজ সংস্কাৰকৰ নেতৃত্বত ভক্তি আন্দোলন সমৃদ্ধ হৈছিল৷ সন্ত কবীৰ, তুলসীদাস আৰু বিভিন্নজন সন্তই সমাজক সজাগ কৰাত বৃহৎ ভূমিকা পালন কৰিছিল৷

আমি স্বামী বিবেকানন্দই মিচিগান বিশ্ববিদ্যালয়ত কি কৈছিল সেয়া মনত ৰাখিব লাগে৷ তেওঁ কৈছিল যে বৰ্তমানৰ শতিকাটো তোমালোকৰ হ’ব পাৰে, কিন্তু একবিংশ শতিকা ভাৰতৰ হ’ব৷ আমি সকলোৱে তেওঁৰ সেই সপোন বাস্তৱায়িত কৰিবলৈ দেহেকেহে পৰিশ্ৰম কৰিব লাগিব’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
2.5 lakh crore spent on disaster management in 11 years: Amit Shah

Media Coverage

2.5 lakh crore spent on disaster management in 11 years: Amit Shah
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives in mishap in Nanded
September 11, 2026
Prime Minister announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has expressed grief over the loss of lives due to a mishap in Nanded, Maharashtra.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

In a post on X, the Prime Minister’s Office said;

“Saddened by the loss of lives due to a mishap in Nanded, Maharashtra. My thoughts are with the bereaved families in this hour of grief. Praying for the speedy recovery of the injured.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”