It is an honour that President Rajapaksa chose India for his first overseas trip: Prime Minister Modi
In line with our Government’s Neighborhood First policy and SAGAR doctrine of, we prioritize our relations with Sri Lanka: PM Modi
I am confident that the Sri Lankan government will take forward the process of reconciliation to fulfill the aspirations of the Tamil community: PM

মহামান্য ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষ,

শ্ৰীলংকা আৰু ভাৰতৰ উচ্চপদস্থ বিষয়াসকল,

বন্ধুসকল,

আয়ুবোওন৷

ওনক্কম৷

নমস্কাৰ৷

ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষ আৰু তেওঁৰ সৈতে অহা প্ৰতিনিধি দলক ভাৰতলৈ আদৰণী জনাবলৈ পাই মই অতিশয় আনন্দিত হৈছো৷ নির্বাচনত সংখ্যাগৰিষ্ঠ ভোটত জয়লাভৰ বাবে মই ৰাষ্ট্ৰপতি মহোদয়ক আন্তৰিক শুভেচ্ছা জনাইছো৷ নির্বাচন প্ৰক্রিয়া সুচাৰুৰুপে সম্পন্ন হৈছে, সেইবাবে মই শ্ৰীলংকাৰ জনগণক অভিনন্দন জনাইছো৷ শ্ৰীলংকাত গণতন্ত্ৰ শক্তিশালী তথা পৰিপক্কতা অত্যন্ত গৌৰৱ আৰু আনন্দৰ বিষয়। এয়া আমাৰ বাবে সন্মানৰ বিষয় যে ৰাষ্ট্ৰপতি ৰাজাপক্ষই তেওঁৰ প্ৰথম বিদেশ যাত্রাৰ বাবে ভাৰতক বাছি লৈছে আৰু পদত অধিষ্ঠিত হোৱাৰ দুসপ্তাহৰ ভিতৰতে ভাৰতত আমি তেওঁক সন্মান জনোৱাৰ সুযোগ পাইছো৷ এয়া ভাৰত আৰু শ্ৰীলংকাৰ বন্ধুত্বপূর্ণ সম্পর্কৰ নিবিড়তা তথা গতিশীলতাৰ প্ৰতীক। উভয় দেশে পাৰস্পৰিক সম্পর্কক কিমান গুৰুত্ব দিয়ে, ই তাৰে সংকেট বহন কৰিছে৷ উভয় দেশৰ উন্নয়ন আৰু আমাৰ এই সমগ্ৰ অঞ্চলত শান্তি, সমৃদ্ধি আৰু সুৰক্ষাৰ বাবে আমি ৰাষ্ট্ৰপতি ৰাজাপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ তৎপৰ৷

মহামান্য ৰাষ্ট্ৰপতি,

সংখ্যাগৰিষ্ঠ ভোটত আপোনাৰ জয়লাভে এক সংগঠিত শক্তিশালী আৰু সমৃদ্ধিশালী শ্ৰীলংকাৰ বাবে শ্ৰীলংকাবাসীৰ আকাংক্ষাকে পৰিস্ফুট কৰে৷ এই ক্ষেত্ৰত ভাৰতৰ শুভেচ্ছা আৰু সহযোগিতা সদায় শ্ৰীলংকাৰ সৈতে থাকিব৷ এখন সুস্থিৰ, সুৰক্ষিত আৰু সমৃদ্ধিশালী শ্ৰীলংকা কেৱল ভাৰতৰ স্বার্থত নহয়, সম্পূর্ণ ভাৰত মহাসাগৰৰ স্বার্থত অতি জৰুৰী৷

বন্ধুসকল,

ভাৰত, শ্ৰীলংকাৰ প্ৰতিৱেশী আৰু নির্ভৰযোগ্য বন্ধু। উভয় দেশৰ ঘনিষ্ঠ সম্পর্কৰ শক্তিশালী ভেঁটি হ’ল—আমাৰ ঐতিহাসিক, জাতিগত, ভাষাগত, সাংস্কৃতিক আৰু সভ্যতাৰ সম্পর্ক৷

আমাৰ চৰকাৰৰ ‘প্ৰতিবেশী প্ৰথম’ নীতি আৰু ‘সাগৰ ডকট্রিন’ অনুসৰণ কৰি আমি শ্ৰীলংকাৰ সৈতে আমাৰ সম্পর্কক অগ্রাধিকাৰ প্ৰদান কৰিছো৷ আমাৰ উভয় দেশৰ মাজত সুৰক্ষা আৰু উন্নয়ন পৰস্পৰৰ পৰিপূৰক। সেইবাবে এইটো স্বাভাবিক যে আমি পৰস্পৰৰ সুৰক্ষা আৰু সংবেদনশীলতাৰ প্ৰতি সচেতন৷

আজি ৰাষ্ট্ৰপতি ডাঙৰীয়াৰ সৈতে আমাৰ দ্বিপাক্ষিক সম্পর্ক আৰু বিভিন্ন আন্তর্জাতিক বিষয়ক লৈ যথেষ্ট ভাল আৰু ফলপ্ৰসূ আলোচনা হৈছে। আমি সিদ্ধান্ত লৈছো যে উভয় দেশৰ মাজত বহুমুখী সহযোগিতাৰ জৰিয়তে আমাৰ সম্পর্কক আৰু অধিক নিবিৰ কৰি তুলিব৷ মই ৰাষ্ট্ৰপতি ডাঙৰীয়াক শ্ৰীলংকাৰ উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ হৈ সহযোগিতা আগবঢ়াম বুলি আশ্বাস দিছো৷ পূৰ্বৰ দৰেই এই সহযোগিতা শ্ৰীলংকাৰ জনগণৰ অগ্রাধিকাৰ অনুসৰি হ’ব৷ ৪০০ মিলিয়ন ডলাৰৰ এক নতুন লাইন অফ ক্রেডিটৰ জৰিয়তে শ্ৰীলংকায় আন্তঃথাঁথনিমুলক উন্নয়ন ত্বৰান্বিত হ’ব৷ মোৰ দৃঢ় বিশ্বাস ইয়াৰ জৰিয়তে শ্ৰীলংকাৰ অর্থ ব্যৱস্থা লাভবান হ’ব৷ তদুপৰি এই লাইন অফ ক্রেডিটে উভয় দেশৰ মাজত পাৰস্পৰিক লাভৰ প্ৰকল্পৰ ক্ষেত্ৰৰ সহযোগিতাক ত্বৰান্বিত কৰিব৷ মই আনন্দিত যে ভাৰতীয় গৃহ নির্মাণ প্ৰকল্পৰ অন্তর্গত শ্ৰীলংকাৰ উত্তৰ আৰু পূব প্রান্তত আভ্যন্তৰীণ পুনৰসংস্থাপিত লোকসকলৰ বাবে ৪৬ হাজাৰ গৃহৰ নির্মাণ সম্পূৰ্ণ হৈছে। আপ-কান্ট্রি ৰিজিয়নত ভাৰতীয় বংশোদ্ভূত তামিলসকলৰ বাবে ১৪ হাজাৰ গৃহ নির্মাণৰ কাম দ্রুতগতিত আগবাঢ়িছে৷ সেইবাবে মই অতিশয় আনন্দিত যে আমি শ্ৰীলংকাত সৌৰ প্ৰকল্পৰ বাবে প্ৰথম ঘোষণা কৰা ১০০ মিলিয়ন ডলাৰ ক্রেডিট লাইনক দ্রুতগতিত বাস্তবায়িত কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হৈছো৷ ভাৰতৰ উদ্যোগত শ্ৰীলংকাত শিক্ষা আৰু আন্তঃগাঁথনি খণ্ডত অনুদানভিত্তিক জাৰি হোৱা ২০টা সমষ্টি উন্নয়ন প্ৰকল্প আৰু অন্যান্য জনতাকেন্দ্রিক প্ৰকল্পক লৈও ৰাষ্ট্ৰপতি ডাঙৰীয়া সৈতে যথেষ্ট ভাল আলোচনা হৈছে৷

বন্ধুসকল,

ভাৰতে সদাই সকলো ধৰণৰ সন্ত্রাসবাদৰ বিৰোধিতা কৰি আহিছে। সীমান্ত সিপাৰৰ সন্ত্রাসকে ধৰি অন্যান্য সন্ত্রাসবাদী কার্যকলাপৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সমুদায়ৰ হস্তক্ষেপ আশা কৰিছে। এই বছৰ ইষ্টাৰৰ সুযোগতে শ্ৰীলংকাত সন্ত্রাসবাদীয়ে সমগ্ৰ মানৱজাতিৰ বৈচিত্র্যৰ লগতে বসবাস কৰা মূল্যবান ঐতিহ্যত নৃশংস আক্ৰমণ কৰিছে। সন্ত্রাসবাদী আৰু উগ্ৰপন্থী শক্তিসমূহৰ বিৰুদ্ধে শ্ৰীলংকাৰ যুঁজত ভাৰতৰ অটল সমর্থন ব্যক্ত কৰি ভাৰতৰ নির্বাচনৰ পাছতে মই শ্ৰীলংকালৈ গৈছিলো৷ পাৰস্পৰিক সুৰক্ষাৰ স্বার্থত আৰু সন্ত্রাসবাদৰ বিৰুদ্ধে পাৰস্পৰিক সহযোগিতাক আৰু শক্তিশালী কৰিবলৈ মই ৰাষ্ট্ৰপতি ৰাজাপক্ষৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰিছো৷ ভাৰতৰ মুখ্য প্ৰশিক্ষণ কেন্দ্ৰসমূহত শ্ৰীলংকাৰ আৰক্ষী বিষয়াসকলৰ সন্ত্রাসবাদ বিৰোধী প্ৰশিক্ষণৰ ব্যৱস্থা আগৰএ পৰাই চলি আছে। সন্ত্রাসবাদৰ সৈতে মোকাবিলা কৰিবলৈ শ্ৰীলংকাক ৫০ মিলিয়ন ডলাৰৰ এক বিশেষ লাইন অফ ক্রেডিট ঘোষণা কৰি মই অতিশয় আনন্দ অনুভৱ কৰিছো৷

বন্ধুসকল,

মাছমৰীয়াসকলৰ জীৱিকাত প্ৰভাৱ পেলাব পৰা বিভিন্ন বিষয়ক লৈও আমি আলোচনা কৰিছো৷ এই ক্ষেত্ৰত আমি সৃষ্টিশীল আৰু মানৱীয় দৃষ্টিকোণৰ পৰা সকলো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহমতত উপনীত হৈছো৷

বন্ধুসকল,

আমি শ্ৰীলংকাত জাতিগত পুনৰ মিলনৰ ভাৱনাক লৈও বহু আলোচনা কৰিছো৷ ৰাষ্ট্ৰপতি ৰাজাপক্ষই জাতিগত সৌহার্দ্যক লৈ তেওঁৰ সম্প্রীতিমূলক ৰাজনৈতিক দৃষ্টিকোণ সম্পর্কে মোক জনাইছে৷ মোৰ দৃঢ় বিশ্বাস যে শ্ৰীলংকা চৰকাৰে তামিলসকলৰ সাম্য, ন্যায়, শান্তি আৰু সন্মানৰ আশা-আকাংক্ষাক বাস্তবায়িত কৰাৰ ক্ষেত্ৰত জাতিগত পুনৰ মিলনৰ প্ৰক্রিয়াক আগুৱাই নিব৷ এই ক্ষেত্ৰত ত্ৰয়োদশ সংশোধনী জাৰি কৰাৰ সম্পৰ্কেও চামিল হৈছে। উত্তৰ-পূর্বকে ধৰি সমগ্ৰ শ্ৰীলংকাৰ উন্নয়নৰ ক্ষেত্ৰত ভাৰতে এক বিশ্বস্ত অংশীদাৰ হিচাপে কাম কৰি যাব৷

বন্ধুসকল,

মই পুনৰবাৰ ৰাষ্ট্ৰপতি ৰাজাপক্ষক ভাৰতলৈ আদৰণী জনাইছো৷ তেওঁৰ এই ভ্ৰমণৰ জৰিয়তে আমাৰ পাৰস্পৰিক সম্পর্ক আৰু অধিক সুদৃঢ় হোৱাৰ লগতে আমাৰ সহযোগিতাত উভয় দেশৰ উন্নয়ন আৰু এই অঞ্চলটোৰ সমৃদ্ধিত উৎসাহ যোগাব৷

বোহোমা—স্থুতি৷

নন্দ্রি৷

ধন্যবাদ৷

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
82 km in less than 1 hour: Delhi-Meerut Namo Bharat corridor set for full opening on Feb 22

Media Coverage

82 km in less than 1 hour: Delhi-Meerut Namo Bharat corridor set for full opening on Feb 22
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 ফেব্ৰুৱাৰী 2026
February 22, 2026

From Hours to Minutes: PM Modi’s Vision Turns Namo Bharat into Atmanirbhar Chips, AI & Global Pride