PM Narendra Modi addresses the National Youth Day in Greater Noida via video conferencing
Our ISRO scientists have made us proud yet again, ISRO today created a century in satellite launching: PM
Our strides in space will help our citizens & enhance our development journey, says PM Modi
People say today's youth don't have patience, in a way this factor becomes a reason behind their innovation: PM
I had called for organising mock parliaments in our districts, such mock parliaments will further the spirit of discussion among our youth, says the PM

প্ৰথমে মই আমাৰ বৈজ্ঞানিকসকলৰ এক বৃহৎ সাফল্যৰ বাবে দেশবাসীক অভিনন্দন জ্ঞাপন কৰিব বিচাৰো৷ এতিয়াৰ পৰা কিছু সময় পূৰ্বে ইছৰোই পিএছএলভি-চি৪০ৰ সফল উৎক্ষেপন কৰিছে৷ পিএছএলভিৰ পৰা কাৰ্টোছেট-২ ছিৰিজৰ উপগ্ৰহ সহ মুঠ ৩১টা উপগ্ৰহক মহাকাশত সংস্থাপিত কৰা হৈছে৷ ইয়াৰে ২৮টা উপগ্ৰহ আন দেশৰ৷ আজি ইছৰোই আন এক অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে৷ উপগ্ৰহ উৎক্ষেপনৰ ক্ষেত্ৰত তেওঁলোকে আজি শতক সম্পূৰ্ণ কৰিলে৷

ইছৰোৰ এই সাফল্যৰ বাবে কৃষক, মাছমৰীয়া আৰু বৈজ্ঞানিকসকল উপকৃত হ’ব৷ এই সফলতাই নতুন ভাৰতৰ দিশে দেশক আৰু এখোজ আগুৱাই নিব৷ আমাৰ দেশৰ মান-মৰ্যাদা বৃদ্ধি কৰা আৰু দেশৰ আৰ্থিক প্ৰগতিত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা ইছৰোৰ বৈজ্ঞানিকসকললৈ মই পুনৰ এবাৰ শুভকামনা জনাইছো৷

 

নতুন বছৰত বিবেকানন্দ জয়ন্তী আৰু ৰাষ্ট্ৰীয় যুৱ দিৱসৰ দিনাই আমাৰ বৈজ্ঞানিকসকলে দেশবাসীক এক অমূল্য উপহাৰ প্ৰদান কৰিলে৷

সতীৰ্থসকল, গ্ৰেটাৰ নয়দা এতিয়া মিনি ইণ্ডিয়াত পৰিণত হৈছে৷ আপোনালোকৰ সন্মুখলৈ গৈ কথা পতাৰ মোৰ ইচ্ছা আছিল, কিন্তু কিছু ব্যস্ততাৰ বাবে এইদৰে প্ৰযুক্তিৰ মাধ্যমেৰে আপোনালোকৰ সৈতে সাক্ষাৎ হ’লো৷

এনেকুৱা ধৰণৰ অনুষ্ঠানলৈ মই স্বয়ং যাব নোৱাৰিলেও তাত কি কি হৈছে, কি চৰ্চা হৈছে, লাভালাভ কি হ’ল—এই সন্দৰ্ভত তথ্য সংগ্ৰহৰ চেষ্টা কৰো৷ আপোনালোকেও ইয়াত যিবোৰ চৰ্চা-পৰিচৰ্চা কৰিব, তাৰ সম্পূৰ্ণ তথ্য মই সংগ্ৰহ কৰিবলৈ প্ৰচেষ্টা কৰিম৷

 

সতীৰ্থসকল, আজিৰে পৰা ৰাষ্ট্ৰীয় যুৱ মহোৎসৱো আৰম্ভ হৈছে৷ ৰাষ্ট্ৰীয় যুৱ বঁটা লাভ কৰা ছাত্ৰ আৰু সংগঠনসমূহক মই প্ৰশংসা কৰিছো আৰু তেওঁলোকক অভিনন্দন জনাইছো৷

 

মোক কোৱা হৈছে যে আগন্তুক চাৰি দিনত ইয়াত কেইবাটাও কাৰ্যসূচী ৰখা হৈছে৷ ৰাষ্ট্ৰীয় যুৱ সংসদৰো আয়োজন কৰা হৈছে৷ মই এইবাৰ ‘মন কি বাত’ অনুষ্ঠানতো কৈছিলো যে দেশৰ প্ৰতিখন জিলাত ‘ম’ক পাৰ্লিয়ামেণ্ট’ আয়োজন কৰা উচিত৷ এয়া সেই চিন্তাধাৰাৰে এক অংশ বুলি ক’ব পাৰি৷

নিউ ইণ্ডিয়াক লৈ চিন্তা-চৰ্চা কৰা আৰু নতুন সংকল্প লোৱাৰ এয়া এক সুৱৰ্ণ সুযোগ৷ এয়া ২২ সংখ্যক মহোৎসৱ আৰু মই বিচাৰো যে আপোনালোকে যেতিয়া আলোচনা কৰে তেতিয়া এই কথাও যাতে উত্থাপিত হয় যে ২৫সংখ্যক যুৱ মহোৎসৱৰ স্বৰূপ কিধৰণৰ হ’ব অথবা সংকল্প কি হ’ব? এই দিশত এক ৰোডমেপ প্ৰস্তুত কৰা উচিত৷

এইদৰে দেশে যেতিয়া ২০২২ত স্বাধীনতাৰ ৭৫বছৰ সম্পূৰ্ণ কৰিব, সেই বৰ্ষত যুৱ মহোৎসৱৰ স্বৰূপ কিধৰণৰ হ’ব, সেয়াও আপোনালোকে আলোচনা কৰক৷

মই আশাবাদী যে এই চাৰিদিনত লাভ কৰা অভিজ্ঞতাই জীৱনত আপোনালোকৰ পথ প্ৰদৰ্শনকাৰী আৰু মাৰ্গনিৰ্দেশক হৈ থাকিব৷

 

উদীয়মান বন্ধুসকল, এইবাৰ মহোৎসৱৰ বিষয় হিচাপে ৰখা হৈছে—‘সংকল্পৰ পৰা সিদ্ধি’৷ বিগত ৬-৭মাহত আপোনালোকে এই শব্দটো বাৰম্বাৰ শুনিছে৷ সংকল্পৰ পৰা সিদ্ধি—প্ৰকৃততে এইটো কি?

মোবাইলৰ কোনো এপো নহয় যে ডাউনলোড কৰি ইনষ্টল কৰিলো আৰু চলিবলৈ ধৰিলে৷

 

এইবাবে আজি মই আপোনালোকৰ সন্মুখত সংকল্প আৰু সিদ্ধিৰ ওপৰতে বিস্তাৰিতভাৱে বাৰ্তালাপ কৰিম৷

 

বন্ধুসকল,

২০২২ত আমাৰ দেশে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিব৷ আপোনালোকে স্বাধীনতা যুঁজৰ বিষয়ে কেৱল কিতাপৰ পৃষ্ঠাত পঢ়িছো৷ ময়ো স্বাধীনতা আন্দোলনৰ বিষয়ে মানুহৰ মুখতহে শুনিছো বা কিতাপতহে পঢ়িছেো৷ এইবাবে বয়সৰ পাৰ্থক্য থাকিলেও এই বিষয়ত আপোনালোকৰ পৰা মই পৃথক নহয়৷

মোৰ যুৱ বন্ধুসকল, আমি স্বাধীনতা আন্দোলনত ভাগ লোৱা নাই, সেয়ে আমাৰ এক ডাঙৰ দায়িত্ব হ’ল—স্বাধীনতা সংগ্ৰামীসকলে দেখা সপোন পূৰণ কৰা৷

 

কাৰাগাৰত যেতিয়া ব্ৰিটিছে অত্যাচাৰ চলাইছিল, তেতিয়া আন্ধাৰ কুঠৰীত সকলো সহ্য কৰি আমাৰ বীৰ সেনানীয়ে যি ভাৰতবৰ্ষৰ সপোন দেখিছিল, সেই দেশ গঢ়াৰ দায়িত্ব এতিয়া আমি সকলোৱে গ্ৰহণ কৰিব লাগিব৷ সেই কল্পনা আৰু সপোনক জীয়াই ৰখাৰ চেষ্টা কৰিলেহে আমি নতুন ভাৰতৰ সংকল্প ল’ব পাৰিম৷ এই ভাৰতবৰ্ষ কেনেকুৱা হ’ব? নিউ ইণ্ডিয়াৰ ৰূপ কিধৰণৰ হ’ব?

 

আজি যেতিয়া আপোনালোকে দিনজোৰা কাৰ্যসূচীৰ অন্তত শুবলৈ যাব, তেতিয়া অলপ সময় চিন্তা কৰিব৷ ভাৱিব যে আপোনাৰ আশে-পাঁশে কিয় এনেকুৱা ঘটনা ঘটি আছে, যিবোৰ আপুনি সলনি কৰিব বিচাৰে৷

এনেকুৱা কি ব্যৱস্থা আছে, যাৰ বিষয়ে আপুনি সদায় ভাৱি থাকে যে—এইটো সঠিক নহয়, কেনেবাকৈ এই পৰিস্থিতি সলনি কৰিব পৰা হ’লে! এইধৰণৰ  চিন্তাক আজি পুনৰ এবাৰ অনুভৱ কৰিব৷ বিবেকানন্দক স্মৰণ কৰিব আৰু মোৰ পূৰ্ণ বিশ্বাস আছে যে আপোনালোকে সলনি কৰিব বিচৰা দিশসমূহ সংকল্পত পৰিণত হ’ব৷ ১২ জানুৱাৰীৰৰ পৰা আৰম্ভ হোৱা এই সংকল্পই ১৩ জানুৱাৰীৰ পুৱাৰ পৰাই আপোনালৈ কাম কৰাৰ নতুন উদ্যম কঢ়িয়াই আনিব৷   

সতীৰ্থসকল, আপোনালোকে আজি মিলিত হোৱা এই বিশ্ববিদ্যালয়খন গৌতম বুদ্ধৰ নামেৰে প্ৰতিষ্ঠিত৷ আপোনালোকে থকা এই গ্ৰেটাৰ নয়দা চহৰৰ নামো গৌতম বুদ্ধ নগৰে হয়৷ এইবাবে মই আপোনালোকক বুদ্ধৰ সৈতে জড়িত এটি কাহিনী ক’ব বিচাৰো৷

 

এবাৰ ভগৱান বুদ্ধক এজন শিষ্যই সুধিলে যে আপোনাৰ পৰা শিক্ষা গ্ৰহণ কৰা সকলো শিষ্যই নিৰ্বাণ লাভ কৰিবনে? ভগৱান বুদ্ধই কৈছিল—নহয়, কিছুমানে লাভ কৰিব, কিছুমানে লাভ নকৰিব৷ শিষ্যজনে শুধিলে—এনেকুৱা কিয়?  তেতিয়া ভগৱান বুদ্ধই ক’লে যে যিসকল শিষ্যই মোৰ শিক্ষাক সঠিকভাৱে অনুধাৱন কৰিছে, তেওঁলোকে নিৰ্বাণ লাভ কৰিব৷ বাকীসকল দিকভ্ৰান্ত হৈ থাকিব৷

বন্ধুসকল, আপোনালোকেও একেই গুৰুৰ পৰা একে শিক্ষা লাভ কৰে, কিন্তু ইয়াক কিধৰণে গ্ৰহণ কৰিছে, নিজৰ মাজত কিধৰণ সংকল্প লয়; তাৰ ওপৰতে আপোনাৰ সফলতা-বিফলতা নিৰ্ভৰ কৰে৷

যিদৰে কৌৰৱ আৰু পাণ্ডৱৰো গুৰু একেজনেই আছিল৷ দুয়োটা পক্ষই একেই শিক্ষা লাভ কৰিছিল, কিন্তু তেওঁলোকৰ ব্যক্তিত্ব আৰু কৃতিত্ব কিমান ভিন্ন আছিল৷ এয়া এই কাৰণেই সম্ভৱ আছিল, কিয়নো কৌৰৱ আৰু পাণ্ডৱৰ সংকল্প পৃথক আছিল৷ জীৱনপথত আপোনালোকেও বহুতৰ পৰা শিক্ষা লাভ কৰিব কিন্তু শিক্ষা গ্ৰহণ কৰি কি পথেৰে আগবাঢ়িব, কি সংকল্পৰে আগবাঢ়িব, এইবোৰ  আপুনি নিজেই নিৰ্ণয় কৰিব লাগিব৷

 

গৌতম বুদ্ধৰ ‘অপ্প দীপো ভৱঃ’ৰো সাৰমৰ্ম এয়াই৷ নিজেই নিজক চিনিব লাগিব৷ কোন দিশে আপুনি যাব, সেয়া নিজেই নিৰ্ণয় কৰিব লাগিব৷ কোনোৱে আপোনাক পথ দেখুৱাবলৈ নাহে৷ কোনোৱে আপোনাক সোঁৱৰাই দিবলৈও নাহে৷ যি কৰিব লগা আছে, আপুনি নিজেই কৰিব লাগিব৷

 

ভাই-বন্ধুসকল, স্বামী বিবেকানন্দই কৈছিল—‘তৰুণ সেইসকলহে যিয়ে অতীতৰ কথা চিন্তা নকৰি নিজৰ ভৱিষ্যতৰ লক্ষ্যৰ দিশে আগুৱাই যায়৷’ আপোনালোক তৰুণ সকলেই দেশৰ ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰে৷ সেইবাবে আজি আপোনালোকে যি সিদ্ধান্ত গ্ৰহণ কৰিব, সেয়া দেশৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হ’ব৷ 

সতীৰ্থসকল, সকলো ব্যক্তিয়ে এদিন অকলেই আৰম্ভণি কৰিবলগীয়া হয়৷

আপোনাৰ লক্ষ্য-উদ্দেশ্য স্পষ্ট আৰু মন উদ্যমী হ’লে আপোনাক সহযোগ কৰিবলৈ মানুহ আগুৱাই আহে৷ আপোনালোকৰ ওচৰত মোৰ এটাই অনুৰোধ যে প্ৰথমটো পদক্ষেপ গ্ৰহণৰ পূৰ্বে অথবা নতুন কিবা এটা কৰাৰ পূৰ্বে কেতিয়াও ভয় নাখাব, মাথো মন দৃঢ় কৰি আগুৱাই যাব৷

 

এই যাত্ৰাত চৰকাৰ তথা সমগ্ৰ দেশে আপোনাক সকলো প্ৰকাৰে সহায় সহযোগ কৰিব৷ যিসকল তৰুণ যুৱক-যুৱতীয়ে নিজৰ ভৰিৰ ওপৰত থিয় হৈ কঠোৰ পৰিশ্ৰমেৰে নিজৰ সপোন পূৰণ কৰিব বিচাৰিছে, তেওঁলোকক সকলো প্ৰকাৰে আমি সহায় কৰিব বিচাৰো৷

 

যেতিয়াই তেঁওলোকে আৰম্ভ কৰে, তেওঁলোক যাতে বেংক গেৰাণ্টী অথবা কৰৰ বাবে চিন্তিত হ’ব নালাগে৷ মই বিচাৰো যে আমাৰ দেশৰ যুৱ প্ৰজন্ম চাকৰি সৃষ্টিকৰ্তা হওক, নতুন উদ্ভাৱনৰ বাবে তেওঁলোক আগবাঢ়ি আহক৷ চৰকাৰখনেও এই দিশতে ধাৰাবাহিকভাৱে কাম কৰি আছে। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত প্ৰায় ১০কোটি লোকক ঋণ প্ৰদান কৰা হৈছে৷  ১০ কোটি বৃহৎ সংখ্যা হয়৷

কোনো বেংক গেৰাণ্টী অবিহণে ৪লাখ কোটিতকৈ অধিক টকাৰ ঋণ আগবঢ়োৱা হৈছে৷ চিন্তা কৰক বেংক গেৰাণ্টী অবিহণে বা কেনেকৈ ধন উভতাই দিব সেয়া নুশুধাকৈয়ে ৪লাখ কোটিৰো অধিক টকাৰ ঋণ জনসাধাৰণক আগবঢ়োৱা হৈছে৷

এই ধনেৰে গাঁৱ আৰু চহৰত জনসাধাৰণে সৰু সৰু ব্যৱসায় আৰম্ভ কৰিছে৷ তেওঁলোকে নিজৰ সপোন পূৰণ কৰিছে৷  লাহে লাহে এই ক্ষুদ্ৰ ব্যৱসায়ীসকলেই এতিয়া আনক সংস্থাপন দিব পৰা হৈ উঠিছে৷

ভাই-বন্ধুসকল, চৰকাৰৰ এই বৃহৎ পৰিকল্পনাৰ আধাৰ মাত্ৰ এটাই৷ সেয়া হ’ল—আপোনাৰ ওপৰত, দেশৰ নৱ প্ৰজন্মৰ ওপৰত বিশ্বাস৷ আমাৰ বিশ্বাস আছে যে এই দেশৰ নৱ প্ৰজন্মই যেতিয়া সংকল্পৰে কাম কৰে, তেতিয়া সকলো সম্ভৱ হৈ উঠে৷ উৎসাহ আৰু উদ্দীপনাৰে ভৰা এনে উদীয়মান প্ৰজন্ম দেশৰ প্ৰতিটো কোণতে আছে৷

আপোনালোকৰ মাজত সামৰ্থ আছে, সাহস আছে আৰু সঠিক দিশত আগুৱাই যোৱাৰ জ্ঞান-বুদ্ধিও আপোনাৰ মাজত আছে৷ এইবাবে চৰকাৰে আপোনালোকক সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰয়াস কৰিছে৷  আমি মাথো আপোনালোকক সামান্য সহযোগ কৰিছে, বাকী আপোনালোক স্বয়ং সক্ষম৷  সতীৰ্থসকল, চৰকাৰে এইক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছে যাতে যুৱ প্ৰজন্মই বৰ্তমানৰ আৱশ্যকতা অনুসৰি দক্ষতা বিকাশৰ প্ৰশিক্ষণ লাভ কৰে৷

স্কিল(দক্ষতা)ক লৈ প্ৰথমবাৰৰ বাবে চৰকাৰে ইমান গুৰুত্ব আৰোপ কৰিছে৷ আগতেতো দক্ষতা আৰু শিক্ষাৰ মাজত স্পষ্ট পাৰ্থক্য শুধিলেই মানুহৰ মুখ বন্ধ হৈ গৈছিল৷

 

 বন্ধু-বান্ধৱীসকল, উৰা জাহাজ কেনেকৈ উৰে সেয়া কিতাপত পঢ়াটো হ’ল শিক্ষা, কিন্তু বাস্তৱত কেনেকৈ উৰাজাহাজ উৰাব পৰা যায়, সেয়া শিকাটো হ’ল দক্ষতা(স্কিল)৷ শিক্ষা থাকিলেও দক্ষতা নাথাকিলে সংস্থাপন লাভ কৰাতো কঠিন হৈ পৰিছে৷ সেইবাবে আমি দক্ষতা বৃদ্ধি কৰাত গুৰুত্ব দিছো৷ যুৱ প্ৰজন্মই যাতে শিক্ষাৰ সমান্তৰালকৈ দক্ষতা বিকাশৰ প্ৰশিক্ষণ লাভ কৰে, তাৰ ওপৰত ধ্যান দিয়া হৈছে৷ 

স্কিল ইণ্ডিয়া মিছনৰ অধীনত লাখ লাখ উদীয়মান যুৱক-যুৱতীক প্ৰশিক্ষণ দি থকা হৈছে৷ চৰকাৰে দেশজুৰি প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰ স্থাপন কৰি আছে৷ ইণ্ডিয়া ইণ্টাৰনেচনেল স্কিল চেণ্টাৰো মুকলি কৰা হৈছে৷ শতাধিক মাল্টি স্কিল ট্ৰেইনিং প্ৰতিষ্ঠানৰ কামো চলি আছে৷ প্ৰথমবাৰ এনেকুৱা হৈছে যে যুৱক-যুৱতীসকলক এপ্ৰেণ্টাইশ্বিপৰ সুবিধা দিয়াৰ বাবে কোম্পনীসমূহক আৰ্থিক অনুদান দিয়া হৈছে।  

 

ৰাষ্ট্ৰীয় এপ্ৰেণ্টাইশ্বিপ আঁচনিৰ অধীনত এতিয়ালৈ প্ৰায় ৭লাখ যুৱক-যুৱতী নাম পঞ্জীয়ন কৰা হৈছে৷ অনাগত ২-৩বছৰত চৰকাৰে ৫০লাখ যুৱক-যুৱতীক এপ্ৰেণ্টাইশ্বিপ ট্ৰেইনিং দিয়াৰ লক্ষ্য লৈছে৷ প্ৰধানমন্ত্ৰী যুৱ আঁচনিৰ অধীনতো তিনি হাজাৰৰ অধিক প্ৰতিষ্ঠানত শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়াৰ কাম চলি আছে৷  

চৰকাৰৰ প্ৰচেষ্টা এয়ে যে যুৱক-যুৱতীসকলে দেশৰ প্ৰয়োজন অনুসৰি প্ৰশিক্ষণ লাভ কৰক৷ ভাৰতৰ বাহিৰৰ দেশত কি ধৰণৰ প্ৰয়োজীয়তা আছে, তাৰ ওপৰত ভিত্তি কৰি দক্ষতা বিকাশৰ প্ৰশিক্ষণ দি থকা হৈছে৷

বন্ধুসকল, দেশৰ তৰুণ প্ৰজন্মৰ ওপৰত মোৰ গভীৰ বিশ্বাস আছে৷ দেশৰ সপোন তেওঁলোকৰ বুকুতে নিহিত হৈ আছে৷ সেইবাবে আমি যুৱ প্ৰজন্মৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিছো৷

সতীৰ্থসকল, কিছুমামে কয় যে আজিৰ যুৱ প্ৰজন্মৰ ধৈৰ্য শক্তি নাই৷

মই কও যে এই কথাই আজিৰ প্ৰজন্মক নতুন উদ্ভাৱনৰ বাবে উৎসাহিত কৰে৷

জীৱনত ধৈৰ্য অত্যন্ত প্ৰয়োজন, অস্থিৰ জীৱনো সঠিক নহয়৷ কিন্তু এনেকুৱা ধৈৰ্য হ’ব নালাগে যাৰ বাবে মানুহে নতুন কোনো চিন্তা কৰিবই নোৱাৰে, জীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈ যায়৷ ধৈৰ্য নাই বাবেই আজিৰ যুৱ-প্ৰজন্মই তীব্ৰ গতিৰে কাম কৰি আছে, নতুন উদ্ভাৱনৰ কাম কৰি আছে আৰু ভাল ফলাফলো প্ৰদৰ্শন কৰিছে৷

 

স্বচ্ছ ভাৰত অভিযানেই হওক অথবা বেটী বচাও-বেটী পঢ়াও অভিযানেই হওক—আপোনালোকৰ উদ্ভাৱন সামাজিক সংস্কাৰৰ সৈতে জড়িত হৈ আছে৷ আপোনালোকৰ ওচৰে পাজৰে যিবোৰ সমস্যা আছে, প্ৰত্যাহ্বান আছে—সেইবোৰ আপোনালোকতকৈ ভালকৈ কোনেও ভালকৈ বুজি নাপায়৷ উদ্ভাৱনৰ ক্ষেত্ৰত আপোনালোকৰ সক্ষমতাৰ ওপৰত ভিত্তি কৰি চৰকাৰে ‘অটল ইন’ভেচন মিছন’ আৰম্ভ কৰিছে৷ দেশৰ স্কুল, কলেজত ইন’ভেচনৰ ব্যৱস্থা গঢ় দিয়াৰ প্ৰস্তুতি চলি আছে৷ ছাত্ৰ-ছাত্ৰীৰ মাজত বৈজ্ঞানিক মানসিকতা বৃদ্ধি কৰিবলৈ আৰু তেওঁলোকৰ সৃষ্টিশীলতাক সঠিক মঞ্চ দিবলৈ দেশব্যাপি প্ৰায় আঢ়ৈ হাজাৰতকৈ অধিক অটল টিংকাৰিং লেব’ৰেটৰীক স্বীকৃতি দিয়া হৈছে৷ 

 

নিৰ্মাণ পৰিবহণ, শক্তি, কৃষি, জল আৰু স্বচ্ছতা খণ্ডত উদ্ভাৱন আৰু উদ্যমশীলতা বৃদ্ধি কৰিবলৈ অটল ইনকিউবেচন চেণ্টাৰ মুকলি কৰি থকা হৈছে৷ এই চেণ্টাৰে নতুন ষ্টাৰ্ট আপক আৰ্থিক সহায়ো কৰিব আৰু সঠিক পথৰো সন্ধান দিব৷

 

ভাই-বন্ধুসকল, ষ্টাৰ্ট আপ ইণ্ডিয়া কাৰ্যসূচী ভাৰতত ষ্টাৰ্ট আপ আন্দোলনৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ চৰকাৰে ১০ হাজাৰ কোটি টকাত ষ্টাৰ্ট আপ ফাণ্ড তৈয়াৰ কৰিছে৷

নতুন ষ্টাৰ্ট আপক ক্ৰেডিট গেৰাণ্টী দি থকা হৈছে, কৰ ৰেহাই দিথকা হৈছে৷ তেওঁলোকে নিজৰ উদ্ভাৱনৰ পেটেণ্ট প্ৰস্তুত কৰিব পাৰিব, ইয়াৰ বাবে চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক আইনী সহযোগিতাও আগবঢ়োৱাও হ’ব৷  মই তথ্যসমূহ আপোনালোকক এইকাৰণেই কৈছো কাৰণ কলেজৰ পৰা ওলোৱাৰ পাছত এই তথ্যবোৰে আপোনালোকক আগুৱাই যোৱাত সহায় কৰিব৷

 

আজি আপোনালোকে যিবোৰ সংকল্প লৈছে, সেইবোৰ পূৰণ কৰোতে এই তথ্যসমূহেই আপোনাৰ বাবে উপযোগী হ’ব৷

অধ্যয়ন সম্পূৰ্ণ কৰি আপোনালোকে ষ্টাৰ্ট আপ আৰম্ভ কৰিলে কোনেও বাধা নিদিয়ে, নিজৰ কোম্পানী মুকলি কৰিলে কোনেও বাধা নিদিয়ে৷

 

ভাই-ভনীসকল, বিশ্বৰ সকলো লোকেই যে পৰ্যাপ্ত সুবিধা লাভ কৰি আগুৱাই যাব, সেয়া জৰুৰী নহয়৷ সংঘৰ্ষৰ মাজতো মানুহ আগুৱাই গৈছে৷ আজি কিমান যে বিদেশী কোম্পানীক ভাৰতৰ পৰা যোৱা যুৱকে চলাই আছে, তেওঁলোক কোনোবা কোম্পানীৰ অধ্যক্ষ, কোনোবা সভাপতি আৰু কোনোবা মুখ্য কাৰ্যবাহী বিষয়া৷ কোম্পানীসমূহত তেওঁলোকক কামৰ লোহা হিচাপে জনা যায়৷ তেওঁলোকে কি পোনপটীয়াকৈ সেই স্থানত উপনীত হৈছে নেকি?—নহয়৷ তেওঁলোকে ত্যাগ, কষ্ট আৰু অধ্যাৱসায় কৰিছে, সপোন ৰচিছে, ৰিস্ক লৈছে, দিন-ৰাতি মূৰৰ ঘাম মাটিত পেলাইছে—তাৰ পাছতহে সেই স্থানত উপনীত হৈছে৷ 

ভাৰতৰ যুৱ প্ৰজন্মৰ মাজতো এই সামৰ্থ আছে যে তেওঁলোকে যি স্থানলৈয়ে গৈছে তাতেই দেশ তথা নিজৰ নাম উজলাইছে৷ আপোনালোকে দেখিছে যে কিছুদিন পূৰ্বে ভাৰতৰ আঁচল ঠাকুৰে স্কায়িঙত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পদক জয় কৰে৷ ইয়াৰ পূৰ্বে মানুসী ছিল্লাৰে দেশৰ নাম উজলাই তুলিছিল৷

 

বন্ধুসকল, আজি আপোনালোকৰ প্ৰতি মোৰ এইটোও আহ্বান যে ক্ৰীড়াক জীৱনৰ অংশ কৰি লওক৷ এই মুহূৰ্তত মঞ্চত ৰাজ্যৱৰ্ধন সিং উপস্থিত আছে৷ মই অনুভৱ কৰো যে তেওঁ মন্ত্ৰী পিছত, প্ৰথমে তেওঁ এগৰাকী অলিম্পিয়ান, এগৰাকী সফল শ্বুটাৰ৷

 

আমাৰ যুৱ মুখ্যমন্ত্ৰী শ্ৰীযুত যোগী আদিত্যনাথো কম খেলুৱৈ নহয়৷ আজিকালি  তেওঁৰ কামৰ বাবে আন ৰাজ্যৰ বহুত লোকৰ সমস্যাৰ সৃষ্টি হৈছে৷ টুইটাৰতো তেওঁ ডাঙৰ ডাঙৰ খেলুৱৈক পৰাস্ত কৰিবলৈ সক্ষম হৈছে৷ সেয়া যি কি নহওক মই ক্ৰীড়াৰ ওপৰত অধিক মনোনিবেশৰ কথা পুনৰ উল্লেখ কৰিব বিচাৰিছো৷ কাৰণ খেল শিক্ষাৰে এটি অংশ আৰু ই আমাৰ শৰীৰ সুস্থ-সৱল কৰি ৰখাৰ লগতে মস্তিষ্কৰ বিকাশ সাধন কৰে৷ খেলৰ পৰা আমি অনুশাসনৰ শিক্ষা লাভ কৰো৷

খেলপথাৰে আমাক পৰাজয়ৰ অৰ্থ উপলব্ধি কৰায়৷ খেলপথাৰে আমাক নিজৰ লক্ষ্যপ্ৰাপ্তিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ শিকায়৷ খেলপথাৰৰ পৰাই আমি ক্ৰীড়াসূলভ মানসিকতাৰ অধিকাৰী হওঁ৷ সেইবাবে মই কও—যিয়ে খেলে, সিয়ে ফুলে৷

 

খেলৰ সমান্তৰালকৈ যোগাসনকো জীৱনৰ অংশ কৰি লওক৷ মই জানিব পাৰিছো যে এই মহোৎসৱত আপোনালোকে প্ৰতি পুৱা যোগাসন কৰিব৷ মই বিচাৰো যে এই অভ্যাসটো আপোনালোকে লগত লৈ যাব৷ যোগৰ জৰিয়তে আপোনালোক শাৰিৰীক আৰু মানসিকভাৱে সৱল হৈ থাকিব৷

 

মোৰ সতীৰ্থসকল, আগবাঢ়ি যাওক, নিজকে বিকশিত কৰক, নিজৰ ব্যক্তিত্বক বিকশিত কৰক৷ এই মহোৎসৱত গোট খোৱা বিভিন্ন ৰাজ্যৰ যুৱ সতীৰ্থসকলৰ সৈতে বন্ধুত্ব স্থাপন কৰক, কথা পাতক, তেওঁলোকক বুজক, তেওঁলোকৰ ভাষা শিকক, তেওঁলোকৰ খ্যাদাভাসৰ জ্ঞান লওক৷

 

মই ভাৱো যে এই মহোৎসৱত আপোনালোকে যিবোৰ কথখা শিকিব, সেইবোৰ জীৱনভৰ আপোনাৰ সৈতে থাকিব, আপোনাৰ কামত আহিব৷ সতীৰ্থসকল, এয়াও এক সংকল্প, যাৰ সহায়ত এক ভাৰতশ্ৰেষ্ঠ ভাৰতৰ সপোন সাৰ্থক হ’ব৷

 

বন্ধুসকল, আমাৰ শ্ৰদ্ধাৰ শ্ৰী অটল বিহাৰী বাজপেয়ী মহোদয়ে কৈছিল যে—‘আমি একেলগে কান্ধত কান্ধ লগাই দেশখনক উন্নয়নৰ শিখৰলৈ লৈ যাব লাগিব৷’

আহক আমি সকলোৱে মিলি, দেশৰ নতুন প্ৰজন্মই মিলি, দেশৰ ১২১কোটি জনতাই মিলি নিজৰ শক্তি-সামৰ্থক দেশ নিৰ্মাণৰ হকে ব্যৱহাৰ কৰো আৰু এখন নতুন ভাৰত গঢ়ো৷

 

পুনৰ এবাৰ আপোনালোক সকলোকে যুৱ দিৱস আৰু যুৱ মহোৎসৱৰ শুভকামনা জনাইছো, লগতে স্বামী বিবেকানন্দক পুনৰ স্মৰণ কৰিছো৷ বিবেকানন্দই দেখুৱাই যোৱা পথেৰে দেশৰ সকলো তৰুণ-তৰুণী আগবাঢ়ি যাওক—মোৰ শুভকামনা আপোনালোকৰ সৈতে আছে আৰু ইয়াতে মই মোৰ ভাষণ সমাপ্ত কৰিলো৷ বহুত বহুত ধন্যবাদ৷

 

জয় হিন্দ !!!

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's tyre exports rise 16% in Q1 to ₹7,700 cr despite global headwinds: ATMA

Media Coverage

India's tyre exports rise 16% in Q1 to ₹7,700 cr despite global headwinds: ATMA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on National Sports Day
August 29, 2026

The Prime Minister, Shri Narendra Modi has extended his greetings to all sports lovers on National Sports Day. Shri Modi said that the dedication, passion and determination of sportspersons make the entire nation proud.

The Prime Minister also paid homage to the legendary Major Dhyan Chand Ji, whose brilliance and contribution to Indian hockey continue to inspire generations.

Shri Modi posted on X:

“To every sports lover…your dedication, passion and determination make everyone proud.

We also pay homage to the legendary Major Dhyan Chand Ji, whose brilliance inspires generations.

#NationalSportsDay”