Time has come for the whole world to take concrete steps and stand united against all forms of terrorism and its perpetrators: PM
India and Argentina have decided to elevate our ties to a strategic partnership and to promote peace, stability, economic progress and prosperity: PM
India and Argentina are complementary to each other in many ways and both the countries must take advantage of the shared ties: PM

মোৰ মিত্ৰ ৰাষ্ট্ৰপতি মেক্ৰি আৰু আৰ্জেণ্টিনাৰ বিশেষ অতিথিগণ,

নমস্কাৰ

মই ৰাষ্ট্ৰপতি মহোদয়, তেওঁৰ পৰিয়াল তথা প্ৰতিনিধিবৰ্গক উষ্ম সম্ভাষণ জনাইছো৷ বুয়েনছ আয়াৰ্ছত অনুষ্ঠিত হোৱা সন্মিলনৰ দুমাহ পিছত মই আপোনালোকক ভাৰতত স্বাগতম জনোৱাৰ সৌভাগ্য লাভ কৰিছো৷ এই উপলক্ষে মই পুনৰবাৰ ৰাষ্ট্ৰপতি মেক্লি আৰু তেওঁৰ দলক ২০১৮ চনত জি-২০ সন্মিলনৰ সফলতাপূৰ্বক আয়োজনৰ বাবে অভিনন্দন জনাইছো৷ সেই জি২০ সন্মিলনত বুয়েনছ আয়াৰ্ছত ৰাষ্ট্ৰপতি মেক্ৰিয়ে এক সুন্দৰ ঘোষণা কৰিছিল যে ২০২২ চনত ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষপূৰ্তি উপলক্ষে ভাৰতে জি২০ৰ আয়োজন কৰিব৷ ইয়াৰ বাবে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো৷

বন্ধুসকল,

ৰাষ্ট্ৰপতি মেক্ৰিৰ সৈতে মোৰ পঞ্চম সাক্ষাতে দুয়োখন দেশৰ মাজত স্থাপন হোৱা দ্বিপাক্ষিক সহযোগিতাৰ দ্ৰুত উত্থানক প্ৰতিফলিত কৰিছে৷ আমি প্ৰমাণ কৰিছো যে দুয়োখন দেশৰ মাজৰ ১৫,০০০ কিলোমিটাৰৰ দূৰত্ব মাথোঁ এটা সংখ্যাহে৷ ৰাষ্ট্ৰপতি মেক্ৰিয়ে এক গুৰুত্বপূৰ্ণ বৰ্ষত ভ্ৰমণলৈ আহিছে৷ এই বৰ্ষটো হ’ল দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭০তম বৰ্ষ৷ কিন্তু আমাৰ পাৰস্পৰিক সম্বন্ধ ইয়াতকৈও প্ৰাচীন৷ গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯২৪ চনত আৰ্জেণ্টিনা ভ্ৰমণ কৰিছিল৷ সেই যাত্ৰাৰ প্ৰভাৱ পৰিলক্ষিত হৈছিল তেওঁৰ সৃষ্টিত৷ শান্তি, স্থিৰতা, অৰ্থনৈতিক উত্তৰণ আৰু দুয়োখন দেশৰ বিকাশৰ প্ৰতি থকা আমাৰ মূল্যবোধৰ ফলতে দেশ দুখনৰ মাজত কৌশলগত সহযোগিতাও স্থাপন হৈছে৷ মই আৰু ৰাষ্ট্ৰপতি মেক্ৰিয়ে বিশ্বজনীন শান্তি আৰু স্থিৰতাৰ বাবে সন্ত্ৰাসবাদ এক গুৰুতৰ সমস্যা বুলি একমত হৈছো৷ পুলৱামাত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণে ইয়াৰ বাবে আলোচনাৰ পৰ্যায় শেষ হোৱা বুলি প্ৰতীয়মান কৰিছে৷ এতিয়া সমগ্ৰ বিশ্বই সন্ত্ৰাসবাদ আৰু ইয়াৰ সমৰ্থকসকলৰ প্ৰতি একত্ৰিতভাৱে থিয় দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে কাৰ্যপন্থা গ্ৰহণত অক্ষমতা প্ৰকাশ কৰা তথা অমানৱীয় কাৰ্যক সমৰ্থন কৰা কাৰ্যই সন্ত্ৰাসবাদক সমৰ্থন দিয়াটোকেই বুজায়৷ জি-২০ দেশ হিচাপে সন্ত্ৰাসবাদক মোকাবিলা কৰিবলৈ ১১-দফীয়া ‘হামবাৰ্গ লীডাৰৰ বিবৃতি’ প্ৰণয়ন কৰাও প্ৰয়োজনীয়৷ এই পৰিপ্ৰেক্ষিতত আজি আমি দুয়োখন দেশে এই আলোচনা সমাপ্ত হোৱাৰ পিছত সন্ত্ৰাসবাদক মোকাবিলা কৰাৰ বাবে এক বিশেষ আলোচনাৰ আয়োজন কৰাটো প্ৰয়োজন৷ মহাকাশ প্ৰযুক্তি তথা নিউক্লীয়াৰ শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ সহযোগিতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে৷ প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত আজি স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিপত্ৰই প্ৰতিৰক্ষাৰ ক্ষেত্ৰখনক নতুন আয়তন প্ৰদান কৰিব৷

বন্ধুসকল,

ভাৰত আৰু আৰ্জেণ্টিনা বিভিন্ন দিশৰ পৰা দুয়ো দুয়োৰে পৰিপূৰক৷ ইয়াৰ পূৰ্ণ সুবিধা গ্ৰহণৰ দ্বাৰা আমি পাৰস্পৰিকভাৱে উপকৃত হ’ম৷ আৰ্জেণ্টিনা কৃষিক্ষেত্ৰৰ শক্তিগৃহস্বৰূপ৷ ভাৰতে আৰ্জেণ্টিনাক খাদ্য সুৰক্ষাৰ গুৰুত্বপূৰ্ণ সহযোগী হিচাপে বিবেচনা কৰে৷ আমাৰ মাজত সম্পন্ন হোৱা কৃষি-ঔদ্যোগিক সহযোগিতাৰ কৰ্ম পৰিকল্পনাই এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে৷ আইচিটি ক্ষেত্ৰত বিশেষকৈ জেএএম অৰ্থাৎ জনধন-আধাৰ-ম’বাইল আৰু ডিজিটেল লেনদেন আন্তঃগাঁথনিত ভাৰতৰ সাফল্য আৰ্জেণ্টিনাৰ সৈতে বিনিময় কৰি আমি সাজু৷ ২০৩০ চনৰ ভিতৰত ভাৰতৰ বাহনসমূহৰ অতিকমেও ৩০% বৈদ্যুতিক বেটেৰীৰ দ্বাৰা চালিত কৰিবলৈ আমি লক্ষ্য নিৰ্ধাৰণ কৰিছো৷ আৰ্জেণ্টিনা লিথিয়াম ত্ৰিভুজৰ অংশ আৰু ইয়াত বিশ্বৰ লিথিয়ামৰ প্ৰায় ৫৪%ই মজুত আছে৷ আমাৰ যৌথ অভিযান ‘কাবিলে’ আৰ্জেণ্টিনাৰ সৈতে খনি খণ্ডত সহযোগিতা স্থাপনৰ বাবে আলোচনা আৰম্ভ কৰিছে৷

বন্ধুসকল,

যোৱা ১০ বছৰত আমাৰ দ্বিপাক্ষিক বাণিজ্য দুগুণতকৈও অধিক হৈছে আৰু ৩ বিলিয়ন আমেৰিকান ডলাৰৰ সীমা স্পৰ্শ কৰিছে৷ আৰু বিভিন্ন ক্ষেত্ৰ যেনে কৃষি, ধাতু আৰু খনিজ, তেল আৰু গেছ, ফাৰ্মাচিউটিকেল, ৰাসায়নিক, মটৰ বাহন আৰু সেৱা খণ্ডত ই আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ আজি আমি আমাৰ বাণিজ্যিক সহযোগিতা বৃদ্ধি হোৱাৰ কিছুমান নিৰ্দিষ্ট পদ্ধতি চিনাক্ত কৰিছো৷ মই সুখী যে ৰাষ্ট্ৰপতি মেক্ৰিৰ সৈতে বহুতো গুৰুত্বপূৰ্ণ আৰ্জেণ্টাইন উদ্যোগৰ প্ৰতিনিধিসকল ইয়ালৈ আহিছে৷ মই নিশ্চিত যে দিল্লী আৰু মুম্বাইত ব্যৱসায়িক নেতাসকলৰ সৈতে তেওঁৰ আলোচনা ফলপ্ৰসূ হ’ব৷  ২০০৪ চনত মীৰক’চুৰ (MERCOSUR)ৰ সৈতে অগ্ৰাধিকাৰযুক্ত বাণিজ্যিক চুক্তি সম্পন্ন কৰা ভাৰত প্ৰথমখন দেশ আছিল৷ বৰ্তমানৰ আৰ্জেণ্টিনাৰ চৰকাৰৰ সৈতে আজি আমি ভাৰত-মীৰক’চুৰ বাণিজ্যিক চুক্তিৰ সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰিছো৷

বন্ধুসকল,

আৰ্জেণ্টিনাত ভাৰতীয় কলা, সংস্কৃতি আৰু আধ্যাত্মিকতাবাদৰ অনেক গুণগ্ৰাহী আছে৷ আৰ্জেণ্টিনাৰ টেংগ নৃত্য আৰু ফুটবল ভাৰতত অতিশয় জনপ্ৰিয়৷ জনসাধাৰণক কাষলৈ চপাই অনাৰ বাবে পৰ্যটন আৰু ৰাজহুৱা সম্প্ৰচাৰ এজেন্সীসমূহৰ সৈতে সাংস্কৃতিক বিনিময় সন্দৰ্ভত বিভিন্ন চুক্তি সম্পন্ন কৰা হৈছে৷

বন্ধুসকল,

আন্তৰ্জাতিক মঞ্চত ভাৰত আৰু আৰ্জেণ্টিনাৰ সহযোগিতা লেখত ল’বলগীয়া৷ বিশ্বজনীন শান্তি আৰু সুৰক্ষা তথা অৰ্থনৈতিক আৰু সামাজিক উত্তৰণৰ বাবে আমি বহুপক্ষীয় সংশোধনৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিছো৷ আৰ্জেণ্টিনাই মিছাইল প্ৰযুক্তি নিয়ন্ত্ৰণ ব্যৱস্থা, ৱাছেনাৰ ব্যৱস্থাপনা, অষ্ট্ৰেলিয়া গোট আৰু নিউক্লিয়াৰ যোগানকৰ্তা গোটত ভাৰত অন্তৰ্ভুক্তিক সমৰ্থন প্ৰদান কৰিছে৷ দক্ষিণ-দক্ষিণ সহযোগিতা আমাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ৷ মই সুখী যে ভাৰতে ২০১৯ চনত বুয়েনছ আয়াৰ্ছত অনুষ্ঠিত দক্ষিণ-দক্ষিণ সহযোগিতাত ৰাষ্ট্ৰসংঘৰ দ্বিতীয় উচ্চ পৰ্যায়ৰ সন্মিলনত সক্ৰিয় অংশগ্ৰহণ কৰিব৷ জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী একেই৷ মই অতিশয় সুখী যে আৰ্জেণ্টিনা আন্তৰ্জাতিক সৌৰ সহযোগিতা (আইএছএ)ৰ নতুন সদস্য হিচাপে অন্তৰ্ভুক্ত হৈছে৷

মহোদয়,

মই পুনৰবাৰ আপোনালোকৰ ভাৰত ভ্ৰমণৰ বাবে হৃদয়েৰে অভিনন্দন জনাইছো৷ আপোনাৰ তথা আপোনাৰ পৰিয়ালবৰ্গৰ বাবে এই যাত্ৰা মধুময় হওক বুলি মই আশা প্ৰকাশ কৰিছো৷

ধন্যবাদ৷

মুচাছ গ্ৰেচিয়াছ৷       

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership