সংসদত উত্থাপিত অনাস্থা প্ৰস্তাৱ নাকচ কৰিবলৈ মই সকলো দলকে আহ্বান জনাইছো৷

আজি একাংশ সদস্যই প্ৰকাশ কৰা নেতিবাচক দৃষ্টিভংগী দেশবাসীয়ে প্ৰত্যক্ষ কৰিছে৷  ভাৰতবৰ্ষই চাই আছে কিদৰে একাংশ লোকে উন্নয়নৰ তীব্ৰ বিৰোধিতা আগবঢ়াইছে৷

আপোনালোক যদি তৰ্কৰ বাবে প্ৰস্তুত নহয়, তেন্তে অনাস্থা প্ৰস্তাৱ কিয় উত্থাপন কৰিছে? প্ৰক্ৰিয়াটোক আপোনালোকে কিয় বিলম্ব কৰিব বিচাৰিছে?

তেওঁলোকে মাথো এটাই চিন্তা কৰে—কিদৰে মোদীক আঁতৰাব পাৰি৷

বিৰোধী সদস্যসকলৰ মাজত আমি এক অহংকাৰী মনোভাৱ দেখিছো৷ তেওঁলোকক মই ক’ব বিচাৰো যে দেশবাসীয়ে আমাক নিৰ্বাচন কৰি ইয়ালৈ পঠাইছে৷ গতিকে ক্ষমতালৈ অহাৰ ইমান দৌৰা দৌৰি কিয়?  

পুৱা ভোটিং সমাপ্ত হোৱা নাছিল, তৰ্কও সামৰণি পৰা নাছিল৷ তেতিয়াই এজন সদস্য মোৰ ওচৰলৈ আহি ক’ব ধৰিলে—উঠক উঠক উঠক৷

এজন মোদীক আঁতৰাবলৈ তেওঁলোক সকলোৱে ঐক্যবদ্ধভাৱে চেষ্টা কৰি আছে৷

আমি ইয়াত নিজৰ স্বাৰ্থৰ বাবে বহি থকা নাই৷

১২৫ কোটি ভাৰতীয়ৰ আশীৰ্বাদ শিৰত লৈ আমি ইয়াত আছো৷

‘আমি সৱকা সাথ, সৱকা বিকাশ’ মন্ত্ৰৰে দেশবাসীৰ সেৱা কৰি আছো৷

এই গাওঁসমূহৰ অধিকাংশই পূব ভাৰত আৰু উত্তৰ-পূব ভাৰতত অৱস্থিত৷

৭০ বছৰে অন্ধকাৰত থকা ১৮,০০০ গাওঁক আমাৰ চৰকাৰে বিদ্যুৎ সংযোগেৰে সাঙুৰি লৈছে৷

অভিলেখ পৰিমাণত ভাৰতৰ চৌদিশে শৌচালয় নিৰ্মাণ হৈছে৷ উজ্জ্বলা যোজনাৰ বাবে মহিলাসকলে এতিয়া ধোৱাবিহীন জীৱন কটাব পাৰিছে৷

দৰিদ্ৰৰ বাবে আমাৰ চৰকাৰে বেংক একাউণ্ট মুকলি কৰিছে৷ পূৰ্বে, বেংকৰ দূৱাৰ দৰিদ্ৰৰ বাবে সম্পূৰ্ণৰূপে বন্ধ আছিল৷

এই চৰকাৰেই দৰিদ্ৰৰ সুস্বাস্থ্য নিশ্চিত কৰিবলৈ আয়ুস্মান ভাৰতৰ দৰে আঁচনি গ্ৰহণ কৰিছেঃ প্ৰধানমন্ত্ৰী৷

নিম-লেপিত ইউৰিয়াৰ সিদ্বান্তই ভাৰতবৰ্ষৰ কৃষকক উপকৃত কৰিছে৷

ষ্টাৰ্ট-আপ পৰিৱেশতন্ত্ৰত ভাৰতে এক শক্তিশালী প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছে৷ মুদ্ৰা যোজনাই দেশৰ বহুতো যুৱক-যুৱতীৰ সপোন সাৰ্থক কৰিবলৈ সক্ষম হৈছে৷

ভাৰতৰ অৰ্থনীতি শক্তিশালী হৈ আছে আৰু ভাৰতে গোলকীয় অৰ্থনীতিকো শক্তিশালী কৰিছে৷

ক’লাধনৰ বিৰু্দ্ধে যুঁজ চলি থাকিব৷ মই জানো যে এই যুঁজৰ বাবে মোৰ শত্ৰু যথেষ্ট বৃদ্ধি পাইছে কিন্তু ইয়াক লৈ মই শংকিত নহয়৷ ভাৰতৰ নিৰ্বাচন আয়োগ, ন্যায়িক ব্যৱস্থা, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া আৰু আন আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ ওপৰত কংগ্ৰেছৰ কোনো বিশ্বাস নাই৷

আমি ইয়ালৈ কিয় আহিছো? সকলো সময়তে শিশুসুলভ আচৰণ গ্ৰহণযোগ্য হ’ব নোৱাৰে৷

এজন নেতাই ডোকলামক লৈ বক্তব্য ৰাখিছে৷ সেই একেজন নেতাই আমাৰ সেনাতকৈ চীনৰ ৰাষ্ট্ৰদূতৰ কথা বিশ্বাস কৰে৷

ৰাফেল সন্দৰ্ভত সংসদত এক ভিত্তিহীন অভিযোগ উঠোৱাৰ বাবে দুয়োখন ৰাষ্ট্ৰই বিবৃতি জাৰি কৰিছে৷  

মই কংগ্ৰেছক আহ্বান জনাইছো যে অনুগ্ৰহ কৰি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত ৰাজনীতি নকৰিব৷

আমাৰ সুৰক্ষা বাহিনীৰ প্ৰতি এই অপমান মই সহ্য নকৰো৷

আপোনালোকে যিমান ইচ্ছা মোক অপমান কৰক৷ কিন্তু দেশৰ জোৱানসকলক অপমান কৰা বন্ধ কৰক৷

আপোনালোকে ছাৰ্জিকেল ষ্ট্ৰাইকক ঝুমলা ষ্ট্ৰাইক আখ্যা দিছে৷

চৰণ সিং, চন্দ্ৰ শেখৰ, ডেভগৌড়া, আই কে গুজৰাল আদিৰ সৈতে কংগ্ৰেছে কি কৰছিল, নিশ্চয় সকলোৰে মনত আছে৷ ধনৰ বলত কংগ্ৰেছে দুবাৰকৈ ভোট ক্ৰয়ত জড়িত হৈছিল৷

সমগ্ৰ দেশে প্ৰত্যক্ষ কৰিছে চকুৱে আজি কি কৰিছে৷ সকলোৰে সন্মুখত এয়া পৰিষ্কাৰ হৈ পৰিছে৷

কংগ্ৰেছে অন্ধ্ৰ প্ৰদেশ দ্বিখণ্ডিত কৰিলে আৰু তেওঁলোকৰ তেতিয়াৰ আঁচৰণ অতি লজ্জাজনক৷

অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগনাৰ উন্নয়নৰ বাবে এনডিএ চৰকাৰ সংকল্পবদ্ধ৷

ৱাইএছআৰচিপিৰ সৈতে থকা আপোনালোকৰ আভ্যন্তৰীণ ৰাজনীতিৰ বাবেই এয়া কৰিলে৷ মই অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত কথা পাতিছো৷

মই অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণক ক’ব বিচাৰো যে আমি তেওঁলোকৰ বাবে কাম কৰি আছো৷ তেওঁলোকৰ উন্নয়নৰ বাবে যথাসম্ভৱ সকলো কাম আমি কৰি যাম৷

মই আপোনালোকক এনপিএ সমস্যা সন্দৰ্ভত ক’ব বিচাৰো৷ ইণ্টাৰনেট বেংকিঙৰ পূৰ্বে কংগ্ৰেছ দলে ফোন বেংকিং আৰম্ভ কৰিছিল আৰু ইয়ে এনপিএ বিশৃংখলতাৰ সৃষ্টি কৰে৷

এই চৰকাৰে মুছলিম মহিলাৰ ন্যায়ৰ বাবে যুঁজ দি আছে৷

যিকোনো ধৰণৰ হিংসাত্মক ঘটনাই দেশৰ সুনাম বিনষ্ট কৰে৷ মই পুনৰ এবাৰ ৰাজ্য চৰকাৰসমূহক আহ্বান জনাও যে হিংসাৰ সৈতে জড়িতসকলক কঠোৰ শাস্তি দিব লাগে৷

ভাৰতবৰ্ষই এতিয়া পথ নিৰ্মাণৰ ক্ষেত্ৰত অভিলেখ গতিৰে আগবাঢ়িছে৷ গাঁওসমূহ চহৰৰ সৈতে সংযুক্ত হৈছে, আই-ৱে নিৰ্মাণ হৈ আছে, ৰে’লৱে খণ্ডৰ উন্নতি হৈ আছে৷

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India eyes record $1 billion hotel transactions in 2026 amid travel uncertainties

Media Coverage

India eyes record $1 billion hotel transactions in 2026 amid travel uncertainties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Maharashtra meets Prime Minister
May 28, 2026

Chief Minister of Maharashtra, Shri Devendra Fadnavis met Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office posted on X;

“Chief Minister of Maharashtra, Shri @Dev_Fadnavis had a meeting with Prime Minister @narendramodi today.

@CMOMaharashtra”