India's self-confidence is at an all time high: PM Modi in Lok Sabha
It is this Lok Sabha that has passed stringent laws against corruption and black money: PM
It is this Lok Sabha that passed the GST: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ষষ্ঠদশ লোকসভাৰ অন্তিম অধিৱেশন সম্বোধন কৰে৷

সদনৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত অধ্যক্ষা শ্ৰীমতী সুমিত্ৰা মহাজনৰ ভূমিকাক তেওঁ প্ৰশংসা কৰে৷ ষষ্ঠদশ লোকসভাৰ কাৰ্যকালত সংসদীয় পৰিক্ৰমা মন্ত্ৰীসকলৰ ভূমিকাকো প্ৰধানমন্ত্ৰীয়ে শলাগ লয়৷ তেওঁ লোকসভালৈ মূল্যৱান বৰঙণি আগবঢ়োৱা প্ৰাক্তন সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰয়াত অনন্ত কুমাৰকো স্মৰণ কৰে৷

সদনক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰায় তিনি দশকৰ মূৰত দেশে সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত গঠিত চৰকাৰ এখন দেখিবলৈ পাইছিল৷ লোকসভাৰ গঠনমূলক কাৰ্যসূচী সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ১৭খন অধিৱেশনৰ ভিতৰত ৮খনত ১০০শতাংশ পাৰদৰ্শিতা দেখিবলৈ পোৱা যায় আৰু সামগ্ৰিক পাৰদৰ্শিতাৰ পৰিমাণ হ’ল ৮৫%৷

সকলো সদস্যৰ শলাগ লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে শাসনাধিষ্ঠিত দলৰ সদস্যৰ সমান্তৰালকৈ বিৰোধী দলৰ সদস্যইও লোকসভাৰ কাৰ্যকাল সূচাৰুৰূপে আগবঢ়াত উল্লেখনীয় অৰিহণা আগবঢ়ায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সৰ্বাধিক মহিলা সাংসদৰ বাবে এই লোকসভা স্মৰণীয় হৈ ৰ’ব৷ ইয়াৰে ৪৪ গৰাকী আকৌ প্ৰথমবাৰৰ বাবে সাংসদ হৈছে৷ মহিলা সাংসদসকলক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় প্ৰথমবাৰৰ বাবে কেবিনেটত সৰ্বাধিক মহিলাই স্থান লাভ কৰিছে আৰু আমাৰ সুৰক্ষা বিষয়ক কেবিনেট কমিটিত দুগৰাকীকৈ মহিলা মন্ত্ৰী আছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভাৰতৰ আত্মবিশ্বাস এতিয়া সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ উচ্চতাত অধিষ্ঠিত হৈ আছে৷ মই বিশ্বাস কৰো যে এয়া দেশৰ বাবে এক ইতিবাচক লক্ষণ, কিয়নো এইধৰণৰ আত্মবিশ্বাসে উন্নয়নৰ ধাৰাক গতি প্ৰদান কৰে৷’
তেওঁ লগতে উল্লেখ কৰে যে ভাৰত এতিয়া ষষ্ঠ বৃহৎ অৰ্থনীতি আৰু ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হোৱাৰ দিশত আগবাঢ়িছে৷

শক্তি, ডিজিটেল প্ৰযুক্তি, উৎপাদন আদি খণ্ডত ভাৰতৰ সাফল্য সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, ‘বিশ্বই গোলকীয় উষ্ণতাৰ বিষয়ে আলোচনা কৰি আছে আৰু ভাৰতে এই বিপদ প্ৰশমিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ ৰূপত প্ৰচেষ্টা অব্যাহত ৰাখিছে৷’

প্ৰধানমন্ত্ৰীয়ে কয়, আজি সমগ্ৰ বিশ্বই আমাক গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে, কিয়নো আমাৰ চৰকাৰ সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত নিৰ্বাচিত৷ ভাৰতৰ এই শক্তিশালী স্থিতিৰ বাবে দেশৰ জনসাধাৰণ কৃতিত্বৰ অধিকাৰী, যিয়ে ২০১৪ত ব্যাপক ভোটেৰে আমাৰ চৰকাৰ গঠন কৰিছিল৷

ভাৰতৰ বৈদেশিক নীতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যোৱা ৫ বছৰত ভাৰতে বিপদকালীন সময়ত বিশ্বৰ বিভিন্ন দেশক সহায় কৰি মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে৷ ভাৰতৰ প্ৰাচীন সভ্যতা যোগাসনক বিশ্বই আদৰি লৈছে৷ তদুপৰি, বহুতো দেশে এতিয়া বাবা চাহেব আম্বেদকাৰ জয়ন্তী, মহাত্মা গান্ধী জয়ন্তী পালন কৰিবলৈ লৈছে৷

প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে লোকসভাত ২১৯খন বিধেয়ক উত্থাপিত হৈছে আৰু ২০৩খন বিধেয়ক গৃহীত হৈছে৷

ক’লা ধন আৰু দুৰ্নীতিৰ বিৰুদ্ধে তেওঁৰ চৰকাৰৰ দৃঢ় পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই লোকসভাই ইনছোলভেন্সী আৰু বেংকৰাপচী ক’ড (বেংক দেউলীয়া) আৰু পলৰীয়া অৰ্থনৈতিক অপৰাধী আইন গৃহীত কৰিছে৷
প্ৰধানমন্ত্ৰীয়ে কয়, ‘এই লোকসভাতে জিএছটি গৃহীত হৈছিল৷ জিএছটি প্ৰক্ৰিয়াই সহযোগিতা আৰু দ্বিদলীয় প্ৰথাৰ কৰ্মশক্তিক প্ৰতিফলিত কৰে৷’

প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰৰ আন পদক্ষেপ যেনে আধাৰ কাৰ্ড, সাধাৰণ শ্ৰেণীৰ দৰিদ্ৰ লোকৰ বাবে ১০% সংৰক্ষণ, মাতৃকালীন সুবিধা আদিৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ কয় যে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে ষষ্ঠদশ লোকসভাই ১৪০০খন অপ্ৰাসংগিক আইন বাতিল কৰিছে৷

ষষ্ঠদশ লোকসভাৰ সফল কাৰ্যকালৰ বাবে তেওঁ সদনৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰি ভাষণৰ সামৰণি মাৰে৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains fastest-growing major economy, domestic investors power market resilience

Media Coverage

India remains fastest-growing major economy, domestic investors power market resilience
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মাৰ্চ 2026
March 15, 2026

Empowering Bharat: From Loans to Global Leadership Under PM Modi