The decision to remove Article 370 may seem politically difficult, but it has given a new ray of hope for development in Jammu, Kashmir and Ladakh: PM Modi
For Better Tomorrow, our government is working on to solve the current challenges: PM Modi
112 districts are being developed as Aspirational Districts, with a focus on every parameter of development and governance: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ১৭তম হিন্দুস্তান টাইমছ লীডাৰশ্বীপ সন্মিলনত ভাষণ প্ৰদান কৰে৷
সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যিকোনো দেশৰ উন্নতিৰ বাবে পৰিৱৰ্তন আৱশ্যম্ভাৱী৷ পৰিৱৰ্তনতেই উন্নত ভৱিষ্যতৰ ভেঁটি স্থাপন হয়৷ চৰকাৰে পূৰ্বৰ প্ৰত্যাহ্বান আৰু সমস্যাসমূহ ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’ৰ মন্ত্ৰৰ জৰিয়তে সমাধান কৰাৰ দিশত অগ্ৰসৰ হৈছে বুলি তেওঁ মন্তব্য কৰে৷

চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অনুচ্ছেদ ৩৭০ৰ বিলোপনে জম্মু-কাশ্মীৰ আৰু লাডাখৰ জনতাক আশাৰ নতুন কিৰণ প্ৰদান কৰিছে৷ মুছলিম মহিলাসকলৰ তিনি তালাকৰ শংৰাৰ পৰা মুক্ত হৈছে৷ তাৰোপৰি তেওঁ দিল্লীৰ অস্বীকৃতিপ্ৰাপ্ত কলনীসমূহৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে ইয়াৰ জৰিয়তে ৪০লাখ লোক উপকৃত হ’ব৷ প্ৰধানমন্ত্ৰীয়ে নতুন ভাৰতৰ উন্নত ভৱিষ্যতৰ বাবে তেনে ধৰণৰ বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে এতিয়া স্বাস্থ্য, অনাময় আৰু আন্তঃগাঁথনি দিশত পিছপৰি ৰোৱা জিলাসমূহত মনোনিৱেশ কৰিছে৷ এই পৰিপ্ৰেক্ষিতত ১১২খন জিলাক প্ৰত্যাশী জিলা হিচাপে ঘোষণা কৰি বিকাশৰ প্ৰতিটো পেৰামিটাৰ পূৰণ কৰাৰ প্ৰয়াস কৰা হৈছে বুলি তেওঁ কয়৷ তাৰোপৰি চৰকাৰে বাস্তৱিক সময়ত অপুষ্টি, বেংকিং সুবিধাৰ গ্ৰহণ, বীমা, বিদ্যুৎ আৰু অন্যান্য দিশসমূহৰ নিৰীক্ষণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে৷ এই ১১২খন জিলাৰ উন্নত ভৱিষ্যতে দেশৰ ভৱিষ্যতৰ উন্নতিও নিশ্চিত কৰিব বুলি তেওঁ মন্তব্য কৰে৷

জল জীৱন অভিযান সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ১৫ কোটি পৰিয়ালক পাইপযুক্ত পানী যোগানৰ সুবিধা প্ৰদান কৰিছে৷ ভাৰতক ৫ ত্ৰিলিয়ন অৰ্থনীতিৰ দেশলৈ ৰূপান্তৰিত কৰা চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসাৰে এই লক্ষ্য প্ৰাপ্তিৰ দিশত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন অৰ্থনৈতিক সংশোধনী যেনে ঐতিহাসিক বেংক একত্ৰীকৰণ, শ্ৰম আইনৰ সংশোধনী, বেংকসমূহৰ পুনৰ মূলধনীকৰণ, ঔদ্যোগিক কৰ হ্ৰাস আদিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ইজ অব্ ডুয়িং বিজনেছত ভাৰতৰ প্ৰদৰ্শনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ভাৰতে যোৱা ৫ বছৰত ৭৯টা স্থানৰ উত্তৰণ ঘটাবলৈ সমৰ্থ হৈছে৷ তাৰোপৰি গৃহ নিৰ্মাণ প্ৰকল্পৰ বাবে ২৫০০০ কোটি টকাৰ বিশেষ পুঁজিৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে৷ তেওঁ কয় যে চৰকাৰে ১০০ লাখ কোটি টকাৰ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ কাম আৰম্ভ কৰিছে৷

ভ্ৰমণ আৰু পৰ্যটন প্ৰতিদ্বন্ধীতামূলত সূচাংকত ভাৰতৰ ৩৪ সংখ্যক স্থান প্ৰাপ্তিৰ বিষয়ে উল্লেখ কৰি তেওঁ পৰ্যটনৰ জৰিয়তে কৰ্ম সংস্থাপন বৃদ্ধি হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ মানৱ সম্পদৰ পৰিৱৰ্তনৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰি তেওঁ কয় যে চৰকাৰে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ফলাফলভিত্তিক কাম কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত চৰকাৰৰ ৰোডমেপ ‘‘সঠিক মনোবাসনা, শ্ৰেষ্ঠ প্ৰযুক্তি আৰু ১৩০ কোটি ভাৰতীয়ৰ উন্নত ভৱিষ্যতৰ বাবে কাৰ্যকৰী প্ৰণয়ন’’ৰ বিষয়ে উল্লেখ কৰে৷

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s startup game-changer? ₹10,000 crore FoF 2.0 set to attract investors

Media Coverage

India’s startup game-changer? ₹10,000 crore FoF 2.0 set to attract investors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Members of the Governing Body of Shri Ram College of Commerce meets the Prime Minister
April 25, 2026

A delegation comprising members of the Governing Body of Shri Ram College of Commerce, met the Prime Minister, Shri Narendra Modi, today. Shri Modi noted that this year marks the centenary of the institution, a significant milestone in its illustrious journey of academic excellence and nation-building. He lauded the college’s long-standing contribution to higher education and its role in nurturing generations of leaders across diverse fields.

On the occasion, a commemorative stamp marking the centenary year of Shri Ram College of Commerce was also released.

The Prime Minister posted on X:

"Met a delegation consisting of the Governing Body of the Shri Ram College of Commerce, one of India’s most reputed educational institutions. This year, we are marking the centenary of this institution. A commemorative stamp was released too. My best wishes to this institution."