Our focus is to make our education system the most advanced and modern for students of our country: PM
21st century is the era of knowledge. This is the time for increased focus on learning, research, innovation: PM Modi
Youngsters should not stop doing three things: Learning, Questioning, Solving: PM Modi

আপোনালোকে এটাৰ পিছত আনটোৰ সমাধানৰ দিশত কাম কৰিছে৷ দেশৰ সন্মুখত যিবোৰ প্ৰত্যাহ্বানে দেখা দিছে, এইবোৰে সেইবোৰৰ সমাধান দিয়াৰ লগতে ডাটা, ডিজিটাইজেশ্যন আৰু হাই-টেক ভৱিষ্যতক লৈ ভাৰতৰ আশা-আকাংক্ষাকো সুদৃঢ় কৰিছে৷

 

বন্ধুসকল,

আমি সকলো সময়তে গৌৰৱবোধ কৰো যে যোৱা শতিকাসমূহত আমাৰ দেশত বিশ্বক শ্রেষ্ঠতম বিজ্ঞানী, অসাধাৰণ প্ৰযুক্তিবিদ, প্ৰযুক্তি ব্যৱসায়ৰ সফল মুৰব্বী প্ৰদান কৰিছে। কিন্তু এতিয়া একবিংশ শতিকাত দ্রুতগতিত পৰিৱর্তিত বিশ্বত ভাৰতে সিমানাই প্ৰভাৱশালী ভূমিকা পালন কৰাৰ বাবে সিমানাই দ্রুতগতিত আমি নিজকো পৰিৱর্তন কৰিব লাগিব৷

এই ভাৱনাৰে এতিয়া দেশত উদ্ভাৱনৰ বাবে, গৱেষণাৰ বাবে, উন্নত নক্সাৰ বাবে, উন্নহয়নৰ বাবে, বাণিজ্যৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি দ্রুতগতিত গঢ়ি তোলা হৈছে৷ এতিয়া শিক্ষাৰ উৎকর্ষৰ দিশত যথেষ্ট পৰিমাণে জোৰ দিয়া হৈছে, একবিংশ শতিকাৰ প্ৰযুক্তিক লগত লৈ, একবিংশ শতিকাৰ প্ৰয়োজন পুৰণৰ উপযোগী শিক্ষা ব্যৱস্থাও সিমানেই জৰুৰী৷

 

‘প্ৰধানমন্ত্রী ই–বিদ্যা’ কর্মসূচীয়েই হওক বা ‘অটল ইনোভেচন মিচন’এই হওক, দেশত বৈজ্ঞানিক পৰিৱেশ গঢ়ি তোলাৰ বাবে বহু ক্ষেত্রত ছাত্ৰ বৃত্তিৰ প্ৰসাৰ বা ক্রীড়া জগতৰ সৈতে জড়িত প্ৰতিভাক অত্যাধূনিক সা-সুবিধা আৰু আৰ্থিক সহায়, ন-ন গৱেষণাক উৎসাহ প্ৰদানৰ বাবে বিভিন্ন আঁচনি বা ভাৰতত বিশ্বমানৰ ২০খন ‘ইনষ্টিটিউটছ অফ এমিনেন্স’ গঢ়ি তোলাৰ অভিযান, দেশত অনলাইন শিক্ষাৰ বাবে নতুন নতুন সৰঞ্জাম গঢ়ি তোলা বা স্মার্ট ইণ্ডিয়া হেকাথনৰ দৰে এই অভিযান হাতত লোৱা হৈছে৷ আমাৰ প্ৰচেষ্টা এই যে ভাৰতৰ শিক্ষা ব্যৱস্থাক আৰু আধুনিক কৰি তোলা, অত্যাধূনিক কৰি তোলা, যাতে এই দেশৰ প্ৰতিভাধৰসকলে সম্পূর্ণ বিকাশৰ সুযোগ লাভ কৰে৷

বন্ধুসকল,

এই প্ৰক্রিয়াৰ পৰিপ্ৰেক্ষিতত কিছুদিন পূৰ্বে দেশৰ নতুন শিক্ষানীতি ঘোষণা কৰা হৈছে৷ এই নীতিয়ে একবিংশ শতিকাৰ নৱ প্ৰজন্মৰ চিন্তাধাৰা, তেওঁলোকৰ প্ৰয়োজন, তেওঁলোকৰ আশা-আকাংক্ষা আৰু প্ৰত্যাশাক লক্ষ্য কৰি প্ৰস্তুত কৰাৰ চেষ্টা কৰা হৈছে৷ পাঁচ বছৰ ধৰি সমগ্ৰ দেশত, প্ৰত্যেক পৰ্যায়ত ইয়াৰ প্ৰতিটো বিষয়ক লৈ বিস্তৃত বিতর্ক আৰু আলোচনা হয়৷ তাৰপাছতহে এই নীতি ৰচনা কৰা হৈছে৷

 

এয়া প্ৰকৃতার্থত সমগ্ৰ ভাৰতক, ভাৰতৰ সপোনক, ভাৰতৰ ভৱিষ্যৎ প্ৰজন্মৰ আশা-আকাংক্ষাক নিজৰ মাজত ধাৰণ কৰি নতুন ভাৰতৰ শিক্ষানীতি হৈ উঠিছে। ইয়াত প্ৰত্যেক ক্ষেত্রত, প্ৰত্যেক ৰাজ্যৰ বিদ্বান ব্যক্তিসকলৰ চিন্তাধাৰা সন্নিৱিষ্ট কৰা হৈছে৷ সেইবাবে এয়া সচাকৈয়ে এক নীতিৰ দলিল নহয়, বৰঞ্চ ১৩০ কোটিৰো অধিক ভাৰতীয়ৰ আকাংক্ষাৰ প্ৰতিফলন বুলিব পাৰি৷

বন্ধুসকল, আপোনালোকেও নিজৰ চৌপাশে দেখিছে যে আজিও বহু শিশুক এনে কিছু বিষয়ৰ ভিত্তিত বিচাৰ কৰা হয়, যিবোৰত তেওঁলোকৰ কোনো আগ্ৰহ নাই৷পিতৃ-মাতৃ, আত্মীয়-স্বজন, তেওঁলোকৰ বন্ধু-বান্ধৱী, সম্পূৰ্ণ পৰিৱেশৰ চাপ থাকে। ফলত তেওঁলোকে আনৰ দ্বাৰা নির্বাচিত বিষয় লৈ পঢ়িব লগা হয়৷ এই দৃষ্টিকোণ দেশৰ এক বৃহৎ জনসংখ্যাক এনেদৰে ডাঙৰ কৰি তোলে। যাৰফলত তেওঁলোক শিক্ষিত হ’ব, কিন্তু তেওঁলোকে যি পঢ়িছে তাৰ অধিকাংশই তেওঁলোকৰ জীৱনত কোনো কামত নাহে৷ বহু ডিগ্রী অর্জন কৰিও তেওঁলোকে নিজৰ মাজত এক আচৰিত ধৰণে অসম্পূর্ণতা অনুভৱ কৰে৷ তেওঁলোকৰ ভিতৰি যিমান আত্মবিশ্বাস গঢ়ি উঠিব লাগিছিল, তেওঁলোকে সকলো সময়তে তাৰ অভাৱ অনুভৱ কৰে৷ এই অন্তঃসাৰশূণ্যতাৰ প্ৰভাৱ তেওঁলোকৰ সমগ্ৰ জীৱনৰ যাত্রাপথক প্ৰভাৱিত কৰে৷

বন্ধুসকল,

নতুন শিক্ষানীতিৰ মাধ্যমৰে এই দৃষ্টিভংগীক পৰিৱৰ্তন কৰা চেষ্টা কৰা হৈছে৷ আগৰ ত্রুটিসমূহ দূৰ কৰাৰ চেষ্টা কৰা হৈছে৷ ভাৰতৰ শিক্ষা ব্যৱস্থাত এতিয়া এক অত্যন্ত সুসংহত সংস্কাৰ, শিক্ষাৰ উদ্দেশ্য আৰু বিধেয় দুয়োটাকে ৰূপান্তৰিত কৰাৰ চেষ্টা কৰা হৈছে৷

বন্ধুসকল, একবিংশ শতিকা জ্ঞানৰ শতিকা৷ এতিয়া আমাৰ দৃষ্টিভংগীক শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ দিশত পৰিচালিত কৰাৰ সময় আহিছে আৰু এয়াই ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ প্ৰকৃত উদ্দেশ্য। এই নীতিয়ে ছাত্ৰসকলৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অভিজ্ঞতাক আৰু উদাৰ তথা ফলপ্ৰসূ কৰি তুলিব বিচাৰে, যি আপোনালোকৰ প্রাকৃতিক ভাওপোৱাৰ দিশত তেওঁলোকৰ জীৱনক পৰিচালিত কৰাৰ সুযোগ প্ৰদান কৰে৷

বন্ধুসকল,
আপোনালোকে ভাৰতৰ শ্রেষ্ঠ আৰু উজ্জ্বলতম ছাত্ৰ-ছাত্রীসকলৰ অন্যতম। এই প্ৰথমবাৰ আপোনালোকে এনে কোনো হেকাথনত আহি কোনো সমস্যাৰ সমাধান কৰা নাই বা এয়া আপোনালোকৰ শেষবাৰো নহয়৷ মই বিচাৰো যে আপোনালোকে দেশৰ নৱ প্ৰজন্ম তেওঁটা ক্ষেত্রত কেতিয়াও স্তব্ধ নহ’ব৷ সেইবোৰ হৈছে-শিক্ষা, প্ৰশ্ন কৰা আৰু সমাধান কৰা৷

আপোনালোকে যেতিয়া শিকিব, তেতিয়াই আপোনালোকে প্ৰশ্ন কৰাৰ প্ৰজ্ঞা আহৰণ কৰিব৷ যেতিয়া আপোনালোকে প্ৰশ্ন কৰিব, তেতিয়া আপোনালোকে প্ৰচলিত পন্থাৰ বাহিৰলৈ হৈ সমস্যাৰ সমাধান কৰিব পাৰিব৷ যেতিয়া আপোনালোকে সেইটো কৰিব, তেতিয়াই আপোনালোকৰ আত্মীক উন্নতি হ’ব৷ আপোনালোকৰ প্ৰচেষ্টাত আমাৰ দেশো উন্নত হ’ব৷ আমাৰ পৃথিৱী সমৃদ্ধ হ’ব৷

 

বন্ধুসকল, ভাৰতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত এই চিন্তাধাৰাৰে প্ৰতিফলন হৈছে। আমি শিশুসকলৰ কোমল পিঠিত স্কুলৰ বেগৰ বোজাৰ সলনি তেওঁলোকক অন্য দিশলৈ যোৱাটো বিচাৰিছো৷ যি শিক্ষাই ছাত্ৰ-ছাত্রীসকলৰ জীৱনৰ পথত সহায় কৰিব, জটিল বিষয়সমূহো বছৰৰ পাছত বছৰ ধৰি অযথা মুখস্থ কৰাৰ পৰিৱেশৰ পৰা বাহিৰ কৰিব৷ আমাৰ শিক্ষা ব্যৱস্থাৰ এই সীমাৱদ্ধতাসমূহে দীর্ঘদিন ধৰি ছাত্ৰ-ছাত্রীসকলৰ জীৱনত প্ৰতিকূল প্ৰভাৱ পেলাইছে। আমি সেই দিনবোৰ ঘূৰাই পাব নিবিচাৰো৷ আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত নৱ প্ৰজন্মৰ আকাংক্ষাৰ প্ৰতিফলন হৈছে। এয়া কেতিয়াও প্ৰক্রিয়াকেন্দ্রিক নহয়৷ এয়া জনতাকেন্দ্রিক আৰু ভৱিষ্যৎকেন্দ্রিক৷

বন্ধুসকল,
 

এই শিক্ষানীতিৰ আটাইতকৈ ভাল দিশটো হল যে ই বিভিন্ন আন্তঃবিষয়ক শিক্ষাক গুৰুত্ব দিয়ে৷ এই চিন্তাধাৰা দিন বাগৰাৰ লগে লগে অধিক জনপ্রিয় হৈছে আৰু উপযুক্তভাৱে একেই আকাৰৰ পোচাক সকলোকে গাঁত নহয়৷ আপুনি কি ইয়াক এক নির্দিষ্ট বিষয়ত কেতিয়াও সংজ্ঞায়িত কৰিব নোৱাৰি৷ নতুন আবিষ্কাৰ কৰাৰ কোনো সীমা থাকিব নালাগে৷ মানৱসভ্যতাৰ ইতিহাসত এনে বহুত কৃতীমানৰ উদাহৰণ আছে, যিসকলে বিভিন্ন ক্ষেত্রত শ্রেষ্ঠত্বৰ পৰিচয় দিছে৷ আমাৰ আর্যভট্টৰ পৰা আৰম্ভ কৰি লিয়’নাৰ্ডো-দা-ভিঞ্চি, হেলেন কেলাৰৰ পৰা আৰম্ভ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰলৈকে৷ কিছু ক্ষেত্রত এতিয়া আমি কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ঐতিহ্যপূৰ্ণ বাধা ভাঙি দিয়াৰ ব্যৱস্থা কৰিছো৷ কোনোৱে যদি বিচাৰে তেতিয়াহ’লে তেওঁ অংক আৰু সংগীত অথবা কোডিং আৰু ৰসায়ন একেলগে শিকিব পাৰে৷ এজন ছাত্রৰ পৰা সমাজে কি বিচাৰে সেইটো নহয়, সি নিজে যি শিকিব বিচাৰে, সেয়া যেন বিষয় হিচাপে ল’ব পাৰে, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে তাকে সুনিশ্চিত কৰিব৷ আন্তঃবিষয় শিক্ষাই আপোনাৰ হাতত নিজৰ জীৱনৰ নিয়ন্ত্ৰণ আনি দিব৷ এই প্ৰক্রিয়াত আপুনি নিজেও নমনীয় হৈ পৰিব৷

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত এই নমনীয়তাকে সৰ্বাধিক গুৰুত্ব দিয়া হৈছে৷ ইয়া বহুমুখী প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা থাকিব৷ শিক্ষাৰ্থীসকলৰ বাবে নির্দিষ্ট কোনো একমুখী পথ নাই৷ প্ৰাক-স্নাতক পর্যায়ত পঢ়া-শুনাৰ অভিজ্ঞতা তিনি বছৰ বা চাৰি বছৰৰ হ’ত পাৰে৷ শিক্ষাৰ্থীসকলে একাডেমিক বেংক অফ ক্রেডিটৰ সুবিধা ল’ভ পাৰিব, য’ত সকলো অর্জিত একাডেমিক ক্রেডিটক একত্রিত কৰা হ’ব৷ এই ক্রেডিটক চূড়ান্ত ডিগ্রীৰ সময়ত যোগ কৰা হ’ব৷ বহু আগতেই আমাৰ শিক্ষা ব্যৱস্থাত এই নমনীয়তাৰ প্ৰয়োজন আছিল। মই আনন্দিত যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি এই প্ৰয়োজনসমূহ বাস্তবায়িত কৰিছে৷

বন্ধুসকল,

ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে প্রাথমিক শিক্ষাৰ পৰাই ছাত্ৰ-ছাত্রীৰ জীৱনত ব্যাপক প্ৰভাৱ পেলাই আহিছে। উচ্চ শিক্ষাৰ ক্ষেত্রত ইয়াৰ লক্ষ্য হ’ল মুঠ পঞ্জীয়ন অনুপাতক ২০৩৫ চনৰ ভিতৰত ৫০ শতাংশ বৃদ্ধি কৰা, অর্থাৎ বৰ্তমানৰ পৰা প্রায় ডেৰগুণ ছাত্ৰ-ছাত্রীয়ে উচ্চ মাধ্যমিক পৰ্যায়ৰ পাছত পঢ়া-শুনা কৰিব৷ তদুপৰি, লিংগ অন্তৰ্ভূক্ত পুঁজি, বিশেষ শিক্ষা মণ্ডলৰ লগতে দূৰৱৰ্তী শিক্ষাৰ বিকল্পও খোলা ৰখা হৈছে, যি কর্মৰত ছাত্ৰ-ছাত্রীসকলৰ যথেষ্ট কামত আহিব৷

 

বন্ধুসকল,

আমাৰ সংবিধানৰ প্ৰধান খনিকৰ, আমাৰ দেশৰ মহান শিক্ষাবিদ বাবা চাহেব আম্বেদকাৰে কৈছিল, শিক্ষা এনে হোৱা উচিৎ, যি সকলোৱে পাব পাৰে তথা সকলোৰে বাবে সুলভ হয়৷ এই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি তেওঁৰ এই চিন্তাধাৰাৰ প্ৰতি সমর্পিত। এই শিক্ষানীতিয়ে চাকৰি অন্বেষণকাৰীসকলৰ স্থানত চাকৰি সৃষ্টিকাৰী গঢ়ি তোলাৰ দিশত জোৰ দিব৷ অর্থাৎ, একপ্ৰকাৰ এয়া আমাৰ চিন্তাধাৰাত, আমাৰ দৃষ্টিভংগীত পৰিৱর্তন অনাৰ এক প্ৰচেষ্টা। এই নীতিত এনে আত্মনির্ভৰ যুব সম্প্ৰদায় গঢ়ি তোলাৰ প্ৰতি গুৰুত্ব দিয়া হ’ব, যিসকলে এইটো ঠিক কৰিব পাৰিব যে তেওঁলোকে কি কাম কৰিব লাগিব, তেওঁলোকে সেৱা আগবঢ়াব নে উদ্যোগী হ’ব৷

বন্ধুসকল,
আমাৰ দেশত ভাষা সদায় এক সংবেদনশীল বিষয়। ইয়াৰ এক ডাঙৰ কাৰণ হ’ল আমাৰ দেশৰ স্থানীয় ভাষাসমূহক নিজৰ মাজতে আৱদ্ধ কৰি ৰখা হৈছে৷ সেইবোৰক অংকুৰিত হোৱাৰ তথা আগুৱাই যোৱাৰ সুযোগ কমকৈ দিয়া হৈছে৷ এতিয়া শিক্ষানীতিত যি পৰিৱর্তন অনা হৈছে তাৰ ফলত ভাৰতৰ ভাষাসমূহ আগুৱাই যাব আৰু সেইবোৰৰ আৰু অধিক উন্নতি হ’ব৷ এই পৰিৱর্তনে ভাৰতৰ জ্ঞানক বৃদ্ধি কৰাৰ লগতে, ভাৰতৰ একতাকো সুদৃঢ় কৰিব৷ আমাৰ ভাৰতীয় ভাষাসমূহত কিমান সমৃদ্ধ সাহিত্য আছে। কিমান শতিকাৰ জ্ঞান আছে, অভিজ্ঞতা আছে৷ এতিয়া এই সকলোবোৰ আকৌ নতুনকৈ বিকশিত হ’ব৷ ইয়াৰ জৰিয়তে বিশ্ববাসীয়ে ভাৰতৰ সমৃদ্ধ ভাষাসমূহৰ সৈতে পৰিচিত হ’ব৷ আন এটা ডাঙৰ লাভ এই যে ছাত্ৰ-ছাত্রীসকলে তেওঁলোকৰ জীৱনত মাতৃভাষাতে শিক্ষালাভৰ সুযোগ লাভ কৰিব৷

মই ভাৱো ইয়াৰ ফলত তেওঁলোকৰ মেধা আৰু অধিক পৰিমাণে ঠন ধৰি উঠাৰ সুযোগ পাব৷ তেওঁলোকে সহজতে কোনো চাপ অবিহনেনতুন নতুন বিষয় শিকিবলৈ প্রেৰণা লাভ কৰিব আৰু শিক্ষাৰ সৈতে জড়িত হ’ব৷ আনকি আজি জিডিপিৰ ভিত্তিত বিশ্বৰ ২০খন শ্রেষ্ঠ দেশৰ তালিকাৰ দিশত যদি চাই, তেতিয়া হ’লে দেখিব সেইবোৰৰ ভিতৰত অধিকাংশ দেশেই তেওঁলোকৰ ছাত্ৰ-ছাত্রীক মাতৃভাষাতে শিক্ষা দিয়ে৷ এই দেশসমূহে তেওঁলোকৰ নৱ প্ৰজন্মৰ চিন্তাধাৰাক মাতৃভাষাত বিকশিত কৰাৰ লগতে বিশ্বৰ সৈতে মত বিনিময়ৰ বাবে অন্য ভাষা শিক্ষাৰ ওপৰতো জোৰ দিয়ে৷ এই নীতি আৰু ৰণনীতি একবিংশ শতিকাৰ ভাৰতৰ বাবেও অতি উপযোগী হৈ উঠিব৷ ভাৰতৰ বাবে তো অসংখ্য ভাষাৰ অতুলনীয় সম্ভাৰ আছে, যি শিকাৰ বাবে এটা জীৱন কম হ’ব৷ বৰ্তমান বিশ্ববাসীয়েও এই সম্ভাৰৰ ৰসস্বাদনৰ বাবে আগ্ৰহী হৈছে৷

বন্ধুসকল, নতুন শিক্ষানীতিৰ আন এটি গুৰুত্বপূর্ণ দিশ আছে, সেয়া হৈছে-ইয়াত ‘স্থানীয়’ক যিমান গুৰুত্ব দিয়া হৈছে, সিমানেই ‘বিশ্বায়ন’ৰ সৈতে সম্পৃক্ত কৰাৰ ওপৰতো দৃষ্টি দিয়া হৈছে৷ য’ত এফালে স্থানীয় লোকসংস্কৃতি আৰু জ্ঞান, আনফালে ধ্রূপদী সংস্কৃতি আৰু জ্ঞানক স্বাভাৱিক স্থান দিয়াৰ অৱকাশ আছে, সিমানেই বিশ্বৰ সর্বশ্রেষ্ঠ প্ৰতিষ্ঠানসমূহক ভাৰতত তেওঁলোকৰ শিক্ষানুষ্ঠান খোলাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে৷ ইয়াৰ ফলত আমাৰ যুৱ সম্প্ৰদায়ে ভাৰততে বিশ্বমানৰ জ্ঞান লাভৰ সা-সুবিধা লাভ কৰিব আৰ বিশ্বমানৰ প্ৰতিযোগিতাৰ বাবে যথেষ্ট পৰিমাণে প্ৰস্তুতি চলাব পাৰিব৷ ফলত ভাৰতত বিশ্বমানৰ প্ৰতিষ্ঠান গঢ় লৈ উঠিব আৰু ভাৰতক আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ কেন্দ্ৰস্থল হিচাপেও সুবিধা বৃদ্ধি পাব৷

বন্ধুসকল,

দেশৰ যুৱশক্তিৰ ওপৰতে আমাৰ সদায় অধিক পৰিমাণে ভৰসা আছিল। কিয়নো এই ভৰসাক দেশৰ যুৱশক্তি বাৰে বাৰে প্ৰমাণ কৰি আহিছে। বৰ্তমান ক’ৰোনাৰ প্ৰতিৰোধৰ বাবে ফেচ শ্বিল্ডৰ চাহিদা হঠাৎ বৃদ্ধি পাইছিল। এই চাহিদাক ৩ডি প্রিণ্টিং টেকন’ল’জিৰ জৰিয়তে বাস্তবায়িত কৰাৰ বাবে দেশৰ বৃহৎ সংখ্যক যুৱক আগুৱাই আহিছে৷ ব্যক্তিগত সুৰক্ষা সঁজুলি আৰু অন্যান্য স্বাস্থ্য সুৰক্ষা সঁজুলিৰ বাবে দেশত যি হাৰত নতুন উদ্ভাৱক আৰু নতুন উদ্যোগপতি আগুৱাইয়ে আহিছে, সেয়া এতিয়া সমগ্ৰ বিশ্বত আলোচনাৰ বিষয় হৈ উঠিছে। আৰোগ্য সেতু এপ হিচাপে নতুন ডেভেলপাৰছসকলে ক’ভিড ট্ৰেকিঙৰ বাবে দেশক যথেষ্ট কম সময়ত এক অসাধাৰণ মাধ্যম উপহাৰ দিছে৷

বন্ধুসকল,

আপোনালোকৰ দৰে নৱ প্ৰজন্ম ভাৰতৰ আত্মনির্ভৰতাৰ প্ৰত্যাশাৰ মূল প্রাণশক্তি। দেশৰ দুখীয়ালোকসকলৰ এক উন্নত জীৱনযাত্রাৰ মান উপহাৰ দিবলৈ আমাৰ ‘ইজ অফ লিভিঙৰ লক্ষ্য সফল কৰাত আপোনালোকৰ দৰে নৱ প্ৰজন্মৰ ভূমিকা অতি গুৰুত্বপূর্ণ। মই সদায় এইটো লক্ষ্য কৰো যে দেশৰ সন্মুখত যিমানে সমস্যা নাহক কিয়, আমাৰ নৱ প্ৰজন্মই তাৰ মোকাবিলা কৰিব আৰু ইয়াৰ সমাধান বাহিৰ কৰিবলৈ সক্ষম হ’ব৷ প্ৰত্যেক প্ৰয়োজনৰ সময়ত যেতিয়াই দেশে ইয়াৰ তৰুণ উদ্ভাৱকসকলৰ দিশত চাই, তেওঁলোকে কেতিয়াও হতাশ কৰা নাই৷

‘স্মার্ট ইণ্ডিয়া হেকাথন’ৰ জৰিয়তেও বিগত বছৰসমূহত অসাধাৰণ উদ্ভাৱনেৰে দেশক সমৃদ্ধ কৰিছে৷ মোৰ দৃঢ় বিশ্বাস এই বাৰৰ হেকাথনৰ পাছতো আপোনালোকে দেশৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি দেশক আত্মনির্ভৰ কৰি তুলিবলৈ নতুন নতুন সমাধানৰ কাম কৰি যাব৷

পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনালো৷

বহুত বহুত ধন্যবাদ৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Housing ministry raises EWS housing target under PMAY 2.0 by 350%

Media Coverage

Housing ministry raises EWS housing target under PMAY 2.0 by 350%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Invites everyone to Join #ParikshaPeCharcha26
February 05, 2026

Prime Minister Shri Narendra Modi invited everyone to join #ParikshaPeCharcha26 to be held tomorrow, 6th February at 10 AM. He highlighted that this year’s edition will feature very interesting topics relating to examinations, notably the importance of remaining stress free and focusing on learning. The Prime Minister emphasized that this platform has always been one he enjoys, as it provides him with the opportunity to interact with bright minds from across the country.

In a post on X, Shri Modi said:

"Do watch #ParikshaPeCharcha26 tomorrow, 6th February at 10 AM. This year’s PPC features very interesting topics relating to examinations, notably the need to remain stress free, focus on learning and more. This is a platform I’ve always enjoyed, as it gives me an opportunity to interact with bright minds from across the country. "