PM Modi addresses a public meeting in Haldia, West Bengal

Published By : Admin | February 7, 2021 | 16:22 IST

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ হালদিয়া ভ্ৰমণ কৰে আৰু প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অংশ হিচাপে ৩৪৮ কিলোমিটাৰ ডোভি–দুৰ্গাপুৰ প্ৰাকৃতিক গেছ পাইপলাইন শাখাৰ এলপিজি আমদানি টাৰ্মিনেল দেশৰ বাবে উৎসৰ্গা কৰে। তেওঁ হালদিয়া শোধনাগাৰৰ দ্বিতীয় কেটালাইটিক-ইচোডেৱাক্সিং ইউনিটৰ আধাৰশিলা স্থাপন কৰে আৰু ৪১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হালদিয়াৰ ৰাণীচকত ৪ লেনযুক্ত ফ্লাইঅভাৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। অনুষ্ঠানটোত পশ্চিম বংগৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অংশগ্ৰহণ কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে যাতায়াত ব্যৱস্থা আৰু পৰিষ্কাৰ ইন্ধনৰ উপলব্ধতাৰ ক্ষেত্ৰত পশ্চিম বংগ আৰু সমগ্ৰ পূৱ ভাৰতৰ বাবে আজিৰ দিনটো এক বিশেষ দিন। এই চাৰিটা প্ৰকল্পই অঞ্চলটোৰ জনসাধাৰণৰ জীৱন যাত্ৰা সহজতৰ কৰাৰ লগতে ব্যৱসায় সহজভাৱে কৰাত সুবিধা কৰিব। এই প্ৰকল্পবোৰে হালদিয়াক ৰপ্তানি-আমদানিৰ এক মুখ্য কেন্দ্ৰলৈ বিকশিত হোৱাত সহায় কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে সাম্প্ৰতিক সময়ত ভাৰতৰ বাবে গেছ ভিত্তিক অৰ্থনীতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই প্ৰয়োজনীয়তা পূৰ্ণ কৰাৰ বাবে এক ৰাষ্ট্ৰ-এক গেছ গ্ৰিড হৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ বাবে, প্ৰাকৃতিক গেছৰ ব্যয় হ্ৰাস কৰা আৰু গেছ-পাইপলাইন নেটৱৰ্ক সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ভাৰত যাতে সৰ্বাধিক গেছ ব্যৱহাৰকাৰী ৰাষ্ট্ৰত পৰিণত হয় তাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে। সস্তীয়া আৰু পৰিষ্কাৰ শক্তি ব্যৱহাৰত উৎসাহ যোগাবলৈ এইবাৰৰ বাজেটত হাইড্ৰ’জেন মিছন ঘোষণা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে পূৱ ভাৰতত জীৱন আৰু ব্যৱসায়ৰ মানদণ্ড উন্নত কৰাৰ বাবে ৰেল, পথ, বিমানবন্দৰ, বন্দৰ, জলপথৰ নানা প্ৰকল্পৰ কথা উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে গেছৰ অভাৱৰ ফলত অঞ্চলটোত উদ্যোগ বন্ধ হৈ আছে। ইয়াৰ প্ৰতিকাৰৰ বাবে, পূৱ ভাৰতক পূৱ আৰু পশ্চিম বন্দৰৰ সৈতে সংযোগ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। প্ৰধানমন্ত্ৰী উৰ্জা গংগা পাইপলাইন, যাৰ এক ডাঙৰ অংশ আজি উৎসৰ্গা কৰা হৈছে, ই সেই প্ৰকল্পৰ অংশ। ৩৫০ কিলোমিটাৰ ডোভি-দুৰ্গাপুৰ পাইপলাইনে কেৱল পশ্চিম বংগই নহয়, বিহাৰ আৰু ঝাৰখণ্ডৰ ১০ খন জিলাকো পোনপটীয়াকৈ লাভান্বিত কৰিব। নিৰ্মাণৰ কামে স্থানীয় লোকসকলক ১১ লাখ মানৱ দিনৰ নিযুক্তি প্ৰদান কৰিছিল। ইয়ে পাকঘৰবোৰত পাইপেৰে এলপিজি প্ৰদান কৰিব আৰু যান-বাহনৰ বাবে চিএনজি সৰবৰাহ কৰিব। চিন্দ্ৰী আৰু দুৰ্গাপুৰ সাৰ কাৰখানাবোৰে নিৰন্তৰ গেছ যোগান পাব। প্ৰধানমন্ত্ৰীয়ে গেইল আৰু পশ্চিম বংগক জগদীশপুৰ-হালদিয়া আৰু বোকাৰো-ধামৰা পাইপলাইনৰ দুৰ্গাপুৰ-হালদিয়া অংশটো সোনকালে শেষ কৰিবলৈ নিৰ্দেশ দিয়ে।

যিহেতু উজ্বলা আঁচনিয়ে অঞ্চলটোত এলপিজিৰ যথেষ্ট চাহিদা বৃদ্ধি কৰিছে সেয়ে অঞ্চলটোত এলপিজিৰ আন্তঃগাঁথনি উন্নত কৰাৰ কাম চলি আছে। পশ্চিম বংগৰ মহিলাসকলক ৯০লাখ বিনামূলীয়া এলপিজি সংযোগ দিয়া হৈছিল য'ত এছচি/এছটি শ্ৰেণীৰ ৩৬ লাখতকৈও অধিক মহিলা অন্তৰ্ভুক্ত হৈছে। যোৱা ছয় বছৰত পশ্চিম বংগত এলপিজি ব্যৱহাৰকাৰী ৪১ শতাংশৰ পৰা ৯৯ শতাংশলৈ বৃদ্ধি পাইছিল। এই বছৰৰ বাজেটত উজ্বলা আঁচনিৰ অধীনত ১ কোটি অধিক বিনামূলীয়া গেছ সংযোগৰ প্ৰস্তাৱ দিয়া হৈছে। হালদিয়াৰ এলপিজি আমদানি টাৰ্মিনেলে উচ্চ চাহিদা পূৰণ কৰাত এক ডাঙৰ ভূমিকা পালন কৰিব কিয়নো ই পশ্চিম বংগ, উৰিষ্যা, বিহাৰ, ঝাৰখণ্ড, চত্তীশগড়, উত্তৰ প্ৰদেশ আৰু উত্তৰ-পূবৰ কোটি কোটি পৰিয়ালক সেৱা প্ৰদান কৰিব কিয়নো ২ কোটিতকৈও অধিক লোকে ইয়াৰ পৰা গেছ পাব যাৰ ভিতৰত ১ কোটি উজ্বলা আঁচনিৰ হিতাধিকাৰী হ'ব।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে পৰিষ্কাৰ ইন্ধনৰ বাবে আমাৰ প্ৰতিশ্ৰুতিৰ বাবে আজি বিএছ-৬ ইন্ধন প্ৰকল্পৰ ক্ষমতা বৃদ্ধিৰ কাম আৰম্ভ কৰা হৈছে। এই দ্বিতীয় কেটালাইটিক ডিৱাক্সিং ইউনিটে লুব-আধাৰিত তেলৰ আমদানিৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিব। প্ৰধানমন্ত্ৰীয়ে কয়, ‘আমি এনে এক পৰিস্থিতিৰ দিশত আগবাঢ়ি আছো য’ত আমি ৰপ্তানি ক্ষমতা সৃষ্টি কৰিবলৈ সক্ষম হ'ম’।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে কেন্দ্ৰীয় চৰকাৰে পশ্চিম বংগক এক মুখ্য বাণিজ্য আৰু ঔদ্যোগিক কেন্দ্ৰ হিচাপে বিকশিত কৰিবলৈ নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে। ইয়াৰ বাবে বন্দৰ ভিত্তিক বিকাশ এটা ভাল মডেল। কলকাতাৰ শ্যামা প্ৰসাদ মুখাৰ্জী পোৰ্ট ট্ৰাষ্টৰ আধুনিকীকৰণৰ বাবে বহুতো পদক্ষেপ লোৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে চুবুৰীয়া দেশসমূহৰ সৈতে হালদিয়া ডক কমপ্লেক্সৰ ক্ষমতা আৰু সংযোগ শক্তিশালী কৰাৰ বাবেও আহ্বান জনায়।

নতুন ফ্লাইঅভাৰ আৰু প্ৰস্তাৱিত আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষৰ মাল্টি-মডেল টাৰ্মিনেলে যাতায়ত উন্নত কৰিব। ‘ইয়াৰ ফলত আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত হালদিয়া অপৰিসীম শক্তিৰ কেন্দ্ৰ হৈ পৰিব’-প্ৰধানমন্ত্ৰীয়ে কয়।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Qatar launches new UPI route to send money to India

Media Coverage

Qatar launches new UPI route to send money to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of self-respect, courage and steadfastness
August 18, 2026

The Prime Minister, Shri Narendra Modi has shared a Sanskrit Subhashitam highlighting the importance of living with self-respect, courage and dignity. He emphasised that true valour and strength lie in remaining steadfast in one’s principles and values, without compromising them under any circumstances.

The Prime Minister shared a Sanskrit Subhashitam-

“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्।
अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥”

The Subhashitam conveys that a person should always live with self-respect, courage and dignity. True valor and strength lie in never compromising one's principles and values under any circumstances, but remaining steadfast in one's ideals with truth, patience and self-pride.

The Prime Minister wrote on X;

“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्।

अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥”