আন্দামানত প্ৰধানমন্ত্ৰী;

Published By : Admin | December 30, 2018 | 17:00 IST

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জৰ পোৰ্ট ব্লেয়াৰ ভ্ৰমণ কৰে৷

পোৰ্ট ব্লেয়াৰত তেওঁ শ্বহীদ স্তম্ভত পুষ্পমাল্য অৰ্পণ কৰাৰ লগতে চেলুলাৰ জে’লো পৰিদৰ্শন কৰে৷ চেলুলাৰ জে’লত বীৰ ছাভাৰকাৰ আৰু অন্যান্য মুক্তি যুঁজাৰুসকলৰ ৰখা কক্ষবোৰ পৰিদৰ্শন কৰে৷ তেওঁ তাত এখন সুউচ্চ পতাকা উত্তোলন কৰাৰ লগতে নেতাজী সুভাষ চন্দ্ৰ বসূৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে৷

নেতাজী সুভাষ চন্দ্ৰ বসূৰ দ্বাৰা ভাৰত ভূমিত প্ৰথম ত্ৰিৰংগা পতাকা উত্তোলনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে এটা স্বাৰক ডাকটিকট, মুদ্ৰা আৰু ফাৰ্ষ্ট ডে কভাৰ মুকলি কৰে৷

প্ৰধানমন্ত্ৰীয়ে লগতে শক্তি, যোগাযোগ আৰু স্বাস্থ্য খণ্ডৰ এলানি উন্নয়নমূলক প্ৰকল্পও মুকলি কৰে৷

এই উপলক্ষে ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ কেৱল ভাৰত প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতীকৰ উপৰি ই ভাৰতীয়সকলৰ তীৰ্থস্থানো৷ আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ আমাক আমাক মুক্তিযোদ্ধাসকলৰ সামূহিক সংকল্পক মনত পেলায় দিয়ে৷

তেওঁ কয় যে দীপপূঞ্জবাসীৰ সবলীকৰণ আৰু উন্নয়নৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতিবদ্ধ৷ ইফালে, আজি উদ্বোধন কৰা উন্নয়নমূলক প্ৰকল্পসমূহে শিক্ষা, স্বাস্থ্য, যোগাযোগ, পৰ্যটন আৰু সংস্থাপনৰ বৃদ্ধিত অৰিহণা যোগাব৷
৭৫ বছৰৰ পূৰ্বে নেতাজী সুভাষ চন্দ্ৰ বসূয়ে ত্ৰিৰংগা পতাকা উত্তোলন কৰা দিনটোত প্ৰধানমন্ত্ৰীয়ে চেলুলাৰ জে’ল পৰিদৰ্শন কৰা বুলি উল্লেখ কৰে৷ তেওঁ কয় যে সহস্ৰাধিক মুক্তিযোদ্ধাই বন্দীত্বৰ জীৱন কটোৱা চেলুলাৰ জে’ল উপাসনা কৰা স্থানতকৈ কোনো গুনে কম নহয়৷ তেওঁ কয় যে দেশবাসীয়ে মুক্তিযোদ্ধাসকলৰ ত্যাগক কেতিয়াও পাহৰিব নালাগিব৷

নেতাজী সুভাষ চন্দ্ৰ বসূক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নেতাজীৰ আহ্বান ক্ৰমে আন্দামানৰ বহু যুৱকে ভাৰতৰ স্বাধীনতা আন্দোলনত নিজকে উচৰ্গা কৰিছিল৷ তেওঁ কয় যে ১৫০ ফুট উচ্চতাৰ এই পতাকা হৈছে ১৯৪৩ চনৰ আজি দিনটোৰ স্মৃতি ৰক্ষাৰ এক প্ৰয়াস, যিদিনা নেতাজীয়ে ত্ৰিৰংগা উত্তোলন কৰিছিল৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰোজ আইলেণ্ডক নেতাজী সুভাষ চন্দ্ৰ বসূ দ্বীপ; নেইল আইলেণ্ডক শ্বহীদ দ্বীপ আু হেভলক আইলেণ্ডক স্বৰাজ দ্বীপ হিচাপে নতুনকৈ নামকৰণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান ভাৰতীয়সকলে নেতাজীৰ সপোন বাস্তৱ কৰিবলৈ এখন শক্তিশালী ভাৰত গঢ়াৰ দিশত কাম কৰি আছে৷

প্ৰধানমন্ত্রীয়ে কয় যে চৰকাৰে সমগ্ৰ দেশৰ যোগাযোগ ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰি তোলাৰ দিশত কাম কৰি আহিছে৷ দেশৰ বীৰ-বীৰাংগনাসকলক স্মৰণ কৰা আৰু সন্মান জনোৱাৰ দৰে বিষয়সমূহে জাতীয় সংহতিবোধক আৰু মজবুত কৰাত সহায় কৰে৷ দেশৰ ইতিহাসৰ প্ৰতিটো গৌৰৱপূৰ্ণ অধ্যায় আলোকপাত কৰিবলৈ চৰকাৰৰ সর্বাত্মক প্ৰয়াসৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে বাবাচাহেব আম্বেদকাৰৰ স্মৃতি-বিজড়িত পঞ্চতীর্থ, ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধ আৰু ‘একতাৰ মূর্তি’ৰ কথা উল্লেখ কৰে৷ নেতাজী সুভাষ চন্দ্ৰ বসূ আৰু চর্দাৰ পেটেলেৰ নামত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদানৰ কথা ঘোষণা কৰা হৈছে বুলি তেওঁ সদৰি কৰে৷

নেতাজী আৰু চর্দাৰ পেটেলৰ দৰে অন্যান্য নেতৃবৰ্গৰ অনুপ্রেৰণাতে নতুন ভাৰত গঢ়ি তোলা হৈছে, যাৰ মুলতে হৈছে উন্নয়ন৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পৰিৱেশৰ চাহিদা পুৰন কৰিবলৈ এই দ্বীপপুঞ্জৰ উন্নয়ন সাধন কৰা হ’ব৷ উদ্যোগীকৰণৰ অংগ হিচাপে পর্যটন, খাদ্য প্ৰস্তুতকৰণ আৰু তথ্যপ্ৰযুক্তি ক্ষেত্রত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব৷

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক যিমানদূৰ সম্ভৱ আত্মনির্ভৰশীল কৰি তুলিবলৈ যাৱতীয় প্ৰয়াস গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে পোর্ট ব্লেয়াৰ বন্দৰৰ সম্প্ৰসাৰণৰ কথা দোঁহাৰে৷ তেওঁ কয় যে বন্দৰটোৰ সম্প্ৰসাৰণৰ কাম শেষ হ’লে বৃহৎ জাহাজৰ ৰক্ষণাবেক্ষনৰ কাম সম্ভৱ হৈ পৰিব৷ এই দ্বীপপুঞ্জৰ গ্রামীণ পথৰ বর্তমান অৱস্থা সম্পর্কে দু’সপ্তাহৰ ভিতৰত প্ৰতিবেদন বিচৰা হৈছে বুলি সদৰি কৰি প্ৰধানমন্ত্রীয়ে কয় যে প্ৰতিবেদন লাভ কৰাৰ পাছত কেন্দ্রীয় চৰকাৰে তাক চালি-জাৰি চাই সাম্ভাব্য সকলো সহায় আগবঢ়োৱা চেষ্টা কৰিব৷

প্ৰধানমন্ত্রীয়ে লগত কয় যে বীৰ ছাভাৰকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন এটা সুসংহত টার্মিনেল ভৱন গঢ়ি তোলা হৈছে৷ চেন্নাইৰ পৰা সমুদ্রৰ তলেৰে অপ্টিকেল ফাইবাৰ কেবলৰ জৰিয়তে এই দ্বীপপুঞ্জক সংযোগ কৰাৰ কাম শেষ হ’লে আন্দামান আৰু নিকোবৰত ইন্টাৰনেট যোগাযোগ আৰু বৃদ্ধি পাব৷ এই দ্বীপপুঞ্জত জল, বিদ্যুৎ, স্বচ্ছ শক্তি আৰু স্বাস্থ্য খণ্ডত চলি থকা উন্নয়নমূলক কামসমূহ সন্দৰ্ভতো ভাষণত সবিস্তাৰে উল্লেখ কৰে প্ৰধানমন্ত্রী মোদীয়ে৷

Click here to read full text of speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Bank credit recorded robust growth during H2FY26

Media Coverage

Bank credit recorded robust growth during H2FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM greets public representatives across the country on the occasion of Panchayati Raj Day
April 24, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting the the essence of people’s representative:

“प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम्।

नात्मप्रियं प्रियं राज्ञः प्रजानां तु प्रियं प्रियम्॥"

The Subhashitam conveys, "The happiness of the people’s representative lies in the happiness of the people; his welfare lies in the welfare of the people. People’s representative has no personal favourites. Whatever is dear to the people is what is dear to him."

Shri Modi also greeted public representatives across the country on the occasion of Panchayati Raj Day,today. "Your dedication to public service and service to the nation is truly inspiring for everyone" Shri Modi remarked.

The Prime Minister wrote on X;

“पंचायती राज दिवस के अवसर पर देशभर के जनप्रतिनिधियों का हार्दिक अभिनंदन! जनसेवा के साथ राष्ट्रसेवा के प्रति आप सभी का समर्पण हर किसी को प्रेरित करने वाला है।

प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम्।

नात्मप्रियं प्रियं राज्ञः प्रजानां तु प्रियं प्रियम्॥"