১০০০কোটি টকাৰ ‘ষ্টাৰ্টআপ ইণ্ডিয়া ছীড ফাণ্ড’ ঘোষণা
‘ষ্টাৰ্টআপ’সমূহে সাম্প্ৰতিক কালৰ বাণিজ্যৰ জনসাংখ্যিক বৈশিষ্ট্য সলাই পেলাইছে : প্ৰধানমন্ত্ৰী
‘ষ্টাৰ্টআপ’সমূহৰ ক্ষেত্ৰত ‘যুৱ-প্ৰজন্মৰ, যুৱ-প্ৰজন্মৰ দ্বাৰা, যুৱ-প্ৰজন্মৰ বাবে’ অনুকূল বাতাবৰণ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে ভাৰতে : প্ৰধানমন্ত্ৰী
‘জিইএম’ মঞ্চত ৮হাজাৰ ‘ষ্টাৰ্টআপ’ৰ পঞ্জীয়ণ; সম্ভৱ কৰিছে ২৩০০কোটিৰ ব্যৱসায় : প্ৰাধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘প্ৰাৰম্ভ : ষ্টাৰ্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলন’ সম্বোধন কৰাৰ লগতে ‘ষ্টাৰ্টআপ’-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে বাৰ্তালাপতো মিলিত হয়। অনুষ্ঠানত ‘বিমষ্টেক’ দেশৰ মন্ত্ৰীমণ্ডলীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰকাশ জাৱড়েকাৰ, শ্ৰী পীয়ুষ গোৱেল আৰু শ্ৰী সোম প্ৰকাশো উপস্থিত থাকে।

সন্মিলনখনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘ষ্টাৰ্টআপ’সমূহে সাম্প্ৰতিক কালৰ বাণিজ্যৰ জনসাংখ্যিক বৈশিষ্ট্যই সলাই পেলাইছে। এই প্ৰসংগত আঙুলিয়াই দি তেওঁ কয় যে এইসমূহ স্বীকৃতিপ্ৰাপ্ত ‘ষ্টাৰ্টআপ’ প্ৰতিষ্ঠানৰ ৪৪শতাংশৰে মহিলা সঞ্চালক আছে আৰু একাংশ মহিলাই সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহৰ শীৰ্ষ পদাধিকাৰী হিচাপেও কাম কৰি আছে। সেইদৰে ৪৫শতাংশ ‘ষ্টাৰ্টআপ’ প্ৰতিষ্ঠান দেশৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীভুক্ত মহানগৰীসমূহত থন ধৰি উঠিছে আৰু তেওঁলোকে নিজ নিজ অঞ্চলৰ স্থানীয় সামগ্ৰীৰ ‘ব্ৰেণ্ড এম্বেছেডৰ’ হিচাপে ভূমিকা পালন কৰিবলৈ লৈছে। দেশৰ বিভিন্ন ৰাজ্যত থন ধৰি উঠা এইসমূহ প্ৰতিষ্ঠানক সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে যথাসম্ভৱ সহায় সহযোগিতা আগবঢ়াই আহিছে আৰু আজিৰ তাৰিখত দেশৰ ৮০শতাংশ জিলাই এতিয়া ‘ষ্টাৰ্টআপ ইণ্ডিয়া মিছন’ৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত হৈ পৰিছে। এই বাতাবৰণত যিকোনো পৰিয়ালৰ পৰা অহা যুৱক-যুৱতীসকলে তেওঁলোকে বহণ কৰি অনা দক্ষতা-প্ৰতিভাৰ প্ৰদৰ্শন কৰাৰ বাবে সুযোগ লাভ কৰিব পাৰিছে। ‘পৰিণতি আমাৰ সন্মুখত উন্মোচিত হৈছে। এতিয়া ‘তুমিনো কিয় চাকৰি এটা নকৰা’ অথবা ‘ষ্টাৰ্টআপ এটাৰনো প্ৰযোজন কি’ বুলি সোধা পৰম্পৰাগত প্ৰশ্নসমূহৰ পৰিৱৰ্তে ‘চাকৰি বাৰু ঠিক আছে, পিচে, তুমিও এটা ষ্টাৰ্টআপ স্থাপন কৰিব নোৱাৰানে’-ৰ দৰে প্ৰশ্ন কৰাৰ মানসিকতা গঢ়ি উঠিছে বুলি অভিমত দাঙি ধৰে প্ৰধানমন্ত্ৰীয়ে। ২০১৪ চনত দেশত মাত্ৰ ৪টা ‘ষ্টাৰ্টআপ’-য়ে মাত্ৰ ‘ইউনিকৰ্ণ ক্লাব’ত নাম অন্তৰ্ভূক্ত কৰাৰ সামৰ্থ্য প্ৰদৰ্শনৰে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে এতিয়া ৩০টাৰো অধিক ‘ষ্টাৰ্টআপ’ প্ৰতিষ্ঠানে ব্যৱসায়িক সাফল্যৰ ক্ষেত্ৰত ১বিলিয়নৰ সীমা অতিক্ৰম কৰিছে বুলিও তথ্য দাঙি ধৰে প্ৰধানমন্ত্ৰীয়ে।

ক’ৰোনা মহামাৰীৰ মাজতো ২০২০চনত দেশৰ ১১টা ‘ষ্টাৰ্টআপ’ প্ৰতিষ্ঠানে ‘ইউনিকৰ্ণ ক্লাব’-ত প্ৰৱেশ কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এইসমূহ প্ৰতিষ্ঠানে সংকটৰ মাজতো ‘আত্মনিৰ্ভৰ ভাৰত’লৈ আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে। ‘ষ্টাৰ্টআপ’সমূহে ‘ছেনিটাইজাৰ’, ‘পিপিই কিট’ আৰু আনুষংগিক সামগ্ৰীৰ যোগান-শৃংখল সম্পৰ্কীয় ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁলোকে স্থানীয় প্ৰয়োজনীয়তা যেনে গেলামাল সামগ্ৰী, ঔষধ-পাতি আদি ঘৰলৈকে যোগান ধৰা, আগশাৰীত থাকি সেৱা আগবঢ়োৱা কৰ্মীসকলক এঠাইৰ পৰা আন ঠাইলৈ নিয়াৰ ক্ষেত্ৰত পৰিবহণৰ দিহা কৰা আৰু অধ্যয়ণ সামগ্ৰীৰ অনলাইন বিপণনৰ দৰে কামত জড়িত হৈ পৰিছিল। প্ৰধানমন্ত্ৰীয়ে এইসমূহ প্ৰতিষ্ঠানৰ উদ্ভাৱনী চিন্তা আৰু কৰ্মস্পৃহাৰ ভূয়সী প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে আজি সম্পন্ন হোৱা বহু ‘প্ৰাৰম্ভ’ অৰ্থাত্ আৰম্ভণীৰ কথা উল্লেখ কৰে। তেওঁ কয়, এই প্ৰথমবাৰৰ বাবে ‘বিমষ্টেক’ দেশৰ ‘ষ্টাৰ্টআপ’ সন্মিলনৰ আৰম্ভ কৰা হৈছে। ইফালে, দেশত আৰম্ভ হোৱা ‘ষ্টাৰ্টআপ’ আন্দোলনেও আজি সাফল্যৰ পাঁচোটা বৰ্ষ সম্পূৰ্ণ কৰিলে আৰু ভাৰতে আজি পৃথিৱীৰ সৰ্ববৃহত্ টীকাকৰণ অভিযানৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ আজিৰ দিনটো আমাৰ দেশৰ যুৱ-প্ৰজন্মৰ সামৰ্থ্য, বিজ্ঞানী আৰু উদ্যোগীসকলৰ কঠোৰ শ্ৰম আৰু উচৰ্গিত মনোভাৱ তথা চিকিত্সক, নাৰ্ছ আৰু স্বাস্থ্য-কৰ্মীসকলৰ উত্সৰ্গীকৃত সেৱাৰ অনন্য নিদৰ্শনৰ সাক্ষী হৈ থাকিব বুলি মন্তব্য কৰে।

ইফালে, ‘ষ্টাৰ্টআপ’ প্ৰতিষ্ঠানসমূহ থনধৰি উঠাৰ ক্ষেত্ৰত যাতে ধনৰ অভাৱ নহয় সেই কথা নিশ্চিত কৰা উদ্দেশ্যেই প্ৰধানমন্ত্ৰীয়ে ১০০০কোটি টকাৰ ‘ষ্টাৰ্টআপ ইণ্ডিয়া ছীড ফাণ্ড’ ঘোষণা কৰে।

ষ্টাৰ্টআপসমূহৰ ক্ষেত্ৰত ‘যুৱ-প্ৰজন্মৰ, যুৱ-প্ৰজন্মৰ দ্বাৰা, যুৱ-প্ৰজন্মৰ বাবে’ অনুকূল বাতাবৰণ গঢ়ি তোলাৰ বাবে ভাৰতে প্ৰয়াস অব্যাহত ৰাখিছে বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre's Nasha Mukt Bharat campaign reaches 34.54 crore people

Media Coverage

Centre's Nasha Mukt Bharat campaign reaches 34.54 crore people
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister offers prayers to Bhagwan Shri Ganesh during Ganpati Darshan at Union Minister Piyush Goyal’s residence
September 14, 2026

The Prime Minister, Shri Narendra Modi has visited the residence of Union Minister Shri Piyush Goyal for Ganpati Darshan.

The Prime Minister prayed for the blessings of Bhagwan Shri Ganesh for everyone.

The Prime Minister wrote on X;

“Went for Ganpati Darshan at the residence of Union Minister Shri Piyush Goyal Ji.

May Bhagwan Shri Ganesh bless everyone!

@PiyushGoyal”