Our traditions have for long stressed the importance of living in harmony with nature: PM Modi
India is the fastest growing economy in the world today. We are committed to raising the standards of living of our people: PM
40 million new cooking gas connections in the last two years has freed rural women from the misery of poisonous smoke and eliminated their dependence on firewood: PM
We have targeted generation of 175 Giga Watts of solar and wind energy by 2022: PM Modi
We are reducing dependence on fossil fuels. We are switching sources of fuel where possible: PM Modi
Plastic now threatens to become a menace to humanity: PM Modi
Environmental degradation hurts the poor and vulnerable, the most: PM Modi
Let us all join together to beat plastic pollution and make this planet a better place to live: PM Modi

মোৰ মন্ত্ৰী পৰিষদৰ সহযোগী ডাঃ হৰ্ষবৰ্ধন, ডাঃ মহেশ শৰ্মা, শ্ৰী মনোজ সিনহা

কাৰ্যকৰী নিৰ্দেশক, সংযুক্ত ৰাষ্ট্ৰ পৰিৱেশ কাৰ্যক্ৰম

সচিব, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়

ভাৰত আৰু বিদেশৰ পৰা প্ৰতিষ্ঠিত অতিথিগণ

ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল

ভাৰতৰ তিনি বিলিয়ন জনসংখ্যাৰ তৰফৰ পৰা আপোনালোক সকলোকে নতুন দিল্লীত স্বাগতম জনাই মই বৰ সন্তোষ লাভ কৰিছোঁ৷ মই আশা কৰিছোঁ যে বিদেশৰ পৰা অহা প্ৰতিনিধিসকলৰ ওচৰত দিল্লীৰ ইতিসাহ আৰু গৌৰৱ প্ৰদৰ্শন কৰিবলৈ কিছু সময় প্ৰাপ্ত হ’ব৷ আমি বিশ্ব পৰিৱেশ দিৱস ২০১৮ৰ বৈশ্বিক আয়োজক হোৱাৰ গৰ্ব অনুভৱ কৰিছোঁ৷

আজি এই মহত্বপূৰ্ণ ক্ষণত আমি সাৰ্বভৌমিক ভ্ৰাতৃত্ববোধৰ প্ৰাচীন মূল্যৰ কথা মনত পেলাওঁ৷ এয়া সংস্কৃতত বসুধৈৱ কুটুম্বকমৰ ৰূপত ব্যক্ত কৰা হৈছে যাৰ অৰ্থ হ’ল বিশ্ব এক পৰিয়াল৷

মহাত্মা গান্ধীৰ সিদ্ধান্ততো এই মূল্যবোধ পৰিলক্ষিত হোৱা দেখা যায়৷ তেওঁ কৈছিল যে পৃথিৱী প্ৰত্যেক ব্যক্তিৰ আৱশ্যকতা পূৰণ কৰাৰ বাবে পৰ্যাপ্ত কিন্তু প্ৰত্যেক ব্যক্তিৰ লোভ পূৰণ কৰাৰ বাবে পৰ্যাপ্ত নহয়৷ আমাৰ পৰম্পৰাই প্ৰকৃতিৰ সৈতে সৌহাৰ্দ্য বৰ্তাই ৰখাত গুৰুত্ব প্ৰদান কৰিছে৷ এয়া প্ৰকৃতিৰ প্ৰতি আমাৰ আদৰ আমাৰ ব্যৱহাৰত পৰিলক্ষিত হয়৷ এয়া আমাৰ উৎসৱ আৰু আমাৰ প্ৰাচীন কীৰ্তিসমূহতো পৰিলক্ষিত হয়৷

ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল, ভাৰত আজি অৰ্থনীতিৰ ক্ষেত্ৰত বিশ্বৰ দ্ৰুততম বিকশিত দেশ৷ আমাৰ নিজৰ মানুহৰ জীৱন স্তৰ ঊৰ্ধনৈ নিবলৈ আমি সংকল্পবদ্ধ৷ আমি সেয়া কৰিবলৈ সংকল্পবদ্ধ যি সৎ আৰু হৰিৎ৷ এই ক্ষেত্ৰত আমি বিগত দুটা বৰ্ষত ৪০ মিলিয়ন নতুন গেছ সংযোগ প্ৰদান কৰিছোঁ৷ ইয়াৰ দ্বাৰা গ্ৰামীণ মহিলাসকলে বিষাক্ত ধোঁৱা সেৱনৰ পৰা মুক্তি লাভ কৰিছে৷ ইয়াৰ দ্বাৰা খৰিৰ ওপৰত নিৰ্ভৰশীলতা নোহোৱা হৈছে৷

এই সংকল্পৰ সৈতে ভাৰতত ৩০০ মিলিয়ন এলইডি বাল্ব লগোৱা হৈছে৷ বিদ্যুৎ ৰাহি কৰাৰ উপৰিও ইয়াৰ দ্বাৰা কাৰ্বন-ডাই-অক্সাইড ৰোধ কৰাত সহায় প্ৰাপ্ত হৈছে৷ আমি নৱীকৰণযোগ্য শক্তি উৎপাদনৰ দিশত ক্ষীপ্ৰতাৰে আগবাঢ়িছোঁ৷ আমি ২০২২ পৰ্যন্ত ১৭৫ গিগাবাইট সৌৰ তথা বায়ু শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ আমি বিশ্বৰ সৌৰ শক্তিৰ পঞ্চম সৰ্ববৃহৎ উৎপাদক৷ কেৱল এয়াই নহয়, আমি নৱীকৰণযোগ্য শক্তি উৎপাদন কৰা ষষ্ঠ বৃহৎ দেশ৷ আমাৰ লক্ষ্য প্ৰত্যেক ঘৰতে বিদ্যুতৰ সংযোগ প্ৰদান কৰা যাৰ দ্বাৰা পৰিৱেশ হানিকাৰক ইন্ধনৰ ওপৰত নিৰ্ভৰতা নোহোৱা হ’ব৷ আমি জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰতা কম কৰি আহিছোঁ৷ আমি য’তেই সম্ভৱ ইন্ধনৰ স্ৰোত পৰিৱৰ্তন কৰি আছোঁ৷ আমি চহৰসমূহ পৰিৱৰ্তন কৰি আছোঁ আৰু সাৰ্বজনিক পৰিবহণ ব্যৱস্থা পৰিৱৰ্তন কৰি আছোঁ৷

আমি যুৱ দেশ৷ নিয়োজন সৃষ্টিৰ বাবে আমি ভাৰতৰ বৈশ্বিক নিৰ্মাণ কেন্দ্ৰ হিচাপে নিৰ্মাণ কৰাৰ দিশত কাম কৰি আছোঁ৷ আমি মেক ইন ইণ্ডিয়া অভিযান মুকলি কৰিছোঁ৷ ইয়াৰ জৰিয়তে আমি শূন্য দোষ, শূন্য প্ৰভাৱ বিনিৰ্মাণত গুৰুত্ব প্ৰদান কৰিছোঁ৷ ইয়াৰ অৰ্থ এয়াই যে বিনিৰ্মাণ দোষ ৰহিত হওক আৰু পৰিৱেশৰ লোকচান নহওক৷
ৰাষ্ট্ৰীয় নিৰ্ধাৰিত যোগদানৰ ৰূপত ভাৰতে ২০০৫-২০৩০ৰ সময়ত নিজৰ জিডিপিত ৩৩ৰ পৰা ৩৫ শতাংশ নিষ্কাশন হ্ৰাস কৰাৰ বাবে সংকল্পবদ্ধ৷ আমি ২০৩০ৰ ৰাষ্ট্ৰীয় নিৰ্ধাৰিত যোগদান সম্পূৰ্ণ কৰাৰ পথত অগ্ৰসৰ হৈছোঁ৷
ইউএনইপি অন্তৰাল প্ৰতিবেদন অনুসৰি ভাৰত কোপেনহোগেন সংকল্প পূৰণ কৰাৰ পথত অগ্ৰসৰ হৈছে৷ আমি ২০২০ পৰ্যন্ত উত্তৰণ নিষ্কাশন তীব্ৰতা ২০ৰ পৰা ২৫ শতাংশ হ্ৰাস কৰিম৷

আমাৰ ৰাষ্ট্ৰীয় জৈৱ-বৈচিত্ৰতা ৰণনীতি শক্তিশালী৷ বিশ্বৰ কেৱল ২.৪ শতাংশৰ ভূমিৰ সৈতে ভাৰত নথিভূক্ত কৰা প্ৰজাতিৰ বিবিধতা ৭ৰ পৰা ৮ শতাংশক সমৰ্থন প্ৰদান কৰে৷ লগতে ভাৰত মানৱ আবাদীৰ ১৮ শতাংশ অংশক সমৰ্থন প্ৰদান কৰে৷ আমাৰ গছ আৰু বন বিগত ২টা বৰ্ষত এক শতাংশ বৃদ্ধি হৈছে৷ আমি বন্যজীৱ সংৰক্ষণৰ ক্ষেত্ৰত ভাল কাম কৰিছোঁ৷ বাঘ, হাতী আৰু অন্য বন্যজন্তুৰ আবাদী বৃদ্ধি হৈছে৷ আমি জল উপলব্ধতাৰ সমস্যা সমাধানৰ আৱশ্যকতাক স্বীকাৰ কৰোঁ৷ ই ভাৰতত বৃহৎ প্ৰত্যাহ্বান হিচাপে দেখা দিছে৷ আমি নমামি গংগাৰ কাৰ্যক্ৰম আৰম্ভ কৰিছোঁ৷ এই কাৰ্যক্ৰমে ফলাফল প্ৰদৰ্শন কৰিছে আৰু শীঘ্ৰেই গংগাক সংৰক্ষিত কৰিব৷

ভাৰত প্ৰধানকৈ কৃষিপ্ৰধান দেশ৷ কৃষিৰ বাবে পানীৰ নিৰন্তৰ উপলব্ধতা গুৰুত্বপূৰ্ণ৷ প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা মুকলি কৰা হৈছে যাতে এয়া সুনিশ্চিত কৰা হয় যে কোনো কৃষিভূমি পানী অবিহনে নাথাকে৷ আমাৰ শ্লোগান হ’ল প্ৰতিটোপালত অধিক ফচল৷ আমি এই ব্যাপক অভিয়ান এয়া সুনিশ্চিত কৰাৰ বাবে মুকলি কৰিছোঁ যাতে আমাৰ কৃষকে কৃষি অৱশেষ জ্বলাই দিয়াৰ পৰিৱৰ্তে মূল্যবান পোষাহাৰলৈ পৰিৱৰ্তিত কৰে৷

ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল

বিশ্বই অসুবিধাজনক সত্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে কিন্তু আমি সুবিধাজনক কাৰ্যক্ৰমৰ প্ৰতি ধাৱমান হৈছোঁ৷ এই কাৰ্যক্ৰমৰ বাবে ভাৰতে ফ্ৰান্সৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী স্থাপন কৰিছে৷ এয়া পেৰিচ সন্মিলনৰ পিছত বোধহয় পৰিৱেশৰ ক্ষেত্ৰত একমাত্ৰ সকলোতকৈ ডাঙৰ বৈশ্বিক পদক্ষেপ৷ প্ৰায় ৩ মাহ পূৰ্বে ৪৫ত কৈও অধিক দেশৰ নেতা, আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ মুখ্য নেতাসকল নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী স্থাপনৰ সন্মিলনত উপস্থিত হোৱাৰ বাবে একত্ৰিত হৈছিল৷

বন্ধুসকল,

এই বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসত এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ সমাধান কৰিব বিচৰা হৈছে৷ এতিয়া প্লাষ্টিক মানৱতাৰ এক ডাঙৰ বিপদ হিচাপে বিবেচিত হৈছে৷ ইয়াৰে অধিকাংশই পুনৰ নৱীকৰণ নহয়৷ ইয়াতকৈও বেয়া কথা এয়ে যে ইয়াত বৃহৎ সংখ্যক অজৈৱ অপঘটন যৌগ থাকে৷ প্লাষ্টিক প্ৰদূষণে পূৰ্বৰে পৰা সাগৰৰ পৰিস্থিতি তন্ত্ৰত ঘাতক প্ৰভাৱ পেলাই আহিছে৷ বৈজ্ঞানিক আৰু মাছমৰীয়াসকলে এই দুঃচিন্তাৰ ইংগিতো প্ৰদান কৰিছে৷ ইয়াৰ বাবে মাছৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে সমুদ্ৰৰ তাপমান বৃদ্ধি হৈ সামুদ্ৰিক জীৱৰ বিলুপ্তি ঘটিবলৈ ধৰিছে৷ সামুগ্ৰিক জাবৰ বিশেষকৈ সুক্ষ্ম প্লাষ্টিক মূল সমস্যা হিচাপে পৰিগণিত হৈছে৷ ভাৰত ‘স্বচ্ছ সমুদ্ৰ অভিযান’ত অন্তৰ্ভুক্ত হোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে আৰু মহাসাগৰসমূহক ৰক্ষা কৰিবলৈ অংশগ্ৰহণ কৰিছে৷ প্লাষ্টিক প্ৰদূষণ এতিয়া আমাৰ খাদ্য শৃংখলতো প্ৰৱেশ কৰিছে৷ আনকি সুক্ষ্ম প্লাষ্টিক নিমখ, বটলযুক্ত পানী আৰু টেপৰ পানীত আদিত প্ৰৱেশ কৰি আমাৰ ভোজনত প্ৰৱেশ কৰিছে৷

বন্ধুসকল,

বিকশিত পৃথিৱীৰ বহুতো অংশৰ তুলনাত ভাৰতত প্ৰতি ব্যক্তিৰ প্লাষ্টিক ব্যৱহাৰ বহু কম৷ স্বচ্ছতা আৰু পৰিষ্কাৰৰ আমাৰ ৰাষ্ট্ৰীয় অভিযান- ‘স্বচ্ছ ভাৰত অভিযান’ৰ বিশেষ লক্ষ্য ‘প্লাষ্টিক অৱশিষ্ট প্ৰৱন্ধন’ ওপৰত কেন্দ্ৰীভূত কৰা হৈছে৷
কিছু সময় পূৰ্বে মই পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত প্ৰদৰ্শনী প্ৰত্যক্ষ কৰিছিলোঁ৷ ইয়াত আমাৰ কিছু সফল কাহিনী প্ৰদৰ্শিত কৰা হৈছে৷ ইয়াত সংযুক্ত ৰাষ্ট্ৰ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ, উদ্যোগ তথা বেচৰকাৰী সংগঠনো অন্তৰ্ভুক্ত আছে৷ মই আশা কৰিছোঁ যে প্লাষ্টিক প্ৰদূষণক বাধা দিয়াৰ অনুকৰণীয় কাম অব্যাহত ৰখা হ’ব৷

ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল

পৰিৱেশ ক্ষতিৰ সকলোতকৈ বেছি প্ৰভাৱ দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ ওপৰত পৰে৷ এয়া আমাৰ সকলোৰে কৰ্তব্য, আমি সুনিশ্চিত কৰোঁ যে ভৌতিক সমৃদ্ধিৰ সন্ধানৰ বাবে আমি নিজৰ পৰিৱেশৰ প্ৰতি যাতে আপোচ নকৰোঁ৷ শীঘ্ৰ বিকাশৰ ২০৩০ৰ এজেণ্ডাৰ অংশৰ ৰূপত বিশ্বই ‘কাকো পিছলৈ নেৰিবা’ৰ বিষয় সন্দৰ্ভত সহমতি প্ৰকাশ কৰিছে৷ এয়া তেতিয়ালৈ সম্ভৱ নহয় যেতিয়ালৈ আমি সুনিশ্চিত নকৰোঁ যে মাতৃ প্ৰকৃতিৰ দ্বাৰা আমাক যি দিয়া হৈছে, তাৰ সুৰক্ষা আমিয়েই কৰিব লাগিব৷

বন্ধুসকল,

এয়া ভাৰতৰ পদ্ধতি হয়৷ আৰু বিশ্ব পৰিৱেশ দিৱসৰ শুভ মুহূৰ্তত আমাৰ এই আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে পুনৰ সংবদ্ধ হোৱাৰ বাবে প্ৰসন্নতা প্ৰাপ্তি হৈছে৷ শেষত বিশ্ব পৰিৱেশ দিৱস ২০১৮ৰ বৈশ্বিক আয়োজক হিচাপে মই ক্ষীপ্ৰ বিকাশৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰিছোঁ৷ আহক, প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ বাবে আমি একত্ৰ হওঁ আৰু এই পৃথিৱীক জীয়াই থকাৰ বাবে যোগ্য কৰি তোলোঁ৷ আজি আমাৰ ওচৰত যি বিকল্প আছে সেয়া আমাৰ সামূহিক ভৱিষ্যতক পৰিভাষিত কৰিব৷ বিকল্প সহজ নহ’ব পাৰে৷ কিন্তু মোৰ বিশ্বাস যে সজাগতা, উদ্যোগীকিকৰণ আৰু নৈষ্ঠিক বৈশ্বিক সহযোগিতাৰ মাধ্যমৰ জৰিয়তে আমি উপযুক্ত বিকল্প বাচনি কৰিব পাৰোঁ৷ ধন্যবাদ৷

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Walmart says India sourcing has crossed $40 billion amid export push

Media Coverage

Walmart says India sourcing has crossed $40 billion amid export push
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates newly sworn-in Ministers in Bihar Government
May 07, 2026
Prime Minister expresses gratitude for warm welcome and support from people of Bihar

The Prime Minister, Shri Narendra Modi, congratulated all those who took oath as Ministers in the Government of Bihar and conveyed his best wishes to them.

The Prime Minister said that he was confident that their commitment towards the all-round development of the state would take Bihar to new heights of prosperity. He also called upon everyone to work together to realise the resolve of building a strong Bihar and a developed India.

The Prime Minister also expressed gratitude for the affection and blessings received from the people of Bihar during his visit to Patna.

He said that he was overwhelmed by the warm welcome extended to him and thanked the people for their support and enthusiasm. The Prime Minister noted that the unprecedented enthusiasm among the people reflected strong public support for the Government’s commitment towards development and public service.

The Prime Minister wrote on X;

“बिहार की एनडीए सरकार में मंत्री के रूप में शपथ लेने वाले सभी साथियों को हार्दिक बधाई एवं ढेरों शुभकामनाएं! मुझे पूर्ण विश्वास है कि राज्य के चौतरफा विकास के लिए आपकी प्रतिबद्धता हमारे इस प्रदेश को समृद्धि की नई ऊंचाइयों पर ले जाएगी। आइए, हम सब मिलकर एक सशक्त बिहार और विकसित भारत के निर्माण के संकल्प को साकार करें।”

“पटना में बिहार के अपने परिवारजनों का स्नेह और आशीर्वाद पाकर अभिभूत हूं! इस स्वागत के लिए आप सभी का हृदय से आभार। आपके अभूतपूर्व उत्साह से साफ है कि विकास और जनसेवा के हमारे संकल्प को जनता-जनार्दन का भरपूर समर्थन मिल रहा है।”