ছুৰাটত অনুষ্ঠিত নিউ ইণ্ডিয়া ইয়ুথ সমাৰোহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ পেছাদাৰীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ এই নিউ ইণ্ডিয়া ইয়ুথ সমাৰোহত প্ৰধানমন্ত্ৰীক চমকপ্ৰদ স্বাগতম জনোৱা হয়৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাষ্ট্ৰ পৰিৱৰ্তন হোৱাৰ দিশত আগবাঢ়িছে কিয়নো দেশৰ জনতাই উন্নত ভাৰতৰ বাবে পৰিৱৰ্তিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ছুৰাটৰ নিউ ইণ্ডিয়া ইয়ুথ সমাৰোহত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বৰ ধাৰণা আছিল এনেধৰণৰ যে একো নহ’ব অথবা একো পৰিৱৰ্তন নহ’ব৷ কিন্তু এতিয়া মানসিক স্থিতি পৰিৱৰ্তন হৈছে আৰু এয়া পৰিলক্ষিত হৈছে৷ তেওঁ কয়, ‘‘প্ৰাৰম্ভিক পৰ্যায়ত মানুহৰ মাজত একো পৰিৱৰ্তন নহ’ব জাতীয় ধাৰণা আছিল৷ আমি প্ৰথমে সকলোৰে মানসিক স্থিতি পৰিৱৰ্তন কৰিলো- এতিয়া সকলো পৰিৱৰ্তন হ’ব পাৰে৷ ভাৰতৰ পৰিৱৰ্তন হৈছে কিয়নো ভাৰতীয়সকলে পৰিৱৰ্তন হ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷’’

ভাৰতৰ শক্তিৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘মুম্বাইত সন্ত্ৰাসবাদীৰ আক্ৰমণ হোৱাৰ পিছত কি হ’ল? আমাৰ চৰকাৰৰ সময়ত উৰিৰ ঘটনাৰ পিছত কি হ’ল? এয়াই পৰিৱৰ্তন৷ আমাৰ জোৱানসকলৰ হৃদয়ত জ্বলি থকা জুই প্ৰধানমন্ত্ৰীৰ হৃদয়তো জ্বলি আছিল৷ ছাৰ্জিকেল ষ্ট্ৰাইক তাৰেই প্ৰতিফলন৷ উৰিৰ সন্ত্ৰাসবাদীৰ আক্ৰমণে মোক শুবলৈ দিয়া নাছিল আৰু ইয়াৰ পিছত কি হ’ব আপোনালোক সকলোৱেই জানে৷ এয়াই পৰিৱৰ্তন৷’’

প্ৰধানমন্ত্ৰীয়ে কয় যে ক’লা ধনৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ অতি সাহসিক আৰু নিৰ্ণায়ক আছিল৷
বিমুদ্ৰাকৰণৰ পিছত তিনি লাখ উদ্যোগ বন্ধ হৈছিল আৰু কোনেও ভাবিব পৰা নাছিল যে ক’লা ধন নিয়ন্ত্ৰিত হ’ব, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

তেওঁ কয়, ‘‘ভাৰতৰ জনসাধাৰণ মানসিকতা বৰ্তমানে পৰিৱৰ্তন হৈছে আৰু ই দেশকো পৰিৱৰ্তিত কৰিব৷ এয়া মোৰ বিশ্বাস৷ দেশ আমাৰ প্ৰত্যেকতকৈ ডাঙৰ৷’’

 

 

এক লঘূ পৰিবেশত প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া তেওঁৰ দিনটোৰ চতুৰ্থটো জন সন্মিলনত অংশগ্ৰহণ৷ কিন্তু তেওঁ ভাগৰি পৰা নাই আৰু জনতাহে ভাগৰি পৰিছে নেকি সোধাত জনসাধাৰণৰ বৃহদাংশই নহয় বুলি উত্তৰ প্ৰদান কৰে৷

 

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দিনটো গুজৰাট পৰিভ্ৰমণ কৰে৷ দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে ছুৰাট বিমানন্দৰৰ টাৰ্মিনেল বিল্ডিঙৰ প্ৰসাৰণ অংশৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ ইয়াৰোপৰি তেওঁ ছুৰাটৰ ষ্টেট-অব্-দা-আৰ্ট ৰচিলাবেন সেৱন্তীলাল ভেনাছ চিকিৎসালয়ো ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰে৷ প্ৰধানমন্ত্ৰীয়ে দাণ্ডীত ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰকো ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰে৷

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi