The whole world looks upon India as a shining star: PM Modi
Whether it is the economy or defence, India’s capabilities have expanded: PM
India is a supporter of peace, but the country will not hesitate to take any steps required for national security: PM Modi
Corruption cannot be a part of New India. Those indulging in corruption will not be spared: Prime Minister

প্ৰধানমন্ত্ৰীয়ে আজি নতুন দিল্লীত এনচিচি ৰেলীত ভাষণ প্ৰদান কৰে৷

এনচিচি কেডেটসকলৰ মাজত তেওঁ নষ্টালজিক হৈ পৰা বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷

যোৱা বৰ্ষত এনচিচি কেডেটসকল বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ যেনে স্বচ্ছ ভাৰত অভিযান, ডিজিটেল লেনদেন আদিৰ সৈতে জড়িত হোৱা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয় সন্তোষ প্ৰকাশ কৰে৷ তেওঁ কয় যে কেৰেলা বানৰ সময়ত এনচিচি কেডেটসকলৰ অৰিহণা আৰু সাহায্য অতিশয় প্ৰশংসনীয় আছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি সমগ্ৰ বিশ্বই ভাৰতক প্ৰজ্বলিত তৰা হিচাপে প্ৰত্যক্ষ কৰে৷ তেওঁ কয় যে এতিয়া প্ৰত্যাশা এই পৰ্যায়ত উপনীত হৈছে যে ভাৰতৰ কেৱল সম্ভাৱনা থকাই নহয়, সেই সম্ভাৱনা পূৰণ কৰাৰ ক্ষমতাও আছে৷

তেওঁ কয় যে অৰ্থনীতিয়েই হওক অথবা প্ৰতিৰক্ষা, ভাৰতৰ সামৰ্থ বৃদ্ধি হৈছে৷ ভাৰত শান্তিৰ সমৰ্থক হ’লেও ৰাষ্ট্ৰীয় নিৰাপত্তাৰ খাতিৰত যিকোনো পদক্ষেপ গ্ৰহণ কৰিবলৈ ভাৰত কেতিয়াও পিছ নোহোহকে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷ তেওঁ কয় যে যোৱা চাৰে চাৰি বছৰত প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ নিউক্লিয়াৰ ট্ৰায়াড সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা কেইখনমান দেশৰ ভিতৰত ভাৰতো অন্তৰ্ভুক্ত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ দেশ সুৰক্ষিত হ’লেহে যুৱ প্ৰজন্মই তেওঁলোকৰ সপোন বাস্তৱায়িত কৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰে৷

গাঁও আৰু সৰু চহৰৰ পৰা ওলাই অহা কেডেটসকলৰ কঠোৰ কৰ্মদক্ষতাক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ তেওঁ কয় যে এনচিচি কেডেটসকলে দেশক গৌৰৱান্বিত কৰিছে৷ এই প্ৰসংগত তেওঁ প্ৰখ্যাত এথলীট হিমা দাসৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাই সফলতা নিৰ্ণয় কৰে৷ তেওঁ কয় যে চৰকাৰে ইপিআই-‘‘এভৰি পাৰ্ছন ইজ ইম্প’ৰটেণ্ট (প্ৰত্যেকজন ব্যক্তিয়েই গুৰুত্বপূৰ্ণ)ৰ সৈতে ভিআইপি সংস্কৃতি পুনঃ প্ৰতিষ্ঠাপন কৰাৰ দিশত প্ৰয়াস কৰিছে৷ তেওঁ কেডেটসকলক নিজৰ আৰু ৰাষ্ট্ৰৰ হিতৰ বাবে সকলো ধৰণৰ ঋণাত্মকতা পৰিহাৰ কৰাৰ বাবে আহ্বান জনায়৷ তেওঁ কয় যে মহিলাসকলক সুবিধা প্ৰদানৰ বাবে তথা কৰ্মক্ষেত্ৰত তেওঁলোকৰ অংশীদাৰীত্ব বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ তেওঁ কয় যে মহিলাসকলে এতিয়া ভাৰতীয় বায়ুবাহিনীত প্ৰথমবাৰলৈ যুঁজাৰু বৈমানিকৰ ভূমিকাত অৱতীৰ্ণ হৈছে৷

নতুন ভাৰতত দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নহ’ব বুলি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়৷ তেওঁ কয় যে দুৰ্নীতিত নিমজ্জিত ব্যক্তিসকলক ৰেহাই দিয়া নহ’ব৷

 

 

স্বচ্ছ ভাৰত অভিযান আৰু ডিজিটেল ভাৰতৰ দৰে মূল পদক্ষেপসমূহত তৰুণ প্ৰজন্মৰ অংশগ্ৰহণক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ তেওঁ কেডেটসকলক চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহ প্ৰচাৰ কৰাৰ বাবে আহ্বান জনায়৷ তাৰোপৰি তেওঁ অনাগত নিৰ্বাচনত তৰুণ প্ৰজন্মই যাতে বৃহৎ সংখ্যাত ভোট দিবলৈ ওলাই আহে তাৰবাবে উৎসাহিত কৰিবলৈ আহ্বান জনায়৷

 

 

 

তেওঁ কয় যে কেডেটসকলে দিল্লী চহৰত ভাৰতৰ ঐতিহ্য আৰু মহান নেতাৰ স্মৃতি বিজড়িত নতুন স্মাৰকসমূহ পৰিদৰ্শন কৰিব পাৰে৷ এই প্ৰসংগত তেওঁ লালকিল্লাৰ ক্ৰান্তি মন্দিৰ আৰু আলিপুৰ পথৰ বাবাচাহেব ডঃ ভীমৰাও আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ স্থলৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে এই স্থানসমূহৰ পৰিদৰ্শনৰ জৰিয়তে জনতাৰ বাবে কাম কৰাৰ নতুন হাবিয়াসৰ সৃষ্টি কৰে৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why Abrogation Of Article 370 Was A Strategic Necessity For India

Media Coverage

Why Abrogation Of Article 370 Was A Strategic Necessity For India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 05 আগষ্ট 2026
August 05, 2026

Viksit Bharat in Action: Inclusive, Green, and Globally Competitive Under PM Modi