‘যেতিয়া চিপসমূহে কাম নকৰে তেতিয়া আপোনালোকৰ কোড’-য়ে সকলোবোৰ সচ্চল কৰি ৰাখে, তথ্য প্ৰযুক্তি উদ্যোগক ক’লে প্ৰধানমন্ত্ৰীয়ে
অপ্ৰয়োজনীয় নিয়ন্ত্ৰণৰ পৰা প্ৰযুক্তি-উদ্যোগক মুক্ত কৰাৰ বাবে চৰকাৰে কাম কৰি আছে : প্ৰধানমন্ত্ৰী
নতুন সম্ভাৱনাসমূহৰ সদ্ব্যৱহাৰৰ ক্ষেত্ৰত নৱ উদ্যোগীসকলে স্বধীনতা পোৱা উচিত : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘নাছকম টেকন’ল’জী এণ্ড লীডাৰশ্বিপ ফোৰাম’(এনটিএলএফ) সম্বোধন কৰে।

অনুষ্ঠানত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে ক’ৰোনা-কালত তথ্য প্ৰযুক্তি খণ্ডৰ উদ্যোগসমূহে প্ৰদৰ্শন কৰা সহনশীলতাৰ বাবে ভূয়সী প্ৰশংসা কৰে। ‘যেতিয়া চিপসমূহে কাম নকৰে তেতিয়া আপোনালোকৰ কোড’-য়ে সকলোবোৰ সচ্চল কৰি ৰাখে’ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰগতিৰ গতি বন্ধ হ’ব বুলি ভবা সময়তো খণ্ডটোৱে ৪ বিলিয়ন ডলাৰৰ ৰাজহৰ উপৰি ২শতাংশ পৰিমাণৰ বিকাশৰ ধাৰা প্ৰদৰ্শন কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

‘আজিৰ ভৰতে উন্নয়নৰ বাবে অত্যুত্সাহ প্ৰদৰ্শন কৰিছে আৰু চৰকাৰে সেই অনুভৱ হৃদয়ংগম কৰে’ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়, ১৩০ কোটি ভাৰতীয়ই আমাক দ্ৰুত গতিত আগুৱাই যোৱাৰ বাবে অনুপ্ৰাণিত কৰিছে। নতুন ভাৰতৰ প্ৰসংগত চৰকাৰৰ দৰেই ব্যক্তিগত খণ্ডৰ পৰাও একে ধৰণৰ আশাকে কৰিবলৈ লোৱা কথাত গুৰুত্ব আৰোপ কৰে তেওঁ। ভৱিষ্যতৰ নেতৃত্বৰ বিকাশৰ বাবে নিয়ন্ত্ৰণ উপযোগী নহয় বুলি চৰকাৰ বাৰুকৈয়ে অৱগত বুলিও তেওঁ মন্তব্য কৰে। ‘প্ৰযুক্তি খণ্ডৰ উদ্যোগসমূহক অপ্ৰয়োজনীয় নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰাৰ বাবে চৰকাৰে কাম কৰি আছে’ বুলিও জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় যোগযোগ নীতি, ভাৰত ছফ্টৱেৰ সামগ্ৰীৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা নীতি আৰু ক’ৰোনা কালত ঘোষণা কৰা ‘অন্যন্য সেৱা যোগনীয়াৰ(অএছপি) বিধি-নিৰ্দেশনা’ৰ দৰে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভতো প্ৰধানমন্ত্ৰীয়ে তথ্য উল্লেখ কৰে। তেওঁ তথ্য সেৱাক ১২টা শ্ৰেষ্ঠ সেৱা খণ্ডৰ তালিকাত অন্তৰ্ভুক্ত কৰা সিদ্ধান্তই ফল দিবলৈ আৰম্ভ কৰিছে বুলিয়ে মন্তব্য কৰে। মানচিত্ৰ আৰু ভূ-স্থানিক তথ্যাৱলীৰ ক্ষেত্ৰত শেহতীয়া ভাবে গ্ৰহণ কৰা উদাৰীকৰণৰ সিদ্ধান্তই প্ৰযুক্তি খণ্ডৰ ষ্টাৰ্টআপ-বাতাবৰণ আৰু ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ক শক্তি প্ৰদান কৰিব।

নতুন সম্ভাৱনাসমূহৰ সদ্ব্যৱহাৰৰ ক্ষেত্ৰত নৱ উদ্যোগীসকলে স্বাধীনতা পোৱাত গুৰুত্ব প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় ষ্টাৰ্ট আপ উদ্ভাৱকসকলৰ ওপৰত চৰকাৰৰ সম্পূৰ্ণ বিশ্বাস আছে। স্ব-প্ৰত্যায়িতকৰণ, শাসনৰ কাম-কাজত তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ, ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে তথ্যৰ গণতন্ত্ৰীকৰণৰ দৰে পদক্ষেপসমূহৰ ক্ষেত্ৰত প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে।

শাসনতন্ত্ৰত স্বচ্ছতাৰ কেন্দ্ৰীকৰণ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা বাঢ়িবলৈ লৈছে। শাসনৰ কাম-কাজক ফাইল মাজত আবদ্ধ নাৰাখি নাগৰিকসকলে নিৰীক্ষণ কৰিব পৰাকৈ ‘ডেছব’ৰ্ড’ত উপলব্ধ কৰোৱাৰ ধাৰা আৰম্ভ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। ইফালে, ‘জিইএম প’ৰ্টেল’ৰ জৰিয়তে চৰকাৰী ক্ৰয় ব্যৱস্থাৰ উন্নয়ণ হোৱাৰ লগতে ব্যৱস্থাটোলৈ স্বচ্ছতা আহিছে বুলিও তেওঁ উল্লেখ কৰে।

তেওঁ চৰকাৰৰ কাম-কাজত প্ৰযুক্তিৰ সদ্ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। তেওঁ আন্তঃগাঁথনিমূলক সামগ্ৰী, দুখীয়া-দৰিদ্ৰৰ ঘৰ আৰু তেনে ধৰণৰ প্ৰকল্পসমূহ সময়ত সম্পূৰ্ণ কৰিব পৰাকৈ ‘জিঅ’ টেগিঙ’ৰ দৰে ব্যস্থা কৰাৰ কথা উদাহৰণ হিচাপে দাঙি ধৰে। তেওঁ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ মানচিত্ৰ যুগুতোৱাৰ ক্ষেত্ৰত ‘ড্ৰণ’ৰ ব্যৱহাৰ কৰা আৰু স্বচ্চতাৰ পৰিসৰ বৃদ্ধিৰ বাবে বিশেষকৈ কৰ সম্পৰ্কীয় প্ৰসংগসমূহত মানৱ ‘ইণ্টাৰফেচ’ৰ হাৰ কমোৱাৰ প্ৰসংগতো তেওঁ মন্তব্য কৰে।

২০৪৭ চনত দেশৰ স্বাধীনতাই ১০০বছৰ পূৰ্ণ কৰিবলৈ আগবঢ়াৰ যাত্ৰাত বিশ্ব মানৰ সামগ্ৰী আৰু নেতাৰ সহযোগিতা আগবঢ়োৱাৰ বাবে ব্যৱস্থা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে সংশ্লিষ্টসকলক আহ্বান জনায়। ‘আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰক, দেশ আপোনালোকৰ লগত আছে’ বুলি প্ৰধানমন্ত্ৰীয়ে সকলোকে আশ্বস্ত কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, ভাৰতে সন্মুখীন হৈ অহা প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত ২১শতিকাৰ সমাধানসূত্ৰ আগবঢ়োৱাটো প্ৰযুক্তি খণ্ডৰ উদ্যোগসমূহৰ দায়িত্ব। তেওঁ কৃষিক্ষেত্ৰৰ বাবে পানীৰ নাটনিৰ সূত্ৰ আৰু সাৰৰ প্ৰয়োজনীয়তা পূৰণ, স্বাস্থ্য আৰু কল্যাণ, টেলি মেডিচিন আৰু শিক্ষা আৰু দক্ষতা বিকাশৰ দৰে ক্ষেত্ৰত সমাধান সূত্ৰ আৱিষ্কাৰৰ উদ্যোগ গ্ৰহণৰ আহ্বান জনায়। ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’, ‘অটল টিংকাৰিং লেব’ আৰু ‘অটল ইনকিউবেশ্যন কেন্দ্ৰ’ৰ দৰে পদক্ষেপসমূহ দক্ষতা আৰু উদ্ভাৱন তথা উদ্যোগসমূহক সহযোগিতা আগবঢ়োৱাৰ বাবেই প্ৰয়োজন বুলি উল্লেখ কৰে। ‘চিএছআৰ’ কাৰ্যক্ৰমৰ পৰিণতিৰ প্ৰতি লক্ষ্য ৰখা আৰু পিচপৰা অঞ্চল আৰু ডিজিটেল শিক্ষাৰ ওপৰত লক্ষ্য নিবদ্ধ কৰি আগবঢ়াতো তেওঁ গুৰুত্ব আৰোপ কৰে। দেশৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীভুক্ত মহানগৰসমূহত উদ্যোগী আৰু উদ্ভাৱকসকলৰ বাবে সৃষ্টি হোৱা সুযোগসমূহৰ প্ৰতিও তেওঁ দৃষ্টি আকৰ্ষণ কৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
RBI sees resilient economy despite West Asia conflict, monsoon concerns

Media Coverage

RBI sees resilient economy despite West Asia conflict, monsoon concerns
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the importance of fostering beneficial thoughts, words, and actions
July 24, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how continuous practice in thought, word, and action shapes one's character and direction in life.

The Prime Minister wrote on X;

"कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते।

तदेवापहरत्येनं तस्मात् कल्याणमाचरेत्॥"

Whatever a person continuously practices through their actions, thoughts, and words ultimately shapes their personality and draws them in that very direction; therefore, one should always give space only to beneficial subjects in one's thoughts and conversations.