The setback in Chandrayaan landing has only made India’s resolve to land on the moon even stronger: PM Modi
Despite setbacks in landing, we must remember that Chandryaan had quite successful journey until now: Prime Minister Modi
We must not be disappointed that Chandrayaan was not able to land on the moon, instead, we need to learn from our mistakes and keep going till we are successful: PM Modi

ইছৰোৰ মুখ্য কাৰ্যালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে চন্দ্ৰযান–২ অভিযানৰ যোগাযোগ বিচ্ছিন্ন হ’লেও বাংগালুৰুত ইছৰোৰ বিজ্ঞানীসকলৰ সৈতে চন্দ্ৰযান–২ৰ অৱতৰণ প্ৰত্যক্ষ কৰাৰ বাবে উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “আমাৰ বিজ্ঞানীসকলক লৈ ভাৰতবাসীয়ে গৌৰৱ কৰে৷ তেওঁলোকে সদায় শ্ৰেষ্ঠত্ব উজাৰি দিয়াৰ লগতে ভাৰতক গৌৰৱান্বিত কৰিছে৷ এই ক্ষণবোৰ সাহসৰ আৰু আমিও ইয়াৰ জৰিয়তে সাহসী হওঁ৷”

এই প্ৰচেষ্টাৰ বাবে বিজ্ঞানীসকলক উদ্গনি যোগাই প্ৰধানমন্ত্ৰীয়ে কয়, “সমগ্ৰ দেশ আপোনালোকৰ সৈতে আছে, মইও আপোনালোকৰ সৈতে আছো৷ এই প্ৰচেষ্টাৰ লগতে যাত্ৰাও আছিল অতি মূল্যবান৷

আপোনালোক এনে ব্যক্তি, যিসকলে ভাৰত মাতাৰ বিজয়ৰ বাবে কাম কৰে আৰু ইয়াৰ বাবে যুঁজ দিয়ে আৰু ইয়াক গৌৰৱান্বিত কৰাৰ বাবে সংকল্প গ্ৰহণ কৰে৷

মই যোৱাৰাতি আপোনালোকৰ মনৰ হতাশা আৰু আবেগ উপলব্ধি কৰিছো৷ যানখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ সময়ত মই আপোনালোকৰ মাজতে আছিলো৷ এয়া কেতবোৰ উত্তৰবিহীন প্ৰশ্ন, কিন্তু মই নিশ্চিত যে আপোনালোকে ইয়াৰ উত্তৰ পাব৷ মই জানো ইয়াৰ বাবে আপোনালোকে কিমান কঠোৰ পৰিশ্ৰম কৰিছে৷

আমি আমাৰ যাত্ৰাপথত এক সামান্য উজুটি খাইছো যদিও এইটোৱে আমাক আমাৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টা আৰু উৎসাহত বাধা দিব নোৱাৰে৷

আমাৰ সংকল্প আৰু অধিক মজবুত হৈছে৷

আমাৰ বিজ্ঞানী ভাই–ভনীসকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰি সমগ্ৰ দেশবাসী যোৱা নিশা উজাগৰে আছে৷ আমি চন্দ্ৰপৃষ্ঠৰ নিচেই ওচৰ চাপিছিলো আৰু সেই প্ৰচেষ্টা অতি প্ৰশংসনীয়৷

আমি আমাৰ মহাকাশ কাৰ্যসূচী আৰু বিজ্ঞানীসকলক লৈ গৌৰৱান্বিত, তেওঁলোকৰ কঠোৰ পৰিশ্ৰম তথা সংকল্পই কেৱল আমাৰ দেশৰ উপৰি অন্য দেশসমূহৰ নাগৰিকৰো উন্নত জীৱন সু–নিশ্চিত কৰে৷ যদি তেওঁলোকৰ উদ্ভাৱনী কামসমূহ সফল হয়, তেতিয়া ইয়াৰ দ্বাৰা উন্নত স্বাস্থ্য সেৱা তথা শিক্ষাকে ধৰি বহু লোকে মানসম্পন্ন জীৱন নিৰ্বাহ কৰিব পাৰে৷

“ভাৰতে জানে যে আনন্দিত হোৱাৰ বাবে বহুতো গৌৰৱপূৰ্ণ ক্ষণ আছে৷”

“মহাকাশ কাৰ্যসূচীৰ কথা ক’লে শ্ৰেষ্ঠখিনি এতিয়াও আহিবলৈ বাকী আছে৷”

“এতিয়াও বহু নতুন ঠাই আৱিষ্কাৰ হ’বলৈ বাকী আছে৷ আমি এই ক্ষেত্ৰত ধাবিত হৈ সফলতাৰ নতুন শিখৰত উপনীত হ’ম৷”

“আমাৰ বিজ্ঞানীসকলক মই কও, ভাৰতবাসী আপোনালোকৰ সৈতে আছে৷ মই আপোনালোকৰ সৈতে আছো৷ স্বাভাৱিকতে আপোনালোকে এনে এটা স্থানলৈ যোৱাৰ প্ৰচেষ্টা কৰিছে, যি স্থানলৈ আজিলৈকে কোনো যোৱা নাই৷”

“আপোনালোক নিচেই কাষলৈ গ’ল৷ মই গৌৰৱেৰে কও এই প্ৰচেষ্টাৰ লগতে যাত্ৰাও আছিল অতি মূল্যবান৷”

 “আমাৰ টীমে কঠোৰ পৰিশ্ৰম কৰাৰ লগতে বহু দূৰ যাত্ৰা কৰিলে আৰু ইয়াৰ পৰা পোৱা শিক্ষা সদাই আমাৰ সৈতে থাকিব৷”

“আমাৰ শিক্ষাৰ পৰা আমি এক শক্তিশালী আৰু উন্নত ভৱিষ্যত পাম৷”

“মই আমাৰ বিজ্ঞানীসকলৰ পৰিয়ালবৰ্গক ধন্যাবাদ জনাইছো৷ তেওঁলোকৰ নিৰৱ তথা মূল্যবান সমৰ্থন সদায়েই আমাৰ প্ৰচেষ্টাৰ প্ৰধান শক্তি৷”

“ভাই–ভনীসকল, ধৈৰ্য আৰু তপস্যা ভাৰতীয় পৰম্পৰাৰ কেন্দ্ৰবিন্দু৷ আমাৰ গৌৰৱশালী ইতিহাসত আমি এনে বহুতো ক্ষণৰ মুখামুখি হৈছো, যিবোৰে চুৰ্ণ–বিচুৰ্ণ কৰিব পাৰে, কিন্তু সেইবোৰক লৈ আমি হাৰ মনা নাই৷ সেইবাবেই আমাৰ সভ্যতাই এতিয়াও সগৌৰৱে মুৰ দাঙি আছে৷”

“আমি বহুতো ঐতিহাসিক সফলতা অৰ্জন কৰিছো৷ মই জানো যে ইছৰোই কেতিয়া পৰাজয় স্বীকাৰ নকৰে৷”

“এক নতুন সূৰ্যোদয় আৰু এক উন্নত ভৱিষ্যত আছে৷ ফলাফলক লৈ চিন্তি নহৈ আমি আগুৱাই যাব লাগিব আৰু সেয়াই আমাৰ ইতিহাস৷”

আপোনালোকৰ ওপৰত মোৰ বিশ্বাস আছে৷ আপোনালোকৰ সপোন মোতকৈও উচ্চ৷ আপোনালোক আশাবোৰৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে৷

আপোনালোকৰ পৰা অনুপ্ৰেৰণা পোৱাৰ বাবে মই আপোনালোকৰ সৈতে মিলিত হও৷ আপোনালোকৰ অনুপ্ৰেৰণাৰ সাগৰ আৰু অনুপ্ৰেৰণাৰ জীৱন্ত সাক্ষী৷

মই আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু সকলোৰে উজ্বল ভৱিষ্যত কামনা কৰিলো৷”

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament passes Jan Vishwas Bill 2026, decriminalising 717 offences, fines up to Rs 1 crore

Media Coverage

Parliament passes Jan Vishwas Bill 2026, decriminalising 717 offences, fines up to Rs 1 crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 এপ্ৰিল 2026
April 03, 2026

India’s Sweet, Fast & High-Tech Revolution: FY26 Milestones That Signal Viksit Bharat Has Arrived