Indian thought is vibrant and diverse: PM Modi
For centuries we have welcomed the world to our land: PM Modi
In a world seeking to break free from mindless hate, violence, conflict and terrorism, the Indian way of life offers rays of hope: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে আইআইএম কজিকোড়েত স্বামী বিবেকানন্দৰ এক পূৰ্ণাংগ আকাৰৰ মুৰ্তি মুকলি কৰে৷ আইআইএম কজিকোড়েত অনুষ্ঠিত ‘‘গ্ল’বেল ইণ্ডিয়ান থট’’ শীৰ্ষক এক সমাৰোহত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে৷ উপস্থিত লোকসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ভাৰতৰ চিন্তাধাৰাসমূহ স্পন্দনশীল তথা বৈচিত্ৰতাৰে ভৰা৷ ই ধ্ৰুৱক আৰু উত্তৰণশীল৷ ই ইমানেই বিশাল যে ইয়াক এটা সমাৰোহ অথবা এখন কিতাপৰ মাজত বান্ধি ৰখাটোও অসম্ভৱ৷ কিন্তু ভাৰতীয় মূল্যবোধত কিছুমান বিশেষ আদৰ্শ সদায়েই কেন্দ্ৰীভূত হৈ ৰৈছে৷ সেয়া হ’ল- সমবেদনা, ঐক্যতা, ন্যায়, সেৱা আৰু অকপটতা৷’’

শান্তি, ঐক্যতা আৰু ভ্ৰাতৃত্ববোধঃ

বিশ্বমানসত ভাৰতৰ স্থান সম্পৰ্কে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ভাৰত বুলি ক’লে প্ৰথমে মনলৈ অহা বিষয়টোৱেই হ’ল শান্তি, ঐক্যতা আৰু ভ্ৰাতৃত্ববোধৰ গুণাৱলী৷’’ তেওঁ কয় যে ঐক্যতা আৰু শান্তিৰ ফলতেই আমাৰ সভ্যতা বিকশিত হোৱাৰ লগতে বৰ্তি থাকিব পাৰিছে৷

এই সন্দৰ্ভত তেওঁ এইদৰে কয়, ‘‘ইমানবোৰ ৰাজ্য, ইমানবোৰ ভাষা, ইমানবোৰ উপভাষা, ইমানবোৰ আস্থা, ইমানবোৰ প্ৰথা, ইমানবোৰ পৰম্পৰা, ইমানবোৰ জীৱনশৈলী, ইমানবোৰ বিবিধ বস্ত্ৰসম্ভাৰ৷ তথাপিও আমি শতিকাজুৰি শান্তিৰে বাস কৰি আহিছো৷ শতিকাজুৰি আমি বিশ্বক আমাৰ ভূমিলৈ স্বাগতম জনাইছো৷ বহু সভ্যতা ধ্বংস হোৱাৰ বিপৰীতে আমাৰ সভ্যতা কিয় ইমান বিকশিত হৈছে? কিয়? কাৰণ আমি ইয়াত শান্তি আৰু ঐক্যতা বিচাৰি পাইছো৷’’

তেওঁ কয় যে আমাৰ শক্তি আমাৰ সৰলীকৃত তথা সম্পৰ্কীয় অভ্যাসসমূহৰ মাজতেই নিহিত হৈ আছে৷

‘‘এই অভ্যাসসমূহ কঠোৰো নহয় অথবা দিশহীনো নহয়৷ ইয়াৰ সৌন্দৰ্য ইয়াক বিভিন্ন ধৰণে পালন কৰিব পৰা সত্যৰ মাজতেই নিহিত হৈ আছে’’, তেওঁ এইদৰে কয়৷

তেওঁ কয় যে ভাৰত হিন্দু, বৌদ্ধ, জৈন আৰু শিখ মতাদৰ্শৰ জন্মভূমি৷ এই ভূমিতেই চুফীবাদেও বিকশিত হৈছে৷ এই সকলোবোৰ মতাদৰ্শৰ মূলমন্ত্ৰ অহিংসা বুলি মন্তব্য কৰি তেওঁ কয় যে মহাত্মা গান্ধীয়ে এই আদৰ্শত উৎকৃষ্টতা লাভ কৰি ভাৰতক স্বাধীনতা প্ৰদান কৰিবলৈ সমৰ্থ হৈছিল৷ দমনমূলক নীতিৰ পৰিৱৰ্তে অহিংসাৰ বাণীৰে ভাৰতীয়সকলে প্ৰত্যাহ্বান জিনিবলৈ সমৰ্থ হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰেমৰ বাতাৱৰণঃ

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘যেতিয়া মই ভাৰতে শান্তি আৰু ঐক্যতাত বিশ্বাস কৰে বুলি কও, ইয়াৰ জৰিয়তে প্ৰকৃতি মাতৃ তথা আমাৰ পৰিবেশৰ সৈতে সামঞ্জস্যতাৰ বিষয়েও কোৱা হয়৷’’ তেওঁ কয় যে ভাৰতে বিশ্বত সৌৰ শক্তি ব্যৱহাৰত নেতৃত্ব প্ৰদান কৰাৰ জৰিয়তে স্বচ্ছ ভৱিষ্যতৰ নিশ্চিতি প্ৰদান কৰিছে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে বিগত ৫ বছৰত ৩৬ কোটি এলইডি বাল্ব বিতৰণ আৰু ১ কোটি পথৰ লাইট পুনঃস্থাপনৰ জৰিয়তে ২৫,০০০ কোটি টকা ৰাহি হোৱাৰ লগতে ৪ কোটি টন কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমনো হ্ৰাস কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে৷

বাঘ আৰু সিংহক সুৰক্ষা প্ৰদানঃ

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০০৬ চনৰ পৰা ভাৰতত বাঘৰ সংখ্যা দুগুণলৈ বৃদ্ধি হৈছে৷ বিশ্বৰ বাঘৰ সংখ্যা এক তৃতীয়াংশ ভাৰততেই আছে বুলি তেওঁ জানিবলৈ দিয়ে৷ ঠিক সেইদৰে সিংহৰ সংখ্যাও ২০১০ৰ পৰা ২০১৫ লৈ ৩০% লৈ বৃদ্ধি হৈছে বুলি তেওঁ কয়৷

বনাঞ্চলৰ পৰিমাণ বৃদ্ধিঃ

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘২০১৪ চনত সুৰক্ষিত বনাঞ্চলৰ পৰিমাণ আছিল ৬৯২ হেক্টৰ৷ ২০১৯ত ইয়াৰ পৰিমাণ ৮৬০ হেক্টৰতকৈও বৃদ্ধি পাইছে৷ ২০১৪ চনত সংৰক্ষিত বনাঞ্চলৰ সংখ্যা আছিল ৪৩৷ এতিয়া ইয়াৰ সংখ্যা ১০০ত কৈও বৃদ্ধি পাইছে৷’’

মহিলাৰ কল্যাণঃ

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘এই ভূমিৰ আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল মহিলাৰ প্ৰতি সন্মান৷’’ এই সন্দৰ্ভত তেওঁ ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, মহাত্মা ফুলে আৰু সাবিত্ৰী বাই ফুলেৰ অৱদানৰ কথা স্মৰণ কৰে৷

অকপটতাৰ জয়গানঃ

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে অকপটতা উদযাপন কৰে৷ ইয়াত বিভিন্ন মতবাদৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়৷ বিশ্বৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষমতা ভাৰতৰ আছে বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য প্ৰদান কৰে৷

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi arrives in Paris
June 18, 2026

PM Modi arrived in Paris, France, to a warm welcome by the Indian diaspora.

During the visit, PM Modi will attend the VivaTech 2026 alongside President Macron. India will have the largest national pavilion at this edition, a fitting symbol of the enormous potential for partnership between Indian and European innovation ecosystems. The PM will also meet the members of the vibrant Indian community in Paris.