প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইকোন’মিক টাইম গোলকীয় বাণিজ্য সন্মিলন সম্বোধন কৰে৷

তেওঁ কয় যে ২০১৩-১৪ত দেশত বিৰাজ কৰা উচ্চ মুদ্ৰাস্ফীতি, উচ্চ বিত্তীয় ঘাটি আৰু নীতিৰ স্থবিৰতা আদিৰ দৰে সমস্যাৰ পৰিৱৰ্তন এতিয়া সকলোৱে নিশ্চয় প্ৰত্যক্ষ কৰিছে৷

ভয়-শংকাৰ পৰিৱৰ্তে এতিয়া আশা আৰু প্ৰতিবন্ধকতাৰ পৰিৱৰ্তে এতিয়া আশাবাদ বিৰাজ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷ তেওঁ উল্লেখ কৰে যে ২০১৪ৰ পৰা ভাৰতে প্ৰায় সকলো আন্তঃৰাষ্ট্ৰীয় ৰেংকিং আৰু সূচাংকত উল্লেখনীয় উত্থান ঘটাবলৈ সক্ষম হৈছে৷

এই প্ৰসংগত তেওঁ ইজ অফ ডুয়িং বিজনেছ অৰ্থাৎ বাণিজ্যৰ সৰলীকৰণ ৰেংকিঙৰ উদাহৰণ দাঙি ধৰে৷ তেওঁ কয় যে গোলকীয় উদ্ভাৱন সূচাংকত ভাৰতে ২০১৪ৰ ৭৬সংখ্যক স্থানৰ পৰা ২০১৮ত ৫৭সংখ্যক স্থানলৈ আগুৱাইছে৷

প্ৰধানমন্ত্ৰীয়ে বৰ্তমানৰ আৰু ২০১৪ৰ পূৰ্বৰ পৰিৱেশৰ এক তুলনামূলক বিশ্লেষণ দাঙি ধৰে৷ তেওঁ কয় যে এতিয়া উন্নয়নক লৈ আৰু স্বচ্ছতা, বৈদ্যুতিকৰণ, বিনিয়োগ আদিৰ দৰে আকাংক্ষিত লক্ষ্যত উপনীত হোৱাক লৈ প্ৰতিযোগিতা চলিছে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষই স্বচ্ছতা আৰু দুৰ্নীতি নাশৰ ক্ষেত্ৰত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে৷

তেওঁ কয় যে পূৰ্বে এক ধাৰণা আছিল যে চৰকাৰে একেসময়তে বিকাশৰ হকে আৰু দৰিদ্ৰৰ হকে কাম কৰিব নোৱাৰে, কিন্তু ভাৰতৰ জনসাধাৰণে এয়া সম্ভৱ কৰি দেখুৱালে৷

২০১৪ৰ পৰা ২০১৯লৈ দেশে গড় বিকাশৰ হাৰ ৭.৪ শতাংশ আৰু গড় মুদ্ৰাস্ফীতি ৪.৫%ৰ ভিতৰত ধৰি ৰাখিবলৈ সক্ষম হৈছে৷ ভাৰতীয় অৰ্থনীতিৰ উদাৰীকৰণৰ পাছত এয়া হ’ল সৰ্বাধিক গড় বিকাশৰ হাৰ আৰু সৰ্বনিম্ন মুদ্ৰাস্ফীতিৰ হাৰ বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

তেওঁ পুনৰ কয় যে বিগত চাৰি বছৰত ভাৰতে লাভ কৰা প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ পৰিমাণ ২০১৪ৰ পূৰ্বৰ ৭ বছৰৰ প্ৰায় সমান৷ ইয়াৰ বাবে ভাৰতবৰ্ষক প্ৰয়োজন হয় উচিত সংস্কাৰৰ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত হ’ল ১৩০ কোটি আশা-আকাংক্ষাৰ দেশ আৰু ইয়াত উন্নয়ন তথা প্ৰগতিৰ কোনো একক দৃষ্টি নাই৷ ‘আমাৰ নতুন ভাৰতৰ সপোনে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উন্নয়ন আৰু প্ৰগতিক সাঙুৰি ল’ব বিচাৰে৷ এই সপোনে ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিব বিচাৰে আৰু অতীতৰ সমস্যাসমূহৰ সমাধান বিচাৰে৷’—মোদীয়ে কয়৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে নিম্নোক্ত উদাহৰণসমূহ দাঙি ধৰে—

• ভাৰতে যেতিয়া দ্ৰুততম ৰেলগাড়ী নিৰ্মাণ কৰিছে, একেসময়তে সকলো মানৱবিহীন ৰেলৱে ক্ৰচিং দূৰ কৰিছে৷

• ভাৰতে যিদৰে দ্ৰুতগতিৰে আআইটি আৰু এইমছ নিৰ্মাণ কৰিছে, একেদৰে সমগ্ৰ দেশজুৰি সকলো স্কুলত শৌচালয় নিৰ্মাণ কৰিছে৷

• ভাৰতে যিদৰে সমদ্ৰ দেশত ১০০ স্মাৰ্ট চিটী নিৰ্মাণ কৰিছে, একেদৰে ১০০ আকাংক্ষিত জিলাৰ দ্ৰুত প্ৰগতি সাধন কৰিছে৷

• ভাৰতে যিদৰে বিদ্যুতৰ ৰপ্তানিকাৰী হৈছে, একেদৰে ই স্বাধীনতাৰ পৰা আন্ধাৰত থকা কোটি কোটি পৰিয়ালৰ ঘৰ আলোকিত কৰিছে৷

সামাজিক খণ্ডৰ প্ৰতি প্ৰদৰ্শন কৰা দায়িত্ববদ্ধতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ১২ কোটি ক্ষুদ্ৰ আৰু মজলীয়া কৃষকক প্ৰতিবছৰে ৬ হাজাৰকৈ টকা প্ৰদান কৰিব৷ এই আঁচনিয়ে অনাগত ১০ বছৰত আমাৰ কৃষকক প্ৰায় ৭.৫ লাখ কোটি টকাৰ সাহায্য আগবঢ়াব৷

ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্ট-আপ ইণ্ডিয়া, মেক ইন ইণ্ডিয়া আৰু ইন’ভেট ইণ্ডিয়া আদিৰ প্ৰতি কেন্দ্ৰৰ গুৰুত্বই এতিয়া ফল লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ শ্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰে ভাৰতক ১০ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত কৰিবলৈ অগ্ৰসৰ হৈছে৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on the Parkash Purab of Sri Guru Granth Sahib Ji
September 12, 2026

The Prime Minister, Shri Narendra Modi, extended greetings on the occasion of the Parkash Purab of Sri Guru Granth Sahib Ji.

The Prime Minister said that for centuries, Sri Guru Granth Sahib Ji has shown humanity the way of selfless service, human dignity and togetherness.

Shri Modi expressed hope that the sacred occasion would inspire everyone to deepen these values in society and build a more compassionate and harmonious world.

The Prime Minister wrote on X;

“Greetings on the Parkash Purab of Sri Guru Granth Sahib Ji.

For centuries, it has shown humanity the way of selfless service, human dignity and togetherness.

May this sacred occasion inspire us to deepen these values in our society and build a more compassionate and harmonious world.”