India is one of the world's leading digital economies and we're developing digital infrastructure at rapid pace: PM
Digital audit & digital governance can strengthen institutional memory for several organisations: PM Modi
I'm sure that CAG will play a strong role in the formation of New and Clean India: PM

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মহা গাণনিক আৰু উপ-মহা গাণনিকসকলৰ সমাৰোহত বক্তব্য আগবঢ়ায়৷ এই উপলক্ষে প্ৰধানমন্ত্রীয়ে কয় যে দেশত নির্দিষ্ট সময়ত নির্ধাৰিত কাম কৰাৰ যি সংস্কৃতি গঢ় লৈ উঠিছে, সেই ক্ষেত্ৰত কেগে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷

কেগৰ আঞ্চলিক কাৰ্যালয়ৰ বিষয়াকে ধৰি সকলোৰে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এয়া সম্ভৱ হৈছে৷ কেগৰ বিশ্বাসযোগ্যতা আৰু শক্তিৰ মূল উৎসৰ মুলতে দায়িত্বশীল হিচাপ ৰক্ষকসকল বুলি তেওঁ বিশ্বাস কৰে৷ দীর্ঘদিনীয়া এই প্ৰতিষ্ঠানৰ পৰিৱর্তন সাধন কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷ অৱশ্যে সেয়া বাস্তবায়িত কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান৷

প্ৰধানমন্ত্রীয়ে কয় যে বৰ্তমান সময়ত সংস্কাৰক লৈ আলোচনা কৰাটো সচাকৈয়ে এক ডাঙৰ কথা কিন্তু প্ৰকৃত সংস্কাৰ তেতিয়াহে সম্ভৱ, যেতিয়া প্ৰত্যেকে সম্পূৰ্ণ দায়বদ্ধতাৰে সততাৰে সংস্কাৰত ব্ৰতী হ’ব৷ দেশৰ প্ৰতিখন চৰকাৰ আৰু কেগকে ধৰি প্ৰতিটো সংগঠনৰ ক্ষেত্রত এই কথা প্ৰযোজ্য।

তেওঁ কয় যে কেগৰ হিচাপ পৰীক্ষাৰ কামত পৰিৱর্তন আহিছে৷ কেগে যি কাম কৰে, প্ৰশাসনৰ ওপৰত তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে৷ কেগৰ হিচাপ পৰীক্ষাৰ পদ্ধতিয়ে বেছি সময় নলয়। বর্তমান কেগ প্লাছক উন্নীতকৰণৰ প্ৰক্রিয়া আৰম্ভ হৈছে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi