It takes four words to say ‘Ease of Doing Business’, but rankings improve when the government and entire system works day in and out, by going to the grassroots level: PM
Today, India is among the most business friendly nations worldwide: PM Modi
We are moving towards Faceless Tax Administration to bring Transparency, Efficiency and Accountability in the tax system: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ লক্ষ্যত উপনীত হোৱাটো সম্ভৱ৷ আজি নতুন দিল্লীত এছোছেমৰ শতবৰ্ষৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে৷ কৰ্প’ৰেট বিশ্ব, কুটনীতিবিগ আৰু অন্যান্য লোকসকলে ধৰি সভাত সমবেত দৰ্শকক উদ্দেশ্য ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতক ৫ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ অৰ্থনীতি হিচাপে গঢ়ি তোলাটো হঠাতে লোৱা ধাৰণা নহয়৷ তেওঁ লগতে কয় যে

তেওঁ কয় যে বিগত পাঁচ বছৰত দেশ ইমানেই শক্তিশালী হৈছে যে কেৱল নিজৰ নির্ধাৰিত লক্ষ্য পূৰণেই নহয়, বৰঞ্চ এই লক্ষ্যত আৰু অগ্ৰসৰ হ’বলৈও সাজু। পাঁচ বছৰৰ পূৰ্বে অর্থনীতি বিপর্যয়ৰ দিশে ধাবিত হৈছিল। বর্তমান চৰকাৰে এই প্ৰৱণতা কেৱল ৰোধ কৰাই নহয়, তাৰ সৈতে অর্থনীতিক এক সুশৃংখল পথত নিবলৈ সক্ষম হৈছে।

“আমি ভাৰতৰ অর্থনীতিত বুনিয়াদী পৰিৱর্তন সাধন কৰিছো, যাতে এই অর্থনীতি এক সুশৃংখল পথত আগুৱাই যাব পাৰে৷ আমি উদ্যোগ প্ৰতিষ্ঠানসমূহৰ কেইবা দশক পুৰণি দাবী পূৰণ কৰিছো আৰু ৫ ত্ৰিলিয়ন মার্কিন ডলাৰৰ অর্থনীতিত পৰিণত কৰিবলৈ আমি এক শক্তিশালী ভেঁটি গঢ়ি তুলিছো”, প্ৰধানমন্ত্রীয়ে কয়৷

“আমি ভাৰতৰ অর্থনীতিত বুনিয়াদী পৰিৱর্তন সাধন কৰিছো, যাতে এই অর্থনীতি এক সুশৃংখল পথত আগুৱাই যাব পাৰে৷ আমি উদ্যোগ প্ৰতিষ্ঠানসমূহৰ কেইবা দশক পুৰণি দাবী পূৰণ কৰিছো আৰু ৫ ত্ৰিলিয়ন মার্কিন ডলাৰৰ অর্থনীতিত পৰিণত কৰিবলৈ আমি এক শক্তিশালী ভেঁটি গঢ়ি তুলিছো”, প্ৰধানমন্ত্রীয়ে কয়৷

তেওঁ কয়, “আমি ভাৰতীয় অর্থনীতিক প্ৰচলিত ধ্যানধাৰণা আৰু আধুনিকতা–এই দুটা শক্তিশালী ভেঁটিৰ ওপৰত গঢ়িব বিচাৰো৷ আমি প্ৰচলিত অর্থনীতিৰ পৰিধিৰ আওতালৈ আৰু বহু খণ্ডক অনাৰ চেষ্টা কৰিছো৷ এই সকলো প্ৰচেষ্টাৰ লগচে আমি অৰ্থনীতিক অত্যাধূনিক প্ৰযুক্তিৰ সৈতে জড়িত কৰাৰ চেষ্টা কৰিছো, যাতে আধুনিকীকৰণৰ প্ৰক্রিয়াত আৰু গতি সঞ্চাৰ কৰিব পৰা যায়”৷

“এতিয়া আগৰ দৰে কেইবা সপ্তাহ ধৰি নয়, বৰঞ্চ কেইটামান ঘন্টাৰ ভিতৰতে নতুন কোম্পানীৰ পঞ্জীয়ন সম্ভৱ হৈছে৷ স্বয়ংক্রিয় ব্যৱস্থা চালু হোৱাৰ ফলত সীমান্ত বাণিজ্যিক লেনদেন দ্রুততিত সম্পন্ন হৈছে৷ উন্নত পৰিকাঠামোৰ ফলত নৌবন্দৰ আৰু বিমানবন্দৰসমূহ সময় ৰাহি হৈছে৷ আচলতে এইবোৰ দৃষ্টান্ত আধুনিক অর্থনীতিৰ পৰিচায়ক” প্ৰধানমন্ত্রী লগতে কয়৷

“আজি আমাৰ চৰকাৰে উদ্যোগ প্ৰতিষ্ঠানৰ কথা শুনে, তেওঁলোকৰ চাহিদা আৰু প্ৰয়োজনীয়তা উপলব্ধি কৰে, আনকি তেওঁলোকৰ পৰামর্শ আৰু প্ৰস্তাৱসমূহৰ প্ৰতিও সংবেদনশীল” বুলি সদৰি কৰি প্ৰধানমন্ত্রীয়ে কয় যে নিৰন্তৰ প্ৰয়াসৰ ফলতে বিশ্ব বেংকৰ সহজে ব্যৱসায় কৰাৰ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ সূচকাংকত ভাৰতে লক্ষ্যণীয়ভাৱে অগ্ৰগতি লাভ কৰিছে৷

“সহজে ব্যৱসায় কৰাৰ অনুকূল পৰিৱেশৰ কথা শুনিলে ভাৱ হয়, এয়া কেইটামান শব্দৰ সমষ্টি মাত্ৰ৷ কিন্তু সূচকৰ অগ্ৰগতিৰ বিষয়টো প্ৰয়োজন নিৰন্তৰ আৰু আন্তৰিক প্ৰচেষ্টাৰ৷ আনকি ইয়াৰ সৈতে নীতিগত আৰু আইন সংশোধনৰ দৰে বিষয়বোৰো জড়িত হৈ আছে”, প্ৰধানমন্ত্রী এইদৰে কয়৷

প্ৰধানমন্ত্রীয়ে সজোৰে কয় যে কৰদাতা আৰু কর্তৃপক্ষৰ মাজত অহেতুক জটিলতা এৰাই চলিবলৈ সমগ্ৰ দেশত এক অনুকূল আৰু কার্যকৰী কৰ প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়াস অব্যাহত আছে।

তেওঁ লগতে কয় যে কৰ ব্যৱস্থাত স্বচ্ছতা, দক্ষতা আৰু দায়বদ্ধতা আনিবলৈ আমি অহেতুক জটিলতা মুক্ত এক কৰ ব্যৱস্থা গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত লৈছো৷

প্ৰধানমন্ত্রীয়ে কয় যে উদ্যোগ প্ৰতিষ্ঠানসমূহৰ ওপৰত পৰা বোঝা হ্ৰাস কৰিবলৈ তথা শংকামুক্ত পৰিৱেশত বাণিজ্যিক কাম-কাজ চলাই যাবলৈ কর্পোৰেট খণ্ডৰ সৈতে জড়িত একাধিক আইনক ফৌজদাৰি বিধি ব্যৱস্থাৰ বাহিৰত ৰখা হৈছে৷

“আপোনালোকে এই কথা জানে যে কোম্পানী আইনত ইমানবোৰ ধাৰা আছিল, যাৰ ন্যূনতম লংঘন হ’লেও ফৌজদাৰি অপৰাধ হিচাপে গণ্য কৰা হৈছিল৷ এতিয়া আমাৰ চৰকাৰে এই ধৰণৰ ধাৰাসমূহক ফৌজদাৰি বিধিৰ বাহিৰ কৰিছে। আমি আৰু এনে অনেক ধাৰাক ফৌজদাৰি বিধিৰ আওতাৰ পৰা মুক্ত কৰাৰ চেষ্টা কৰি আহিছো৷” প্ৰধানমন্ত্রীয়ে কয়৷

প্ৰধানমন্ত্রীয়ে কয় যে দেশত এতিয়া কর্পোৰেট কৰ আটাইতকৈ কম। ইয়াৰ ফলত আর্থিক বিকাশৰ হাৰ আৰু অধিক ত্বৰান্বিত হৈছে৷

“বর্তমান কর্পোৰেট কৰ আটাইতকৈ কম – ইয়াৰ অৰ্থ হৈছে দেশত যদি কোনো চৰকাৰে আটাইতকৈ কম কর্পোৰেট কৰ লৈছে, তেন্তে সেয়াই আমাৰ চৰকাৰ” প্ৰধানমন্ত্রীয়ে কয়৷

 শ্ৰমৰ ক্ষেত্রত সংস্কাৰৰ লক্ষ্যৰে যি প্ৰয়াস অব্যাহত আছে সেই সম্পর্কেও প্ৰধানমন্ত্রীয়ে বিশদভাৱে কয়৷

বেংকিং ব্যৱস্থাত আৰু স্বচ্ছতা অনা তথা বেংকিং ক্ষেত্রৰ মুনাফা বৃদ্ধিৰ বাবে চলা সংস্কাৰমূলক প্ৰচেষ্টাৱলীৰ সন্দৰ্ভতো উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷

“চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ফলতে আজি ১৩টা বেংকে মুনাফাৰ অর্জনৰ দিশত অগ্ৰসৰ হৈছে৷ আনকি ৬টা বেংকক পিচিএৰ আওতাৰ পৰা বাহিৰ কৰা হৈছে৷ আজি বেংতসমূহে দেশ জুৰি তেওঁলোকৰ সেৱা বৃদ্ধিৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে৷ তদুপৰি, বিশ্ব স্বীকৃতিৰ লক্ষ্যতো আগুৱাই গৈছে৷

তেওঁ কয় যে অর্থনীতিত এই সামগ্রিক কাম-কাজ আৰু ইতিবাচক পদক্ষেপে ৫ ত্ৰিলিয়ন মার্কিন ডলাৰৰ অর্থনীতিৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব৷ এই প্ৰচেষ্টাৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাঁথনিমুলক খণ্ডত ১০০ লাখ কোটি আৰু গ্ৰামীণ খণ্ডত ২৫ লাখ কোটি বিনিয়োগ ধাৰ্য কৰা হৈছে৷

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 08 আগষ্ট 2026
August 08, 2026

Infrastructure + Inclusion + Innovation: How PM Modi’s Agenda is Rewiring India’s Growth Engine