• মহামান্য ৰাষ্ট্ৰপতি চাইৰিল ৰামাফ’ছা,
    মহামান্য ৰাষ্ট্ৰপতি মাইকেল টিমাৰ,
    মহামান্য ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন,
    মহামান্য ৰাষ্ট্ৰপতি ঝি জিনপিং ,
     

    • জুলাইত জোহান্সবাৰ্গত হৈ যোৱা ব্ৰিকছ সন্মিলনৰ সফলতাৰ বাবে আৰু এই বৈঠকখন আয়োজনৰ বাবে মই ৰাষ্ট্ৰপতি ৰামাফ’ছাক ধন্যবাদ জনাইছো৷
    • আমি ব্ৰিকছত বিশ্বৰ ৪২% জনসংখ্যাক প্ৰতিনিধিত্ব কৰো৷ যোৱা কিছু বছৰত ব্ৰিকছ গোলকীয় বিকাশৰ ইঞ্জিন হৈ পৰিছে৷ অৱশ্যে এতিয়াও আন্তঃৰাষ্ট্ৰীয় জিডিপি(২৩%) আরু বাণিজ্য(১৬%)ত আমাৰ অংশদাৰিত্ব বৃদ্ধি কৰাৰ যথেষ্ট সম্ভাৱনা আছে৷ সেয়া জনসংখ্যাৰ অনুপাতে হোৱা নাই৷
    • মহামান্যসকল, 
       

    • গোলকীয়কৰণে লাখ লাখ লোকক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিছে৷ কিন্তু গোলকীয়কৰণৰ উপযোগিতাৰ সম-বিতৰণক লৈ আমাৰ সন্মুখত প্ৰত্যাহ্বান আছে৷ বহুপক্ষীয় আৰু নিয়ম-আধাৰিত বিশ্ব ব্যৱস্থাৰ সন্মুখত নিৰন্তৰ কঠিনতা আহি আছে আৰু সংৰক্ষণবাদ বাঢ়ি আছে৷ প্ৰচলিত মুদ্ৰাৰ অৱমূল্যায়ন আৰু তেলৰ দাম দ্ৰুতহাৰত বৃ্দ্ধি হোৱা ঘটনাই যোৱা কিছু বছৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷
    • ব্ৰিকছ দেশসমূহে গোলকীয় স্থিৰতা আৰু বিকাশলৈ মূল্যবান অৱদান আগবঢ়াই আছে৷ আমি বিশ্বৰ আৰ্থিক আৰু ৰাজনৈতিক গাঠনিক আকৃতি দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছো৷
    • আমি গোলকীয় অৰ্থনৈতিক প্ৰশাসনৰ গাঠনিক আৰু অধিক প্ৰতিনিধিত্বৰে সমৃদ্ধ আৰু গণতান্ত্ৰিক কৰাত মূল্যবান বৰঙণি আগবঢ়াইছো আৰু এই দিশত আগলৈও কাম কৰি থাকিম৷
    • ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ সুৰক্ষা পৰিষদকে ধৰি আন বহুমুখী প্ৰতিষ্ঠানত উন্নয়নশীল দেশৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমি একমত হোৱা উচিত৷ সেয়াও আন এক লক্ষ্য যাৰ বাবে আমি ব্ৰিকছ ৰাষ্ট্ৰসমূহ একগোট হৈছো৷
    • নিয়ম-আধাৰিত বিশ্ব ব্যৱস্থাক সুনিশ্চিত কৰিবলৈ আমি ৰাষ্ট্ৰসংঘ, বিশ্ব বাণিজ্য সংস্থা, ইউ.এন.এফ.চি.চি, বিশ্ব বেংকৰ দৰে বহুপাক্ষিক প্ৰতিষ্ঠানৰ সৈতে একেলগে কাম কৰিব লাগিব, যাৰ ফলত ইয়াৰ প্ৰাসংগিকতা অটুট থাকিব৷ এই সন্দৰ্ভত মই জোহান্সবাৰ্গত ‘সংশোধিত বহুপাক্ষিকতাবাদ’ৰ পৰামৰ্শ আগবঢ়াইছিলো৷
    • জি-২০ সন্মিলনৰ এজেণ্ডা হিচাপে নতুন ঔদ্যোগিক বিপ্লৱ আদিৰ দৰে বিষয়ৰ অন্তৰ্ভুক্তিয়ে গোলকীয় বিকাশৰ আলোচনাক সমৃদ্ধ কৰিছে৷ আমি ব্ৰিকছ দেশসমূহ নতুন ঔদ্যোগিক বিপ্লৱত সহযোগ কৰিবলৈ আগ্ৰহী৷
    • এই সম্বন্ধত গোলকীয়কৰণ আৰু প্ৰব্ৰজনৰ বিষয়ক উন্নত বহুপক্ষীয় সমন্বয় আৰু সহযোগৰদ্বাৰা সম্বোধন কৰিব লাগিব৷ গোলকীয় যোগান চক্ৰত শ্ৰম বিষয়ক ব্যৱস্থাপনা,   সম্পূৰ্ণ মূল্য শৃংখলাত উৎকৃষ্ট কাম সুনিশ্চিত কৰিবলৈ প্ৰয়োজনীয় হ’ব৷
    • মহিলা সৱলীকৰণ আৰু বহনক্ষম খাদ্য ভৱিষ্যত আদিৰ দৰে সামাজিক-আৰ্থিক দিশ জি-২০ সন্মিলনত উত্থাপন কৰা হ’ব৷ প্ৰথমতে মই বহনক্ষম উন্নয়ন আৰু আন্তঃগাথনিৰ ওপৰত দুৰ্যোগ স্থিতিশীল পৰিকাঠামৰ প্ৰয়োজনীয়তাৰ পৰামৰ্শ দিছিলো৷ ইয়াক আগুৱাই নিবলৈ আমি একেলগে কাম কৰিব লাগিব৷

 

  • মহামান্যসকল,

  • ভাৰতে ব্ৰিকছ ৰাজনৈতিক বিনিময়ৰ প্ৰসাৰক গুৰুত্ব দি আহিছে আৰু ইয়াৰ প্ৰশংসা কৰে৷ এই সন্দৰ্ভত আমাৰ বিদেশ মন্ত্ৰী, ৰাষ্ট্ৰীয় সুৰক্ষা এজেন্সী আৰু মধ্য প্ৰাচ্যৰ বিশেষ ৰাষ্ট্ৰদূতৰ সাক্ষাতে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে৷
  • আমি সকলো এই কথাত সহমত যে আজি সন্ত্ৰাসবাদ আৰু মৌলবাদ সমগ্ৰ বিশ্বৰ বাবে সৰ্ববৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে৷ ই কেৱল শান্তি আৰু সুৰক্ষাৰ বাবেই বিপদজ্জনক নহয়, আৰ্থিক বিকাশৰ বাবেও এক ডাঙৰ ভাবুকি৷
  • আমি বিচাৰিছো যে সকলো দেশে ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চ(এফএটিএফ) ৰূপায়ন কৰক৷ সন্ত্ৰাসবাদীৰ নেটৱৰ্ক, তেওঁলোকৰ বিত্তীয় পোষণ আৰু গতিবিধি ৰোধ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ কাউণ্টাৰ টেৰ’ৰিজম ফ্ৰেমৱৰ্ক শক্তিশালী কৰা উচত আৰু ইয়াৰ বাবে ব্ৰিকছ আৰু জি-২০ৰ দেশসমূহে একেলগে কাম কৰিব লাগিব৷
  • আৰ্থিক অপৰাধী আৰু ভগনীয়াৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে পদক্ষেপ লোৱাৰ আৱশ্যকতা আহি পৰিছে৷ এই সমস্যা বিশ্বৰ আৰ্থিক স্থিৰতাৰ প্ৰতি ভাবুকিস্বৰূপ হৈ উঠিব পাৰে৷

    মহামান্যসকল,

  • জি-২০ত আমাৰ সহযোগিতা শক্তিশালী হ’ব ধৰিছে৷ আমাৰ ব্ৰিকছ শ্বেৰ্পাছে জি-২০ৰ বিভিন্ন বিষয়ত পৰামৰ্শ আৰু সহযোগ আগবঢ়াই আহিছে৷   
  • জি-২০ৰ অধ্যক্ষতা এখন উন্নয়নশীল দেশে কৰাৰ সুযোগ লাভ কৰিছে৷ এয়া এক সুৱৰ্ণ সুযোগ যে উন্নয়নশীল দেশৰ প্ৰয়োজনীয়তাসমূহ জি-২০ৰ এজেণ্ডা আৰু ইয়াৰ ফলাফলৰ কেন্দ্ৰবিন্দু হৈ পৰে৷
  • এই বৈঠক আয়োজনৰ বাবে মই সামৰণিত পুনৰ এবাৰ ৰাষ্ট্ৰপতি ৰামাফ’ছাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰো৷
  • আগন্তুক ব্ৰিকছ সন্মিলন অধ্যক্ষতাৰ সুযোগ লাভ কৰা ব্ৰাজিল আৰু তেওঁলোকৰ নেতৃত্বৰ প্ৰতি ভাৰতৰ পূৰ্ণ সমৰ্থন আৰু সহযোগ আছে বুলি মই প্ৰতিশ্ৰুতি দিব বিচাৰো৷ মোৰ বিশ্বাস যে ব্ৰাজিলৰ অধ্যক্ষতাত ব্ৰিকছ এক নতুন উচ্চতাত উপনীত হ’ব৷

    মহামহীমসকল,

  • মই ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ কৃতজ্ঞতা স্বীকাৰ কৰিছো যে বিগত ৬বাৰ ধৰি আপোনাৰ মাৰ্গদৰ্শন লাভ কৰি আছো আৰু আপোনাৰ সৈতে কাম কৰাৰ সুযোগ পাইছো৷ আপুনি ইতিমধ্যে কৈছে যে সেয়া আমাৰ অন্তিমটো সাক্ষাৎ৷ গতিকে আপোনালৈ বহুত বহুত শুভকামনা জনাইছো৷ বহুত বহুত ধন্যবাদ৷
Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vande Bharat AC chair car fares much lower than those in China, Japan, France: Railway Minister Ashwini Vaishnaw

Media Coverage

Vande Bharat AC chair car fares much lower than those in China, Japan, France: Railway Minister Ashwini Vaishnaw
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 ফেব্ৰুৱাৰী 2026
February 12, 2026

Sustainable, Strong, and Global: India's 2026 Surge Under PM Modi's Transformative Leadership