Development while protecting the environment is visible in Gujarat: PM Modi
Micro-irrigation has helped in conserving water in Gujarat: PM Modi
Sardar Patel’s visionary leadership helped to unite India: PM Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেৱাদিয়াত ‘নমামি নৰ্মদা’ মহোৎসৱত অংশগ্ৰহণ কৰে৷ পানী সংৰক্ষিত বান্ধটোৰ পানী ১৩৮.৬৮ মিটাৰ ওপৰলৈ উঠাৰ পৰিপ্ৰেক্ষিতত গুজৰাট চৰকাৰে এই মহোৎসৱ উদযাপন কৰিছে৷ ২০১৭ চনত এই বান্ধটো ইমান উচ্চ কৰাৰ পাছত প্ৰথমবাৰলৈ ১৬ ছেপ্টেম্বৰৰ সন্ধিয়া সৰ্বোচ্চ পৰ্যায়ত উপনীত হৈছে৷ প্ৰধানমন্ত্ৰীয়েও গুজৰাট আয়ুষৰেখাসদৃশ নৰ্মদা নদীৰ পানীৰ আদৰণী জনাই বান্ধত পূজা অৰ্চনা কৰে৷

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে কেৱাদিয়াৰ খলৱনী ইক’ টুৰিজিম ক্ষেত্ৰ আৰু এখন কেকটাছ উদ্যান পৰিদৰ্শন কৰে৷ কেৱাদিয়াৰ পখিলা উদ্যানত প্ৰধানমন্ত্ৰীয়ে বহুসংখ্যক পখিলা মুকলি কৰি দিয়ে৷ তেওঁ লগতে ষ্টেছু অৱ ইউনিটীৰ সমীপত স্থাপিত একতা নাৰ্ছাৰীও পৰিদৰ্শন কৰে৷ ইয়াৰ পাছত ‘ষ্টেছু অৱ ইউনিটী’ৰ কাষত এখন ৰাজহুৱা সভাত ভাষণ আগবঢ়ায়৷

 

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, “চৰ্দাৰ সৰোবৰ বান্ধৰ পানী ১৩৮ মিটাৰ ওপৰলৈ উঠা দেখি মই কৃতাৰ্থ হৈছো৷ এই চৰ্দাৰ সৰোবৰ বান্ধ গুজৰাটবাসীৰ আশাৰ কিৰণ৷ এয়া লাখ লাখ কঠোৰ পৰিশ্ৰমী কৃষকৰ বাবে বৰদান৷”

ষ্টেছু অৱ লিৰ্বাটীৰ সৈতে ষ্টেছু অৱ ইউনিটী চাবলৈ আগমণ ঘটা পৰ্যটকৰ তুলনা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “ষ্টেছু অৱ ইউনিটী উন্মোচন কৰাৰ ১১ মাহৰ ভিতৰত ইয়াৰ আকৰ্ষণ ১৩৩ বছৰীয়া ষ্টেছু অৱ লিবাৰ্টীৰ প্ৰায় সমান হৈছে৷ ষ্টেছু অৱ ইউনিটীৰ বাবে কেৱাদিয়া আৰু গুজৰাটে বিশ্ব পৰ্যটনৰ মানচিত্ৰত স্থান পাইছে৷ মোক জনোৱা মতে বিগত এঘাৰ মাহত দেশী–বিদেশী ২৩ লাখ পৰ্যটকে এই স্থান ভ্ৰমণ কৰিছে৷” ষ্টেছু অৱ লিবাৰ্টী দৈনিক গড়ে ১০,০০০ লোকে প্ৰত্যক্ষ কৰে৷ কিন্তু তাৰ বাবে ১৩৩ বছৰ সময়ৰ প্ৰয়োজন হ’ল৷ অন্যহাতে, ষ্টেছু অৱ ইউনিটীৰ কেৱল ১১ মাহ হৈছে৷ তৎসত্ত্বেও ইয়ালৈ প্ৰতিদিনে ৮,৫০০তকৈ অধিক লোকে ভ্ৰমণ কৰে৷ এয়া অবিশ্বাস্য বুলিও তেওঁ কয়৷ ২০১৮ৰ ৩১ অক্টোবৰত দেশৰ প্ৰথমগৰাকী গৃহমন্ত্ৰীৰ জন্ম বাৰ্ষিকী উপলক্ষে ৰাইজৰ বাবে ষ্টেছু অৱ ইউনিটী মুকলি কৰি দিয়া হৈছিল৷

চৰ্দাৰ পেটেলৰ দৃষ্টিভংগীৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যোৱা মাহত জম্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত ভাৰতৰ প্ৰাক্তন গৃহমন্ত্ৰীৰ প্ৰেৰণাৰ ফল৷ চৰ্দাৰ পেটেলৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰাজ্যখন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু ইয়াৰ দ্বাৰা দশকজোৰা সমস্যাৰ সমাধান কৰা হয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে কোটি কোটি সতীৰ্থৰ সমৰ্থনত জম্মু আৰু কাশ্মীৰ আৰু লাডাখলৈ বিশ্বাস আৰু সমৃদ্ধি কঢ়িয়াই আনিব৷

প্ৰধানমন্ত্ৰীয়ে কয়, “আপোনালোকৰ সেৱকে সদায় ভাৰতৰ একতা আৰু সৰ্বশ্ৰেষ্ঠতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ৷ আমি যোৱা ১০০ দিনত আমাৰ প্ৰতিশ্ৰুতি সুদৃঢ় কৰিছো আৰু নতুন চৰকাৰে পুৰ্বতকৈও অধিক দ্ৰুতগতিত কাম কৰিব আৰু আগতকৈও ডাঙৰ লক্ষ্যত উপনীত হ’ব৷ ”

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Microsoft opens its largest India data centre hub as AI race heats up

Media Coverage

Microsoft opens its largest India data centre hub as AI race heats up
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to address the 57th Convocation Ceremony of IIT Delhi on 8th August
August 07, 2026
PM to present Institute's Highest Honours to Meritorious Students
PM to inaugurate Param Pragya, an AI-powered high-performance supercomputing facility established at Sonipat Campus of IIT Delhi

Prime Minister Shri Narendra Modi will participate in the 57th Convocation Ceremony of the Indian Institute of Technology (IIT) Delhi as the Chief Guest on 8 August 2026 at 11 AM. He will address over 3000 graduating students including 587 Ph.D. scholars who will be conferred their degrees during the ceremony.

Recognizing outstanding academic excellence, Prime Minister will present the Institute's most prestigious honours, including the President's Gold Medal, Director's Gold Medal, Shankar Dayal Sharma Gold Medal, and Perfect Ten Gold Medals to the meritorious students.

Further emphasising India's commitment to advancing cutting-edge research and artificial intelligence, Prime Minister will inaugurate Param Pragya, an AI-powered high-performance supercomputing facility established at the Sonipat Campus of IIT Delhi. The state-of-the-art facility is expected to significantly enhance the institute's capabilities in AI, data science, advanced computing, and interdisciplinary research.