আজিৰ যুৱ-প্ৰজন্মৰ মানসিকতাৰ সৈতে ৰজিতা খাই পৰিছে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ স্পৃহা : প্ৰধানমন্ত্ৰী
অষ্ট্ৰেলিয়াত ভাৰত ক্ৰিকেট টীমৰ জয়ে ভাৰতৰ নৱ-প্ৰজন্মৰ উদ্দীপনাক প্ৰতীয়মান কৰিছে : প্ৰধানমন্ত্ৰী
নতুন শিক্ষানীতিয়ে আমাৰ শিক্ষা পদ্ধতিৰ বাবে তথ্য আৰু তথ্য বিশ্লেষক যুগুতাই উলিয়াব : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাৱৰ্তনত ভিডিঅ কনফাৰেন্সিং মাধ্যমেৰে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখ্ৰীয়াল ‘নিশাংক’, অসমৰ মুখ্য মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বি কে জৈনকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

অনুষ্ঠানত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়,১২০০ৰো অধিক শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো আজীৱন স্মৰণ কৰিবলগীয়া দিৱস হিচাপে পৰিগণিত হ’ব। আপোনালোক শিক্ষক-অধ্যাপক, পিতৃ-মাতৃৰ বাবেও আজিৰ দিনটো নিতান্তই গুৰুত্বপূৰ্ণ। তেওঁ কয়, আজি আপোনালোক যিমান আনন্দিত হৈছে, সিমানেই আনন্দিত হৈছো ময়ো। আজি আপোনালোকে নিজৰ নিজৰ ভৱিষ্যতক লৈ যিমান আশাৰে পৰিপূৰ্ণ হৈ উঠিছে, সিমানেই মোৰ আপোনালোকৰ ওপৰত বিশ্বাস আছে। আপোনালোকে তেজপুৰত থাকিও, তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা যি শিকিলে, সেয়া অসমৰ প্ৰগতি, দেশৰ প্ৰগতিৰ গতি হৈ উঠিব, ই দেশক নতুন শিখৰলৈ নিয়াৰ এক সাধন হ’ব। প্ৰধানমন্ত্ৰীয়ে বিশ্ববিদ্যালয়খনৰ‘শীৰ্ষক গীত’ গোৱা হৈছিল, ইয়াত নিহিত হৈ থকা ভাৱ-কথাই তেজপুৰৰ মহান ইতিহাসকে প্ৰণিপাত জনায়। মই ইয়াৰ কেইটা মান পংক্তি পুনৰ দোহাৰিব বিচাৰিছো, কিয়নো এই গীতটি অসমৰ গৌৰৱ, ‘ভাৰতৰত্ন’ ভূপেন হাজৰিকাই ৰচনা কৰিছিল। তেওঁ লিখিছিল-‘অগ্নিগড়ৰ স্থাপত্য, কলীয়াভোমোৰাৰ সেতু নিৰ্মাণ, জ্ঞান জ্যোতিৰ্গময়, সেহি স্থানতে বিৰাজিছে তেজপুৰ বিশ্ববিদ্যালয়’. অৰ্থাত্, য’ত অগ্নিগড়ৰ দৰে স্থাপত্য আছে, য’ত কলীয়া-ভোমোৰা সেতু আছে, য’ত জ্ঞানৰ জ্যোতি আছে, এনেকুৱা এডোখৰ স্থানতে তেজপুৰ বিশ্ববিদ্যালয় বিৰাজমান হৈ আছে। এই তিনিটা পংক্তিৰ জৰিয়তে ভূপেনদাই কিমানযে কথাৰ বৰ্ণনা কৰিছিল। অগ্নিগড়ৰ, ৰাজকুমাৰ অনিৰুদ্ধ, ৰাজকুমাৰী ঊষা-ভগৱান শ্ৰী কৃষ্ণৰ সৈতে বিজড়িত ইতিহাস, মহান আহোম পুৰোধা কলীয়া-ভোমৰা ফুকনৰ দূৰদৃষ্টি, জ্ঞানৰ ভাণ্ডাৰ, এইবোৰতো তেজপুৰৰ বাবে প্ৰেৰণাৰ উত্স। ভূপেন দাৰ সৈতে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰাদ ৰাভাৰ দৰে মহান ব্যক্তিত্বই তেজপুৰৰ পৰিচয় বহণ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয়, আমাৰ দেশে এইবছৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষত প্ৰৱেশ কৰিব। বহু শতিকাজোৰা পৰাধীনতাৰ পৰা মুক্তি লাভ কৰাৰ বাবে এই আন্দোলনত অগণন লোকে অংশগ্ৰহণ কৰিছিল। সেই সময়ত  তেওঁলোকে দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল, তেওঁলোকৰ যৌৱন উচৰ্গা কৰিছিল, এতিয়া আপোনালোকে নতুন ভাৰত, ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাবে জীৱন পাত কৰি দেখুওৱা, জীৱনক সাৰ্থক কৰি দেখুওৱাৰ সময় আহিছে। এতিয়া পৰা ভাৰতৰ স্বাধীনতাৰ ১০০বছৰ সম্পূৰ্ণ হোৱা পৰ্যন্ত, এই ২৫-২৬টা বছৰ আপোনালোকৰ জীৱনৰ বাবেও সোণোৱালী বছৰ হিচাপে পৰিগণিত হ’ব। আপোনালোকে কল্পনা কৰিকচোন, ১৯২০-২১চনত যিসকল যুৱক আছিল, যিখিনি ছোৱালী আছিল, আজিৰ আপোনালোক যি বয়সৰ আছিল, ১৯২০-২১ৰ সময়ছোৱাত তেওঁলোকে বাৰু কি সপোন দেখিছিল। তেওঁলোকেনো কেনেধৰণৰ কথাৰ বাবে জীৱনক প্ৰস্তুত কৰিব খুজিছিল, কি কথা সম্ভৱ কৰাৰ বাবে নিজকে নিজেই সমৰ্পিত কৰিব বিচাৰিছিল। যদি অকণ মান স্মৰণ কৰে, ১০০ বছৰৰ আগতে আপোনালোকৰ বয়সৰ ব্যক্তিসকলে কি কৰিছিল তেন্তে ভৱিষ্যতৰ বাবে আপোনালোকেনো কি কৰিব লাগিব, সেই কথা ভাবিবলৈ আপোনালোকক সময়েই নালাগিব। এয়া আপোনালোকৰ বাবে এক সোণালী কালখণ্ড। তেজপুৰৰ তেজ সম্পূৰ্ণ ভাৰতত, সম্পূৰ্ণ বিশ্বতে প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰক। অসমক, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক উন্নয়ণৰ নতুন শিখৰলৈ নিয়াৰ ব্ৰতত ব্ৰতী হওক।

তেওঁ কয়, ‘ইন’ভেশ্যন চেণ্টাৰ’টোৰ বাবেও তেজপুৰ বিশ্ববিদ্যালয়ৰ আন এক বিশেষ পৰিচিতি আছে। আপোনালোকৰ তৃণমূল পৰ্যায়ৰ ‘ইনভেশ্যনে’ ‘ভোকেল ফৰ লোকেল’-ক এক নতুন গতি প্ৰদান কৰিছে, নতুন শক্তি প্ৰদান কৰিছে। এই ‘ইন’ভেশ্যন’ স্থানীয় সমস্যাৱলীৰ সমাধানৰ কামত আহিছে, যাৰ ফলত উন্মনয়ণৰ নতুন দুৱাৰ মুকলি হৈছে। আপোনালোকৰ ‘কেমিকেল ছায়েন্স’ বিভাগে খোৱা পানী বিশুদ্ধকৰণৰ বাবে এক কম খৰচী আৰু সহজ প্ৰযুক্তি বিকশিত কৰাৰ বাবে কাম কৰি আছে বুলি মই জানিব পাৰিছো। ইয়াৰ ফলত অসমৰ বহু গাঁও উপকৃত হৈছে। এই প্ৰযুক্তি বোলে এতিয়া চত্তিশগড়, ওড়িশা, বিহাৰ, কৰ্ণাটক, আৰু ৰাজস্থানৰ দৰে ৰাজ্যলৈও গৈছে বুলি মোক কোৱা হৈছে। অৰ্থাত্ আপোনালোকৰ এই সাফল্যৰ কথা এতিয়া সকলোৱে জানিব পাৰিছে। এই প্ৰযুক্তিয়ে ‘জল জীৱন মিছন’ৰ জৰিয়তে চৰকাৰে ৰূপায়ণ কৰি থকা আঁচনিকো উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰি কয় য়ে তেজপুৰ বিশ্ববিদ্যালয়ে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ্য আৰু চহকী ঐতিহ্যৰ সংৰক্ষণৰ বাবে অভিযান চলাই আহিছে বুলিও মই জানিব পাৰিছো।  উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীসকলৰ একাংশ বিলুপ্তপ্ৰায় ভাষাৰ তথ্যনুসন্ধান কৰা কথাটো নিতান্তই প্ৰশংসনীয় কাম হৈছে। সেই দৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি, নগাঁৱৰ বটদ্ৰৱা থানত বহু শতিকা পুৰণি কাঠত নক্সা কটা কলাৰ সংৰক্ষণেই হওক, অথবা পৰাধীনতাৰ সময়ত ৰচনা কৰা অসমৰ গ্ৰনথসম্ভাৰ আৰু কাকতসমূহৰ ডিজিটেল ৰূপান্তৰণেই হওক আপোনালোকে এনে অনেক কামত নিজকে নিয়োজিত কৰি আহিছে।  হিন্দুস্থানৰ পূব প্ৰান্তত অৱস্থিত তেজপুৰত এই তপস্যা, এই সাধনা চলি আছে বুলি যিয়ে শুনিব তেওঁৰে হৃদয় গৰ্বৰে ভৰি উঠিব। আপোনালোকে সঁচাকৈয়ে অনবদ্য কাম কৰি আছে।

ভাষণ প্ৰসংগত তেওঁ, ক’ৰোনাৰ মহামাৰী কালৰ ভিতৰতে ‘আত্মনিৰ্ভৰ ভাৰত’ অভিযানে আমাৰ জনজীৱনৰ অবিচ্ছেদ্য অংগৰ পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি কয়, আমাৰ মাজত এই অভিপ্ৰায় এতিয়া সংপৃক্ত হৈ পৰিছে। আমাৰ পুৰুষাৰ্থ, আমাৰ সংকল্প, আমাৰ সিদ্ধি, আমাৰ প্ৰয়াস এতিয়া এই সকলোবোৰ ইয়াৰ আশে-পাশেই আৱৰ্তিত হোৱা বুলি আমি অনুভৱ কৰিছো। পিচে, এই অভিযাননো দৰাচলতে কি? ইয়াৰ দ্বাৰানো কি পৰিৱৰ্তন আহিছে? এয়া কি কেৱল সম্পদৰ ক্ষেত্ৰতহে হৈছে? এয়া কি আৱয়াবিক আন্তঃগাঁথনিতে সীমাবদ্ধ

পৰিৱৰ্তন কি প্ৰযুক্তি ক্ষেত্ৰতহে হৈছে? পৰিৱৰ্তন কি অৰ্থনীতিৰহে নে আৰু ৰণকৌশলগত পৰাক্ৰমৰ? এই সকলো প্ৰশ্নৰ নিশ্চিত ভাবে উত্তৰ হব ‘হয়’ বুলি। অৱশ্যে, ইয়াৰ মাজতো আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনটো হব ‘ইনষ্টিংক্ট’-ৰ ‘একশ্যন’ আৰু ‘ৰিএকশ্যন’ৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগীৰ।

ইপিনে ভাৰতীয় ক্ৰিকেট টীমৰ সাফল্যক অনুপ্ৰেৰণাৰ উত্স বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ক্ৰিকেটৰ পথাৰত আমাৰ খেলুৱৈসকলৰ প্ৰদৰ্শন কেৱল খেলৰ দৃষ্টিভগীৰেই গুৰুত্বপূৰ্ণ নহয়। ই জীৱনৰ বাবেও এক বৃহত্ পাঠৰ দৰেও। ই শিকোৱা প্ৰথম পাঠটো হ’ল আমাৰ সামৰ্থ্যৰ ওপৰত আমি বিশ্বাস কৰা উচিত, আত্ম বিশ্বাসী হোৱা উচিত। দ্বিতীয় পাঠটো আমাৰ মানসিকতাক লৈ।  আমি যদি ইতিবাচক মানসিকতাৰে আগবাঢ়ো তেতিয়া সাফল্য আহিবই। তৃতীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠটো হ’ল, যদি আপোনাৰ ওচৰত নিৰাপদে একাষৰীয়া হৈ ওলাই যোৱাৰ বিকল্প থাকে আৰু আনহাতে যদি কঠিন বিজয়ৰ বিকল্প থাকে, তেন্তে আপুনি বিজয়ৰ বিকল্প সন্ধান কৰা উচিত। যদি বিজয় সাব্যস্ত কৰিবলৈ যাওতে কেতিয়াবা অসফলতাৰো সন্মুখীন হ’বলগীয়া হয়, তেতিয়াও কিন্তু কোনো লোকচান নহয়। ‘ৰিস্ক’ লোৱাৰ ক্ষেত্ৰত, ‘নতুন প্ৰয়োগ’ৰ ক্ষেত্ৰত কেতিয়াও ভয় কৰিব নালাগে। নিজকে ‘প্ৰো-এক্টিভ’ আৰু ‘ফিয়েৰলেছ’ কৰিব লাগিব। আমাৰ অভ্যন্তৰত অসফলতাৰ ভয় থাকে, যিয়ে অনাহক ছাপৰ সৃষ্টি কৰে, সেই ভয়ক নিষ্কাষিত কৰিব পাৰিলেই সাফল্যৰ দুৱাৰ মুকলি হৈ পৰে।

দেশত আৰম্ভ হোৱা ৰূপান্তৰৰ ধাৰক মংগলময় কৰাৰ প্ৰয়োজনীয়তা দোহাৰি প্ৰধানমন্ত্ৰীয়ে কয়, ৰূপান্তৰণৰ বাবে আমাৰ হাতত এক জৰুৰী ‘ফ্ৰেমৱৰ্ক’ থকাতো নিতান্তই আৱশ্যক হৈ উঠিছে। নতুন ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ৰ মাধ্যমেৰে ইয়াৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰখা হৈছে। এই নীতিত প্ৰযুক্তিৰ সদ্ব্যৱহাৰত অধিক জোৰ দিয়া, বহু-বিষয়ক শিক্ষা আৰু বিষয়-বাচনিৰ ক্ষেত্ৰত শিথিলতাক উত্সাহিত কৰাৰ ব্যৱস্থা কৰা হৈছে। নতুন শিক্ষা নীতিত, তথ্য আৰু তথ্য বিশ্লেষণৰ বাবে আমাৰ শিক্ষা পদ্ধতিক সাজু কৰি তোলাৰ ক্ষেত্ৰত জোৰ দিয়া হৈছে। তথ্যৰ বিশ্লেষণৰ সহায়ত নাম-ভৰ্তিৰ পৰা শিক্ষণ আৰু মূল্যাংকণ পৰ্যন্ত সম্পূৰ্ণ পদ্ধতি অধিক উন্নত হৈ উঠিব।

তেজপুৰ বিশ্ববিদ্যলয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ এইসমূহ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তেজপুৰ বিশ্ববিদ্যালয়ে বিগত দিনসমূহত লাভ কৰা সাফল্য আৰু ই বহণ কৰা সামৰ্থ্যৰ ওপৰত মোৰ সম্পূৰ্ণ ভৰষা আছে। আৰু মই আমাৰ শিক্ষাৰ্থী বন্ধুসকলক এই কথা বিশেষ ভাবে ক’ব বিচাৰো যে আপোনালোকৰ আনুষ্ঠানিক শিক্ষা শেষ হোৱাৰ সময়ত আপোনালোকে কেৱল নিজৰ ভৱিষ্যতৰ বাবেই নহয়, বৰং ৰাষ্ট্ৰৰ ভৱিষ্যতৰ বাবেও কাম কৰিব। এটা কথা মনত ৰাখিব, যেতিয়া আপোনালোকৰ উদ্দেশ্য বিশাল হ’ব তেতিয়া জীৱনৰ সাধাৰণ উথ্থান-পতনে ইয়াৰ প্ৰাপ্তিৰ বাটত বৰ বিশেষ প্ৰভাৱ পেলাব নোৱাৰিব। আপোনালোকৰ জীৱনৰ আহিবলগীয়া ২৫-২৬টা বছৰ আপোনালোকৰ কেৰিয়াৰৰ লগতে দেশৰ ভাগ্য নিৰ্মাণৰ বাবেও উচৰ্গিত হ’ব।

তেওঁ বিশ্ববিদ্যালখনৰ ছাত্ৰ-ছাত্ৰীসকলে দেশৰ উন্নয়ণৰ অংশীদাৰিত্ব বহণ কৰিব বুলি আশা প্ৰকাশ কৰি কয় য়ে, আপোনালোক সকলোৱে আমাৰ দেশক উন্নতিৰ শিখৰলৈ লৈ যাব বুলি মোৰ বিশ্বাস আছে। ২০৪৭ চনত, যেতিয়া দেশে স্বাধীনতাৰ ১০০ সংখ্যক বছৰ উদযাপন কৰিবগৈ তেতিয়া এই ২৫-২৬ বছৰৰ এইছোৱা সময় আপোনালোকৰ যোগদানৰে, আপোনালোকৰ পুৰুষাৰ্থৰে, আপোনালোকৰ সপোনৰে পূৰ্ণ হৈ উঠিব। কল্পনা কৰকচোন, স্বাধীনতাৰ শতবৰ্ষত আপোনালোকৰ ২৫টা বছৰে কিমান ডাঙৰ ভূমিকা পালন কৰিবগৈ। আহক, বন্ধুসকল, নিজকে সেই সপোন সাৰ্খক কৰাৰ বাবে সাজু কৰি তোলো, আগুৱাই যাওক, সংকল্পৰ সৈতে আগুৱাই যাওক, সিদ্ধি লাভ কৰাৰ পণ লৈ ধাৱমান হওক। দেখিব, জীৱনে সফলতাৰ এটা এটা সীমনা অতিক্ৰমী যাবগৈ।.

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Small towns emerge big growth driver for connected TV in India

Media Coverage

Small towns emerge big growth driver for connected TV in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates H.E. President Hakainde Hichilema on re-election as President of Zambia
August 20, 2026

The Prime Minister, Shri Narendra Modi, has extended his heartiest congratulations to President H.E. Hakainde Hichilema on his re-election as the President of Zambia.

The Prime Minister said that India greatly values its multifaceted partnership with Zambia.

Shri Modi expressed his desire to work together with President Hakainde Hichilema to further strengthen the relations between India and Zambia under his leadership.

The Prime Minister said in a X post;

“Heartiest Congratulations to President Hakainde Hichilema on being re-elected as the President of Zambia.

India greatly values its multifaceted partnership with Zambia and I look forward to working together to further strengthen our relations under his leadership.

@HHichilema”