প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বামী বিবেকানন্দই আৰম্ভ কৰা ৰামকৃষ্ণ পৰম্পৰাৰ মাহিলী পত্ৰিকা ‘প্ৰবুদ্ধ ভাৰত’ৰ ১২৫ তম বাৰ্ষিকী উদযাপন সম্বোধন কৰে। 

এই উপলক্ষে আয়োজিত অনুস্থানত প্ৰধানমন্ত্ৰীয়ে কয় যে স্বামী বিবেকানন্দই আমাৰ চেতনা প্ৰকাশ কৰিবলৈ এই পত্ৰিকাৰ নাম দিছিল প্ৰবুদ্ধ ভাৰত। স্বামীজীয়ে ৰাজনৈতিক বা আঞ্চলিক সত্তাক দূৰৈত ৰাখি এক ‘জাগ্ৰত ভাৰত’ সৃষ্টি কৰিব বিচাৰিছিল। ‘স্বামী বিবেকানন্দই ভাৰতক এনে এক সাংস্কৃতিক চেতনা হিচাপে দেখিছিল যি বহু শতাব্দী ধৰি জীৱিত হৈ আছে আৰু উশাহ লৈ আহিছে’, প্ৰধানমন্ত্ৰীয়ে কয়। 

মহীশূৰৰ মহাৰাজা আৰু স্বামী ৰামকৃষ্ণনন্দালৈ লেখা স্বামী বিবেকানন্দৰ চিঠিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰলোকক শক্তিশালী কৰাৰ বাবে স্বামীজীৰ দৃষ্টিভংগীত দুটা স্পষ্ট চিন্তাধাৰাৰ প্ৰতিফলন দাঙি ধৰে। প্ৰথমে, তেওঁ দৰিদ্ৰসকলক সবলীকৰণ কৰিব বিচাৰিছিল যিসকলে নিজেই সহজে সবলীকৰণৰ দিশে আগবাঢ়িব নোৱাৰে। দ্বিতীয়তে, তেওঁ ভাৰতৰ দৰিদ্ৰলোকৰ বিষয়ে কয়, ‘তেওঁলোকক ধাৰণা দিব লাগে; তেওঁলোকৰ চাৰিওফালৰ পৃথিৱীত কি চলি আছে তাৰ বাবে তেওঁলোকৰ চকু খুলিব লাগিব; আৰু তাৰ পিছত তেওঁলোকে নিজৰ মুক্তি বাবে কাম কৰিব।’ প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এইটো এনে পথ যিটোৰে ভাৰত আজি আগবাঢ়ি আছে। ‘যদি দৰিদ্ৰসকলে বেংকত প্ৰৱেশ কৰিব নোৱাৰে, তেন্তে বেংকবোৰ দৰিদ্ৰলোকৰ ওচৰত উপস্থিত হ'ব লাগিব। জন ধন যোজনাই সেয়াই কৰিছিল। যদি দৰিদ্ৰসকলে বীমাৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰে, তেন্তে বীমাৰ সুবিধা দৰিদ্ৰসকলৰ ওচৰলৈ লৈ যাব লাগিব। জন সুৰক্ষা আঁচনিবোৰৰ জৰিয়তে এইবোৰেই কৰা হৈছিল। যদি দৰিদ্ৰসকলে স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব নোৱাৰে, তেনেহলে আমি দৰিদ্ৰসকলৰ বাবে স্বাস্থ্যসেৱাৰ সুযোগ গ্ৰহণৰ সুবিধা কৰি দিব লাগিব। এয়া আয়ুস্মান ভাৰত আঁচনিখনে কৰিছিল। দেশৰ প্ৰতিটো কোণলৈ, বিশেষকৈ দৰিদ্ৰলোকৰ বাবে পথ, শিক্ষা, বিদ্যুৎ আৰু ইণ্টাৰনেটৰ সংযোগ লৈ যোৱা হৈছে। ই দৰিদ্ৰলোকৰ মাজত আকাংক্ষা প্ৰজ্বলিত কৰি তুলিছে। আৰু, এই আকাংক্ষাবোৰে দেশৰ বিকাশক পৰিচালনা কৰি আছে’ প্ৰধানমন্ত্ৰীয়ে কয়। 

শ্ৰী মোদীয়ে কয় যে কভিড-১৯ মহামাৰীৰ সময়ত ভাৰতৰ সক্ৰিয় স্থিতি হৈছে স্বামীজীৰ সংকটত অসহায় অনুভৱ নকৰাৰ এক উদাহৰণ। একেদৰে, জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ বিষয়ে অভিযোগ কৰাৰ পৰিৱৰ্তে, ভাৰতে আন্তৰ্জাতিক সৌৰ মিত্ৰজোঁটৰ গঠন কৰি এই সমস্যা সমাধানৰ পথত আগুৱাইছিল। ‘এয়াই হ’ল স্বামী বিবেকানন্দৰ দৃষ্টিৰ প্ৰবুদ্ধ ভাৰত। ই এনে এক ভাৰত যিয়ে বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুৱাইছে’, শ্ৰী মোদীয়ে উল্লেখ কৰে। 

প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে ভাৰতৰ প্ৰতি স্বামী বিবেকানন্দৰ ডাঙৰ সপোন আৰু যুৱ সমাজৰ প্ৰতি থকা তেওঁৰ অগাধ বিশ্বাস ভাৰতৰ ব্যৱসায়িক নেতা, ক্ৰীড়াবিদ, টেকনোক্ৰেট, পেছাদাৰী, বিজ্ঞানী, উদ্ভাৱক আৰু আন বহুতো লোকৰ মাজত প্ৰতিফলিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ব্যৱহাৰিক বেদান্তৰ ওপৰত দিয়া বক্তৃতাত স্বামীজীৰ পৰামৰ্শ অনুসৰণ কৰি যুৱকসকলক আগবাঢ়ি যাবলৈ কয় য'ত তেওঁ বিপৰ্যয় অতিক্ৰম কৰাৰ কথা কয় আৰু তেওঁলোকক শিক্ষণ বক্ৰৰ অংশ হিচাপে চাবলৈ কয়। দ্বিতীয় কথাটো হ'ল মানুহৰ মাজত থাকিব লাগিব-নিৰ্ভীক হোৱা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হোৱা। শ্ৰী মোদীয়ে যুৱকসকলক স্বামী বিবেকানন্দক অনুসৰণ কৰিবলৈ কয় যিয়ে নিজ কৰ্মৰ জৰিয়তে বিশ্বত অমৰত্ব অৰ্জন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে স্বামী বিবেকানন্দই আধ্যাত্মিক আৰু অৰ্থনৈতিক প্ৰগতিক কেতিয়াও বেলেগকৈ চোৱা নাছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, তেওঁ সেই দৃষ্টিভংগীৰ বিৰুদ্ধাচৰণ কৰিছিল য'ত মানুহে দৰিদ্ৰতাক ৰোমান্টিক কৰি তোলে। স্বামীজীক আধ্যাত্মিক গুৰু, এক অত্যন্ত উচ্চ আত্মাৰ গৰাকী বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে তেওঁ দৰিদ্ৰ লোকৰ বাবে অৰ্থনৈতিক প্ৰগতিৰ ধাৰণা কেতিয়াও ত্যাগ কৰা নাই। 

শ্ৰী মোদীয়ে শেষত কয় যে প্ৰবুদ্ধ ভাৰত-এ ১২৫ বছৰ ধৰি স্বামীজীৰ চিন্তা-ভাৱনা প্ৰসাৰ কৰি আছে। যুৱপ্ৰজন্মক শিক্ষিত কৰা আৰু জাতিক জাগ্ৰত কৰি তোলাৰ তেওঁৰ দৃষ্টিভংগী মতে তেওঁলোকে কাম কৰিছে। স্বামী বিবেকানন্দৰ চিন্তাক অমৰ কৰি তুলিবলৈ ইয়ে গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Kamal Haasan Backs PM Modi's Call To Save Energy Amid US-Iran War: 'India Will Emerge Stronger'

Media Coverage

Kamal Haasan Backs PM Modi's Call To Save Energy Amid US-Iran War: 'India Will Emerge Stronger'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in China mining accident
May 23, 2026

Prime Minister Shri Narendra Modi today expressed deep sadness over the tragic loss of lives resulting from a mining accident in the Shanxi Province of China.

On behalf of the people of India, the Prime Minister extended his heartfelt condolences to President Xi Jinping and the people of China. Shri Modi prayed that the bereaved families find strength in this tragic hour, while also wishing for the early and safe recovery of all remaining missing persons.

The Prime Minister posted on X:

"Saddened by the loss of lives in a mining accident in Shanxi Province in China. On behalf of the people of India, my condolences to President Xi Jinping and the people of China. May the bereaved families find strength in this tragic hour. Praying for the early and safe recovery of all remaining missing persons."