PM Modi meets the JP Morgan International Council in New Delhi
Development of world class infrastructure, healthcare and providing quality education are policy priorities for the Govt: PM

প্ৰধানমন্ত্ৰীয়ে আজি নতুন দিল্লীত জে পি মৰ্গান আন্তঃৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকলৰ সৈতে সাক্ষাৎ কৰে৷ ২০০৭ চনৰ পিছত পৰিষদটোৰ এয়া প্ৰথমখন বৈঠক হিচাপে পৰিগণিত হৈছে৷

এই আন্তঃৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকল হ’ল প্ৰাক্তন ব্ৰিটিছ মন্ত্ৰী টনী ব্লেয়াৰ, প্ৰাক্তন অষ্ট্ৰেলিয়ান প্ৰধানমন্ত্ৰী জন হাৱাৰ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন দেশীয় সচিব হেনৰী কিছিংগাৰ আৰু কণ্ডলেজা ৰাইচ, প্ৰাক্তন প্ৰতিৰক্ষা সচিব ৰবাৰ্ট গেটছ, প্ৰখ্যাত ব্যৱসায়ী জেমী ডিমন (জে পি মৰ্গান চেজ), ৰতন টাটা (টাটা গ্ৰুপ)তথা নেচলে, আলিবাবা, আলফা, ইভাৰড’লা, ক্ৰাফ্ট হেইনজ প্ৰমুখ্যে বিশ্বজনীন উদ্যোগসমূহৰ প্ৰতিনিধিসকল৷

দলটোক ভাৰতলৈ স্বাগতম জনাই প্ৰধানমন্ত্ৰীয়ে ২০২৪ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি ৫ ত্ৰিলিয়ন আমেৰিকান ডলাৰলৈ পৰিৱৰ্তিত কৰা বীক্ষণৰ কথা উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বমানৰ আন্তঃগাঁথনিৰ বিকাশ আৰু ব্যয়সাধ্য স্বাস্থ্যসেৱাৰ উত্তৰণ তথা গুণগত শিক্ষা প্ৰদান আদিয়েই হ’ল তেওঁৰ চৰকাৰৰ লক্ষ্য৷

বৰ্তমানে চৰকাৰৰ নীতি নিৰ্ধাৰণত জনসাধাৰণৰ অংশগ্ৰহণ অনিবাৰ্য হিচাপে বিবেচিত হৈছে৷ বৈদেশিক নীতিৰ ক্ষেত্ৰত ভাৰতে নিৰৱচ্ছিন্নভাৱে ইয়াৰ কৌশলগত সহযোগী আৰু ওচৰ চুবুৰীয়াৰ সৈতে সুন্দৰ বহনক্ষম বাসযোগ্য বিশ্ব নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Standing for medical science, together with AIIMS

Media Coverage

Standing for medical science, together with AIIMS
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 এপ্ৰিল 2026
April 08, 2026

Bold Vision, Tangible Wins: PM Modi’s India Leads in AI, EVs, Nuclear & Inclusive Entrepreneurship