Woman power in Manipur has always been a source of inspiration for the country: PM Modi
India’s growth story shall never be complete until the eastern part of our country progresses at par with the western part: PM Narendra Modi

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি মণিপুৰত ৭৫০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্পৰ শুভাৰম্ভ কৰে। তেওঁ ৰাষ্ট্ৰীয় ক্রীড়া বিশ্ববিদ্যালয়, ১,০০০টা অংগনৱাড়ী কেন্দ্রকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ ৰানী গাইদিনলু পার্কত লুয়াংপোকপা মাল্টি স্পর্টছ কমপ্লেক্স তথা আৰু একাধিক উন্নয়নমুলক প্রকল্পৰো উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে লুয়াংছাংবামত এখন জনসভাতো ভাষণ আগবঢ়ায়।

অত্যুৎসাহী দৰ্শকক সম্বোধন কৰি প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত বিগত এবছৰ ধৰি মণিপুৰত যিবোৰ উন্নয়নমূলক কাম হৈ আছে তাৰ বাবে ৰাজ্য চৰকাৰক প্রশংসা কৰে।

তেওঁ কয়, আজি যিবোৰ প্রকল্পৰ শুভাৰম্ভ কৰা হৈছে, সেইবোৰ এই ৰাজ্যৰ প্রতিভাবান যুৱক-যুৱতীসকলৰ আশা-আকাংক্ষা, তেওঁলোকৰ কর্মসংস্থাপন, মহিলা সবলীকৰণ আৰু যোগাযোগৰ আন্তঃগাঁথনি উন্নয়নৰ সৈতে জড়িত।। তেওঁ কয় যে উত্তৰ-পূর্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ ক্রীড়া দক্ষতা আৰু প্রতিভাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় ক্রীড়া বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। প্রধানমন্ত্রীয়ে শেহতীয়াকৈ আৰম্ভ কৰা ‘খেলো ইণ্ডিয়া’ প্ৰচেষ্টাৰ সর্বাধিক সুযোগ গ্রহণৰ বাবে মণিপুৰৰ যুৱক-যুৱতীসকলৰ প্ৰতি আহ্বান জনায়। সদ্যসমাপ্ত ‘খেলো ইণ্ডিয়া’ গেম্‌ছত অসাধাৰণ ক্রীড়া নৈপুণ্য প্রদর্শনৰ বাবে তেওঁ মণিপুৰৰ যুৱকসকলক প্রশংসা কৰে। তেওঁ কয় যে মাল্টি স্পর্টছ কমপ্লেক্সে এই যুৱক-যুৱতীসকলক খেলাধূলাৰ প্রশিক্ষণ আৰু প্রতিযোগিতাৰ সুযোগ প্ৰদান কৰিব।

প্রধানমন্ত্রীয়ে কয় যে খেলাধূলাৰ জৰিয়তে মহিলাসকলৰ সবলীকৰণৰ এক পথ দেখিছে মণিপুৰে। তেওঁ মীৰাবাঈ চানু আৰু সৰিতা দেবীৰ দৰে ৰাজ্যখনৰ বিখ্যাত ক্রীড়া ব্যক্তিত্বৰ প্রশংসা কৰে। ৰাজ্য চৰকাৰে মহিলাসকলৰ সবলীকৰণৰ বাবে গ্ৰহণ কৰা বাকী পদক্ষেপবোৰৰ বাবে ৰাজ্য চৰকাৰক প্রশংসা কৰে প্ৰধানমন্ত্ৰীয়ে। প্রসংগক্ৰমে তেওঁ ১,০০০টা নতুন অংগনৱাড়ী কেন্দ্রৰ আধাৰশিলা স্থাপনৰ কথাও উল্লেখ কৰে। তদুপৰি, শেহতীয়াকৈ আৰম্ভ কৰা ৰাষ্ট্ৰীয় পুষ্টি অভিযানৰ কথাও তেওঁ ভাষণত উল্লেখ কৰে।

প্রধানমন্ত্রীয়ে কয় যে উত্তৰ-পূর্বাঞ্চলৰ বাবে চৰকাৰৰ দৃষ্টিভংগী হৈছে ‘পৰিবহণৰ মাধ্যমেৰে পৰিৱৰ্তন সাধন কৰা’। প্রধানমন্ত্রীয়ে লগতে কয় যে উত্তৰ-পূর্বাঞ্চল ভাৰতৰ অর্থনৈতিক বিকাশৰ নতুন ‘ইঞ্জিন’ হৈ উঠিব পাৰে। প্ৰধানমন্ত্ৰীয়ে চৰকাৰে দেশৰ অন্যান্য অঞ্চলৰ সমান্তৰালভাৱে অর্থনৈতিক বিকাশৰ ক্ষেত্রত উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ সামঞ্জস্য ৰক্ষাৰ লক্ষ্যৰে বিশেষ ব্যৱস্থা লোৱা বুলিও কয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত চাৰি বছৰত তেওঁ ২৫বাৰতকৈও অধিক উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহ ভ্ৰমণ কৰিছে।

প্রধানমন্ত্রী কয় যে কেন্দ্রীয় চৰকাৰে এই অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নত বিশেষ গুৰুত্ব দিছে। পথ আৰু ৰে’ল যোগাযোগ স্থাপনত চৰকাৰে অনুমোদন জনোৱা বিভিন্ন প্ৰচেষ্টাৰ কথাও তেওঁ ভাষণত উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ নাগৰিককেন্দ্রিক বিভিন্ন প্ৰচেষ্টাৰ প্রশংসা কৰি কয় যে ইয়াৰ জৰিয়তে সুন্দৰভাবে ৰাজহুৱা অভিযোগেৰ নিষ্পত্তি কৰা সম্ভৱ।

প্রধানমন্ত্রীয়ে স্মৃতি ৰোমন্থন কৰি কয় যে ১৯৪৪ চনৰ এপ্রিল মাহত নেতাজী সুভাষ চন্দ্র বসুৰ আজাদ হিন্দবাহিনীয়ে স্বাধীনতাৰ উদাত্ত আহ্বান জনাইছিল। তেওঁ কয় যে আজি সেই মণিপুৰেই নতুন ভাৰতৰ উত্থানত এক গুৰুত্বপূর্ণ ভূমিকা পালনৰ সিদ্ধান্ত লৈছে।

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's defence production more than double in five years, hits record Rs 1.78 lakh crore

Media Coverage

India's defence production more than double in five years, hits record Rs 1.78 lakh crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the virtues of truth, service, learning and action
June 18, 2026

The Prime Minister, Shri Narendra Modi said that wealth follows truthfulness, fame follows selfless service, knowledge follows constant practice and wisdom follows action. He noted that these values play a vital role in shaping individual character and contributing to collective progress.

The Prime Minister shared a Sanskrit Subhashitam-

“सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी।

अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी।।”

The Prime Minister wrote on X;