কৃষকসকলৰ জীৱনত সন্মান আৰু সমৃদ্ধি নিশ্চিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী-কিষাণ আঁচনিখনে আজি দুবছৰ সম্পূৰ্ণ কৰিলে।
প্ৰধানমন্ত্ৰীয়ে কেইবাটাও টুইটযোগে কয়, ‘দুবছৰ পূৰ্বে আজিৰ দিনটোতে আমাৰ কঠোৰ পৰিশ্ৰমী কৃষকসকলৰ জীৱনত সন্মানৰ লগতে সমৃদ্ধি নিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী-কিষাণ আঁচনিখন আৰম্ভ কৰা হৈছিল। দেশবাসীক খাদ্য যোগান ধৰাৰ এই কৃষকসকলে দিনে-নিশাই কাম কৰে। আমাৰ কৃষকসকলৰ দৃঢ় মানসিকতা আৰু উৎসাহ অনুপ্ৰেৰণাদায়ক।
যোৱা ৭ বছৰত ভাৰত চৰকাৰে কৃষি ক্ষেত্ৰৰ সংস্কাৰ সাধনৰ বাবে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছে। উন্নত জলসিঞ্চনৰ পৰা অধিক প্ৰযুক্তি, অধিক ঋণ আৰু বজাৰৰ পৰা সঠিক শস্য বীমা, মাটিৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া, মধ্যভোগীসকলক আঁতৰ কৰা-এই সকলোবোৰ প্ৰচেষ্টাৰ ফল এতিয়া পোৱা গৈছে।
আমাৰ চৰকাৰে ন্যূনতম সহায়ক মূল্যৰ পৰিমাণ ঐতিহাসিকভাৱে বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৃষকসকলৰ উপাৰ্জন দুগুণ কৰিবলৈ আমি সম্ভৱপৰ সকলো কৰি আছোঁ।
নমো এপত আপোনাসৱে বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব, কৃষকসকলৰ বাবে কৰা কামৰ এক আভাস এই এপৰ মাধ্যমেৰে লাভ কৰিব পাৰিব।’
পিএম কিষাণ নিধি আৰম্ভ কৰাৰ আজি দুবছৰ সম্পূৰ্ণ হ’ল। অন্নদাতাসকলৰ কল্যাণৰ বাবে উৎসৰ্গিত এই আঁচনিখনৰ জৰিয়তে কোটি কোটি কৃষক ভাই-ভনীৰ জীৱনলৈ যি পৰিৱৰ্তন আহিছে তাৰ পৰা আমি তেওঁলোকৰ বাবে আৰু অধিক কাম কৰিবলৈ অনুপ্ৰেৰণা লাভ কৰিছোঁ।
অন্নদাতাসকলৰ জীৱন সৰল কৰিবলৈ আৰু তেওঁলোকৰ উপাৰ্জন দুগুণ কৰাৰ বাবে দেশখনে লোৱা সংকল্পত প্ৰধানমন্ত্ৰী কিষাণ পুঁজিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। আজি আমাৰ কৃষকসকল আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে’
Over the last 7 years, the Government of India has taken many initiatives for transforming agriculture. From better irrigation to more technology, more credit and markets to proper crop insurance, focus on soil health to eliminating middlemen, the efforts are all-encompassing.
— Narendra Modi (@narendramodi) February 24, 2021

Our Government had the honour of ushering a historic increase in MSP. We doing everything possible to double the income of farmers.
— Narendra Modi (@narendramodi) February 24, 2021
You can find insightful content on the NaMo App, offering a glimpse of the work done for farmers. #KisanKaSammanPMKisan pic.twitter.com/pHxqY3NBPq