Kharif MSP at 150% of input cost to be announced next week, says PM
States told to ensure payment of cane arrears by sugar mills

নতুন দিল্লীৰ লোক কল্যান মাৰ্গত কুঁহিয়াৰৰ খেতি কৰা ১৪০জনীয়া কৃষকৰ এটা দলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেদ্ৰ মোদী মিলিত হোৱাৰ লগতে মত বিনিময় কৰে।

মত বিনিময় অনুষ্ঠানত উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ কৃষক উপস্থিত আছিল।

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে কেন্দ্ৰীয় কেবিনেটৰ পৰৱৰ্তী বৈঠকত ২০১৮-১৯ বৰ্ষৰ খাৰিফ শস্য ভিতৰত কেইবিধমান শস্যৰ উৎপাদন ব্যয়ৰ ১৫০% ন্যূনতম সমৰ্থিত মূল্য ধাৰ্য কৰাৰ বাবে অনুমোদন কাৰ্যকৰী কৰিব। এইটোৱে কৃষকসকলৰ উপাৰ্জন বৃদ্ধিত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব।

তেওঁ লগতে উল্লেখ কৰে যে অহা দুসপ্তাহৰ ভিতৰত ২০১৮-১৯ বৰ্ষৰ চেনিৰ বৰ্ষৰ বাবে ন্যায্য আৰু লাভজনক মূল্য ঘোষণা কৰা হ’ব। এই মূল্য ২০১৭-১৮ বৰ্ষতকৈ অধিক হ’ব। তদুপৰি, কুঁহিয়াৰৰ পৰা ৯.৫%তকৈ অধিক ধন পৰিশোধ কৰিব, তেওঁলোকক উৎসাহ যোগোৱা হ’ব।

কুঁহিয়াৰৰ খেতি কৰা কৃষকসকলক তেওঁলোকৰ বকেয়া ধন লাভৰ ক্ষেত্ৰত বিভিন্ন সিদ্ধান্ত লোৱাৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে। নতুন নীতি প্ৰৱৰ্তনৰ ফলস্বৰূপে বিগত ৭-১০ দিনৰ ভিতৰত কৃষকসকলক ৪০০০ কোটি টকা বকেয়া ধন প্ৰদানৰ সন্দৰ্ভতো অৱগত কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ ৰাজ্য চৰকাৰসমূহক সকলো কুঁহিয়াৰৰ কৃষকক বকেয়া ধন প্ৰদানৰ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে কৃষকসকলক ক্ষুদ্ৰ জলসিঞ্চন, শেহতীয়া কৃষি প্ৰযুক্ত আৰু সৌৰ লেম্প ব্যৱহাৰৰ বাবে আহ্বান জনায়। তেওঁ লগতে কৃষকসকলক ২০২২ চনৰ ভিতৰত ১০% কমকৈ ৰাসায়নিক সাৰ প্ৰয়োগৰ বাবেও আহ্বান জনায়। তদুপৰি, মূল্য সংযোজন, মজুতভাণ্ডাৰ, উন্নত মানৰ বীজৰ লগতে বজাৰৰ সংযোগৰ প্ৰসংগও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

মত বিনিময়ৰ সময়ত প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰে কুঁহিয়াৰৰ কৃকসকলক সমস্যাত পেলাইছিল, যাৰবাবে তেওঁলোকে ২১,০০০ কোটি টকাৰ বকেয়া নোপোৱাকৈ যুঁজি থাকিবলগীয়া হৈছিল।

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে চেনিৰ আমদানি শুল্ক ৫০%ৰ পৰা ১০০%লৈ আৰু প্ৰতি কুইণ্টল কুঁহিয়াৰত ৫.৫০ টকাকৈ মুঠ ১,৫৪০ টকালৈ বৃদ্ধিৰ ক্ষেত্ৰত গ্ৰহণ বিভিন্ন প্ৰদক্ষেপৰ বাবে কৃষকসকলে প্ৰদানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI schemes attract ₹2 lakh crore investment till September, lift output and jobs across sectors

Media Coverage

PLI schemes attract ₹2 lakh crore investment till September, lift output and jobs across sectors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 ডিচেম্বৰ 2025
December 13, 2025

PM Modi Citizens Celebrate India Rising: PM Modi's Leadership in Attracting Investments and Ensuring Security