প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশ আগশাৰীৰ তেল আৰু গেছ কোম্পানীৰ চিইঅ’ৰ সৈতে মত-বিনিময় কৰে। নীতি আয়োগ আৰু পেট্ৰ’লিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত এয়া এক বাৰ্ষিক অনুষ্ঠান।

মতবিনিময়ত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে শক্তি হ’ল মানৱ জাতিৰ উন্নয়নৰ কেন্দ্ৰবিন্দু,সেয়ে শক্তি খণ্ডক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰা হয়।তেওঁ কয় যে চৰকাৰৰ নীতিৰ অন্তৰ্নিহিত লক্ষ্য হ’ল সকলো ভাৰতীয়লৈ স্বচ্ছ, সহজলভ্য আৰু বহনক্ষম শক্তিৰ সমান উপলব্ধতা নিশ্চিত কৰোৱা, যাৰ বাবে চৰকাৰে এক সংহত দৃষ্টিভংগী গ্ৰহণ কৰিছে। 

প্ৰধানমন্ত্ৰীয়ে উনুকিয়ায় যে চৰকাৰে ভাৰতক এক আকৰ্ষণীয় বিনিয়োগ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ কেইবাটাও পদক্ষেপ হাতত লৈছে। ভাৰতৰ শক্তি খণ্ডৰ অভূতপূৰ্ব সম্ভাৱনা আছে। ভাৰতে অন্বেষণ আৰু উৎপাদন প্ৰকল্পত ১০০ শতাংশ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ(এফডিআই)ৰ অনুমতি প্ৰদান কৰিছে। একেদৰে, ৰাজহুৱা খণ্ডত ৪৯ শতাংশ এফডিআইৰ অনুমতি দিছে। এই সংস্কাৰসমূহৰ ফলত এফডিআইৰ প্ৰবাহ বৃদ্ধি পোৱা দেখা গৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়। ভাৰত এখন গেছ-নিৰ্ভৰ অৰ্থনীতিলৈ গতি কৰাৰ দিশত আগবাঢ়িছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘এক দেশ, এক গেছ গ্ৰীড’ৰ লক্ষ্য পূৰণ কৰিবলৈ এক গেছ পাইপলাইন নেটৱৰ্ক স্থাপন কৰা হ’ব। তেওঁ লগতে কয় যে ভাৰতে ৰাসায়নিক সাৰ আৰু পেট্ৰ’-কেমিকেল প্ৰস্তুত আৰু ৰপ্তানিৰ কেন্দ্ৰস্থল হোৱাৰ লক্ষ্য স্থিৰ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মানুহৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষাই প্ৰাকৃতিক পৰিৱেশৰ সৈতে সংঘাতত লিপ্ত হোৱা উচিত নহয়। ভাৰতে মানৱ জাতিৰ সৱলীকৰণ আৰু পৰিৱেশৰ লালন-পালন উভয়তে বিশ্বাস কৰে। তেওঁ কয় যে ইথানল, দ্বিতীয় প্ৰজন্মৰ ইথানল, সংকুচিত বায়’গেছ আৰু বায়’ডিজেলৰ ব্যৱহাৰ বৃদ্ধি কৰি ইন্ধনৰ ওপৰত ভাৰতৰ অধিক নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ দিশত দেশে কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বহনক্ষম উন্নয়নৰ দৰ্শনৰ ওপৰত ভিত্তি কৰি ভাৰতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ দৰে নতুন প্ৰতিষ্ঠান গঢ়ি তুলিছে। ‘আমাৰ লক্ষ্য হ’ল এক বিশ্ব, এক সূৰ্য, এক গ্ৰীড’-প্ৰধানমন্ত্ৰীয়ে কয়। ভাৰতৰ ‘চুবুৰীয়া প্ৰথম’ নীতিৰ গুৰুত্ব অৱলোকন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে নেপাল, বাংলাদেশ, শ্ৰীলংকা, ভূটান আৰু ম্যানমাৰৰ দৰে চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে শক্তি সহযোগিতা বৃদ্ধি কৰিছে। ভাৰতৰ দ্ৰুত বৰ্ধিত শক্তি খণ্ডই বিনিয়োগকাৰীলৈ অফুৰন্ত সুযোগ কঢ়িয়াই আনিছে বুলি কৈ প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণৰ সামৰণি মাৰে। ভাৰতৰ প্ৰগতিৰ যাত্ৰা হ’বলৈ তেওঁ গোলকীয় উদ্যোগ জগতক আমন্ত্ৰণ জনায়।

অনুষ্ঠানত তেল আৰু গেছ খণ্ডৰ প্ৰায় ৪০গৰাকী চিইঅ’ উপস্থিত আছিল। ইয়াৰে ২৮গৰাকীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত নিজৰ মত প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-UK FTA comes into effect today, unlocking duty-free access for Indian exports

Media Coverage

India-UK FTA comes into effect today, unlocking duty-free access for Indian exports
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 জুলাই 2026
July 14, 2026

From Local Fields to Global Recognition: PM Modi’s ‘Vocal for Local’ is Now Delivering Real Global Respect