PM Modi interacts with business leaders at third annual AIIB meet in Mumbai
PM Modi urges the corporate sector to invest in a big way, especially in the agriculture sector
We need to promote domestic manufacturing and to boost production in areas such as medical devices, electronics and defence equipment: PM Modi to business leaders
While interacting with entrepreneurs at AIIB conclave, PM Modi says a positive mindset, and a "can do" spirit is now pervading the country

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত দেশৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে এক মত-বিনিময়ত মিলিত হয়৷ আজিৰ এই মত-বিনিময় অনুষ্ঠানত ভাৰতীয় অৰ্থনীতিৰ এক পৰিবৰ্ধিত পৰিসৰক সামৰি লোৱা দেশৰ ৪১ গৰাকী শীৰ্ষ ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে৷

বিগত চাৰিটা বৰ্ষত কেন্দ্ৰ চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন নীতিৰ সংস্কাৰ আৰু পদক্ষেপৰ বিশদ আলোচনা কৰা হয় এই দুঘণ্টাজোৰা বৈঠকত৷ দেশৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত উদ্যোগৰ অৱদানৰ বিষয়েও আলোচনা কৰা হয়৷

দেশত ব্যৱসায়ৰ পৰিৱেশৰ উন্নয়নৰ বাবে বিভিন্ন উদ্যোগৰ ভালেমান প্ৰতিনিধিয়ে প্ৰশংসা কৰে, আৰু তেওঁলোকে কয় যে ভাৰতৰ বিকাশৰ সম্ভাৱনীয়তাক এনে পৰিৱেশে আৰু অধিক প্ৰৌজ্জ্বল কৰি তুলিব৷ প্ৰধানমন্ত্ৰীৰ নৱ ভাৰতৰ পৰিকল্পনা তথা দৰ্শনকো তেওঁলোকে উচ্চ প্ৰশংসা কৰে৷

বিভিন্ন ষ্টাৰ্ট-আপ আৰু উদ্যোগীসকলৰ সৈতে হোৱা শেহতীয়া আলোচনাৰ বিষয়ে উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয় যে দেশত এতিয়া এক ইতিবাচক মানসিকতা আৰু সম্ভাৱনীয়তাৰ বাতাবৰণ সৃষ্টি হৈছে৷ তেওঁ কৰ্প’ৰেট খণ্ডক বৃহৎ মাত্ৰাত বিনিয়োগ কৰাৰ বাবে আহ্বান কৰে, বিশেষকৈ কৃষি খণ্ডত৷

ঘৰুৱা উৎপাদনৰ দিশটোক অধিক প্ৰসাৰতা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেওঁ মেডিকেলৰ সা-সৰঞ্জাম, ইলেক্ট্ৰ’নিক্স আৰু প্ৰতিৰক্ষাৰ উপাদানসমূহৰ দৰে সামগ্ৰীসমূহৰ উৎপাদনৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে৷

ইয়াৰ পূৰ্বে, দেশৰ বিত্ত মন্ত্ৰী পীয়ুষ গোৱেলে বিগত চাৰিটা বৰ্ষত কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহে দেশৰ অৰ্থনীতিক কেনেদৰে এক উচ্চ পৰ্যায়লৈ লৈ গৈছে তাৰ ওপৰত আলোকপাত কৰে৷ তেওঁ বিভিন্ন নীতি গ্ৰহণ, উন্নয়নমূলক পদক্ষেপ গ্ৰহণ, উদ্ভাৱনীয়তাৰ বাতাবৰণ সৃষ্টি আৰু প্ৰযুক্তিৰ ওপৰতো বক্তব্য ৰাখে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Railways' financial health improves in last 10 yrs, surplus revenue after meeting cost: Ashwini Vaishnaw

Media Coverage

Railways' financial health improves in last 10 yrs, surplus revenue after meeting cost: Ashwini Vaishnaw
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ফেব্ৰুৱাৰী 2026
February 07, 2026

Empowering the Nation: Trade Deals, Tech Innovations, and Rural Revival Under PM Modi