প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাৰ কলকাতা প’ৰ্ট ট্ৰাষ্টৰ ডেৰশ বছৰীয়া জয়ন্তীত উপস্থিত থাকে৷ এই উপলক্ষে তেওঁ কলকাতাৰ ৰবীন্দ্ৰ সেতুত (হাওৰা ব্ৰীজ)ইণ্টাৰেক্টিভ আলোকসজ্বা আৰু এক ছাউণ্ড শ্ব’ৰো মুকলি কৰে৷ মুকলি স্থানত এক আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়৷

 সেই অনুষ্ঠানত পশ্চিমবংগৰ ৰাজ্যপাল শ্ৰী জগদ্বীপ ধানখাৰ, মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জীকে ধৰি অন্যান্য প্ৰতিনিধিসকলো উপস্থিত আছিল৷

ৰবীন্দ্ৰ সেতুৰ নতুন আলোকসজ্বাত ৬৫০টা এলইডি লাইট আৰু স্প’টলাইট সংযুক্ত কৰা হৈছে যি সংগীতৰ তালে তালে বিভিন্ন ৰঙৰ আলোকসজ্বা প্ৰদৰ্শিত কৰে৷ এই আলোকসজ্বাই দলংখনক এক ঐতিহাসিক ৰূপ দিবলৈ সমৰ্থ হৈছে আৰু ইয়াৰ জৰিয়তে পৰ্যটকসকলক আকৰ্ষিক কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷

 

 ৰবীন্দ্ৰ সেতু ১৯৪৩ চনত নিৰ্মাণ কৰা হৈছিল৷ যোৱা বছৰত দলংখনৰ ৭৫ বছৰীয়া জয়ন্তী পালন কৰা হৈছে৷ দলংখনত নাট-বল্টু এটাও নোহোৱা স্বত্বেও ইয়াক অতিশয় বুদ্ধিদ্বীপ্ততাৰে নিৰ্মাণ কৰা হৈছিল৷ ইয়াত ২৬,৫০০ টন ষ্টীল ব্যৱহাৰ কৰা হৈছিল, তাৰে ২৩,০০০ টন উচ্চ প্ৰসাৰণযুক্ত সংকৰ ষ্টীল ব্যৱহাৰ কৰা হৈছিল৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Government's foodgrain stocks hit 604 lakh tonnes, nearly three times buffer requirement

Media Coverage

Government's foodgrain stocks hit 604 lakh tonnes, nearly three times buffer requirement
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 মে’ 2026
May 07, 2026

Justice Delivered Under PM Modi: How Operation Sindoor Redefined India’s Response to Terror

Aatmanirbhar Bharat in Action: Record Exports, Defence Exports, Food Security & Green Mobility Under the Leadership of PM Modi